জৰ্জ ফাৰ্নাণ্ডেজ | |
---|---|
![]() ২০০২ চনত জৰ্জ ফাৰ্নাণ্ডেজ | |
প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ২১ অক্টোবৰ, ২০০১ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | যশৱন্ত সিং |
উত্তৰসূৰী | প্ৰণৱ মুখাৰ্জী |
কাৰ্যকাল ১৯ মাৰ্চ ১৯৯৮ – ১৬ মাৰ্চ ২০০১ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | মুলায়ম সিং যাদৱ |
উত্তৰসূৰী | যশৱন্ত সিং |
ৰেলমন্ত্ৰী | |
কাৰ্যকাল ২ ডিচেম্বৰ ১৯৮৯ – ১০ নৱেম্বৰ ১৯৯০ | |
প্ৰধানমন্ত্ৰী | ভি পি সিং |
পূৰ্বসূৰী | মাধৱ ৰাও সিন্ধিয়া |
উত্তৰসূৰী | জনেশ্বৰ মিশ্ৰ |
সাংসদ, ৰাজ্যসভা | |
কাৰ্যকাল ৪ আগষ্ট ২০০৯ – ৭ জুলাই ২০১০ | |
সমষ্টি | বিহাৰ |
সাংসদ, লোকসভা | |
কাৰ্যকাল ২০০৪-২০০৯ | |
পূৰ্বসূৰী | জয়নাৰায়ণ প্ৰসাদ নিসাদ |
উত্তৰসূৰী | জয়নাৰায়ণ প্ৰসাদ নিসাদ |
কাৰ্যকাল ১৯৮৯-১৯৯৬ | |
পূৰ্বসূৰী | ললিতেশ্বৰ প্ৰসাদ শ্বাহি |
উত্তৰসূৰী | জয় নাৰায়ণ প্ৰসাদ নিসাদ |
কাৰ্যকাল ১৯৭৭–১৯৮৪ | |
পূৰ্বসূৰী | নৱল কিশোৰ সিনহা |
উত্তৰসূৰী | ললিতেশ্বৰ প্ৰসাদ শ্বাহি |
সমষ্টি | মুজাফৰপুৰ, বিহাৰ |
কাৰ্যকাল ১৯৯৬ – ২০০৪ | |
পূৰ্বসূৰী | বিজয় কুমাৰ যাদৱ |
উত্তৰসূৰী | নিতিশ কুমাৰ |
সমষ্টি | নালন্দা,বিহাৰ |
কাৰ্যকাল ১৯৬৭ – ১৯৭১ | |
পূৰ্বসূৰী | সদাশিৱ কানজি পাটিল |
উত্তৰসূৰী | কৈলাস নাৰায়ণ নাৰুলা শিৱনাৰায়ণ |
সমষ্টি | দক্ষিণ মুম্বাই,মহাৰাষ্ট্ৰ |
ব্যক্তিগত তথ্য | |
জন্ম | জৰ্জ মেথিউ ফাৰ্নাণ্ডেজ ৩ জুন, ১৯৩০ মাংগালোৰ, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছ শাসিত ভাৰত (এতিয়াৰ কৰ্ণাটক, ভাৰতত) |
মৃত্যু | ২৯ জানুৱাৰী, ২০১৯ (৮৮ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | সমতা মঞ্চ[1] |
আন ৰাজনৈতিক সম্পৰ্ক |
জনতা দল, জনতা পাৰ্টী, সমযুক্ত সমাজবাদী পাৰ্টী |
দাম্পত্যসঙ্গী | লীলা কবিৰ |
সন্তান | এজন পুত্ৰ |
বাসস্থান | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
স্বাক্ষৰ | ![]() |
জৰ্জ মেথিউ ফাৰ্নাণ্ডেজ (ইংৰাজী: George Mathew Fernandes)[2] (৩ জুন ১৯৩০ – ২৯ জানুৱাৰী ২০১৯) এজন ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ,[3] সাংবাদিক,[4] কৃষিবিদ, আৰু বিহাৰৰ পৰা ৰাজ্য সভাৰ সদস্য আছিল।[5] তেখেত জনতা দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু সমতা দলৰ প্ৰতিষ্ঠাপক আছিল। তেখেতে সংযোগ, উদ্যোগ, ৰেলৱে' আৰু প্ৰতিৰক্ষাৰ দৰে দপ্তৰৰ মন্ত্ৰী হিচাপে কাম কৰিছিল।[6]
মাংগালোৰৰ নিবাসী ফাৰ্নাণ্ডেজক ১৯৪৬ চনত যাজক হ'বলৈ বাংগালোৰলৈ পঠিয়াই দিয়া হৈছিল। ১৯৪৯ চনত তেখেত ব'ম্বেলৈ যায় আৰু তাত সমজাতান্ত্ৰিক শ্ৰমিক সঙ্ঘৰ আন্দোলনত জঁপিয়াই পৰে। ভাৰতীয় ৰেলত কৰ্মৰত অৱস্থাতে শ্ৰমিক সঙ্ঘৰ নেতা হিচাপে তেখেতে ১৯৫০-৬০ৰ দশকত ব'ম্বেত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী আৰু বন্ধৰ আয়োজন কৰিছিল। ১৯৬৭ চনত দক্ষিণ ব'ম্বে (এতিয়াৰ দক্ষিণ মুম্বাই) সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লৈ তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এছ কে পাটিলক পৰাভূত কৰে। সৰ্বভাৰতীয় ৰেলকৰ্মী ফেডাৰেচনৰ সভাপতি হৈ থাকোঁতে তেখেতে ১৯৭৪ চনৰ ৰেলৱে' প্ৰতিবাদত আন্দোলনৰ পৰিচালনা কৰিছিল। ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত তেখেতে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰত্যাহ্বান জনাই আত্মগোপন কৰিবলগীয়া হয়।[7] ১৯৭৬ চনত তেখেতক গ্ৰেপ্তাৰ কৰা হয় আৰু কুখ্যাত বৰোদা ডাইনামাইট গোচৰত অভিযুক্ত কৰা হয়।
জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ পাছত ১৯৭৭ চনত ফাৰ্নাণ্ডেজে বিহাৰৰ মুজাফৰপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে নিযুক্ত হয়। তেখেতৰ কাৰ্যকালত তেখেতে আমেৰিকান বহুজাতিক কোম্পানী আইবিএম আৰু কোকাকোলাক বিনিয়োগ উলঙ্ঘনৰ দোষত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। ১৯৮৯-৯০ চনত ৰেলমন্ত্ৰী হৈ থাকোঁতে কোংকন ৰেল প্ৰকল্পত তেখেতে অন্যতম ভূমিকা লৈছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰত (১৯৯৮-২০০৪) তেখেত প্ৰতিৰক্ষা মন্ত্ৰী আছিল। সেই সময়ছোৱাতে ভাৰত-পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধৰ সূত্ৰপাত হৈছিল আৰু ভাৰতে পোখৰানত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। প্ৰবীণ সমাজবাদী ফাৰ্নাণ্ডেজৰ নাম বাৰাক মিছাইল কেলেংকাৰী আৰু তেহেলকা কেলেংকাৰীৰ দৰে ঘটনাতো সোমাই পৰিছিল। ১৯৬৭ চনৰ পৰা ২০০৪ চনলৈকে তেখেতে নটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল।[8] দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা ফাৰ্নাণ্ডেজৰ ২০১৯ চনৰ ২৯ জানুৱাৰীত ৮৮ বছৰ বয়সত মৃত্যু হয়।[9]