জেকছন পোলক Jackson Pollock | |
---|---|
নাম | পল জেকছন পোলক |
জন্ম | ২৮ জানুৱাৰী, ১৯১২ ক'ডি, য়'মিন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ১১ আগষ্ট, ১৯৫৬ (৪৪ বছৰ) স্প্ৰিংছ, নিউ য়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জীৱন-সংগী | লী ক্ৰাছনাৰ (বি. ১৯৪৫) |
পেচা | পেইণ্টিং |
প্ৰশিক্ষণ | আৰ্ট ষ্টুডেণ্ট্ছ লীগ অৱ নিউ য়ৰ্ক |
বিপ্লৱ | বিমূৰ্ত অভিব্যক্তিবাদ |
পৃষ্ঠপোষক | পেগী গুগেনহেইম |
প্ৰভাৱ | থমাছ হাৰ্ট বেণ্টন, পাব্ল' পিকাছ', জোৱান মিৰ'[1][2][3] |
প্ৰভাৱ পেলায় | হেলেন ফ্ৰেংকেনথেলাৰ |
জেকছন পোলক (২৮ জানুৱাৰী, ১৯১২ – ১১ আগষ্ট, ১৯৫৬) এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল।
জীৱনকালত পোলকে যথেষ্ট সুখ্যাতি আৰু কুখ্যাতি আৰ্জিছিল। তেখেত সেই প্ৰজন্মৰ এজন প্ৰভাৱশালী চিত্ৰকৰ আছিল। নিঃসঙ্গ পোলক খঙাল স্বভাৱৰআৰু সুৰাসক্ত আছিল। ১৯৪৫ চনত তেখেতে চিত্ৰশিল্পী লী ক্ৰাছনাৰক বিয়া কৰায়। ক্ৰাছনাৰে তেখেতৰ বৃত্তি আৰু ঐতিহ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[4]
৪৪ বছৰ বয়সত মদ্যপান কৰি গাড়ী চলাওঁতে দুৰ্ঘটনাত পোলকৰ মৃত্যু ঘটে। মৃত্যুৰ চাৰি মাহৰ পাছত ১৯৫৬ চনৰ ডিচেম্বৰত নিউ য়ৰ্ক চিটীৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট্ছত (MoMA) পোলকৰ চিত্ৰসমূহৰ এখন পৰ্যালোচনামূলক প্ৰদৰ্শনী অনুষ্ঠিত হয়। ১৯৬৭ চনত আন এখন প্ৰদৰ্শনী ডাঙৰকৈ অনুষ্ঠিত কৰা হয়। ১৯৯৮ আৰু ১৯৯৯ চনত (MoMA) অৰু লণ্ডনৰ টেইটত ৰ্তেখেতৰ চিত্ৰৰ প্ৰদৰ্শনীৰে সন্মান যঁচা হয়।[5][6]