জেমিমাহ কাৰিউকি

জেমিমাহ কাৰিউকি (ইংৰাজী: Jemimah Kariuki) কেনিয়াৰ এগৰাকী চিকিৎসক যি প্ৰতিৰোধমূলক চিকিৎসা, মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বিশেষজ্ঞ। ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ এম্বুলেন্স সেৱাৰ আয়োজন কৰিছিল যাৰ ফলত গৰ্ভৱতী মহিলাসকলে প্ৰসূতিৰ যত্ন ল’ব পাৰিছিল। ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত হৈছিল ছানীয়ে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

কাৰিউকি নাইৰোবি বিশ্ববিদ্যালয়ৰ কেনিয়াটা ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ আৱাসী চিকিৎসক।[1] ২০০৭ চনত নিৰ্বাচনৰ পিছৰ হিংসাৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ হোৱা পিছ ক্লাব আৰু ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ আৰু সজাগতাৰ বাবে উৎসৰ্গিত জনস্বাস্থ্য ক্লাবৰ তেওঁ প্ৰতিষ্ঠাপক।[2]

কেনিয়াত ক'ভিড১৯ মহামাৰীৰ সময়ত প্ৰসূতি চিকিৎসক হিচাপে তেওঁ মাতৃৰ ৰোগীৰ তীব্ৰ হ্ৰাস লক্ষ্য কৰিছিল, কিন্তু বিশেষকৈ কাৰ্ফিউৰ সময়ত জটিলতা বৃদ্ধি হোৱা লক্ষ্য কৰিছিল।[3][4] বিশেষজ্ঞসকলৰ মতে কেনিয়া হৈছে মাতৃ আৰু শিশু উভয়ৰে মৃত্যুৰ হাৰ সৰ্বাধিক হোৱা দেশসমূহৰ ভিতৰত অন্যতম, যিটো কাৰফিউৰ ফলত বৃদ্ধি পাইছে।[5] কাৰিউকিয়ে উপলব্ধি কৰিছিল যে পৰিবহণৰ বিকল্প সীমিত হোৱাৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাত পলম হৈছে।[5] প্ৰথম অৱস্থাত তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ ব্যৱহাৰ কৰি গৰ্ভৱতী পিতৃ-মাতৃক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে চৰকাৰী সংস্থা আৰু ব্যক্তিগত কোম্পানীসমূহৰ পৰা সহায় বিচাৰিছিল।[6] এই ধাৰণাটোৰ ফলত হুইলছ ফৰ লাইফ নামৰ বিনামূলীয়া এম্বুলেন্স সেৱাৰ সৃষ্টি হয়।[6] [7]

২০২০ চনৰ ২৩ নৱেম্বৰত কাৰিউকি বিবিচিৰ বছৰৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হয়।[7]

২৫ মে' ২০২১ - বিশ্ব স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানৰ বঁটা, ২০২১

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mwobobia, Judith Mukiri. "The repercussions of Covid-19 fight - Standard Health". Health. https://www.standardmedia.co.ke/health/article/2001373476/the-repercussions-of-covid-19-fight। আহৰণ কৰা হৈছে: 2021-01-07. 
  2. "Two Kenyan women featured on BBC's most influential list" (en-GB ভাষাত). People Daily. 2020-11-26. https://www.pd.co.ke/news/two-kenyan-women-featured-on-bbcs-most-influential-list-60496/। আহৰণ কৰা হৈছে: 2021-01-07. 
  3. Mersie, Ayenat (2020-07-09). "Free ambulance helps save mothers and babies in Kenya lockdown" (en ভাষাত). Reuters. https://www.reuters.com/article/us-health-coronavirus-kenya-ambulances-idUSKBN2481KU. 
  4. "'I couldn't let women die in childbirth'" (en-GB ভাষাত). BBC News. https://www.bbc.co.uk/news/av/world-africa-53072153. 
  5. "Pregnant women at risk of death in Kenya's COVID-19 curfew" (en ভাষাত). AccessWDUN. http://accesswdun.com/article/2020/7/923164। আহৰণ কৰা হৈছে: 2021-01-07. 
  6. 6.0 6.1 "Pregnant women at risk of death in Kenya's COVID-19 curfew" (en ভাষাত). ABC News. https://abcnews.go.com/International/wireStory/pregnant-women-risk-death-kenyas-covid-19-curfew-71981447। আহৰণ কৰা হৈছে: 2021-01-07. 
  7. 7.0 7.1 "BBC 100 Women 2020: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2020-11-23. https://www.bbc.com/news/world-55042935.