জে. কে. ৰাউলিং | |
---|---|
![]() ২০১০ চনত ৰাউলিং | |
জন্ম | জোৱান ৰাউলিং ৩১ জুলাই, ১৯৬৫ (৫৯ বছৰ)[1] য়াটে, গ্লচেষ্টাৰশ্বায়াৰ, ইংলেণ্ড |
পেচা | উপন্যাসিকা |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
শিক্ষা | কলাৰ স্নাতক |
মাতৃশিক্ষায়তন | এক্সটাৰ বিশ্ববিদ্যালয় |
ধৰণ | শিশু সাহিত্য, ৰমন্যাসিক |
বিষয় | যাদু জগত, ৰহস্য, সামাজিক |
উল্লেখনীয় কৰ্মৰাজি | হেৰী পটাৰ শৃংখলা |
দাম্পত্যসংগী | জৰ্জ এৰেণ্টিছ নীল মাইকেল মূৰে |
সন্তান | ২ কন্যা, ১ পুত্ৰ |
আত্মীয়-স্বজন | পিটাৰ ৰাউলিং (পিতৄ) এন্নে ৰাউলিং (মাতৃ) ডিয়েন মোৰ (ভগ্নী) |
প্ৰভাবিত হয় | |
স্বাক্ষৰ | ![]() |
ৱেবছাইট | http://www.jkrowling.com |
জে. কে. ৰাউলিং (ইংৰাজী: J. K. Rowling) এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত।[2] তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং (ইংৰাজী: Joanne Rowling)। তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়। এই গ্ৰন্থসমূহে বিভিন্ন বঁটাৰ উপৰিও ৪০০ মিলিয়নতকৈয়ো অধিক কপিৰ বিক্ৰীৰে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ শৃংখলাৰ অভিলেখ স্থাপন কৰে।[3] শৃংখলাটোৰ আধাৰত হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাও ইতিমধ্যে নিৰ্মিত হৈছে যাৰ শেষৰ ফালে ৰাউলিঙে প্ৰযোজকৰ ভূমিকাও পালন কৰিছে। এই গ্ৰন্থ শৃংখলাটোৱে লেখিকাগৰাকীক জনপ্ৰিয়তাৰ শীৰ্ষলৈ তুলি নিয়ে আৰু পাঁচ বছৰৰ ভিতৰতে কোটিপতিৰ শাৰীত থিয় কৰোৱায়। ২০১১ চনৰ মাৰ্চ মাহৰ ফৰ্বছ আলোচনীৰ এক সমীক্ষা মতে ৰাউলিঙৰ মুঠ সম্পত্তিৰ মূল্য ১ নিযুত আমেৰিকান ডলাৰ। ২০০৮ চনত ছানডে টাইমছ ৰিচ্চ্ লিষ্টে ৰাউলিঙক ইংলেণ্ডৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত দ্বাদশ স্থান (৭৯৮ মিলিয়ন ডলাৰ মূল্যৰ সম্পত্তিৰে) দিয়ে। ২০০৭ চনত ফৰ্বছ আলোচনীয়ে লেখিকাগৰাকীক বিশ্বৰ ৪৮তম প্ৰভাৱশালী চেলিব্ৰিটীৰূপে চিহ্নিত কৰে।
একে বছৰতে অনুৰাগীসকলক লেখিকাগৰাকীয়ে দিয়া সামাজিক, মানৱীয় আৰু ৰাজনৈতিক অনুপ্ৰেৰণাৰ ভিত্তিত টাইম আলোচনীয়ে তেওঁক "বছৰটোৰ ব্যক্তি"ৰ ৰাণাৰ-আপ খিতাপ প্ৰদান কৰে। ২০১০ চনৰ অক্টোবৰ মাহত অগ্ৰণী আলোচনীসমূহৰ সম্পাদকসকলে 'ব্ৰিটেইনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা' (The Most Influential Woman) হিচাপে বিভূষিত কৰে।[4]
ৰাউলিং কেইবাটাও স্বেচ্ছাসেৱী সংগঠন যেনে কমিক ৰিলিফ, ৱান পেৰেণ্ট ফেমিলিজ, মাল্টিপল শ্লিৰ'চিচ ছ'চাইটি অফ গ্ৰেট ব্ৰিটেইন, লুম'ছ আদিৰ সৈতৈও জড়িত। ২০১২ চনৰ ১২ এপ্ৰিলত লেখিকাগৰাকীয়ে প্ৰাপ্তবয়স্কসকলক উদ্দেশ্যি লিখা তেওঁৰ পৰৱৰ্ত্তী উপন্যাস দ্য কেজুৱেল ভেকেন্সিৰ কথা প্ৰকাশ কৰে। গ্ৰন্থখন ২৭ ছেপ্টেম্বৰত বিশ্বজুৰি ছপা তথা ইলেক্ট্ৰনিক মাধ্যমত মুক্তি পায়।[5]
লেখিকাগৰাকীয়ে জে. কে. ৰাউলিং নামেৰে লিখা-মেলা কৰে যদিও হেৰী পটাৰ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ পোৱাৰ সময়লৈকে তেওঁৰ নাম আছিল জোৱান ৰাউলিং। প্ৰকাশকসকলে আশংকা কৰিছিল যে কিশোৰসকলে এগৰাকী মহিলাই লিখা এনে এখন গ্ৰন্থ পঢ়িবলৈ উৎসাহ নাপাবও পাৰে। গতিকে তেওঁলোকে ৰাউলিঙক তেওঁৰ সম্পূৰ্ণ নামৰ সলনি নামৰ প্ৰথম আখৰ দুটা ব্যৱহাৰ কৰিবলৈ ক'লে। নিজৰ নামত মধ্যম অংশৰ অভাৱত ৰাউলিঙে পিতৃৰ ফালৰ আইতাক কেথলিন এদা বুলগেন ৰাউলিঙৰ (Kathleen Ada Bulgen Rowling) নামৰ পৰা 'কে' আখৰটো গ্ৰহণ কৰিলে।[6][7]
ৰাউলিঙৰ পিতৃ আৰু মাতৃ ক্ৰমে পিটাৰ জেমছ ৰাউলিং (ইংৰাজী: Peter James Rowling) আৰু এন ৰাউলিং (ইংৰাজী: Anne Rowling)। তেওঁৰ জন্মস্থান আছিল ইংলেণ্ডৰ গ্ল'চেষ্টাৰশ্বায়াৰ য়েটত। ঠাইখন ব্ৰিষ্টলৰ পৰা ১৬ কি:মি: দূৰত্বত অৱস্থিত।[8] তেওঁৰ মাতৃ এন আছিল জাৰ্মানী আৰু স্কটলেণ্ডীয় মূলৰ। এন ৰাউলিঙৰ মাতৃৰ ফালৰ ককাদেউতাক লুইচ ভ'লাণ্ট (Louis Volant)-এ প্ৰথম বিশ্বযুদ্ধত তেওঁৰ প্ৰতিৰক্ষামূলক ভূমিকাৰ বাবে বিশেষ সাহসিকতাৰ পুৰস্কাৰ পাইছিল।[9]
ৰাউলিঙৰ বয়স ১ বছৰ ১১ মাহ হওঁতে তেওঁৰ ভগ্নী ডিয়েন (Dianne)ৰ জন্ম হয় আৰু ৪ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো দাঁতিকাষৰীয়া ৱিনটাৰব'ৰ্ণলৈ উঠি আহে।[10][11] ৰাউলিঙে দাস প্ৰথা বিলোপনত ভূমিকা লোৱা উইলিয়াম ৱিলবাৰফৰ্চ আৰু শিক্ষা সংস্কাৰক হান্না ম'ৰেই (Hannah More) প্ৰতিষ্ঠা কৰা ছেইণ্ট মাইকেলছ প্ৰাইমেৰী স্কুলত পঢ়া-শুনা কৰিছিল।[12][13] হেৰী পটাৰ শৃংখলাৰ প্ৰধান শিক্ষক এলবাছ ডাম্বলড'ৰৰ চৰিত্ৰটো স্কুলখনৰ প্ৰধান শিক্ষক আলফ্ৰেড ডানৰ অনুপ্ৰেৰণাৰে গঢ় লৈ উঠে।[14]
শিশু অৱস্থাতে ৰাউলিঙে কিছুমান কল্প কাহিনী লিখি ভনীয়েক ডিয়েনক পঢ়ি শুনাইছিল। তেওঁ কয়, "I can still remember me telling her a story in which she fell down a rabbit hole and was fed strawberries by the rabbit family inside it. Certainly the first story I ever wrote down (when I was five or six) was about a rabbit called Rabbit. He got the measles and was visited by his friends : includin a giant bee called Miss Bee."[15] (মোৰ তাইক এটা কাহিনী কোৱা এতিয়াও মনত আছে য'ত তাই শহাপহুৰ গাঁত এটাৰে সৰি পৰিছিল আৰু শহাপহুৰ পৰিয়ালটোৱে তাইক ষ্ট্ৰবেৰী খুৱাইছিল। নিশ্চিতভাৱে পাঁচ-ছয় বছৰ বয়সতে মই লিখা সাধুটো 'ৰেবিট' নামৰেই এটা শহাপহুৰ বিষয়ে আছিল। সি বসন্ত ৰোগত আক্ৰান্ত হওঁতে তাৰ বন্ধুবৰ্গই তাক দেখা কৰিছিলহি। তাৰ ভিতৰত 'মিছ বি' নামৰ এজনী মৌমাখিও আছিল। ) ৯ বছৰ বয়সত ৰাউলিং ৱেলছৰ (Wales) চেপষ্ট'ৰ (Chepstow) কাষৰীয়া টাটছিল গাঁৱৰ (Tutshill) চাৰ্চ কটেজলৈ যায়গৈ।[16] কৈশোৰ কালত খুড়ী আইতাকে (great aunt, যি তেওঁক পৌৰাণিক সাহিত্য পঢ়াইছিল আৰু অতিশয় জ্ঞানপিপাসু আছিল) ৰাউলিঙক Hons and Rebels নামৰ জেচিকা মিটফৰ্ডৰ আত্মজীৱনী এখন দিয়ে। মিটফৰ্ড ৰাউলিকৰ দৃষ্টিত নায়িকা হৈ উঠে আৰু পৰ্যায়ক্ৰমে তেওঁ মিটফৰ্ডৰ আটাইবোৰ কিতাপ পঢ়ি পেলায়।[17]
ৰাউলিঙে মাধ্যমিক স্তৰত ৱিডিন স্কুল এণ্ড কলেজত পঢ়া-শুনা কৰিছিল। তেওঁৰ মাতৃ এন ৰাউলিঙে সেই শিক্ষানুষ্ঠানৰ বিজ্ঞান শাখাত কাৰিকৰী বিভাগত কাম কৰিছিল।[18] তেওঁ নিজৰ কৈশোৰ সম্পৰ্কে কৈছে, "Harmiome [A bookish; know-it-all Harry Potter character] is loosely based on me, she's a caricature of me when I was eleven, which I'm not particularly proud of."[19] (হাৰমায়নিৰ চৰিত্ৰটো কিছু পৰিমাণে মোৰ ওপৰত ভিত্তি কৰি গঢ়া হৈছে। তাই এঘাৰ বছৰীয়া মোৰ এক উপহাসমূলক উপস্থাপন, বিশেষভাৱে যাক লৈ মই গৰ্বিত নহয়)। উল্লেখ্য যে হাৰমায়নি হৈছে হেৰী পটাৰ শৃংখলাৰ এক কিতাপৰ পোক আৰু সৰ্বজান্তা চৰিত্ৰ। আপাৰ ছিক্সথৰ (Upper Sixth) তেওঁৰ বন্ধু ছীন হেৰিছৰ (Sean Harris) এখন মূল্যৱান ফৰ্ড এঙলিয়া গাড়ী আছিল। হেৰিছ হেৰী পটাৰৰ বন্ধু ৰণ ৱিজলী চৰিত্ৰটোৰ অনুপ্ৰেৰণা আছিল। উল্লেখ্য যে ৰণ ৱিজলীৰ দেউতাকৰ এখন যাদুকৰী গাড়ী আছিল। ৰাউলিঙে কৈছে, "Ron Weasley isn't a living portrait of Sean, but he really is very Sean-ish."[20] (ৰণ ৱিজলী ছীনৰ জীৱন্ত প্ৰতিমূৰ্ত্তি নহয়, কিন্তু চৰিত্ৰটো সঁচাকৈয়ে ছীনৰ দৰে। )
ৰাউলিঙে এক্সটাৰ বিশ্ববিদ্যালয়ত পৌৰাণিক সাহিত্য আৰু ফৰাচী ভাষা অধ্যয়ন কৰিছিল। তাৰ আগতে তেওঁ ইংৰাজী, ফৰাচী আৰু জাৰ্মান ভাষাত A Levels-ৰ (Advanced Level General Certificate of Education) শিক্ষাগ্ৰহণ কৰিছিল।[21] পেৰিছত এবছৰ পঢ়াৰ পিছত তেওঁ লণ্ডনৰ এমনেষ্টী ইণ্টাৰনেচনেলত (Amnesty International) দ্বিভাষী সম্পাদিকা (bilingual secretary) হিচাপে যোগদান কৰে। একে সময়তে তেওঁ প্ৰতিষ্ঠানটোৰ এগৰাকী গৱেষিকাও আছিল।[22]
এমনেষ্টী ইণ্টাৰনেচনেলত কাম কৰাৰ পিছত ৰাউলিং আৰু তেওঁৰ সংগী মানচেষ্টাৰলৈ উঠি যোৱাটোকে ঠিক কৰিলে। ১৯৯০ চনত তেওঁলোক লণ্ডনৰপৰা মানচেষ্টাৰলৈ ৰাওনা হওঁতে ৰেলগাড়ীখনৰ চাৰিঘণ্টা পলম হৈছিল। তাতেই ৰাউলিঙৰ মনলৈ যাদুৰ এখন বিদ্যালয়ত পঢ়া ল'ৰা এজনৰ ধাৰণা মনলৈ আহে। এইদৰেই হেৰী পটাৰৰ কাহিনীৰ জুমুঠিটোৱে গঢ় লয়। তেওঁ দ্য ব'ষ্টন গ্ল'বক জানিবলৈ দিয়ে যে প্ৰথমতে শিশু হেৰীৰ কথা তেওঁৰ মনত খেলাইছিল। তাৰপাছতেই বিভিন্ন চৰিত্ৰ আৰু কাহিনীভাগ মনলৈ আহিবলৈ ধৰে।[23] ৰাউলিঙে ক্লেপহাম জাংচনৰ বাসস্থান গৈ পোৱাৰ প্ৰায় লগে লগেই কাহিনীটো লিখিবলৈ আৰম্ভ কৰে।[24][25] সেই বছৰৰে ডিচেম্বৰ মাহত লেখিকাগৰাকীৰ মাতৃ দুৰাৰোগ্য ৰোগত (multiple sclerosis) আক্ৰান্ত হৈ পৰলোকগামী হয়। তেওঁ নিজে কৈছে যে মাতৃ এনক তেওঁ লিখি থকা হেৰী পটাৰৰ বিষয়ে একো জনোৱা নাছিল।[26][27] মাকৰ মৃত্যুৱে ৰাউলিঙৰ লেখনিতো গভীৰ প্ৰভাৱ পেলায়। ৰাউলিঙে ব্যক্ত কৰিছে যে শৃংখলাটোৰ প্ৰথমখন গ্ৰন্থত তেওঁ হেৰীৰ মৰ্মবেদনাৰ কথা বিশদভাৱে বৰ্ণাইছে কিয়নো তেওঁ এই বিষয়ে ভালদৰে অনুভৱ কৰিব পাৰে।[28]
ইয়াৰ পিছতে তেওঁ বিদেশী ভাষা হিচাপে ইংৰাজী বিষয়ৰ শিক্ষকতা কৰিবলৈ পৰ্টুগালৰ পৰ্ট'লৈ আহে। তাতেই ১৯৯২ চনৰ ১৬ অক্টোবৰত পৰ্টুগীজ সাংবাদিক জৰ্জ এৰেণ্টিছৰ (George Arantes) সৈতে বিবাহপাশত আৱদ্ধ হয়।[10] ১৯৯৩ চনৰ ২৭ জুলাইত তেওঁলোকৰ সন্তান জেচিকা ইছাবেল ৰাউলিং এৰেণ্টিছৰ জন্ম হয়।[29] একে বছৰৰে নৱেম্বৰ মাহত দুয়োৰে বিচ্ছেদ ঘটে আৰু ডিচেম্বৰত নিজ কন্যাৰে সৈতে ৰাউলিং স্কটলেণ্ডৰ এডিনবাৰ্গলৈ গুচি আহে।[25][30] তাতে তেওঁৰ ভগ্নী ডিয়েনো থাকিছিল।
সেই সময়ত, অৰ্থাৎ স্নাতক হোৱাৰ সাত বছৰৰ পাছত তেওঁ নিজকে চৰম অকৃতকাৰ্য ব্যক্তিৰ দৰে অনুভৱ কৰে। তেওঁৰ নিজা ভাষাত "the biggest failure I knew."[31] তেওঁৰ বিবাহিত জীৱন অসফল হৈছিল আৰু এটি নাবালক শিশু লৈ তেওঁ নিবনুৱা অৱস্থাত থাকিবলগাত পৰিছিল। তথাপি তেওঁ এই বিফলতাকে মুক্তি লাভৰ চাবি-কাঠীৰূপে ল'লে আৰু নিজৰ পুৰণি টাইপ ৰাইটাৰটোৰ সহায়ত আধৰুৱা কাহিনীটো গঢ় দিলে।
এই সময়ছোৱাত মানসিক ডিপ্ৰেছনৰ বলি হৈ তেওঁ আত্মহত্যাৰ কথাও ভাবিছিল।[32] এই মানসিক অস্থিৰতাই তেওঁৰ মনলৈ প্ৰথমে ডিমেণ্টৰৰ ধাৰণা আনি দিয়ে আৰু তেওঁ হেৰী পটাৰ শৃংখলাত এই জীৱনশক্তি শোহণকাৰী প্ৰাণীৰ জন্ম দিয়ে।[33]
স্কটলেণ্ডত শিক্ষকতা কৰিবলৈ এবছৰীয়া স্নাতকোত্তৰ উপাধিৰ (postgraduate certificate of education) প্ৰয়োজন হোৱা হেতুকে ৰাউলিঙে ১৯৯৫ চনৰ আগষ্টত এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ ম'ৰে হাউছ স্কুল অফ এডুকেচনত নামভৰ্ত্তি কৰে।[34][35] তাৰ পূৰ্বে তেওঁ প্ৰথমখন কিতাপো সম্পূৰ্ণকৈ লিখি উলিয়ায়। তেওঁ এডিনবাৰ্গৰ বিভিন্ন কেফেত বহি লিখা-মেলা কৰিছিল। ইয়াৰ ভিতৰত নিকলছনছ কেফে, দ্য এলিফেণ্ট হাউচ আদি উল্লেখযোগ্য।[36] বহুলোকে কৈছিল যে ৰাউলিঙৰ ভাড়ালৈ লোৱা ফ্লেট শীত-তাপ নিয়ন্ত্ৰিত নহয় বাবেই তেও কেফেসমূহত লিখা-মেলা কৰিছিল। ২০০১ চনৰ বিবিচিৰে (BBC) হোৱা এক সাক্ষাৎকাৰত তেওঁ এই কথা অস্বীকাৰ কৰি কয় যে তেওঁ নিজ কন্যাক টোপনিত ৰাখি লিখা কাম আগবঢ়াই নিবলৈহে কন্যাসহ কেফেলৈ আহিছিল।[37]
১৯৯৫ চনত পুৰণি টাইপ ৰাইটাৰটোৰ সহায়তে ৰাউলিঙে হেৰী পটাৰ এণ্ড দ্য ফিল'চফাৰ্ছ ষ্ট'ন (ইংৰাজী: Harry Potter and the Philosopher's Stone) পূৰাকৈ লিখি উলিয়ায়।[38] ব্ৰায়'নি ইভেনছ (Bryony Evens) নামৰ পাঠক এজনক গ্ৰন্থখনৰ প্ৰথম তিনিটা অধ্যায় পঢ়ি চাবলৈ দিওঁতে তেওঁৰ পৰা পোৱা উৎসাহজনক সঁহাৰিত ক্ৰিষ্ট'ফাৰ লিটল লিটাৰেৰী এজেণ্টছ নামৰ প্ৰতিষ্ঠানটো গ্ৰন্থখনৰ প্ৰকাশৰ বাবে আগবাঢ়ি আহিল। ৰাউলিঙৰ হৈ উক্ত প্ৰতিষ্ঠানটোৱে যথাক্ৰমে বাৰটা প্ৰকাশন গোষ্ঠীৰ কাষ চাপিল। কিন্তু তেওঁলোক আটায়ে ফিল'চফাৰ্ছ ষ্ট'নৰ পাণ্ডুলিপি নাকচ কৰিলে।[39] তাৰ এবছৰৰ পিচত লণ্ডনৰ এক সৰু প্ৰকাশন গোষ্ঠী ব্লুমছবেৰীয়ে গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব ল'লে আৰু তাৰ সম্পাদক বেৰী কানিঙহামে (Barry Cunningham) তেওঁক ১৫০০ পাউণ্ড অগ্ৰিম ধন আদায় দিলে।[39][40] প্ৰথমতে ব্লুমছবেৰীৰ মুৰব্বীয়ে তেওঁৰ ৮ বছৰীয়া কন্যা এলিচ নিউটনক (Alice Newton) পাণ্ডুলিপিৰ প্ৰথম অধ্যায়টো পঢ়ি চাবলৈ দিছিল। এলিচে তাকে পঢ়িয়েই পৰৱৰ্ত্তী অংশটো বিচৰাত তেওঁ গ্ৰন্থখনৰ ভৱিষ্যত জনপ্ৰিয়তা সম্পৰ্কে পতিয়ন গৈ পাণ্ডুলিপিটো প্ৰকাশৰ বাবে লয়।[41] কানিঙহামৰ মতে সেই সময়ত তেওঁলোক গ্ৰন্থখন ছপাবলৈ সন্মত হয় যদিও তেওঁ ৰাউলিঙক নিয়মীয়া চাকৰি এটা যোগাৰ কৰিবলৈহে পৰামৰ্শ দিছিল। কিয়নো তেওঁৰ ধাৰণা আছিল যে শিশু উপযোগী লেখনিৰে ৰাউলিঙৰ পৰ্যাপ্ত উপাৰ্জনৰ সম্ভাৱনা নিচেই তাকৰ।[42] পিছলৈ, ১৯৯৭ চনত ৰাউলিঙে সাহিত্যচৰ্চা আগুৱাই নিবলৈ স্কটিচ আৰ্ট কাউঞ্চিলৰ পৰা ৮০০০ পাউণ্ড আৰ্থিক অনুদান লাভ কৰে।[43] ১৯৯৮ চনৰ আৰম্ভণিতে গ্ৰন্থখনৰ প্ৰকাশন স্বত্বৰ বাবে আমেৰিকাত এক নীলাম অনুষ্ঠিত কৰা হয় আৰু স্কলাষ্টিক কৰ্পৰেচনে (Scholastic Inc.) ১০৫০০০ ডলাৰেৰে সেই স্বত্ব নিজহাতলৈ আনে।[44]
১৯৯৭ চনৰ জুন মাহত ব্লুমছবেৰীয়ে ফিলচফাৰ্ছ ষ্ট'নৰ ১০০০টা কপি ছপা কৰে। তাৰে ৫০০ কপি বিভিন্ন গ্ৰন্থাগাৰলৈ পথোৱা হয়। বৰ্ত্তমান সময়ত এনে একোটা কপিৰ মূল্য ১৬০০০ পাউণ্ড আৰু ২৫০০০ পাউণ্ড। প্ৰকাশৰ পাঁচোটা মাহৰ পিচতেই কিতাপখনে নেচলে স্মাৰ্টিজ বুক প্ৰাইজ লাভ কৰে। ইয়াৰ পিছতেই ফেব্ৰুৱাৰীত ই চিলড্ৰেনছ বুক অফ দ্য ইয়েৰ খিতাপেৰে ব্ৰিটিছ বুক এৱাৰ্ড লাভ কৰে। ১৯৯৮ চনৰ অক্টোবৰত স্কলাষ্টিকে তেওঁলোকৰ স্বত্বাধীন কাহিনীটো হেৰী পটাৰ এণ্ড দ্য চৰ্চাৰাৰ্ছ ষ্ট'ন নামেৰে প্ৰকাশ কৰে। ৰাউলিঙৰ মতে তেওঁ এই সালসলনিৰ কথাক লৈ অনুতপ্ত আৰু সেই সময়ত তেওঁৰ স্থিতি অধিক সবল হোৱা হ'লে তেওঁ ইয়াৰ বিৰোধিতা কৰিলেহেঁতেন।[45] ইয়াৰ ছিকুৱেল অৰ্থাৎ পৰৱৰ্ত্তী গ্ৰন্থ চেম্বাৰ অফ চিক্ৰেটছ ১৯৯৮ চনৰ জুলাই মাহত প্ৰকাশ পায় আৰু তাৰ জৰিযতে ৰাউলিঙে দ্বিতীয়টো স্মাৰ্টিজ পুৰস্কাৰ লাভ কৰে।
১৯৯৯ চনৰ ডিচেম্বৰ মাহত শৃংখলাটোৰ তৃতীয়খন গ্ৰন্থ প্ৰিজনাৰ অফ আজকাবান প্ৰকাশ পায়। ইয়াৰ জৰিয়তে তৃতীয়বাৰৰ বাবে ৰাউলিঙে স্মাৰ্টিজ বঁটা লাভ কৰি ক্ৰমাগতভাৱে তৃতীয়টো স্মাৰ্টিজ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়।[46] পৰৱৰ্ত্তী সময়ত তেওঁ আন গ্ৰন্থসমূহক সুযোগ দিবলৈ চতুৰ্থ গ্ৰন্থ গব্লেট অফ ফায়াৰৰ নাম উক্ত বঁটাৰ বাছনিৰ পৰা প্ৰত্যাহাৰ কৰে। ২০০০ চনৰ জানুৱাৰীত প্ৰিজনাৰ অফ আজকাবানে প্ৰাথমিক পৰ্যায়ত হুইটব্ৰেড চিলড্ৰেনছ বুক অফ দ্য ইয়েৰ বঁটা পায় যদিও শেষত ছিমাচ হিয়েনিৰ (ইংৰাজী : Seamus Heaney) বিয়'ৱালফে (Beowulf) এই বঁটা জয় কৰে।[47]
চতুৰ্থখন গ্ৰন্থ গব্লেট অফ ফায়াৰ ২০০০ চনৰ ৮ জুলাইত ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি পায় আৰু প্ৰথমদিনাই কেৱল ইংলেণ্ডতে ৩,৭২,৭৭৫ সংখ্যক কপিৰ বিক্ৰী হয়। আমেৰিকাত তিনি কোটিৰো অধিক কপিৰ বিক্ৰীৰে ই সৰ্বকালৰ সৰ্বাধিক কপি বিক্ৰেত গ্ৰন্থৰ অভিলেখ স্থাপন কৰে।[48] সেই বছৰতে তেওঁ ব্ৰিটিছ বুক এৱাৰ্ডছৰ বৰ্ষটোৰ লেখিকা (author of the year) সন্মানো লাভ কৰে।[49]
ইয়াৰ তিনি বছৰৰ পিছত, ২০০৩ চনৰ ২১ জুনত শৃংখলাটোৰ পঞ্চম গ্ৰন্থ অৰ্ডাৰ অফ দ্য ফিনিক্স প্ৰকাশিত হয়। ইয়াৰ বাবে তেওঁ সেই বছৰৰ 'চেমনীয়াৰ বাবে শ্ৰেষ্ঠ সাহিত্যকৰ্ম'ৰ ব্ৰেন ষ্টকাৰ বঁটা (Bran Stoker Award) লাভ কৰে।
২০০৫ চনৰ ১৬ জুলাইত মুক্তি পোৱা ষষ্ঠখন গ্ৰন্থ হাফ-ব্লাড প্ৰিন্সে ২০০৬ চনৰ ব্ৰিটিছ বুক এৱাৰ্ডছৰ 'বুক অফ দ্য ইয়েৰ' সন্মান লাভ কৰে।[50] ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰন্থখনৰ ৯ মিলিয়নকপিৰ বিক্ৰী হয়।[51] হাফ-ব্লাড প্ৰিন্সৰ বিষয়ে তেওঁ কয় যে কিতাপখনৰ পৰিকল্পনা তেওঁৰ বহুদিনীয়া আৰু লিখিবলৈ লোৱাৰ আগেয়ে গোটেই পৰিকল্পনাটো তেওঁ দুমাহ ধৰি জুকিয়াই চাইছিল।[52] লেখিকাই এই গ্ৰন্থখনৰ আৰম্ভণিতে যাদু মন্ত্ৰালয়ৰ মুৰব্বী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এক কথোপকথন সন্নিৱিষ্ট কৰিছে। ৰাউলিঙে নিজা ৱেবছাইটযোগে এই কথা সদৰি কৰে যে তেওঁ এই অংশটো যথাক্ৰমে ফিল'চফাৰ্ছ ষ্ট'ন, চেম্বাৰ অফ ছিক্ৰেটছ নাইবা প্ৰিজনাৰ অফ আজকাবানতহে সন্নিৱিষ্ট কৰিবলৈ মনস্থ কৰিছিল।[53]
২০০৬ চনৰ ২১ ডিচেম্বৰত ব্লুমছবেৰীয়ে শৃংখলাটোৰ সপ্তম তথা অন্তিম গ্ৰন্থ হেৰী পটাৰ এণ্ড থ্য ডেথ্লী হেল'জৰ নাম সদৰি কৰে।[54] ২০০৭ চনৰ ফেব্ৰুৱাৰীত ৰাউলিঙে এডিনবাৰ্গৰ বলমৰেল হোটেলৰ নিজা কোঠাত কিতাপখন লিখি শেষ কৰা বুলি বাতৰি ওলায়।[55] অৱশেষত সেই বছৰৰে ২১ জুলাইত গ্ৰন্থখনে মুক্তি পায় আৰু সৰ্বকালৰ সৰ্বাধিক গতিবেগত বিক্ৰী হোৱা গ্ৰন্থৰ অভিলেখ গঢ়ে। কেৱল ইংলেণ্ড আৰু আমেৰিকাতে প্ৰথমদিনাই ১১ মিলিয়নৰো অধিক কপিৰ বিক্ৰী হয়।[56]
অপ্ৰা উইনফ্ৰিৰে (Oprah Winfrey) হোৱা এক সাক্ষাৎকাৰত ৰাউলিঙে তেওঁৰ সফলতাৰ কৃতিত্ব নিজ মাতৃক দি কয় যে তেওঁৰ গ্ৰন্থসমূহে বৰ্ত্তমানৰ অৱস্থা তেওঁৰ প্ৰয়াত মাতৃৰ বাবেহে পাইছে, কিয়নো তেওঁ নিজৰ মাতৃক বৰ ভাল পাইছিল আৰু তেওঁৰ মৃত্যু হৈছিল। ("the books are what they are because she died....because I loved her and she died.")
বৰ্ত্তমান হেৰী পটাৰ এক গোলকীয় ব্ৰেণ্ড আৰু ইয়াৰ আনুমানিক মূল্য ৭ বিলিয়ন পাউণ্ড (১৫ বিলিয়ন ডলাৰ)।[57] ইয়াৰোপৰি অন্তিম চাৰিওখন গ্ৰন্থই ক্ৰমাগতভাৱে সৰ্বকালৰ সৰ্বাধিক গতিবেগত বিক্ৰী হোৱা গ্ৰন্থৰ অভিলেখ ৰচিবলৈ সক্ষম হৈছে।[58]
চেম্বাৰ অফ চিক্ৰেটছৰ প্ৰকাশৰ ৩ মাহ পিছতেই, অৰ্থাৎ ১৯৯৮ চনৰ অক্টোবৰ মাহত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে সাতখন ছবিৰ এক শৃংখলাৰ বাবে ফিল'ছফাৰ্ছ ষ্ট'ন আৰু চেম্বাৰ অফ চিক্ৰেটছৰ স্বত্ব ক্ৰয় কৰে।[59] যথাক্ৰমে ২০০১ আৰু ২০০২ চনৰ নৱেম্বৰত গ্ৰন্থকেইখনৰ সৈতে একেই নামেৰে দুয়োখন চলচ্চিত্ৰই মুক্তিলাভ কৰে।[60] দুয়োখনৰে পৰিচালক আছিল ক্ৰিছ কলম্বাছ (ইংৰাজী : Chris Columbus)। ২০০৪ চনৰ ৪ জুনত এলফোনছ' কোৱাৰনৰ (স্পেনীছ : Alfonso Cuarón) পৰিচালনাত তৃতীয়খন গ্ৰন্থ আধাৰিত ছবি হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অফ আজকাবানে মুক্তি পায়। ২০০৫ চনৰ ১৮ নৱেম্বৰত মাইক নিৱেলৰ (ইংৰাজী : Mike Newell) পৰিচালনাত হেৰী পটাৰ এণ্ড দা গব্লেট অফ ফায়াৰ আৰু ২০০৭ চনৰ ১১ জুলাইত হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্সে মুক্তি লাভ কৰে।[60] পৰৱৰ্ত্তী ছবি হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স মুক্তি পায় ২০০৯ চনৰ ১৫ জুলাইত। মাইকেল গল্ডেনবাৰ্গৰ (ইংৰাজী : Michael Goldenberg) চিত্ৰনাট্যৰে ছবিখনৰ পৰিচালনা আছিল ডেভিদ য়েটছৰ।[61][62]
২০০৮ চনৰ মাৰ্চ মাহত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ঘোষণা কৰে যে অন্তিম গ্ৰন্থ হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ চলচ্চিত্ৰ ৰূপ দুটা খণ্ডত নিৰ্মাণ কৰা হ'ব আৰু খণ্ড দুটা যথাক্ৰমে ২০১০ চনৰ নৱেম্বৰ আৰু ২০১১ চনৰ জুলাইত মুক্তি দিয়া হ'ব।[63][64]
ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ৰাউলিঙৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই ছবিকেইখনৰ চিত্ৰগ্ৰহণ ইংলেণ্ডৰ সম্পন্ন কৰিছিল আৰু ইয়াৰ অভিনয় শিল্পীসকলো আটায়ে ইংৰাজ আছিল।[65]
হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্সৰ বাদে বাকীকেইখন ছবিৰ চিত্ৰনাট্য ষ্টিভ ক্লভছৰ (ইংৰাজী : Steve Kloves)। পৰৱৰ্ত্তী গ্ৰন্থসমূহত পেলাব পৰা প্ৰভাৱ ৰোধ কৰিবলৈ ক্লভছক এই কামত ৰাউলিঙেও সহযোগ কৰিছিল।[66] তেওঁ কিতাপসমূহত প্ৰকাশ কৰাৰ পূৰ্বেই ক্ৰমে চেভেৰাছ স্নেইপ আৰু হেগৰিডৰ চৰিত্ৰ ৰূপায়ণকাৰী এলান ৰিকমেন আৰু ৰবি কলট্ৰেনকো (ইংৰাজী : Robbie Coltrane) তেওঁলোক ৰূপায়ণ কৰা চৰিত্ৰকেইটাৰ কিছু গুপুত কথাৰ আভাস দিছিল।[67]
প্ৰথম ছবিখনৰ পৰিচালনাৰ দায়িত্বভাৰ ল'বলৈ পৰিচালক ষ্টিভেন স্পিলবাৰ্গ(ইংৰাজী : Steven Spielberg) আগুৱাই আহিছিল যদিও তেওঁ বিমুখ হয়। ইয়াত ৰাউলিঙৰ হাত থকা বুলি সংবাদদাতাসকলৰ বাৰম্বাৰ দাবীৰ বিপৰীতে ৰাউলিঙে এই কথা অস্বীকাৰ কৰে।[68]
লেখিকাগৰাকীয়ে আটাইকেইখন ছবিৰে চিত্ৰনাট্যসমূহ পুনৰীক্ষণ কৰি ছবিকেইখনৰ সৃষ্টিশীল দিশটো কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিছে।[69] ইয়াৰোপৰি তেওঁ দুটা খণ্ডৰ অন্তিম ছবিখনৰ প্ৰযোজনাতো অংশগ্ৰহণ কৰিছিল।[70]
নিজা ৱেবছাইটযোগে ৰাউলিঙে জনায় যে দ্বিতীয় ছবিখনত তেওঁ হেঁপাহ জিলিকা আইনাৰ (Mirror of Erised) দৃশ্যটোত তেওঁ নিজে লিলি পটাৰৰ ভূমিকাত ওলোৱাৰ কথা আছিল। কিন্তু পিছত তেওঁ চৰিত্ৰটো ৰূপায়ণৰ পৰা বিৰত থাকে।[71]
২০১১ চনত ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰযোজকদ্বয় ডেভিদ হেইমেন আৰু ডেভিদ বেৰন, পৰিচালক ক্ৰমে ডেভিদ য়েটছ, মাইক নিৱেল আৰু এলফ'নছো কোৱাৰনৰ সৈতে জে. কে. ৰাউলিঙে 'চলচ্চিত্ৰ জগতলৈ অভূতপূৰ্ব ব্ৰিটিছ বৰঙনি'ৰ (Outstanding British Contribution to Cinema) শিতানত সমূহীয়াভাৱে মাইক বেলকন বঁটা লাভ কৰে।[72]
ফৰ্বছে ৰাউলিঙক গ্ৰন্থ ৰচনাৰ জৰিয়তে বিলিয়ন মূল্যৰ ইউ এছ ডলাৰৰ গৰাকী হোৱা প্ৰথমগৰাকী মহিলা হিচাপে চিহ্নিত কৰে।[73] ইয়াৰোপৰি তেওঁ আটাইতকৈ ধনী মহিলা মনোৰঞ্জনকাৰী (the richest female entertainer) আৰু বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত ক্ৰমে দ্বিতীয় আৰু ১০৬২তম স্থান পায়।[74] ২০০৪ চনত ফৰ্বছৰ বিলিয়নাৰৰ তালিকাত স্থান পোৱাৰ বিপৰীতে ৰাউলিঙে কয় যে তেওঁৰ যথেষ্ট সম্পত্তি আছে যদিও তেওঁ বিলিয়নাৰ নহয়।[75] ইয়াৰোপৰি, ২০০৮ চনত ছানডে টাইম ৰিচ্চ লিষ্টে ৰাউলিঙক ব্ৰিটেইনৰ ধনী মহিলাৰ তালিকাত ১৪৪তম স্থান দিয়ে।[76]
২০০১ চনত ৰাউলিঙে স্কটলেণ্ডত কিল্লিকেছি হাউচ (Killiechassie House) নামৰ ১৯ শতিকাৰ এক বাংলো ক্ৰয় কৰে।[77] এডিনবাৰ্গ আৰু পশ্চিম লণ্ডনৰ কেনছিংটনতো লেখিকাগৰাকীৰ নিজা ঘৰ আছে। ইয়াৰে দ্বিতীয়টো ২৪ ঘণ্টাই নিৰাপত্তাৰে পৰিৱেষ্টিত[78] আৰু ইয়াৰ মূল্য ৪.৫ পাউণ্ড (৯ মিলিয়ন ডলাৰ)।[79]
২০০১ চনৰ ২৬ ডিচেম্বৰত ৰাউলিঙ এনাস্থেটিষ্ট (anaesthetist) নীল মাইকেল মূৰেৰ (ইংৰাজী : Neil Michael Murray) সৈতে এক অনুষ্টুপীয়া অনুষ্ঠানেৰে বিয়াত বহে।[80] এয়া তেওঁলোক উভয়ৰে বাবে দ্বিতীয় বিবাহ আছিল। ২০০৩ চনৰ ২৪ মাৰ্চত তেওঁলোকৰ পুত্ৰ ডেভিদ গৰ্ডন ৰাউলিঙ মূৰেৰ জন্ম হয়।[81] সন্তানটিৰ যত্ন ল'বৰ বাবে ৰাউলিঙে কিছুদিন লেখা-মেলাৰ পৰা আঁতৰি থাকে।[82] ৰাউলিঙৰ কনিষ্ঠা কন্যা মেকেঞ্জি জীন ৰাউলিঙ মূৰেৰ জন্ম হয় ২০০৫ চনৰ ২৩ জানুৱাৰীত।[83] লেখিকাগৰাকীয়ে হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স মেকেঞ্জিৰ হাতত অৰ্পণ কৰিছে।
২০১১ চনৰ জুলাই মাহত পূৰ্বৰ এজেণ্ট ক্ৰিষ্ট'ফাৰ লিটলৰ সৈতে চুক্তি শেষ কৰে আৰু নিজৰেই সহকৰ্মীদলৰ অন্যতম নীল ব্লেয়াৰে প্ৰতিষ্ঠা কৰা এক নতুন এজেঞ্চীৰ সৈতে চুক্তিৱদ্ধ হয়।[84] এই বিষয়ত ৰাউলিঙে কয়, “নীল আৰু ক্ৰিষ্ট’ফাৰ দুয়ো একেলগে এনে এটা বিন্দু পাইছিলগৈ য’ত কামবোৰ কাৰ্যকৰী হোৱা নাছিল, আৰু মই এটা সিদ্ধান্ত ল’ব লগা হৈছিল। ই অতিশয় কঠিন আছিল। ’’ ২০১২ চনৰ ২৩ ফেব্ৰুৱাৰীত ৰাউলিঙৰ নতুন এজেন্সী ব্লেয়াৰ পাৰ্টনাৰশ্বিপে নিজা ৱেবচাইটত লেখিকাগৰাকীয়ে প্ৰাপ্তবয়স্কসকলক উদ্দেশ্যি এখন নতুন কিতাপ প্ৰকাশ কৰিবলৈ যো-জা কৰাৰ কথা ঘোষণা কৰে।[85] হেৰী পটাৰ শৃংখলাৰ সৈতে নতুন কিতাপখনৰ ভিন্নতাৰ বিষয়ে ৰাউলিঙে কয়, “মই ইয়াক লিখি থাকোঁতে একেদৰেই উপভোগ কৰিছিলো যদিও মোৰ নতুন কিতাপখন হেৰী পটাৰ শৃংখলাতকৈ বহুত বেলেগ হ’ব। ” সেই বছৰৰে ১২ এপ্ৰিলত লিটল, ব্ৰাউন এণ্ড কোম্পানীয়ে এই কিতাপখন দ্য কেজুৱেল ভেকেঞ্চি নামেৰে ২০১২ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰকাশ পাব বুলি ঘোষণা কৰে। মুক্তিৰ প্ৰথম সপ্তাহতে বিশ্বজুৰি উপন্যাসখনৰ এক কোটি কপিৰ বিক্ৰী হয়।[5]
২০১২ চনৰ ৩ ডিচেম্বৰত এই কথা ঘোষণা কৰা হয় যে দ্যচ কেজুৱেল ভেকেঞ্চিক বিবিচিৰ দূৰদৰ্শন নাট্যৰূপ দিয়া হ’ব আৰু ২০১৪ চনৰপৰা বিবিচি ৱানযোগে ইয়াক সম্প্ৰচাৰিত কৰাৰ আশা কৰা হৈছে। [86]
বিগত বছৰবোৰত ৰাউলিঙে প্ৰায়েই এখন অপৰাধ উপন্যাস লিখাৰ কথা কৈ আহিছে। ২০১২ চনত দ্য গাৰ্ডিয়ান কাকতত ৰাউলিনঙৰ পৰৱৰ্তী উপন্যাসখন অপৰাধমূলক হোৱাৰ সম্ভাৱনীয়নাৰ বিষয়ে এক বাতৰি ওলায়।[87] ২০০৫ চনত ষ্টিফেন ফ্ৰাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লেখিকাগৰাকীয়ে কৈছিল যে তেওঁ অনাগত দিনবোৰত ছদ্মনামতহে লিখা-মেলা কৰিবলৈ ভাল পাব। তেওঁ লগতে এই কথাও কয় যে ‘‘সংবাদ মাধ্যমে হয়তো টিলিকতে এই কথাৰ উমান পাব’’।[88] ২০১২ চনত দ্য নিউ য়ৰ্কাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই কথা সদৰী কৰে যে তেওঁ এখন নতুন উপন্যাসৰ কাম কৰি আছে আৰু মাত্ৰ ‘‘দুটামান অধ্যায়হে’’ লিখি অঁতাইছে।[89]
২০১৩ চনৰ এপ্ৰিল মাহত লিটল ব্ৰাউনে দ্য কাক্কুজ কলিং নামৰ এক উপন্যাস প্ৰকাশ কৰি উলিয়ায়। এইখন আছিল কৰ্মৰান ষ্ট্ৰাইক ডিটেক্টিভ শৃংখলাৰ প্ৰথমখন উপন্যাস। প্ৰকাশকৰ বৰ্ণনা অনুসৰি এই উপন্যাসখনৰ লেখক ৰবাৰ্ট গলব্ৰেইথ পূৰ্বতে আছিল সেনাবাহিনীৰ এক অনুসন্ধানকাৰী যি ২০০৩ চনত গণ সুৰক্ষাৰ ক্ষেত্ৰখনলৈ আহে।[90] এগৰাকী চুপাৰমডেলৰ আত্মহননৰ কাহিনী সন্নিৱিষ্ট এই উপন্যাসখনৰ প্ৰায় ১৫০০টা পকাবন্ধা কপিৰ বিক্ৰী হয়[91] আৰু ই অন্যান্য অপৰাধ কাহিনীৰ লেখক তথা সমালোচকসকলৰদ্বাৰা প্ৰশংসিত হয়।[90] পাব্লিচাৰ্চ ৱিকলী আলোচনীয়ে উপন্যাসখন সম্পৰ্কে এক ‘তৰাৰ আৰম্ভণি’ বুলি কোৱাৰ[92] লগতে লিটাৰেৰী জাৰ্ণেলৰ ৰহস্য শাখাই ইয়াক ‘মাহটোৰ নৱতম’ আখ্যা দিয়ে।[93] ছানডে টাইমছৰ এগৰাকী উপন্যাসিক তথা স্তম্ভ লেখিকা ইণ্ডিয়া নাইটৰ প্ৰ্চেষ্টাত চলা অনুসন্ধানত উপন্যাসখনৰ প্ৰ্কৃত লেখিকা ৰাউলিং বুলি প্ৰমাণিত হয়[94] আৰু এই কথা জনাজাত হোৱাৰ কেইদিনমানৰ ভিতৰতে কিতাপখনৰ বিক্ৰী ৪০০০ শতাংশ বৃদ্ধি পায়। বৰ্দ্ধিত চাহিদা পূৰাবলৈ লিটল ব্ৰাউনে অতিৰিক্ত ১৪০,০০০টা কপি ছপাই উলিয়ায়। ২০১৩ চনৰ ১৮ জুনৰ হিচাপ মতে প্ৰথম সংস্কৰণৰ এক স্বাক্ষৰিত কপি ৪,৪৫৩ ইউ এছ ডলাৰত বিক্ৰী হোৱাৰ লগতে আন এটা কপিৰ মূল্য ৬,১৮৮ ইউ এছ ডলাৰ নিৰ্ধাৰণ কৰা হৈছে।[91]
ৰাউলিঙে কয়, “কোনোধৰণৰ চৰ্চা বা আকাংক্ষা নোহোৱাকৈ কিতাপখন প্ৰকাশ কৰাটো বৰ সুন্দৰ আছিল আৰু এক ভিন্ন নামত সঁহাৰি লাভ কৰাটো আছিল নিৰ্ভেজাল ৰূপত সুখকৰ। ”[95] লেখিকাগৰাকীয়ে নিজা ৱেবছাইটত এই কথাৰ নিশ্চিতি দিয়ে যে তেওঁ এই এই “শৃংখলাটো লিখি যাবলৈ সম্পূৰ্ণভাৱে আগ্ৰহী” আৰু ছদ্মনামতেই তেওঁ এই কাম অব্যাহত ৰাখিব।[96]
২০১৪ চনৰ ১৭ ফেব্ৰুৱাৰীত ৰাউলিঙে কৰ্মৰান ষ্ট্ৰাইক শৃংখলাৰ দ্বিতীয়খন উপন্যাস দ্য ছিল্কৱৰ্মৰ বিষয়ে ঘোষণা কৰে।[97] ২০১৫ চনৰ জুন মাহত গ্ৰন্থখনে মুক্তি লাভ কৰে।
২০০৫ চনত ষ্টিফেন ফ্ৰাইৰে হোৱা এক সাক্ষাৎকাৰত ৰাউলিঙে কয় যে তেওঁ ছদ্মনামেৰে পৰৱৰ্ত্তী সময়ত লেখা-মেলা চলাই নিবলৈ ভাল পাব। অৱশ্যে তেওঁ সাংবাদিক জেৰেমি পেক্সমেনৰ (Jeremy Paxman) সৈতে ২০০৩ চনত হোৱা আন এক টেলিভিচন সাক্ষাৎকাৰত ছদ্মনামেৰে লিখিলেও সংবাদ মাধ্যমে টিলিকতে এই কথাৰ সম্ভেদ উলিয়াব পৰাৰ সম্ভাৱনাৰ কথাও স্বীকাৰ কৰে।[98] ২০০৬ চনত লেখিকাগৰাকীয়ে কিছুসংখ্যক চুটিগল্প আৰু আৰু আন এখন শিশু-গ্ৰন্থ লিখি শেষ কৰাৰ কথা সদৰি কৰে।[99]
হেৰী পটাৰ শৃংখলাৰ অষ্টম গ্ৰন্থ এখনৰ সম্ভাৱনাৰ বিষয়ে ৰাউলিঙে কয় যে এই কথা ক'ব পৰা নাযায় যে তেওঁ পুনৰ এইখন জগতৰ বিষয়ে লিখিবনে নাই। হয়তো ১০ বছৰৰ পিছত তেওঁ এই জগতলৈ উলটিব খুজিব, কিন্তু ইয়াৰ কোনো নিশ্চয়তা নাই। ("I can't say I'll never write another book about that world just because I think, what do I know, in ten year's time I might want to return to it but I think it's unlikely.")[100] ২০১০ চনৰ ১ অক্টোবৰত অপ্ৰা উইনফ্ৰিৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ এক 'চাগা'ৰ (saga) সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে।[101]
ৰাউলিঙে হেৰী পটাৰৰ যাদু জগতৰ বিষয়ে এক বিশ্বকোষ ৰচনা কৰিবলৈ মনস্থ কৰে।[102] তাৰপৰা হোৱা যিকোনো লাভ দাতব্য অনুষ্ঠানলৈ দিয়াৰ সিদ্ধান্ত লোৱা হয়।[103] ২০১২ চনৰ ১৩ এপ্ৰিলত ৰাউলিঙে নিজৰ নতুন ৱেবছাইটৰ উদ্বোধনীৰ পিছতে এই সম্পৰ্কে নিশ্চিতি প্ৰদান কৰি কয় যে পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই ইয়াৰ সমূহ ৰয়েল্টি দাতব্য অনুষ্ঠানলৈ দিয়া হ'ব।[104] ২০০৭ চনৰ নৱেম্বৰত ৰাউলিঙে শিশুসকলৰ কাৰণে আন এখন গ্ৰন্থৰ কামত লাগি থকাৰ কথা জানিবলৈ দিয়ে।[105]
২০০৭ চনৰ জুলাইত ৰাউলিঙে ব্যক্ত কৰে যে তেওঁ নিজৰ পৰিয়ালৰ সৈতে যথেষ্ট সময় কটাব বিচাৰে, কিন্তু তেওঁ শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে দুখন কিতাপৰ কামত ব্যস্ত হৈ আছে।[106] তেওঁ কিতাপ দুখনৰ বিষয়ে সবিশেষ জনোৱাৰ পৰা বিৰত থাকে। সেই বছৰৰে অক্টোবৰত তেওঁ জনায় যে ভৱিষ্যতে কল্প-কাহিনীক (ফেণ্টাছী) তেওঁৰ লেখনিৰ বিষয়বস্তু হিচাপে লোৱাৰ সম্ভাৱনা নিচেই তাকৰ। তেওঁ কয় যে হেৰী পটাৰৰ প্ৰভাৱ নপৰাকৈ আৰু এখন কাল্পনিক জগত সৃষ্টি কৰাটো অতিশয় কঠিন হ'ব।[107]
২০০৮ চনৰ মাৰ্চত ৰাউলিঙে এডিনবাৰ্গৰ কেফেত শিশুসকলৰ বাবে এখন নতুন উপন্যাস লিখি থকাৰ কথা সদৰি কৰে। তেওঁ দা ডেইলী টেলিগ্ৰাফক কয়, "মই শিশুহঁতৰ বাবে লিখি যাম কিয়নো এই কামটো মই উপভোগ কৰোঁ। " তেওঁ লগতে কয়, "মই উপযুক্ত কেফে এখন বিচাৰি উলিওৱা কামত বৰ ভাল; ভিৰৰ মাজত মই মিলি যাওঁ আৰু, নিশ্চিতভাৱে, আটায়ে দেখি থকাকৈ কেফেৰ মাজভাগত নবহো। "[108]
২০১১ চনৰ জুনত ৰাউলিঙে হেৰী পটাৰৰ ভৱিষ্যত প্ৰকল্পসমূহ আৰু সকলো ধৰণৰ বৈদ্যুতিন ডাউনলোড সামৰি ৰখা পটাৰম'ৰ (Pottermore)[109] নামৰ এক নতুন ৱেবছাইটৰ কথা ঘোষণা কৰে।[110] ছাইটটোত হেৰী পটাৰৰ চৰিত্ৰ, স্থান আৰু সামগ্ৰীসমূহৰ বিষয়ে ১৮,০০০ শব্দৰ অতিৰিক্ত তথ্য সন্নিৱিষ্ট হৈছে।[111] পৰৱৰ্ত্তী মাহত ৰাউলিঙে ক্ৰিষ্ট'ফাৰ লিটলৰ সৈতে এজেঞ্চীৰ চুক্তি শেষ কৰে আৰু লিটলৰ এজন সহকৰ্মী নীল ব্লেয়াৰৰ নতুন এজেঞ্চীৰ সৈতে যুক্ত হয়।[112]
২০০০ চনত ৰাউলিঙে ভলেণ্ট চেৰিটেবল ট্ৰাষ্টৰ (ইংৰাজী : Volant Charitable Trust) প্ৰতিষ্ঠা কৰে। অনুষ্ঠানটোৱে বাৰ্ষিক ৫.১ মিলিয়ন পাউণ্ডৰ বাজেটেৰে দৰিদ্ৰতা আৰু সামাজিক বৈষম্য নিমূলৰ হকে কাম কৰে। শিশু, একক অভিভাৱকত্বৰ পৰিয়ালসমূহ আৰু মাল্টিপল শ্লেৰ'ছিছ ৰোগৰ গৱেষণালৈ সহায় আগবঢ়োৰ প্ৰতিষ্ঠানসমূহলৈও এই অনুষ্ঠানটোৱে আৰ্থিক সাহায্য প্ৰদান কৰে।[113] ৰাউলিঙে কয়, "মই ভাবো যেতিয়া তুমি প্ৰয়োজনতকৈ অধিক লাভ কৰা তেতিয়া ইয়াৰে বহুদৰ্শী কাম কৰিবলৈ আৰু বুদ্ধিমত্তাৰে প্ৰদান কৰিবলৈ তোমাৰ এক নৈতিক দায়িত্ব থাকে। "[114]
ৰাউলিঙ, যি এসময়ত অকলেই তেওঁৰ সন্তানৰ অভিভাৱকত্বৰ দায়িত্ব ল'ব লগা হৈছিল, বৰ্তমান সময়ত জিঞ্জাৰব্ৰেড (ইংৰাজী : Gingerdread) (পূৰ্বতে 'ওৱান পেৰেণ্ট ফেমিলিজ') নামৰ দাতব্য অনুষ্ঠানৰ মুৰব্বী। ২০০০ চনত তেওঁ উক্ত অনুষ্ঠানৰ প্ৰথমগৰাকী ৰাজদূত অৰ্থাৎ এম্বেছাদৰ আছিল।[115][116] অনুষ্ঠানটোৰ সাহায্যাৰ্থে ৰাউলিঙে ছাৰাহ ব্ৰাউনৰে সৈতে একেলগে শিশু উপযোগী কাহিনীৰ পুথি এখন লিখিছিল।[117]
২০০১ চনত ইউ কেৰ দৰিদ্ৰতা নিবাৰণৰ হকে পুঁজি সংগ্ৰহ কৰা অনুষ্ঠান কমিক ৰিলিফে (Comic Relief) তিনিগৰাকী সৰ্বাধিক-বিক্ৰেত লেখিকা -- ৰন্ধন-প্ৰণালী লেখিকা আৰু দূৰদৰ্শন উপস্থাপিকা ডেলিয়া স্মিথ, ব্ৰিজ জ'নছ, হেলেন ফিল্ডিং আৰু জে. কে. ৰাউলিঙৰ পৰা তেওঁলোকৰ বিখ্যাত লেখনিসমূহৰ সৈতে সম্পৰ্ক থকা একোখন বুকলেট আহ্বান কৰে।[118] তেতিয়াই ৰাউলিঙে ফেণ্টাষ্টিক বিষ্টছ এণ্ড হোৱেৰ টু ফাইণ্ড দেম আৰু কুইডিচ থ্ৰু দি এজেছ ৰচনা কৰে। ২০০১ চনৰ মাৰ্চলৈকে গ্ৰন্থ দুখনৰ পৰা ১৫.৭ মিলিয়ন পাউণ্ড পুঁজি গোট খায়।[119]
২০০৫ চনত ৰাউলিঙ আৰু এমা নিকলছনে (ইংৰাজী : Emma Nicholson) চিলড্ৰেনছ হাই লেভেল গ্ৰুপ নামৰ শিশু কল্যাণৰ হকে এক অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰে। বৰ্তমান অনুষ্ঠানটোৰ নাম লুমছ।[120][121] অনুষ্ঠানটোৰ সাহায্যাৰ্থে ৰাউলিঙে দা টেলছ অফ বিডল দা বাৰ্ডৰ হাতেলিখা সাতটা কপিৰ এটা নীলাম কৰে। ২০০৭ চনৰ ১৩ ডিচেম্বৰত অনলাইন গ্ৰন্থ বিক্ৰেতা আমাজন ডট কমে (Amazon.com) ১.৯৫ মিলিয়ন পাউণ্ডত গ্ৰন্থখন ক্ৰয় কৰে।[122] লগে লগে ই সৰ্বাধিক মূল্যত নীলাম হোৱা আধুনিক গ্ৰন্থৰ অভিলেখ স্থাপন কৰে।[123] ২০০৮ চনত গ্ৰন্থখনৰ পৰা হোৱা আয় চিলড্ৰেনছ হাই লেভেল গ্ৰুপক প্ৰদান কৰাৰ চৰ্ত্ত ৰাখি ৰাউলিঙ ইয়াৰ প্ৰকাশৰ বাবে সন্মত হয়।[122]
১ জুন ২০১০ তাৰিখে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱসত লুমছে 'লাইট এ বাৰ্থদে কেণ্ডেল ফৰ লুমছ' নামৰ বাৰ্ষিক অনুষ্ঠানৰ আৰম্ভণি কৰে। এই কাৰ্যত সহযোগ আগবঢ়োৱাৰ উদ্দেশ্যে ৰাউলিঙে ৰেডঅনলাইন ডট কো ডট ইউ কেক (Redonline.co.uk) সেইদিনাই এক সাক্ষাৎকাৰ প্ৰদান কৰে।
২০১২ চনৰ জুলাইত লণ্ডন গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া সমাৰোহত উপস্থিত থাকি ৰাউলিঙে গ্ৰেট অৰ্মণ্ড ষ্ট্ৰীট চিলড্ৰেনছ হস্পিটালৰ সন্মানাৰ্থে জে. এম. বেৰীৰ পিটাৰ পেনৰ কেইশাৰীমান পাঠ কৰে। ইয়াৰ সৈতে লৰ্ড ভলডেম'ৰ্টৰ লগতে অন্যান্য শিশু-সাহিত্যৰ চৰিত্ৰৰো উপস্থাপন কৰা হয়।[124]
ৰাউলিঙে মাল্টিপল শ্লেৰ'ছিছ ৰোগৰ চিকিৎসা আৰু ইয়াৰ বিষয়ে কৰা গৱেষণাৰ বাবেই আৰ্থিক সহায় তথা সমৰ্থন আগবঢ়াই আহিছে। উল্লেখ্য যে ১৯৯০ চনত তেওঁৰ মাতৃৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ২০০৬ চনত ৰাউলিঙে এডিনবাৰ্গ বিশ্ববিদ্যালয়ত এক নতুন জীৱনদায়িনী ঔষধ কেন্দ্ৰৰ নিৰ্মাণৰ বাবে বুজন পৰিমাৰ্ণৰ ধন প্ৰদান কৰে। পিছত সেই কেন্দ্ৰটোৰ নাম এন ৰাউলিং ৰিজেনেৰেটিভ নিউৰ'লজি ক্লিনিক ৰখা হয়।[125] ২০১০ চনত কেন্দ্ৰটোলৈ তেওঁ পুনৰ ১০ মিলিয়ন পাউণ্ড আগবঢ়ায়।[126] অজ্ঞাত কাৰণত ৰাউলিঙৰ দেশ স্কটলেণ্ডৰ লোকে সৰ্বাধিক হাৰত মাল্টিপল শ্লেৰ'ছিছত আক্ৰান্ত হয়।[127] ২০০৩ চনত ৰাউলিঙে মাল্টিপল শ্লেৰ'ছিছত ভোগা লোকসকলৰ যত্নৰ বাবে এক ৰাষ্ট্ৰীয় মান নিৰূপনৰ হকে জনমত গঠনতো ভাগ লয়।[128] ২০০৯ চনৰ এপ্ৰিলত ৰাউলিঙে স্কটলেণ্ডৰ মাল্টিপল শ্লেৰ'ছিছ চছাইটীৰ উত্তৰ আৰু দক্ষিণ শাখাৰ মাজত চলি থকা বিবাদৰ বাবে অনুষ্ঠানটোৰ প্ৰতি সমৰ্থন উঠাই লোৱাৰ কথা ঘোষণা কৰে।[128]
২০০৮ চনৰ মে'ত গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠান ৱাটাৰষ্ট'নছে (Waterstones) ৰাউলিঙ আৰু অন্যান্য ১২ গৰাকী লেখক-লেখিকাক এখন মাত্ৰ A5 জোখৰ কাৰ্ডত স্ব-নিৰ্বাচিত যিকোনো বিষয়ৰ ওপৰত লিখিবলৈ আহ্বান কৰে আৰু এইসমূহ নীলাম কৰি পোৱা ধনেৰে দিজলেক্সিয়া একচন আৰু ইংলিছ পেন নামৰ দাতব্য অনুষ্ঠান দুটাৰ সাহায্যাৰ্থে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰে।[129][130] সেই বছৰৰে আগষ্টত এই কাৰ্ডসমূহ একেলগ কৰি দাতব্য অনুষ্ঠানকেইটাৰ সাহায্যৰ বাবে কিতাপ আকাৰে বিক্ৰী কৰা হয়।[131]
২০০৬ চনৰ ১ আৰু দুই আগষ্টত ৰাউলিঙে নিউয়ৰ্কৰ ৰেডিঅ' চিটী মিউজিক হলত ষ্টিফেন কিং আৰু জন আৰভিঙৰ পাঠ আগবঢ়ায়। ইয়াৰ পৰা হোৱা লাভ আৰ্থিক নিৰাপত্তাৰহিত তথা অক্ষম শিল্পী আৰু কলাকাৰসকললৈ সাহায্য আগবঢ়োৱা দাতব্য অনুষ্ঠান হেভেন ফাউণ্ডেচন আৰু এক চিকিৎসাবিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান মেডিচিনছ ছেনছ ফ্ৰণ্টিয়াৰিছলৈ (Médecins Sans Frontières) দান কৰা হয়।[132] ২০০৭ চনৰ মে'ত ৰাউলিঙে পৰ্টুগালত নিৰুদ্দেশ হোৱা এক ইংৰাজ কন্যা শিশু মেডেলিন মেককেনৰ (Madeleine McCann) সুৰক্ষিত প্ৰত্যাৱৰ্ত্তনৰ বাবে ব্ৰিটিছ টেবলইড নিউজ অফ দা ৱৰ্ল্ডে আৰম্ভ কৰা পুৰস্কাৰ-পুঁজি এটালৈ ২৫০,০০০ পাউণ্ড অথবা ৪৯৫,০০০ পাউণ্ডতকৈও অধিক ধনৰাশি আগ কৰে।[133] লেখিকাগৰাকীয়ে নেলছন মেণ্ডেলা, এল গ'ৰ আৰু এলান গ্ৰীনস্পেনৰ সৈতে একেলগে গৰ্ডন ব্ৰাউনৰ ভাষণৰ এক সংগ্ৰহৰো পাতনি লিখে আৰু ইয়াৰ পৰা হোৱা আয় জেনিফাৰ ব্ৰাউন গৱেষণাগাৰলৈ দান কৰা হয়।[134]
২০০৮ চনৰ ছেপ্টেম্বৰত শ্ৰমিক দলৰ আলোচনাচক্ৰত (Labour Party Conference) ৰাউলিঙে শ্ৰমিক দললৈ ১ মিলিয়ন পাউণ্ড আগবঢ়োৱাৰ কথা ঘোষণা কৰে আৰু ৰাজহুৱাভাৱে ডেভিদ কেমেৰুণৰ বিপক্ষৰ নেতা শ্ৰমিক প্ৰধান মন্ত্ৰী গৰ্ডন ব্ৰাউনৰ প্ৰতি সমৰ্থন আগবঢ়ায়।[135]
ৰাউলিঙ গৰ্ডন ব্ৰাউনৰ পত্নী ছাৰাহ ব্ৰাউনৰো ঘনিষ্ঠ বান্ধৱী। তেওঁৰ সৈতে ৰাউলিঙে এক দাতব্য প্ৰকল্পৰ হকে সহযোগিতাৰে কাম কৰোঁতে চিনাকি হৈছিল। তেওঁ ২০০৩ চনত ব্ৰাউনৰ প্ৰথম সন্তান ফ্ৰেজাৰৰ (Fraser) জন্মৰ সময়ত চিকিৎসালয়ত প্ৰথমেই দেখা কৰা লোকসকলৰ অন্যতম আছিল।[136]
সংবাদ জগতৰ সৈতে ৰাউলিঙৰ সম্পৰ্ক বৰ মধুৰ নহয়। লেখিকাগৰাকীয়ে এই কথা স্বীকাৰ কৰে যে তেওঁ স্পৰ্শকাতৰ আৰু সাংবাদিকতাৰ সলনি হৈ থকা চৰিত্ৰ তেওঁ পছন্দ নকৰে। সাক্ষাৎকাৰ দিবলৈ ভাল নোপোৱা ব্যক্তি হিচাপে থকা তেওঁৰ দুৰ্নামৰ বিষয়তো ৰাউলিঙে অসন্মতি প্ৰকাশ কৰে।[137]
২০১১ চনলৈকে ৰাউলিঙে সাংবাদ জগতৰ বিৰুদ্ধে ৫০ ৰো অধিক বাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।[138] ২০০১ চনত প্ৰেছ কমপ্লেইণ্টছ কমিছনে ৰাউলিঙে দাখিল কৰা এক অভিযোগ গ্ৰহণ কৰে। 'অ'কে!' (OK!) নামৰ এখন আলোচনীয়ে মৰিচাছৰ সাগৰ পাৰত নিজ কন্যাৰ সৈতে সময় কটোৱাৰ এলানি আলোকচিত্ৰ অনুমতিবিহীনভাৱে ছপোৱাৰ বাবে এই অভিযোগ দিয়া হৈছিল।[139] ২০০৭ চনত ৰাউলিঙৰ কনিষ্ঠ পুত্ৰ ডেভিদে পিতৃ-মাতৃৰ সহযোগত ছানডে এক্সপ্ৰেছ কাকতৰ এক প্ৰবন্ধত প্ৰকাশ পোৱা তেওঁৰ এক আলোকচিত্ৰ নিষিদ্ধ কৰিবলৈ যত্ন কৰে যদিও আইনী যুঁজত হাৰে।[140] কিন্তু ২০০৮ চনৰ মে'ত আদালতে ডেভিদৰ সপক্ষে ৰায় সলনি কৰে।[141][142]
ৰাউলিঙৰ পূৰ্বৰ স্বামীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা ব্ৰিটিছ টেবলইড 'ডেইলী মেইল'ৰ প্ৰতি তেওঁ বিশেষ বিষোদগাৰ প্ৰকাশ কৰে।[143]
কিছুসংখ্যক লোকৰ অনুমান মতে সংবাদ জগতৰ সৈতে থকা তিক্ত সম্পৰ্কৰ অনুপ্ৰেৰণাতে তেওঁ হেৰী পটাৰ এণ্ড দ্য গব্লেট অফ ফায়াৰত ৰীতা স্কীটাৰ (ইংৰাজী : Rita Skeeter) চৰিত্ৰটোৰ সৃষ্টি কৰে। কিন্তু ২০০০ চনত ৰাউলিঙে জনায় যে উক্ত চৰিত্ৰটোৱে প্ৰকৃততে খ্যাতিৰ দিশলৈ তেওঁৰ উত্থানক আগতীয়া কৰিছে : "মানুহে মোক সোধে যে ৰীতা স্কীটাৰক উদ্ভাসিত কৰা হৈছিল নে কি [হেৰী পটাৰৰ জনপ্ৰয়তাক প্ৰতিফলন কৰিবলৈ], কিন্তু প্ৰকৃততে চৰিত্ৰটোৰ পৰিকল্পনা আগৰেপৰা কৰা হৈছিল। "[144] উল্লেখ্য যে ৰীতা স্কীটাৰ হেৰী পটাৰ শৃংখলাৰ এক গছিপি সাংবাদিক। তেওঁ লগতে কয়, "মই ৰীতাৰ চৰিত্ৰটো ফিল'চফাৰ্ছ ষ্ট'নতে উনুকিওৱাৰ কথা ভাবিছিলো -- যেতিয়া হেৰী লিকী ক'লড্ৰনলৈ প্ৰথমবাৰৰ বাবে সোমাই আহে আৰু আটায়ে কৈ উঠে, "পটাৰ, তুমি উলটি আহিলা!" মই সেইডোখৰতে এক সাংবাদিকক ৰাখিব খুজিছিলো। তেওঁৰ নাম ৰীতা নাছিল কিন্তু এগৰাকী মহিলাই আছিল। আৰু তেতিয়া গোটেই কাহিনীটো জুকিয়াই চাই মই ভাবিলো যে সেই ঠাইৰ বাবে তেওঁ উপযুক্ত নহয়। তেওঁ চতুৰ্থখনৰ বাবেহে উপযুক্ত য'ত হেৰীয়ে নিজৰ খ্যাতিৰে সৈতে শিক্ষাবৰ্ষটোলৈ আহিছিল। "[145]
ৰাউলিঙে ছেইণ্ট এণ্ড্ৰিওছ ইউনিভাৰ্চিটী, ইউনিভাৰ্চিটী অফ এডিনবাৰ্গ, নেপিয়েৰ ইউনিভাৰ্চিটী, ইউনিভাৰ্চিটী অফ এক্সটাৰ,[146] ইউনিভাৰ্চিটী অফ এবাৰ্ডিন[147][148] আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটীৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰিছিল। ২০০৯ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিক'লাছ ছাৰ্ক'জিয়ে (ইংৰাজী : Nicolas Sarkozy) ৰাউলিঙে লিজন ডি অ'নাৰ (Légion d'honneur) সন্মান প্ৰদান কৰে।[149]
ৰাউলিঙে লাভ কৰা অন্যান্য বঁটাসমূহ:
![]() |
ৱিকিমিডিয়া কমন্সত জে. কে. ৰাউলিং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
|PLACE OF BIRTH=Yate, Gloucestershire, England
|DATE OF DEATH=
|PLACE OF DEATH=
}}