জৰ্জ বাৰ্ণাৰ্ড শ্ব | |
---|---|
![]() | |
জন্ম | ২৬ জুলাই, ১৮৫৬ প'ৰ্ট'বেল', ডাব্লিন, আয়াৰলেণ্ড |
মৃত্যু | ২ নৱেম্বৰ, ১৯৫০ (৯৪ বছৰ) শাৰ্টফৰ্ডশ্বায়াৰ, ইংলেণ্ড |
পেচা |
|
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ (১৮৫৬–১৯৫০) আইৰিছ (দ্বৈত নাগৰিকত্ব ১৯৩৪–১৯৫০) |
দাম্পত্যসংগী | চাৰ্লট পেইন-টাউনছেণ্ড (বি. ১৮৯৮; মৃ. ১৯৪৩) |
স্বাক্ষৰ | ![]() |
জৰ্জ বাৰ্ণাৰ্ড শ্ব (ইংৰাজী: George Bernard Shaw) আছিল এগৰাকী ব্ৰিটিছ-আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী। ইংৰাজী নাট্য সাহিত্যত উইলিয়াম শ্বেইকছপীয়েৰৰ পাছতে যিজন নাট্যকাৰৰ স্থান তেওঁ হ’ল জৰ্জ বাণাৰ্ড শ্ব। এক নতুন দৃষ্টিভঙ্গীৰে ভালেমান নাটক লিখি তেওঁ ইংৰাজী নাট্য সাহিত্যক চহকী কৰি থৈ গৈছে। শ্বৰ ভালেমান নাটক বিশ্বসাহিত্যৰ অমূল্য সম্পদ। ১৯২৫ চনত বাণাৰ্ড শ্বক সাহিত্যৰ ন'বেল বঁটা দিয়া হয়। তেখেতক ফ্ৰিডম অৱ ডাব্লিন, ফ্ৰিডম অফ দা বৰাফ অফ এচ টি পনক্ৰাচ আদি নাগৰিক সম্মান দিয়া হৈছিল। লণ্ডনত থকা এই সময়তে তেওঁ ফেবিয়ান চচাইটিৰো সদস্য হয়।[1]
১৮৫৬ চনৰ ২৬ জুলাই তাৰিখে ডাব্লিনত জৰ্জ বাণাৰ্ড শ্বৰ জন্ম হয়। দেউতাকৰ নাম জৰ্জ কাৰ শ্ব আৰু মাকৰ নাম এলিজাবেথ। দেউতাকে চৰকাৰী চাকৰি কৰিছিল। শ্বৰ মাক এলিজাবেথৰ সঙ্গীতৰ প্ৰতি যথেষ্ট অনুৰাগী আছিল। শ্বৰ পৰিয়ালত সঙ্গীত চৰ্চা পুৰ্ণদমেই চলিছিল। ১৮৯৮ চনত বাণাৰ্ড শ্বই চাৰ্লটি পেইন টাউনচেদক বিয়া কৰাইছিল।[1]
বাণাৰ্ড শ্বৰ তেনে কোনো আনুষ্ঠানিক উচ্চ শিক্ষা নাছিল বুলিবই পাৰি। দহ বছৰ বয়সতে শ্ব ওয়েচলিন কানেক চানাচ স্কুলত ভৰ্তি হয়। স্কুলেৰ দেওনা পাৰ হৈ কলেজৰ দুটামান শ্ৰেণী পঢ়ি বাণাৰ্ড শ্বই পঢ়া শুনা বাদ দিলে। সেইবাবে তেখেতৰ বিশ্ববিদ্যালয়ৰ কোনো ডিগ্ৰী নাই।[1]
বাণাৰ্ড শ্বই পঢ়া শুনা আধৰুৱাকৈ এৰি জীৱিকাৰ সন্ধান কৰে আৰু লেগু এজেণ্ট ৰূপে নিযুক্তি লাভ কৰে। এই কামতো তেওঁ স্বকীয়ভাৱে থাকিবলৈ মন নকৰিলে। মাত্ৰ পাঁচ বছৰ এই কামত থাকি এই কামো বাদ দিয়ে। চাকৰিত খুব কম সময়তে বাণাৰ্ড শ্বৰ পদোন্নতি হৈছিল যদিও লেখক হোৱাৰ মনস্থ কৰি তেওঁ সেই চাকৰি বাদ দিয়ে। ইয়াৰোপৰি তেওঁ সাংবাদিকতা কৰিবলৈও মন মেলে। কিন্তু ২৯ বছৰ বয়স পৰ্যন্ত কোনোটো কামতে কৃতকাৰ্য হোৱা নাছিল।
১৮৭৯ চনৰ পৰা ১৮৮২ চনৰ ভিতৰত তেওঁ চাৰিখন উপন্যাস লিখি উলিয়ায়। সেয়া হৈছে:
১৯২৫ চনত বাণাৰ্ড শ্বক সাহিত্যৰ ন'বেল বঁটা দিয়া হয়। তেখেতক সম্মান হিচাপে ফ্ৰীডম অফ ডাব্লিন, ফ্ৰীডম অফ দা বৰাফ অফ এচ টি পেনক্ৰাচ আদি প্ৰদান কৰা হয়।[1]
১৯৫০ চনৰ ২ নবেম্বৰত এই বিশ্ববিখ্যাত নাট্যকাৰজনৰ মৃত্যু হয়।[1]