জৈৱ বৈচিত্ৰ্য

জৈৱ বৈচিত্ৰ্য (ইংৰাজী: Biodiversity) ই জীৱিত প্ৰজাতিৰ বিভিন্নতা আৰু সিহঁতে বাস কৰা জটিল পৰিবেশ তন্ত্ৰৰ বিষয়ে আভাস দিয়ে। অতি শুকান মৰুভূমিৰ পৰা ক্ৰান্ত্ৰীয় বৃষ্টি অৰণ্যলৈ, বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা সাগৰৰ গভীৰতালৈ বিস্তৃত হৈ থকা বিভিন্ন প্ৰজাতিৰ জীৱবোৰে ৰং, আকৃতি, আকাৰ ইত্যাদিৰ বিভিন্নতা থকা সত্ত্বেও প্ৰাকৃতিক ভাৰসাম্য নষ্ট নকৰাকৈ জীৱন নিৰ্বাহ কৰি আছে। আমেৰিকাৰ জীৱ বিজ্ঞানী ই.এ.নৰছে (E.A.Norse) আৰু তেখেতৰ সহযোগী সকলে আগবঢ়োৱা সূত্ৰ অনুসৰি জৈৱ বৈচিত্ৰ্য হ'ল জল, স্থল সকলো ঠাইতে সকলো পৰিবেশত থকা সকলো ধৰণৰ জীৱ আৰু সিহঁতৰ বিচিত্ৰতা। পৃথিৱীৰ ১০ বিলিয়ন ভাগৰ এভাগ অংশতেই ৫০ মিলিয়ন প্ৰজাতিৰ বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থান।[1]

Coral reefs are amongst the most diverse ecosystems on earth.
Rainforests are an example of biodiversity on the planet and typically possess a great deal of species diversity. This is the Gambia River in Senegal's Niokolo-Koba National Park.

জৈৱ-বৈচিত্ৰ্যৰ শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

জৈৱ বৈচিত্ৰ্যক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি -

জিনীয় বৈচিত্ৰ্য (Genetic diversity)

জিন জৈৱ বৈচিত্ৰ্যৰ মূল উৎস। যি জৈৱিক এককে পিতৃ মাতৃৰ গুণবোৰ এটা জনুৰ পৰা আন এটা জনুলৈ কঢ়িয়াই লৈ যায় তাক জিন বোলে। বংশগতিৰ বাহক জিনবোৰৰ সংমিশ্ৰণৰ ফলত একে প্ৰজাতিৰ জীৱৰ মাজত যি জৈৱিক বৈচিত্ৰ্যৰ সৃষ্টি হয় তাক জিনীয় বৈচিত্ৰ্য বোলে।

প্ৰজাতি বৈচিত্ৰ্য (Species diversity)

এই ধৰণৰ বিভিন্নতা এটা প্ৰজাতিৰ নাইবা বিভিন্ন প্ৰজাতিৰ অন্তৰ্গত সদস্য সমূহৰ মাজত দেখা যায়। বিজ্ঞানী উইলছন (Wilson 1992)ৰ মতে বিশ্বত ১০ মিলিয়নৰ পৰা ৫০ মিলিয়নৰ জীৱিত প্ৰজাতি আছে। তাৰে কেৱল ১.৫ মিলিয়ন জীৱিত প্ৰজাতিৰ আৰু ৩, ০০, ০০০ জীৱাষ্ম প্ৰজাতি আৱিষ্কাৰ কৰি নামকৰণ কৰা হৈছে। ইতিমধ্যে বহুতো প্ৰজাতিৰ প্ৰকৃতিৰ লগত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি বিলুপ্তি ঘটিছে। প্ৰজাতি বৈচিত্ৰ্যতা নিৰ্ণয় কৰাৰ বাবে দুটা সূচক (Index) ব্যৱহাৰ কৰা হয় - চেন'ন উইনাৰ সূচক (Shannon Wiener Idex) আৰু চিম্পচন সূচক (Simpson Index)।

পৰিবেশীয় বৈচিত্ৰ্য (Ecosystem diversity)

পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন পৰিস্থিতি তন্ত্ৰত বাস কৰা জৈৱ সম্প্ৰদায় সমূহৰ মাজত যি জৈৱিক বৈচিত্ৰ্যৰ সৃষ্টি হয় তাক পৰিবেশীয় বৈচিত্ৰ্য বোলে। পৰিবেশৰ বিভিন্ন ভৌতিক কাৰক, যেনে: আদ্ৰতা, উষ্ণতা, দ্ৰাঘিমাংশ, অক্ষাংশ ইত্যাদিয়ে জৈৱিক বৈচিত্ৰ্যৰ সৃষ্টি কৰিব পাৰে। গ্ৰীষ্ম প্ৰধান বৰ্ষা অৰণ্য, ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য, গ্ৰীষ্ম প্ৰধান পৰ্ণপাতী অৰণ্য আদি পৰিস্থিতিতন্ত্ৰীয় বৈচিত্ৰ্যতাৰ বাবে সৃষ্টি হৈছে। এনে বৈচিত্ৰ্যতাৰ সৃষ্টি হবলৈ কেইবা নিযুত বছৰৰ প্ৰয়োজন হয়।[1]

A conifer forest in the Swiss Alps (National Park).

ভাৰতৰ জৈৱ-ভৌগোলিক অঞ্চলসমূ্হ

[সম্পাদনা কৰক]

ভাৰত জৈৱ বৈচিত্ৰ্যতাৰে ভৰপুৰ এখন চহকী দেশ। বিভিন্ন ধৰণৰ জলবায়ু আৰু স্থলভাগৰ গঠনৰ পাৰ্থক্যই এই জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি কৰিছে। ভাৰতত পোৱা বিভিন্ন প্ৰজাতিৰ গছ-গছনিক সাংখ্যিক পৰিমাণে বিশ্বত দশম স্থান অধিকাৰ কৰি আছে। আন এক সমীক্ষা মতে মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত চহকী দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান একাদশ আৰু শস্যৰ উৎপত্তিস্থল হিচাপে ষষ্ঠ। ভাৰতত বৰ্ত্তমানলৈ প্ৰায় ১৫০,০০০ বিধ জীৱিত প্ৰজাতিক চিনাক্তকৰণ কৰা হৈছে। বিশ্বৰ ২৫খন উষ্ণ জৈৱ বৈচিত্ৰ্যৰ (Biodiversity hot spots) দেশৰ ভিতৰত ভাৰতত দুখন অৱস্থিত। ইয়াৰে এখন উত্তৰ পূৰ্বাঞ্চলত আৰু আনখন পশ্চিমঘাট অঞ্চলত অৱস্থিত। জীৱৰ বিস্তৃতি তথা বিতৰণৰ ওপৰত ভিত্তি কৰি যি ভৌগোলিক শ্ৰেণীবিভাজন কৰা হয় তাক 'জৈৱ-ভৌগোলিক শ্ৰেণীবিভাজন' বোলা হয়। ভাৰতত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ বিতৰণ আৰু ইহঁতৰ পৰিবেশৰ লগত থকা সম্পৰ্ক অধ্যয়ন কৰিবলৈ ভাৰতৰ বিভিন্ন অঞ্চলসমূহক দহটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে।

  1. হিমালয়ৰ পাদদেশ (Trans Himalayan): হিমালয়ৰ ওপৰৰ অংশত অৱস্থিত লাডাখ পৰ্বত আৰু তিব্বত মালভূমি লৈ এই অঞ্চল গঠিত। এই অঞ্চলৰ মাটি কালি ১, ৮৬, ২০০ বৰ্গকিলোমিটাৰ।
  2. হিমালয় (Himalayan): এই অঞ্চলত উত্তৰ পশ্চিম হিমালয়, পশ্চিম হিমালয়, মধ্য হিমালয়আৰু পূব হিমালয় অন্তৰ্ভুক্ত। এই অঞ্চলৰ মাটি কালি ৯, ৩২, ৯০০ বৰ্গকোলিমিটাৰ।
  3. মৰুভূমি (Desert): এই অঞ্চলত কচ্চ আৰু থৰ অঞ্চল অন্তৰ্ভুক্ত। মৰুভূমি অঞ্চলৰ মুঠ মাটিকালি ২, ২৫, ০০০ বৰ্গকিলোমিটাৰ।
  4. অৰ্দ্ধ শুকান অঞ্চল (Semi Arid region): পঞ্জাব আৰু গুজৰাট ৰাজৱাৰক লৈ এই অঞ্চল গঠিত। এই অঞ্চলৰ মুঠ মাটিকালি ৫০, ৮০০ বৰ্গকিলোমিটাৰ।
  5. পশ্চিমঘাট (Western Ghat): মালাৱাৰ উপকূল আৰু পশ্চিমঘাট পৰ্ব্বতক লৈ এই অঞ্চল গঠিত বিশ্বৰ ২৫খন জৈৱ বৈচিত্ৰ্যৰ উষ্ণ অঞ্চলৰ ভিতৰত পশ্চিনঘাট এখন এনে ধৰণৰ অঞ্চল। এই অঞ্চলৰ মুঠ মাটিকালি ১, ৫৯, ০০০ বৰ্গকিলোমিটাৰ।
  6. দক্ষিণ উপকূলীয় অঞ্চল (Deccan Peninsula): মধ্য পাহাৰীয়া অঞ্চল, চোটনাগপুৰ, পূবৰ পাহাৰীয়া অঞ্চল, মধ্য উপদ্বীপ অঞ্চল আৰু দক্ষিণৰ উপদ্বীপক লৈ এই অঞ্চল গঠিত। ইয়াৰ মুঠ মাটিকালি ১৪, ২১, ০০০ বৰ্গকিলোমিটাৰ।
  7. গঙ্গাৰ সমভূমি (Gangetic Plain): গঙ্গাৰ উচ্চ সমভূমি আৰু নিম্ন সমভূমি অঞ্চল লৈ গঠিত। এই অঞ্চলৰ মুঠ মাটিকালি ৩, ৫৯, ৪০০ বৰ্গকিলোমিটাৰ।
  8. উপকূল (Coasts): পূব উপকূল আৰু পশ্চিম উপকূল লৈ এই অঞ্চল গঠিত। ইয়াৰ মুঠ মাটিকালি ১৩, ০০০ বৰ্গকিলোমিটাৰ।
  9. উত্তৰ পূব ভাৰত (North East India): এই অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু উত্তৰ পূব পাৰ্বত্য অঞ্চল লৈ গঠিত। ইয়াৰ মুঠ মাটিকালি ১, ৭১, ৪০০ বৰ্গকিলোমিটাৰ।
  10. দ্বীপপুঞ্জ (Islands): আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপক লৈ এই অঞ্চল গঠিত। ইয়াৰ মাটিকালি ৮, ৫০৭ বৰ্গকিলোমিটাৰ।[1]

জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব

[সম্পাদনা কৰক]

বাণিজ্যিক উপযোগিতা, পাৰিপাৰ্শ্বিক শোভাবৰ্দ্ধন, সামাজিক আৰু সৌন্দৰ্য্যবৰ্দ্ধক আদি দিশেৰে চাবলৈ গ'লে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব বহু বেছি। অতিশয় ক্ষুদ্ৰ, তাৎপৰ্য্যপূৰ্ণহীন যেন লগা অণুজীৱ কিছুমানেও পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। কেতিয়াবা এনে কিছুমান ক্ষুদ্ৰ অণুজীৱই কেঞ্চাৰ, এইডচ জাতীয় মাৰাত্মক ৰোগ নিৰাময়তো সহায় কৰা দেখা যায়। মেকনিলে আৰু তেওঁৰ সহকৰ্মীবৃন্দই (Mc Neely et al) (১৯৯০) জৈৱ বৈচিত্ৰ্যতাৰ মূল্যক তলত দিয়া ধৰণে বিভক্ত কৰিছে -

উপভোগিক ব্যৱহাৰ (Consumptive use) জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উপাদানবোৰ প্ৰত্যক্ষভাবে উৎপাদন কৰি উপভোগ কৰিব পাৰি। যেনে: খাদ্য, ইন্ধন, ঔষধ, সূতা ইত্যাদি।

  • খাদ্য - মানুহে যথেষ্ট সংখ্যক বনৰীয়া উদ্ভিদ (Wild plants) খাদ্য হিচাপে গ্ৰহণ কৰে। সমীক্ষা মতে মানুহে খোৱা খাদ্যৰ ৮০, ০০০ সংখ্যক বনৰীয়া উদ্ভিদ। বৰ্তমান যিবিলাক উদ্ভিদ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰি আছে তাৰে ৯০ শতাংশ উদ্ভিদ বনৰীয়াৰ পৰা ঘৰচীয়া কৰি লোৱা। জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্যবস্তুৰ চাহিদাও বাঢ়ি যোৱাৰ বাবে বৈজ্ঞানিকসকলে জিন কাৰিকৰী বিদ্যাৰ (Genetic engineering) প্ৰসাৰণ ঘটাইছে। দেখা গৈছে যে বন্য উদ্ভিদ সমূহৰ প্ৰকৃতি প্ৰতিকূল অৱস্থাটো ভাৰসম্য ৰক্ষা কৰি বৰ্তী থাকিব পাৰে। সেয়েহে এই উদ্ভিদ সমূহৰ পৰা নতুন কাৰ্য্যক্ষম আৰু উৎপাদনক্ষম জিন সৃষ্টিৰ প্ৰক্ৰিয়া অব্যাহত আছে। উদ্ভিদৰ উপৰিও আমি যথেষ্ট সংখ্যক বন্য প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰো।
  • ঔষধ - বিভিন্ন প্ৰকাৰৰ জীৱনদায়িনী ঔষধৰ মূল উপাদানৰ উৎস হৈছে প্ৰকৃতিৰ বুকুত বিস্তৃত হৈ থকা উদ্ভিদ সমূহ। বিশ্বজনসংখ্যাৰ ৭৫ শতাংশই ঔষধৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে।

উৎপাদনশীল ব্যৱহাৰিক মূল্য (Productive use values)কিছুমান জৈৱ বৈচিত্ৰ্যৰ উপাদান বজাৰত বিক্ৰী কৰাৰ জৰিয়তে বাণিজিকভাবে লাভবান হব পাৰি। ইয়াক উৎপাদনশীল ব্যৱহাৰিক মূল্য বুলি কোৱা হয়।

সামাজিক মূল্য (Social Value)জৈৱ বৈচিত্ৰ্যই সামাজিক জীৱন, নীতি-নিয়ম, ধৰ্ম, আবেগ ইত্যাদিতো যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। ইয়াকেই সামাজিক মূল্য বোলা হয়। বহুতো উদ্ভিদক আমাৰ দেশত পৱিত্ৰ জ্ঞান কৰা হয়, যেনে: তুলসী, আঁহত গছ, আম গছ, পদুম ফুল, বেল গছ ইত্যাদি। তদুপৰি বহুতো জীৱ-জন্তু যেনে: গৰু, সাপ, ষাড় গৰু, ময়ূৰ, ফেঁচা ইত্যাদিৰ লগত কিছুমান সম্প্ৰদায়ৰ ধৰ্মীয় আবেগ জড়িত হৈ থাকে। অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন সমাজত বিভিন্ন ধৰণেৰে সামাজিক মূল্য আছে।

নৈতিক মূল্য (Ethical Value) এই ধৰণৰ মূল্যই কিছুমান নৈতিক দিশ সাঙুৰি লয়। যেনে: "সকলো জীৱক সংৰক্ষণ কৰিব লাগে। " কাৰণ জৈৱ বৈচিত্ৰ্য অতি মূল্যবান।

সৌন্দৰ্য্যবোধক মূল্য (Aesthetic Value) জৈৱ বৈচিত্ৰ্যতাৰ লগত বৃহৎ সৌন্দৰ্য্যবোধক মূল্য জড়িত হৈ আছে। প্ৰকৃতিৰ সৌন্দৰ্য্যবোধে মানুহক সদায় আকৰ্ষণ কৰি আহিছে। মানুহে বহু দূৰ দূৰণিৰ পৰা যথেষ্ট সময় আৰু ধন খৰচ কৰি বনাঞ্চল পৰিদৰ্শন কৰিবলৈ আহে। ইয়াৰ একমাত্ৰ কাৰণ তেওঁলোকে এই অঞ্চলবোৰত জৈৱ বৈচিত্ৰ্যতাৰ সৌন্দৰ্য্যবোধৰ মূল্য উপভোগ কৰিব পাৰে। এনে ধৰণৰ ভ্ৰমণক পৰিবেশ পৰ্য্যটন (Eco-tourism) বুলি কোৱা হয়। এই পৰিবেশ পৰ্য্যটন উদ্যোগৰ পৰা বছৰি প্ৰায় ১২ বিলিয়ন ডলাৰ ভাৰতলৈ আহে।[1]

পৰিবেশ তন্ত্ৰৰ সেৱা মূল্য (Ecosystern service value)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4.