ঝাওবন | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Caryophyllales |
পৰিয়াল: | Tamaricaceae |
গণ: | Tamarix |
প্ৰজাতি: | T. dioica |
বৈজ্ঞানিক নাম | |
Tamarix dioica Roxb. ex Roth | |
সমাৰ্থক | |
Tamarix gallica Wight. |
ঝাওবন (বৈজ্ঞানিক নাম: Tamarix dioica) পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলৰ নদীৰ পাৰৰ পলসুৱা মাটিত উৎপন্ন হোৱা এবিধ জোপোহা গছ।[1][2][3] অসমত বাৰিষাৰ পানীয়ে উজনিৰ পৰা এই উদ্ভিদৰ গুটিবোৰ উটুৱাই আনে। পানী শুকালে গুটিবোৰ জেং জাবৰ বা নদীকুলীয়া বননিত লাগি ধৰে। খৰালিৰ লগে লগে এই গুটিবোৰৰ পৰা পুলি ওলায়।[1]
ঝাওবন এজোপো জোপোহা গছ। পুৰঠ গছ এজোপা ছয় মিটাৰ (২০ ফুট) পৰ্য্যন্ত ওখ হ'ব পাৰে। গছজোপাৰ বাকলিবোৰ মদৰুৱা বৰণৰ হয়। বাকলিৰ ওপৰত দীঘলে দীঘলে সামান্যভাৱে ফাটমেলা দাগৰ সৃষ্টি হোৱা দেখা যায়। ইয়াৰ পাতবোৰ আকাৰত সৰু, মুগা-সেউজীয়া বৰণৰ আৰু কাণ্ডত ওপৰা-উপৰিকৈ থাকে।[1]
ঝাওবনৰ পুং আৰু স্ত্ৰীপুষ্প পৃথক গছত ওলায়। ফুলৰ বৰণ গুলপীয়া বা বেঙুণীয়া হয়।[4]
ঝাওবন ইৰাণ, আফগানিস্তান, পকিস্তান,ভাৰত, নেপাল, বাংলাদেশ আৰু ম্যানমাৰৰ থলুৱা উদ্ভিদ।[4][5]
ঝাওবন বহু ঠাইত বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। এই উদ্ভিদে যকৃত আৰু প্লীহাৰ নানা ৰোগৰ উপশমত সহায় কৰে বুলি জনা যায়।[2][3][2] ঝাওবনৰ ডালবোৰ খৰি হিচাপেও ব্যৱহাৰ কৰা হয়।[1]
|