জেটুলি পকা (Molucca bramble) | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Rosaceae |
গণ: | Rubus |
প্ৰজাতি: | R. moluccanus |
বৈজ্ঞানিক নাম | |
R. moluccanus L.[1] |
জেটুলি পকা (বৈজ্ঞানিক নাম: Rubus moluccanus; ইংৰাজী: Molucca bramble বা broad-leaf bramble[2] ) এজোপা বনৰীয়া জোপোহা উদ্ভিদ৷ [3]
জেটুলি পকা অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ পৰা ভিক্টোৰিয়ালৈ আৰু ভাৰতৰ উত্তৰ-পূবত অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত বিস্তৃত হৈ থকা এবিধ থলুৱা উদ্ভিদ৷
জেটুলি পকাৰ গছজোপাই গুৰিৰ পৰা প্ৰসাৰতা লাভ কৰি জোপোহা আকৃতি লয়৷ ইয়াৰ গা-গছ আৰু ঠাল-ঠেঙুলিবোৰৰ উপৰিভাগ ছাই বৰণীয়া হয়৷ গাঠিয়ে গাঠিয়ে হাকুটিৰ দৰে কাঁইট ওলায়৷[3]
ইয়াৰ পাতবোৰ ২-১৫ ছেমি দীঘল আৰু ৩-১০ ছেমি বহল হয়৷[4] জেটুলি পকাৰ ফুলৰ বৰণ গুলপীয়া আৰু ফুলবোৰ থোাপাথোপে ওলায়৷ ফুলবোৰ পুৰঠ হ’লে মিঠা সোৱাদৰ ফল উৎপন্ন হয়৷[3]
জেটুলি পকাৰ ফল মানুহে খায়৷ লগতে ফলৰ পৰা জাম আৰু চচ আদিও তৈয়াৰ কৰা হয়৷ তাৰোপৰি ফলত পৰ্য্যাপ্ত পৰিমাণে ভিটামিন চি থকা বাবে জেটুলি পকাৰ পৰম্পৰাগত ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷