জেমছ মাইকেল লিংডো | |
---|---|
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত | |
কাৰ্যকাল ১৪ জুন ২০০১ – ৭ ফেব্ৰুৱাৰী ২০০৪ | |
পূৰ্বসূৰী | এম. এছ. গীল |
উত্তৰসূৰী | টি. এছ. কৃষ্ণমূৰ্তি |
ব্যক্তিগত তথ্য | |
জন্ম | ৮ ফেব্ৰুৱাৰী, ১৯৩৯ (৮৫ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অসামৰিক সেৱা |
পুৰস্কাৰ | ৰমন মেগছেছে বঁটা |
জেমছ মাইকেল লিংডো (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৩৯) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ২০০১ চনৰ ১৪ জুনৰ পৰা ২০০৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।[1] ২০০৩ চনত তেওঁক চৰকাৰী সেৱাৰ বাবে ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হয়।[2]
১৯৯৭ চনত ৰাষ্ট্ৰপতিয়ে লিংডোক ভাৰতৰ তিনিজন নিৰ্বাচন আয়ুক্তৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছিল। ২০০১ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। অতি সোনকালেই ভাৰতৰ দুখন অশান্ত ৰাজ্যত সংকটৰ মুখামুখি হ’ব লগা হৈছিল।
২০০২ চনৰ জুলাই মাহত মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ পৰামৰ্শ মতে গুজৰাটৰ ৰাজ্যপাল এছ এছ ভাণ্ডাৰীয়ে গুজৰাট বিধানসভাৰ কাৰ্যকাল শেষ হোৱাৰ ৯ মাহৰ আগতেই ভংগ কৰে। এই সিদ্ধান্তক মূল বিৰোধী কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে বিৰুদ্ধাচৰণ কৰি সদনৰ দুটা অধিবেশনৰ মাজত ছমাহতকৈ অধিক সময়ৰ ব্যৱধান নিষিদ্ধ কৰা সাংবিধানিক আদেশৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগক আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছিল।[3] তেতিয়াৰ শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে বিধানসভা ভংগ কৰাৰ ৰাজহুৱা বিৰোধিতা কৰিছিল।[3][4]
লিংডোহৰ নেতৃত্বত গঠিত নিৰ্বাচন আয়োগে গুজৰাটত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো অস্বীকাৰ কৰে।[5] ২০০২ চনৰ ২০ আগষ্টত বদোদৰাৰ সমীপৰ বডেলীত এখন ৰাজহুৱা সভাত নৰেন্দ্ৰ মোদীয়ে লিংডোক লক্ষ্য কৰি লয়। মোদীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে কয় যে, নিৰ্বাচন আয়োগে গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাত পলম কৰাৰ কাৰণ হ’ল লিংডো খ্ৰীষ্টান ধৰ্মী লোক। লিংডোৱে নৰেন্দ্ৰ মোডীক ধৰ্মীয় ভিত্তিত আক্ৰমণ কৰাৰ বাবে প্ৰত্যুত্তৰ দিছিল আৰু কৈছিল যে, ই নাস্তিকতাৰ বিষয়ে নুশুনা লোকসকলৰ দ্বাৰা বিয়পোৱা "যথেষ্ট ঘৃণনীয়" আৰু "নীচসকলৰ গুজৱ।" [6][7][8] প্ৰধানমন্ত্ৰী বাজপেয়ীৰ তিৰস্কাৰৰ এদিন পিছত মোদীয়ে দাবী কৰে যে, বাজপেয়ীৰ "নিৰ্দেশনা" অনুসৰণ কৰি লিংডোৰ সৈতে হোৱা বিতৰ্ক শেষ কৰিছে যদিও গুজৰাটত আগতীয়াকৈ বিধানসভা নিৰ্বাচনৰ দাবী পুনৰবাৰ উল্লেখ কৰে।[9] ২০০২ চনৰ অক্টোবৰ মাহত ভাৰতীয় উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগে গুজৰাটৰ বিধানসভা নিৰ্বাচন পিছুৱাই দিয়াৰ নিৰ্দেশক সমৰ্থন কৰে।[10][11]
২০০৪ চনত লিংডোৱে “ক্ৰনিকলছ অৱ এ ইম্পোচিবল ইলেকচন’’[12] শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থখনত তেওঁ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু নিৰ্বাচন আয়োগৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিছে। ২০০২ চনত জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ বুৰঞ্জীৰ উপৰিও ২০০২ চনৰ গুজৰাট নিৰ্বাচনৰ বিষয়েও আলোচনা কৰা হৈছে। এই গ্ৰন্থখনে ব্যাপক প্ৰশংসা আৰু প্ৰশংসা লাভ কৰে।[13][14][15][16]
লিংডোৱে ৰাজনীতি আৰু ৰাজনীতিবিদৰ প্ৰতি সঘনাই অৱজ্ঞা প্ৰকাশ কৰি আহিছে। ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহত এটা সাক্ষাৎকাৰত লিংডোৱে কৈছিল: “কেৱল ৰাজনীতিবিদসকলক আগতীয়া যোগাযোগৰ দ্বাৰা, বাকী সকলোৰে বাবে মোৰ ঘৰৰ দুৱাৰ মুকলি।’’[17] ২০০২ চনৰ আগষ্ট মাহত লিংডোৱে কৈছিল যে “মই ভাবোঁ, আজিৰ ৰাজনীতি লেতেৰা, কুটিল আৰু প্ৰৱণতাপূৰ্ণ।’’[18] লিংডোৱে ৰাজনীতিবিদসকলক “কেন্সাৰ’’ বুলি বৰ্ণনা কৰিছিল যাৰ কোনো নিৰাময় নাই।[19] ২০১৩ চনত দক্ষিণ ভাৰতীয় বেংকৰ সমৰ্থিত চেণ্টাৰ অৱ পাব্লিক পলিচি ৰিচাৰ্চ (চিপিপিআৰ)ৰ দ্বাৰা আয়োজিত ত্ৰিমাসিক বক্তৃতা শৃংখলাত জে এম লিংডোৱে "ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ অপৰাধমুক্তকৰণ"ৰ ওপৰত মতামত প্ৰকাশ কৰিছে।[20]
২০১২ চনৰ জুন মাহত লিংডোৱে “ভাৰতীয় গণতন্ত্ৰ আৰু নিৰ্বাচন – কি কৰা উচিত?’’ শীৰ্ষক ঘূৰণীয়া মেজমেলত কয় যে, বিধায়িনী দলৰ কমেও ৫০ শতাংশ আসনৰ বাবে আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাই নিৰ্বাচনী অসৎ ব্যৱহাৰ হ্ৰাস কৰিব। তেওঁ বুজাই দিয়ে যে সমানুপাতিক প্ৰতিনিধিত্বলৈ পৰিৱৰ্তন হ’লে ৰাজনৈতিক দলসমূহে ব্যক্তিৰ নিৰ্বাচনত বিপুল পৰিমাণৰ ধন ব্যয় কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। তেওঁৰ মতে নিৰ্বাচন আয়োগে আনকি ৰাজনৈতিক দলসমূহৰ আভ্যন্তৰীণ নিৰ্বাচনৰ দায়িত্বও ল'ব লাগে, কাৰণ তেওঁৰ মতে সেইটোৱেই গণতন্ত্ৰ নিশ্চিত কৰাৰ একমাত্ৰ উপায়।[23]