জ্যোতি য়াৰাজী | |||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||
সম্পূৰ্ণ নাম | জ্যোতি য়াৰাজী | ||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ![]() | ||||||||||||||||||||||||
জন্ম | ২৮ আগষ্ট, ১৯৯৯ (২৫ বছৰ) বিশাখাপট্টনম,[1] অন্ধ্ৰপ্ৰদেশ, ভাৰত | ||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||
ক্ৰীড়া | দৌৰ | ||||||||||||||||||||||||
শিতান | ১০০ মিটাৰ হাৰ্ডলছ | ||||||||||||||||||||||||
পদক অভিলেখ
|
জ্যোতি য়াৰাজী (ইংৰাজী: Jyothi Yarraji; জন্ম: ২৮ আগষ্ট ১৯৯৯)[2] এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ এইক্ষেত্ৰত ১০০ মিটাৰ হাৰ্ডলছক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০২২ চনৰ ১০ মে'ত অনুৰাধা বিশ্বলে ১৩.২৩ ছেকেণ্ড দৌৰি ৰচনা কৰা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি ১০০ মিটাৰ হাৰ্ডলছৰ ভাৰতীয় খেলুৱৈৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।[1][3][4] ইয়াৰপিছতো তেওঁ একাধিকবাৰ এই অভিলেখ ভংগ কৰিছে।[5][6][7]
২০২২ চনৰ কমনৱেলথ গেমছত ১০০ মিটাৰ হাৰ্ডলছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে চূড়ান্তখেলখনত ৫ম স্থান লাভ কৰা ভাৰতীয় মহিলাৰ ৪×১০০ মিটাৰ ৰিলে দলৰো অংশ আছিল।
ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ২০২২ সংস্কৰণত তেওঁ ১০০ মিটাৰ দৌৰ আৰু ১০০ মিটাৰ হাৰ্ডলছ দুয়োটাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।[8]
২০২২ চনৰ ১৭ অক্টোবৰত তেওঁ ১৩ ছেকেণ্ডতকৈয়ো কম সময়ত খেল সমাপ্ত কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হাৰ্ডলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ লগেলগে তেওঁ বছৰটোৰ ১০০ মিটাৰ মহিলা হাৰ্ডলছত দ্বিতীয় শ্ৰেষ্ঠ এছিয়ান আৰু এতিয়ালৈকে ১১ নং শ্ৰেষ্ঠ এছিয়ান হিচাপে পৰিগণিত হয়।[9]
২০২২ চনৰ ইণ্ডিয়ান অ'পেন নেচনেলত তেওঁক শ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে বিবেচিত কৰা হয়।[10]
২০২৩ চনৰ আৰম্ভণিতে ২০২৩ চনত আস্তানাত অনুষ্ঠিত এছিয়ান ইনড’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ উপৰিও তেওঁ পাঁচবাৰকৈ আন্তঃ ৬০ মিটাৰ হাৰ্ডলছৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল।[11]
বেংককত অনুষ্ঠিত হৈ যোৱা ২০২৩ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ১৩.০৮ ছেকেণ্ডত সম্পন্ন কৰা হাৰ্ডল হৈছে তেওঁৰ বৰ্তমানলৈকে সৰ্বোত্তম প্ৰদৰ্শন। এই প্ৰতিযোগিতাখনত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰোপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.১৩ ছেকেণ্ডৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠত্বৰে তেওঁ ৰূপৰ পদক লাভ কৰে।