সতীদাহ প্ৰথাৰ সৈতে জৌহৰ প্ৰথাৰ সাংস্কৃতিক ভিত্তিত তেনেকৈ সম্পৰ্ক নাই বুলি ক'ব পাৰি। দুয়োটা প্ৰথাতে নাৰী এগৰাকীয়ে আত্মজাহ দিয়ে যদিও দুয়োটাৰে তাৎপৰ্য ভিন্ন। সতীদাহ প্ৰথাত এগৰাকী বিধৱা নাৰীয়ে তেওঁৰ মৃত পতিৰ চিতাত বহি আত্মজাহ যায়।[22] আনহাতে জৌহৰ প্ৰথাত সমূহীয়াভাৱে বহুকেইগৰাকী নাৰীয়ে অনুপ্ৰৱেশকাৰী বা আক্ৰমণকাৰীৰ হাতত পৰাজয় নিশ্চিত হ'লে ধৰা নপৰিবলৈ বা দাসত্ত্ব বৰণ নকৰিবলৈ আত্মজাহ দিয়ে।[23] আত্মহত্যাৰ অন্য উপায়তকৈ আত্মজাহক এই বাবেই বাছি লোৱা হয় যাতে তেওঁলোকৰ মৃতদেহৰ প্ৰতি কৰা অসন্মান তেওঁলোকৰ পতি, সন্তান বা অন্য লোকে দেখিবলগীয়া নহয়।
কৌশিক ৰয়ৰ মতে কেৱলমাত্ৰ হিন্দু-মুছলমানৰ যুদ্ধতহে ৰাজপুতসকলৰ মাজত জৌহৰ পালন কৰা হৈছিল। দুটা হিন্দু পক্ষৰ মাজত হোৱা যুদ্ধত এই প্ৰথা পালন কৰা হোৱা নাছিল।[24] অৱশ্যেজন হাৱলীয়ে এই মতৰ সৈতে অসন্মতি প্ৰকাশ কৰে। তেওঁ ভাৰতলৈ গ্ৰীকসকলৰ দিগ্বিজয় অভিযানৰ সৈতে সংযোগ স্থাপন কৰি কয় যে তেওঁলোকেও ভাৰতীয় নাৰীক কৰায়ত্ত কৰিছিল আৰু সম্ভৱতঃ ইয়াৰপৰাই জৌহৰ প্ৰথাৰ প্ৰসাৰ ঘটে।[25] বীণা তালৱাৰ ওল্ডেনবাৰ্গেও মত প্ৰকাশ কৰে যে মুছলমানসকলৰ আগ্ৰাসনৰ আগেয়ে ৰাজপুত ৰাজ্যসকলৰ মাজত হোৱা যুদ্ধসমূহেই প্ৰায় নিশ্চিতভাৱে প্ৰথম জৌহৰৰ সূচনা কৰিছিল। দক্ষিণ-পশ্চিমৰ ভৌগোলিক ৰাজনীতিৰ ফলত ৰাজস্থান এক ধাৰাবাহিক যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল আৰু এই ঠাইৰ আটাইতকৈ সন্মানীয় জাতি ব্ৰাহ্মণৰ সলনি সেই ভূমিক নিয়ন্ত্ৰণ তথা সুৰক্ষা প্ৰদান কৰা ক্ষত্ৰিয় বা ৰাজপুতসকলহে আছিল। তেওঁ লগতে কয় যে এই ইতিহাস মুছলমানসকলৰ ভাৰত আগমণৰো হাজাৰ বছৰ আগৰ। ৰাজস্থান আৰু বিজয়নগৰৰ খননকাৰ্যত উদ্ধাৰ হোৱা স্মৃতিশিলাসমূহে নাৰী-পুৰুষ উভয়ৰে মৃত্যুৰ কথা সূচায়। তেওঁৰ বক্তব্য অনুসৰি এইসমূহৰ তাৰিখ পতিয়নযোগ্যভাৱে নিৰ্ধাৰণ কৰিব পাৰি আৰু ই যুদ্ধৰ কাল তথা স্থানৰ সৈতে খাপ খাই পৰে।[26]
হিন্দু আৰু মুছলমান উভয় পক্ষৰ পৰা পোৱা জৌহৰ প্ৰথাৰ প্ৰতিবেদন ভিন্ন। হিন্দু পৰম্পৰাত জৌহৰক শত্ৰুপক্ষৰ হাতত জাতিটোৰ নিশ্চিত পৰাজয়ৰ সময়ত এক বীৰত্বৰ কাৰ্য বুলি গণ্য কৰা হৈছিল।[7][27] মুছলমান ইতিহাসবিদসকলৰ বৰ্ণনা মতে এয়া আছিল নাৰীসকলৰ ওপৰত বলপূৰ্বক জাপি দিয়া এক প্ৰথা।[1] অধ্যাপক অৰবিন্দ শৰ্মাৰ মতে আমিৰ খুছৰুৱে এই প্ৰথাক যাদুকৰী তথা কুসংস্কাৰমূলক যদিও বীৰত্বৰ কাৰ্য বুলি বৰ্ণনা কৰিছে।[28]
উত্তৰ-পশ্চিম ভাৰতৰ আগালাছই জনজাতিৰ সমূহীয়া আত্মজাহৰ বিষয়ে খ্ৰীষ্টিয় দ্বিতীয় শতিকাৰ আলেকজেণ্ডাৰ বিষয়ক এৰিয়ানৰ সামৰিক ইতিহাস (খ্ৰীষ্টপূৰ্ব ৩৩৬-৩২৩) দ্য এনাবেচিছ অফ আলেকজেণ্ডাৰ শীৰ্ষক গ্ৰন্থৰ দ্বিতীয় পৰ্বত উল্লেখ কৰা হৈছে। এৰিয়ানে উল্লেখ কৰিছে যে আলেকজেণ্ডাৰৰ সৈন্যই উত্তৰ-পশ্চিম ভাৰতৰ অধিবাসীসকলক পৰাজিত কৰি দাসত পৰিণত কৰে। সেয়ে প্ৰায় ২০ হাজাৰ নৰ-নাৰী আৰু শিশোৱে এখন আগালোছী চহৰত অগ্নিসংযোগ কৰি তাতে জাহ যায়।[34][35]
বহু পণ্ডিতৰ মতে চিত্তোৰগড়ৰ প্ৰথমটো জৌহৰ ১৩০৩ চনত চিত্তোৰগড় দুৰ্গ অৱৰোধৰ সময়ত সংঘটিত হৈছিল।[39][40][41]ৰাণী পদ্মিনীক মূল চৰিত্ৰ হিচাপে লৈ এই জৌহৰৰ কাহিনী কিংবদন্তিমূলক ৰাজস্থানী কাব্যৰ উপজীব্য হিচাপে পৰিগণিত হয়। এই ঘটনাত ৰাণী পদ্মিনীৰ লগতে অন্য ৰাজপুত মহিলাসকলে দিল্লীৰ আলাউদ্দিন খিলজীৰ হাতত ধৰা পৰাৰ পৰা ৰক্ষা পৰিবলৈ জৌহৰ পালন কৰে।[39] চিত্তোৰৰ প্ৰথম জৌহৰৰ ইতিহাস পৰম্পৰাগত ৰাজস্থানী বিশ্বাস আৰু মালিক মহম্মদ জয়ছীৰ পদ্মাৱত আদি ছুফী সাহিত্যভিত্তিক।[42]
↑Margaret Pabst Battin. The Ethics of Suicide: Historical Sources. Oxford University Press. পৃষ্ঠা. 285. ""Jauhar specifically refers to the self-immolation of the women and children in anticipation of capture and abuse.""
↑Mary Storm. Head and Heart: Valour and Self-Sacrifice in the Art of India. Routledge. ""The women would build a great bonfire, and in their wedding finery, with their children and with all their valuables, they would immolate themselves en masse.""
↑Pratibha Jain, Saṅgītā Śarmā, Honour, status & polity
↑Mandakranta Bose (2014), Faces of the Feminine in Ancient, Medieval, and Modern India, Oxford University Press, আই.এচ.বি.এন.978-0195352771, page 26
↑Malise Ruthven (2007), Fundamentalism: A Very Short Introduction, Oxford University Press, আই.এচ.বি.এন.978-0199212705, page 63; John Stratton Hawley (1994), Sati, the Blessing and the Curse, Oxford University Press, আই.এচ.বি.এন.978-0195077742, page 165-166
↑Veena Oldenburg, A Comment to Ashis Nandy's "Sati as Profit versus Sati as Spectacle: The Public Debate on Roop Kanwar's Death," in Hawley, Sati the Blessing and the Curse: The Burning of Wives in India, page 165
↑Kaushik Roy (2012), Hinduism and the Ethics of Warfare in South Asia: From Antiquity to the Present, Cambridge University Press, আই.এচ.বি.এন.978-1107017368, pages 182-184
↑Veena Talwar Oldenburg, "Comment: The Continuing Invention of the Sati Tradition" in John Stratton Hawley (ed.), Sati, the Blessing and the Curse: The Burning of Wives in India, Oxford University Press (1994), p. 165