ছাৰ জোছেফ ৱিলছন শ্বান | |
---|---|
![]() শ্বানৰ আলোকচিত্ৰ (প্ৰায় ১৯০০ চনৰ) | |
জন্ম | জোছেফ ৱিলছন শ্বান ৩১ অক্টোবৰ, ১৮২৮ বিশ্বপৱেৰমাউথ, চান্দাৰলেণ্ড চহৰ, ডাৰহাম কাউণ্টি, ইংলেণ্ড |
মৃত্যু | ২৭ মে', ১৯১৪ (৮৫ বছৰ) ৱাৰলিংগহাম, ছাৰেই, ইংলেণ্ড |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান |
জনা যায় | তাপোদ্দীপক বিজুলী বাতি (Incandescent Light Bulb) আলোকচিত্ৰীয় পদ্ধতি |
উল্লেখনীয় বঁটা | হাউছ পদক (১৯০৪) এলবাৰ্ট পদক (Royal Society of Arts) (১৯০৬) |
ছাৰ জোছেফ ৱিলছন শ্বান (ইংৰাজী: Sir Joseph Wilson Swan, ৩১ অক্টোবৰ ১৮২৮-২৭ মে' ১৯১৪) আছিল এগৰাকী ইংৰাজ পদাৰ্থ বিজ্ঞানী, ৰসায়নবিদ আৰু উদ্ভাৱক। বিজুলী বাতিৰ এগৰাকী স্বতন্ত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্ভাৱক হিচাপে শ্বান পৰিচিত। ঘৰুৱা ব্যৱহাৰ আৰু ৰাজহুৱা ভৱনৰ বাবে তাপোদ্দীপক বিজুলী বাতিৰে পোহৰ যোগান ধৰা আৰু উদ্ভাৱন কৰা তেওঁ হৈছে প্ৰথমজন ব্যক্তি। সেইসমূহ ভৱনৰ ভিতৰত লণ্ডনৰ ছেভয় থিয়েটাৰো (১৮৮১) অন্তৰ্ভুক্ত।[1][2]
১৯০৪ চনত শ্বানক ৰজা এডৱাৰ্ড সপ্তমে সন্মানীয় নাইট উপাধি প্ৰদান কৰে।[3] সেইটো বছৰতে তেখেতক ৰয়েল সমাজে হাউছ পদক (Hughes Medal) প্ৰদান কৰে। আনহাতে গ্ৰেট ব্ৰিটেইনৰ ৰয়েল ফাৰ্মাছিউটিকেল সমাজ-এ তেওঁক এজন সন্মানীয় সদস্য হিচাপে নিৰ্বাচিত কৰে। ১৮৮১ চনত পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক বিদ্যুৎ প্ৰদৰ্শনীত শ্বানক ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান লিজন অৱ অ'নাৰ প্ৰদান কৰা হয়। এই প্ৰদৰ্শনীত তেখেতৰ উদ্ভাৱনসমূহো প্ৰদৰ্শন কৰা হয় আৰু চহৰখন বৈদ্যুতিক পোহৰেৰে আলোকিত কৰা হয়।[4]
১৮২৮ চনৰ ডাৰহাম কাউণ্টিস্থিত, ছাণ্ডাৰলেণ্ড চহৰৰ পেলিয়ন হিলত জোছেফ শ্বানৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিলজন শ্বান আৰু মাতৃ আছিল ইছাবেলা কেমেৰুন।[5] ছাণ্ডাৰলেণ্ডৰ এখন ঔষধশালাৰ ফাৰ্মত শ্বানে ছটা বছৰ শিক্ষানবিছ হিচাপে কাম কৰিছিল। ফাৰ্মখনৰ নাম আছিল Hudson and Osbaldiston।[4] অৱশ্যে শ্বানে সেই শিক্ষা সম্পূৰ্ণ কৰিলেনে নাই-তাৰ বিষয়ে সুনিশ্চিত তথ্য নাই। যিহেতু তেওঁৰ দুয়োজন সতীৰ্থয়েই পৰ্যায়ক্ৰমে মৃত্যু বৰণ কৰিছিল।[4] শিশু অৱস্থাতো তেখেতৰ এটা অন্বেষণমুখী মন আছিল বুলি জনা যায়।[4] শিক্ষাগ্ৰহণৰ সময়ছোৱাত শ্বানে চৌপাশৰ পৰিৱেশৰ প্ৰতি, উদ্যোগবোৰৰ প্ৰতি আৰু সান্দাৰলেণ্ডৰ পুথিভঁৰালৰ প্ৰতি এক বিস্ময়কৰ জিজ্ঞাসা পুহি ৰাখিছিল।[4]ছাণ্ডাৰলেণ্ড এথেনিয়ামত অনুষ্ঠিত হোৱা বিভিন্ন বক্তৃতাৰ কাৰ্যসূচী তেখেতে শুনিছিল।[6] পৰৱৰ্তী কালত, শ্বানে নিউকাছলত থকা মাউশ্বন'ছত যোগদান কৰে। এইখন আছিল এখন ৰসায়নবিদৰ ফাৰ্ম। শ্বানৰ জন্মবৰ্ষতেইজন মাউশ্বনে এইখন প্ৰতিষ্ঠা কৰিছিল।[4] তেখেত আছিল শ্বানৰ ভনীয়েক এলিজাবেথ শ্বানৰ পতি। ১৮৪৬ চনত শ্বানে মাউশ্বনছৰ পৰা অংশীদাৰিত্বৰ প্ৰস্তাৱ এটা লাভ কৰে।[4] ১৯৭৩ চনলৈকে এই কোম্পানীটো মাউশ্বন, শ্বান আৰু মৰ্গান হিচাপেই জনাজাত আছিল। বৰ্তমান সময়ত এই প্ৰাংগনটো বাৰ্গাৰৰ শৃংখল ৰেষ্টুৰা বায়ৰন হেমবাৰ্গাৰ্ছৰ অধীনত। এই ৰেষ্টুৰাঁখনৰ সমুখত ভিক্ট'ৰিয়ান আৰ্হিৰ কিছুমান বৈদ্যুতিক লাইটৰ শাৰী আছে।
শ্বানে বাস কৰিছিল গেটছহেডৰ ল' ফেলৰ আণ্ডাৰহিলত। কেলছ লেন নৰ্থৰ এই বৃহৎ ভৱনটোৰ উদ্ভিদ ৰক্ষাগৃহ (Conservatory) তেখেতে নিজৰ বেছিভাগ পৰীক্ষা সম্পন্ন কৰিছিল।[7] পৰৱৰ্তী সময়ত এই ভৱনটোক এখনি গ্ৰামাৰ স্কুললৈ সলনি কৰা হয়। নাম দিয়া হয় বিকনছফিল্ড স্কুল।[8] শ্বানৰ প্ৰকৃত বৈদ্যুতিক সংযুক্তিৰ দৃষ্টান্ত শিক্ষাৰ্থীসকলে আজিও দেখা পায়।[8]
৩১ জুলাই, ১৮৬২ চনত শ্বানে ফ্ৰান্সেছ ফেনী হোৱাইটক বিয়া কৰাইছিল। তেখেত আছিল লণ্ডনৰ কেম্বাৰৱেল গীৰ্জা লিভাৰপুলৰ উইলিয়াম হোৱাইটৰ তৃতীয়গৰাকী কন্যা।[9] তেওঁলোকৰ তিনিটি সন্তান জন্ম হৈছিল। তেওঁলোক আছিল-ডনাল্ড কেমেৰুন, মেৰি এডমণ্ডছ, আৰু জোছেফ। ১৮৬৮ চনৰ ৯ জানুৱাৰীত ফ্ৰান্সেচৰ দেহাৱসান হয়।[10] আৰু জোছেফ শ্বানে ফ্ৰান্সেছৰ ভগ্নী হান্না হোৱাইটক বিয়া কৰায়। ১৮৭১ চনৰ ৩ অক্টোবৰত ছুইজাৰলেণ্ডৰ নিউখাটেলত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।[11] তেওঁলোকৰ পাঁচটি সন্তান জন্ম হয়। তেওঁলোক আছিল: হিল্ডা, ফ্ৰান্সেছ ইছ'বেল, কেনেথ ৰায়ডেন, পাৰ্ছিভেল আৰু ড'ৰ'থী।[12]
১৮৫০ চনত শ্বানে খালী কাঁচৰ বাল্বত কাৰ্বনযুক্ত কাগজ ফিলামেণ্ট ব্যৱহাৰ কৰি বিজুলী বাঁতিৰ বিকাশৰ কাম আৰম্ভ কৰে। এইদৰে কাম কৰি তেখেতে ১৮৬০ চনত এটা কাৰ্যক্ষম আহিলা প্ৰস্তুত কৰি উলিয়ায়। কিন্তু উপযুক্ত বায়ুশূন্যতা আৰু অপৰ্যাপ্ত বিজুলী উৎসৰ বাবে তেওঁ বিকাশ কৰা বাঁতিটোৱে খুব কম সময়ৰ বাবেহে পোহৰ দিবলৈ সক্ষম হৈছিল।[13] ১৮৬৩ চনৰ আগষ্ট মাহত শ্বানে "ভেকুৱাম পাম্প"ৰ বাবে এটা স্বতন্ত্ৰ আৰ্হি প্ৰস্তুত কৰে। বিশেষ আৰ্হিটো তেখেতে প্ৰস্তুত কৰিছিল ব্ৰিটিছ বিজ্ঞান সংস্থাৰ বাবে।[14] আৰ্হিটোত পাৰা (Mercury) ব্যৱহাৰ কৰা হৈছিল। টিউবটোৰ পৰা এই পাৰাখিনি নিগৰিত হৈছিল আৰু আৰ্হিটোৰ পৰা আঁতৰাব লগা বায়ুখিনি পাৰাৰ দ্বাৰা আবদ্ধ কৰা হৈছিল। শ্বানৰ এই আৰ্হিটোৰ লগত স্প্ৰেংগেল পাম্পৰ কিছু সাদৃশ্য দেখা গৈছিল। হাৰমান স্প্ৰেংগেলৰ গৱেষণাতকৈ এই উদ্ভাৱন দুবছৰৰ পূৰ্বৰ আছিল। উল্লেখনীয় যে, স্প্ৰেংগেলে তেওঁৰ গৱেষণা লণ্ডনতে সম্পন্ন কৰিছিল।[15] বোধহয় তেওঁ ব্ৰিটিছ বিজ্ঞান সংস্থাৰ বাৰ্ষিক প্ৰতিবেদনৰ খবৰ ৰাখিছিল। যি কি নহওক, পাছলৈ জোছেফ শ্বান আৰু থমাছ আলভা এডিছনে উল্লেখ কৰে যে, তেওঁলোকে ফিলামেণ্ট লেম্পৰ বাবে স্প্ৰেংগেল লেম্পেই ব্যৱহাৰ কৰিছিল।[16][17]
১৮৭৫ চনত শ্বান পুনৰ বিজুলী বাঁতিৰ সমস্যাটোলৈ ঘূৰি আহে। তেওঁ উন্নততৰ ভেকুৱাম আৰু ফিলামেণ্ট হিচাপে কাৰ্বনযুক্ত সূতাৰ কথা ভাবে। শ্বানৰ বিকশিত বিজুলী বাঁতিটোৰ ভেকুৱাম টিউবত অৱশিষ্ট অক্সিজেনৰ নামমাত্ৰহে বাকী ৰৈছিল-যিয়ে ফিলামেণ্টটোক জ্বলি উঠাত সহায় কৰিছিল। পৰিণতিস্বৰূপে ফিলামেণ্টটোত জুইৰ সৃষ্টি নোহোৱাকৈ প্ৰায় বগা-উজ্জ্বল হৈ জ্বলি উঠিছিল। এইটোৱেই আছিল শ্বানৰ বিজুলী বাঁতিৰ সৰ্বোৎকৃষ্ট বৈশিষ্ট্য। কিন্তু ফিলামেণ্টৰ ৰোধৰ পৰিমাণ কম হোৱা হেতুকে গধুৰ কপাৰ তাঁৰৰ আৱশ্যকীয়তা আহি পৰিছিল।[18]
১৮৭৮ চনৰ ১৮ ডিচেম্বৰত শ্বানে তেওঁ বিকাশ কৰা কাৰ্বন লেম্পটোৰ পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ প্ৰদৰ্শন কৰে। নিউকাছলৰ টাইনে কেমিকেল ছ'ছাইটিৰ এটা বক্তৃতাত তেওঁ এই প্ৰদৰ্শনী কৰিছিল। অৱশ্যে প্ৰয়োগশালাত কিছুসময়ৰ বাবে জ্বলি থাকি উজ্জ্বল হৈ থকা বাল্বটো এসময়ত ধ্বংস হৈ গ'ল। ইয়াৰ কাৰণ আছিল অত্যধিক বিজুলী প্ৰৱাহ। ১৮৭৯ চনৰ ১৭ জানুৱাৰীত একেটা বক্তৃতাকে পুনৰাবৃত্তি কৰি শ্বানে সফলভাৱে বাল্বটোৰ ব্যৱহাৰিক প্ৰয়োগ দেখুৱালে। শ্বানে ভেকুৱাম লেম্প ব্যৱহাৰ কৰি সমস্যাটো সমাধান কৰিছিল। সেইবছৰৰে ৩ ফেব্ৰুৱাৰিত শ্বানে সাতশ মানুহৰে পৰিপূৰ্ণ হৈ থকা এখন বক্তৃতামঞ্চত কাৰ্যক্ষম বাল্বটো দেখুৱালে। স্থান আছিল Literary and Philosophical Society of Newcastle upon Tyne.(। ) শ্বানে এক উন্নত মানৰ কাৰ্বন ফিলামেণ্টৰ কথা ভাবে আৰু ইয়াৰ দুয়োটা মূৰ সংলগ্নৰ উপায়ৰ সন্ধান কৰে। তেওঁ কপাহ ব্যৱহাৰ কৰি "parchmentised thread"ৰ তৈয়াৰ কৰাৰ কথা ভাবে আৰু এই ধাৰণাটোক লৈয়েই তেওঁ ১৮৮০ চনৰ ২৭ নৱেম্বৰত ব্ৰিটিছ পেটেণ্ট ৪৯৩৩ আহৰণ কৰে।[19] তেতিয়াৰ পৰাই তেওঁ ইংলেণ্ডৰ ঘৰ আৰু মূলস্থানসমূহত বিজুলী বাঁতি প্ৰতিষ্ঠা কৰাৰ কাম কৰিবলৈ লয়।
গেটশ্বেডৰ আণ্ডাৰহিলত থকা তেওঁৰ ঘৰটো আছিল বৈদ্যুতিক বাল্ব সংযোগ হোৱা পৃথিৱীৰ প্ৰথমটো ঘৰ।[20] নিউকাছলৰ ৱেষ্টগেট ৰ'ডত থকা লিট এণ্ড ফিল পুথিভঁৰালটো আছিল বৈদ্যুতিক বাঁতিৰে সংযুক্ত হোৱা প্ৰথমটো ৰাজহুৱা কোঠা। শ্বান সেই স্থানলৈ ১৮৮০ চনৰ ২০ অক্টোবৰ তাৰিখে বক্তৃতা প্ৰদান কৰিবলৈ গৈছিল।[21][22]১৮৮১ চনত শ্বানে দ্য শ্বান ইলেক্ট্ৰিক কোম্পানী নামেৰে প্ৰথমটো কোম্পানী স্থাপন কৰে।[23] এইদৰে তেওঁ ব্যৱসায়িক উৎপাদন আৰম্ভ হয়।[24]
লণ্ডনৰ চিটি অৱ ৱেষ্টমিনিষ্টাৰত থকা অত্যাধুনিক নাট্যমঞ্চ ছেভয় থিয়েটাৰ হৈছে বিদ্যুতৰে সম্পূৰ্ণভাৱে আলোকিত হোৱা পৃথিৱীৰ প্ৰথমটো ৰাজহুৱা ভৱন।[2][25] শ্বানে প্ৰায় ১,২০০টা বিজুলী বাঁতিৰ যোগান ধৰে। এইসমূহক শক্তি দিবৰ বাবে ৮৮.৩ কিলোৱাট শক্তিৰ জেনেৰেটৰৰ প্ৰয়োজন হৈছিল।[26][27] ভৱনটোৰ নিৰ্মাতা ৰিচাৰ্ড ডিঅয়লি কাৰ্টেয়ে শ্বানৰ বিজুলী-বাঁতিৰ ব্যৱহাৰ সন্দৰ্ভত কৰা মন্তব্য হৈছে-
The greatest drawbacks to the enjoyment of the theatrical performances are, undoubtedly, the foul air and heat which pervade all theatres. As everyone knows, each gas-burner consumes as much oxygen as many people, and causes great heat beside. The incandescent lamps consume no oxygen, and cause no perceptible heat.
[28]প্ৰথমতে ব্যৱহাৰ কৰা জেনেৰেটৰটোৰ ক্ষমতা অৱশ্যে কম হোৱা হেতুকে গোটেই ভৱনটোকে আলোকিত কৰিব নোৱাৰিলে। সেইকাৰণে ১৮৮১ চনৰ ২৮ ডিচেম্বৰ পৰ্যন্ত ভৱনৰ সন্মুখভাগ বৈদ্যুতিকীকৰণ কৰা হয় আৰু মঞ্চখন গেছৰ দ্বাৰা আলোকিত কৰি ৰখা হয়। ২৯ ডিচেম্বৰত লণ্ডনৰ দৈনিক বাতৰি কাকত দ্য টাইমছ্-এ বিজুলী বাঁতিৰ পোহৰক গেছ লাইটৰ পোহৰতকৈ শ্ৰেষ্ঠতৰ বুলি বিবেচিত কৰে।[29]
থমাছ আলভা এডিছন আৰু জোছেফ শ্বানে তাপোদ্দীপক বিজুলী-বাতিৰ কাম প্ৰায় একে সময়তে আৰম্ভ কৰিছিল।[30] শ্বান আৰু এডিছনৰ প্ৰথমটো সফল বিজুলী-বাঁতিয়ে ১৮৭৯ চনত পেটেণ্ট লাভ কৰিছিল।[31] এডিছনে তেওঁৰ বিজুলী-বাঁতিটো এটা বিশাল পৰিসৰত আৰু অধিক ৰোধত, সমান্তৰালভাৱে সংযোগ কৰাৰ কথা ভাবিছিল। আনহাতে শ্বানৰ কম ৰোধসম্পন্ন বিজুলী-বাঁতিটোৱে কেৱল ধাৰাবাহিক সংযোগ আৰু কম সময়ৰ বাবে কাম কৰিছিল।[32][30] শ্বানৰ মৌলিক আৰ্হিটো কম ৰোধৰ বাবে আৰু কেৱল ধাৰবাহিক সংযোগীকৰণৰ সীমাবদ্ধতাৰ বাবে তেনেধৰণৰ প্ৰয়োগৰ বাবে প্ৰযোজ্য হৈ উঠা নাছিল।[30] শ্বানে গ্ৰেট ব্ৰিটেইনত দাখিল কৰা শক্তিশালী পেটেণ্টৰ ফলশ্ৰুতিতেই ১৮৮৩ চনত এডিছন আৰু শ্বানৰ কোম্পানী দুটাৰ মাজত সংযোগ স্থাপন হৈ একত্ৰিত হৈ পৰে। তেওঁলোকে পৰৱৰ্তী সম্ভাৱনীয়তা সমূহ অন্বেষণ কৰাৰ উদ্দেশ্যেৰে "Ediswan" স্থাপন কৰে।[33] যাৰ অৰ্থ আছিল Edison & Swan United Electric Light Company.(। ) ১৮৮১ চনত শ্বানে উদ্ভাৱন কৰা চেলুলোজ ফিলামেণ্ট ব্যৱহাৰ কৰি তেওঁলোকে বিজুলী বাঁতি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। আনহাতে এডিছনে বাঁহৰ ফিলামেণ্ট ব্যৱহাৰ কৰি ব্ৰিটেইনৰ বাহিৰত বিজুলী বাঁতি বিক্ৰী কৰে। ১৮৯২ চনত জেনেৰেল ইলেক্ট্ৰিকে শ্বানৰ পেটেণ্ট ব্যৱহাৰ কৰি চেলুলুজ ফিলামেণ্ট উৎপাদন কৰিবলৈ আৰম্ভ কৰে। ১৯০৪ চনত জেনেৰেল ইলেক্ট্ৰিকে "General Electric Metallized" অথবা "GEM"ৰ দ্বাৰা সেকি লোৱা চেলুলুজ ফিলামেণ্ট ব্যৱহাৰ কৰিবলৈ লৈছিল।[34]
১৮৬ চনত এডিশ্বানে তেওঁলোকৰ উৎপাদনস্থলী উত্তৰ লণ্ডনৰ পণ্ডাৰ্ছ ফিল্ডত থকা এটা পুৰণি মৰাপাটৰ কললৈ লৈ যায়।[35] ১৯১৬ চনত এডিশ্বানে পণ্ডাৰ্ছ ফিল্ডত আমেৰিকা গণৰাজ্যৰ প্ৰথমটো ৰেডিঅ' ভেকুৱাল টিউব ফেক্ট্ৰৰী স্থাপন কৰে। সমীপৱৰ্তী "Brimsdown Industrial Estate"ৰ সৈতে এই অঞ্চলটি পৰৱৰ্তী সময়ত কেথড ৰে' টিউব, ভেকুৱাম টিউব নিৰ্মাণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰে। ১৯২০ৰ দশকৰ এডিশ্বান কোম্পানী "ব্ৰিটিছ থমছন-হাউষ্টন" আৰু "এছ'ছিয়েটেদ ইলেকট্ৰিকেল ইণ্ডাষ্ট্ৰিছ"ৰ অংশ হৈ পৰে।[36]
১৯১৪ চনৰ ছাৰেইৰ ৱাৰলিংগহামত থকা অভাৰহিলৰ ঘৰত জোছেফ শ্বানৰ দেহাৱসান ঘটে।[13] ১৯১৪ চনৰ ৩০ মে' তাৰিখে ৱাৰলিংগহামৰ অল ছেইণ্টছ গীৰ্জাঘৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[37] শেষকৃত্য অনুষ্ঠানত বৈদ্যুতিক অভিযন্তা প্ৰতিষ্ঠান, যান্ত্ৰিক অভিযান্ত্ৰিকী প্ৰতিষ্ঠান আৰু ৰয়েল সমাজৰ প্ৰতিনিধিসকল উপস্থিত থাকে।[38]