জৈৱিক ৰসায়ন (ইংৰাজী: Organic chemistry) হৈছে ৰসায়ন বিজ্ঞানৰ এটা উপশাখা য'ত জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহৰ ধৰ্ম, গঠন আৰু বিক্ৰিয়াসমূহৰ বিশয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়। জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহ হৈছে সেইবোৰ য'ত কাৰ্বনৰ অণুৰ উপস্থিতি আছে[1][2]। জৈৱিক ৰসায়নত হাইড্ৰ'কাৰ্বনৰ (যিবোৰ যৌগত হাইড্ৰ'জেন আৰু কাৰ্বন থাকে) বিষয়ে আলোচনা কৰা হয়[1][3][4] আৰু লগতে বৃহৎ সংখ্যক যৌগ য'ত কাৰ্বনৰ বাহিৰেও আন মৌল থাকে যেনে অক্সিজেন, নাইট্ৰ'জেন, ছালফাৰ, ফছফৰাছ আৰু হেল'জেন গ্ৰুপৰ তেজস্ক্ৰিয়ভাৱে সুস্থিৰ (Radiostable) মৌলবোৰ। কাৰ্বনৰ যোজ্যতা চাৰি। কাৰ্বনৰ এটা পৰমাণুৱে আন পৰমাণুৰ সৈতে একবন্ধনী, দ্বিবন্ধনী, ত্ৰিবন্ধনী গঠন কৰি বিভিন্ন অণু গঠন কৰে। লগতে ইলেক্ট্ৰনৰ স্থান সলনি কৰি বিভিন্ন সজ্জাৰ অণু গঠন কৰে।
জৈৱযৌগসমূহে পৃথিৱীৰ সকলো জীৱৰ শৰীৰ গঠনত মূল ভূমিকা গঠন কৰে। বিভিন্ন ঔষধ আৰু তৈলজাত সামগ্ৰীৰ মূল অংশ হৈছে জৈৱযৌগসমূহ। জৈৱিক ৰসায়নৰ অধ্যয়নৰ কিছু অংশ জৈৱধাতৱ ৰসায়ন (Organometallic Chemistry), জৈৱ ৰসায়ন, ঔষধ ৰসায়ন আৰু বহুযোগী ৰসায়নৰ লগত একে হয়। [1]
ঊণবিংশ শতিকাৰ প্ৰথম ভাগৰ পৰা শৃঙ্খলাবদ্ধভাৱে জৈৱিক ৰসায়নৰ অধ্যয়ন আৰম্ভ হয় বুলি জানিবলৈ পৰা গৈছে। ১৮১৬ চনত মাইকেল চেভ্ৰিউল (Michel Chevreul) নামৰ বিজ্ঞানীজনে বিভিন্ন চৰ্বী আৰু ক্ষাৰৰ পৰা প্ৰস্তুত কৰা চাবোন সম্পৰ্কে গৱেষণা চলাইছিল। ১৮২৮চনত ফ্ৰেইডৰিক্ ৱহলাৰে (Friedrich Wöhler) প্ৰস্ৰাৱৰ প্ৰধান অংশ ইউৰিয়া (Urea) নামৰ জৈৱযৌগবিধ এম'নিয়াম চায়ানেট (ammonium cyanate, NH4CNO) ৰ পৰা তৈয়াৰ কৰে। যাৰ ফলত সেইসময়ত অজৈৱ যৌগৰ পৰা জৈৱ যৌগ সৃষ্টি কৰিব নোৱাৰি বুলি মানুহৰ মনত সোমাই থকা ভ্ৰান্ত ধাৰণাটো দূৰ হয়[5]। ১৮৫৬ চনত উইলিয়াম হেনৰী পাৰ্কিনে (William Henry Perkin) কুইনাইন তৈয়াৰ কৰিবলৈ চেষ্টা কৰি থাকোঁতে আকস্মিকভাৱে এবিধ জৈৱিক ৰঞ্জক পদাৰ্থ আৱিষ্কাৰ কৰে যিটো বৰ্তমান পাৰ্কিনৰ মউভ (Perkin's mauve) বুলি জনা যায়[6]। ফ্ৰেডৰিক আগষ্ট কেকুলে (Friedrich August Kekulé) আৰু আৰ্কিবাল্ড স্কট কুপাৰে (Archibald Scott Couper) ১৮৫৮ চনত সুকীয়া সুকীয়াকৈ দিয়া অণুৰ ৰাসায়নিক গঠনৰ ধাৰণা জৈৱিক ৰসায়নৰ ইতিহাসত উল্লেখযোগ্য আৱিষ্কাৰ[7]। দুয়োজনে আগবঢ়োৱা ধাৰণামতে চতুৰ্যোজী কাৰ্বন পৰমাণুৱে ইটোৱে সিটোৰ লগত লগ লাগি কাৰ্বনৰ জালসদৃশ অণু গঠন কৰে। উপযুক্ত ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত সেই আণৱিক বান্ধনি ধৰা পেলাব পৰা যায়।
উণবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত জৈৱিক ৰসায়নৰ ওপৰত ব্যৱস্থাগত অধ্যয়ন চলাই সংশ্লেষিত নীল (Indigo) উৎপাদন কৰা হয়। এডল্ফ ভন বেইয়াৰে (Adolf von Baeyer) উদ্ভাৱন কৰা সংশ্লেষিত নীলৰ জৰিয়তে ১৮৯৭চনৰ পৰা ১৯১৪চনৰ ভিতৰত প্ৰাকৃতিক নীলৰ উৎপাদন ১৯০০০টনৰ পৰা ১০০০ টনলৈ কমি যায়। ২০০২চনত পেট্ৰকেমিকেলচৰ পৰা ১৭০০০টন সংশ্লেষিত নীল উৎপাদন কৰা হয়। [8]
খাৰুৱা তেলৰ আৱিষ্কাৰে জৈৱিক ৰসায়নৰ উন্নতিত অৰিহণা যোগায়। খাৰুৱা তেলৰ পৰা বিভিন্ন যৌগ উৎপাদন কৰাৰ পৰাই পেট্ৰ'কেমিকেল ইণ্ডাষ্ট্ৰীৰ আৰম্ভণি হয়। য'ত কৃত্ৰিম ৰবৰ, প্লাষ্টিক, আঠা আদি সফলভাৱে প্ৰস্তুত কৰা হয়।
জৈৱিক যৌগ সমূহৰ ভৌতিক ধৰ্মসমূহ গুণগত আৰু সংখ্যাগত হিচাপে ভাগ কৰা হয়। গুণগতৰ ভিতৰত পৰে গোন্ধ, ৰঙ, দ্ৰৱণীয়তা। সংখ্যাগতৰ ভিতৰত পৰে উতলাংক, গলনাংক আৰু প্ৰতিসৰণাংক।
জৈৱযৌগসমূহ উতলে আৰু গলে। ইহঁতৰ উতলাংক আৰু গলনাংক অণুৰ ধ্ৰুৱতা আৰু আণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰে। জৈৱযৌগসমূহ ৩০০°ছেলচিয়াচ উষ্ণতাৰ ওপৰত সুস্থিৰ হৈ নাথাকে যদিও কিছুমান ব্যতিক্ৰম নথকা নহয়। কিছুমান জৈৱযৌগ যেনে পেৰা-ডাইক্ল'ৰ'বেনজিন্ (para-dichlorobenzene) পোনে পোনে ভাপ হৈ উৰি যায়।
প্ৰশম (Neutral) জৈৱ যৌগসমূহ জৈৱ দ্ৰাৱকতকৈ পানীত কম দ্ৰৱণীয়। কিন্তু আয়নীভূত জৈৱ যৌগৰ লগতে হাইড্ৰ'জেন বন্ধনি থকা কম আণৱিক ভৰ বিশিষ্ট এলক'হ'ল, এমাইন (amines), কাৰ্বক্সিলিক এচিড (carboxylic acids) সমূহ এইক্ষেত্ৰত ব্যতিক্ৰম। জৈৱিক যৌগসমূহ সাধাৰণতে জৈৱিক দ্ৰাৱকত দ্ৰৱীভূত হয়।
ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আণৱিক ক্ৰিষ্টেল (molecular crystals) আৰু জৈৱিক বহুযোগী (organic polymers) সমূহৰ দৰে বিশেষ গঠনসমূহৰ ধৰ্মৰ ওপৰত গুৰুত্ব দিয়া হয়। উদাহৰণস্বৰূপে বৈদ্যুতিক বলবিদ্যা, বৈদ্যুতিক পৰিবাহী, আলোক বৈদ্যুতিক ধৰ্মসমূহ।