![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
জৰ্জ ছান্তায়ানা | |
---|---|
জন্ম | মাদ্ৰিদ চহৰৰ |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | স্পেইনিছ |
নাগৰিকত্ব | স্পেইন |
জৰ্জ ছান্তায়ানা (ইংৰাজী: George Santayana) বিশ্ব সাহিত্য আৰু দৰ্শন শাস্ত্ৰত এক পৰম বিষ্ময়।
এক স্পনিচ পৰিয়ালত ১৮৬৩ চনৰ ডিচেম্বৰ মাহত মাদ্ৰিদ চহৰৰ জৰ্জ ছান্তায়ানাৰ জন্ম হয়। জন্মত আছিল তেওঁ কেথুলিক আৰু স্পেনিচ। শিক্ষাত আছিল সংস্কাৰ বাদী আৰু আমেৰিকান। এজন আধা আমেৰিকান বুলি খ্যাত ছান্তায়ানাই কিন্তু জীৱনৰ শেষ দিনলৈ স্পেইন দেশীয় নাগৰিকত্বৰ চিনাকি কঢ়িয়াই লৈ ফুৰিছিল। প্ৰকৃততে আমেৰিকাৰ সৈতে তেওঁৰ দুই ফালৰ পৰা তেজৰ সম্বন্ধ আছিল। তেওঁৰ সতিয়া ভাই ভনী বোৰেই কেৱল আমেৰিকান নাছিল। মাকৰ ফালৰ ককাক স্পেইন পৰা ক্ৰমশ স্কটলেণ্ড হৈ আহি আমেৰিকাৰ ভাৰ্জিনিয়াত নিগাজিকৈ থাকিবলৈ লৈছিল। ভাৰ্জিনিয়াতে মাকৰ শৈশৱ কাল পাৰ হৈছিল। দুটা বিভক্ত পৰিয়ালৰ কৰুণ স্মৃতিৰে জৰ্জৰ শৈশৱকাল বিজড়িত।[1]
জৰ্জে বোষ্টেনতে প্ৰথমে বোষ্টেন লেটিন স্কুলত তেওঁ ইংলিছ ভাষাবেছ আয়ত্ত কৰিলে আৰু উচ্চ নম্বৰ লৈ হাভাৰ্ডত ভৰ্তি হয়। কিন্তু বুষ্টেন চহৰে তেওঁক খুব ভয় খুৱাইছিল, অকলশৰীয়া কৰি তুলিছিল আৰু নিৰাপত্তহীনতাত ভোগাইছিল, অভিজাত মানুহখিনিৰ মাজত নিজক কিবা এক ভুচুং পহু বুলি অনুভৱ কৰিব ধৰিলে। এই অবিমিশ্ৰ প্ৰতিক্ৰিয়াশীল তেওঁৰ লিখনিত ধৰা দিলে- ধৰ্মীয় সংস্কাৰ বাদৰ,উদাৰতাৰ আৰু বাণিজ্য বাদ,ভদ্ৰ ঐতিহ্যবাদ আৰু নৈতিকতা বাদ বিৰুদ্ধে সুতীব্ৰ প্ৰগতিবাদী ওকালতি হিচাপে।[2]
১৮৮০ চনৰ হাৰ্ভাদৰ বৌদ্ধিক পৰিমণ্ডলত এক আন্দোলিত হিল্লোল তোলা বিষয়বস্তু আছিল " পিউৰিটানিজম' বা শুচিবায়ুগ্ৰস্ত ধৰ্মীয় সংস্কাৰ বাদৰ বিপৰীতে এক উদৰ আৰু বৈজ্ঞানিক "প্ৰগেমেটিজম" সৃষ্টি কৰা। তাৰেই ফল হল ছান্তায়ানাৰ মনোৰম উপন্যাস "দ্য লাষ্ট পিউৰিটান।" ১৮৯৯ চনত হাৰ্ভাদৰ পৰা তেওঁ দৰ্শনত ডক্তৰেট উপাধি লয় আৰু এজন শিক্ষক হিচাপে তাত থাকিবলৈ লয়। শেষলৈ তেওঁ এজন অধ্যাপকলৈ পদোন্নতি হয়। ইয়াৰ আগতে তেওঁ চাৰ্লচ আগষ্টাছ ষ্টঙৰ সৈতে যুটীয়াভাৱে "ৱাকৰ বৃত্তি" লাভ কৰিবলৈ সক্ষম হয়। ১৯৩৬ চনত তেওঁৰ উপন্যাস "দ্য লাষ্ট পিউৰিটান " প্ৰকাশিত হয়। ১৯৪৪ ৰ পৰা ১৯৫৩ লৈ প্ৰকাশিত হয় তিনিটা খণ্ডত লিখিত আত্মজীৱনী " পাছ্নছ এণ্ড প্লে চেজ।" ১৯০৩ ৰ পৰা ১৯০৬ লৈ প্ৰকাশিত হয় " লাইফ অৱ ৰিজন।" ১৯২৭ ৰ পৰা ১৯৪০ ৰ ভিতৰত প্ৰকাশিত হয় " ৰিলমচ অৱ বিং।" জীৱন কালত তেওঁ সৰু বৰ প্ৰায় পঁচিশখন গন্থ প্ৰণয়ন কৰিছিল।[3]
১৯৫২ চনত জীৱনৰ শেষ আশ্ৰয়থল ৰোম - নগৰীত জৰ্জ ছান্তায়ানাৰ জীৱন নাটৰ শেষ যৱনিকা পৰে। [4]