![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
Tonsillitis | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() A typical case of tonsillitis with visible tonsillar exudate | |
আই.চি.ডি.-10 | J03, J35.0 |
আই.চি.ডি.-9 | 463 |
ডিজিজেছ ডে'টাবে'ছ | 13165 |
মেডলাইন প্লাছ | 001043 |
ইমেডিচিন | article/871977 |
MeSH | D014069 |
টনছিলাইটিছ (ইংৰাজী: tonsillitis) ডিঙিৰ ভিতৰত হোৱা ৰোগবোৰৰ ভিতৰত অন্যতম হ’ল। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলক ভাৱে শীতকালত সৰু ল’ৰা ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়।
টনছিল এক বিশেষ ধৰণৰগ্ৰন্থি। চিকিৎসা বিজ্ঞানত ইয়াক লিম্ফগ্লেণ্ড বুলিও কোৱা হয়। আমাৰ মুখ গহ্বৰৰ জিভাৰ পাছফালে ডিঙিৰ ভিতৰত দুয়োফালে ই অৱস্থিত। সাধাৰণতে পেলেটাইন টনছিলকে ‘টনছিল’ বুলি কোৱা হয়। মানৱ শৰীৰত ইয়াৰ বিশেষ অৰিহণা নাই যদিও শিশুকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ইয়াৰ সামান্য অৰিহণা থাকে। তদুপৰি ডিঙিৰ ভিতৰলৈ বীজাণু সোমোৱাত ই অলপ বাধা প্ৰদান কৰে।
টনছিলৰ সংক্ৰমণ আৰু প্ৰদাহক টনছিলাইটিছ বুলি কোৱা হয়। বিভিন্ন ধৰণৰ বীজাণুৰ (বেক্টেৰিয়া,ভাইৰাছ আদি) দ্বাৰা টনছিলৰ স্ংক্ৰমণ হ’ব পাৰে। বেক্টেৰিয়াৰ ভিতৰত ষ্ট্ৰেফাইল’ককাছ, নিউৰ্মকোকাছ আৰু হিম’ফিলাছ ইনফ্লুয়েঞ্জা প্ৰধান। তদুপৰি ভাইৰাছৰ ভিতৰত ৰাইন’ভাইৰাইছ আৰু এডিন’ভাইৰাছ প্ৰবেক্টেৰিয়াই ধান। সাধাৰণতে, শীতকালত শৰীৰৰ উত্তাপ আৰু বহিঃউত্তাপৰ মাজত পাৰ্থক্য হ’লেই ভাইৰাছ বা গা কৰি উঠিব পাৰে। টনছিলাইটিছ একিউট অথবা ক্ৰনিক দুই ধৰণৰ হ’ব পাৰে।
হঠাৎ হোৱা টনছিলাইটিছক একিউট টঞ্ছিলাইটিছ বুল কোৱা হয়। ই হোৱাৰ কাৰণবোৰ হ’ল-
১) মুখৰ ভিতৰত যদি বেক্টেৰিয়া বা ভাইৰাছ থাকে। দাঁতৰ আলুৰ ৰোগ, ফেৰেণজাইটিছ, হাঁওফাঁওৰ ৰোগ আদি থাকিলে ই বেছিকৈ হয়।
২) ই এক সংক্ৰামক ৰোগ। ৰোগীৰ সৈতে একেলগে শোৱা, একেটা পাত্ৰতে খোৱা-বোৱা কৰিলে, ৰোগীয়ে সুস্থ মানুহৰ মুখৰ আগত কথা কোৱা, হাঁচি, কাঁহ আদি মাৰিলে, সুস্থ মানুহৰ দেহলৈ টনছিলাইটিছ বিয়পিব পাৰে।
৩) অপৰিষ্কাৰ মুখ গহ্বৰ।
৪) পুষ্টিহীনতা।
৫) শৰীৰৰ ৰোগ প্ৰতিৰোগ ক্ষমতা হ্ৰাস পোৱা।
৬) অপৰিষ্কাৰ পৰিবেশত বসবাস কৰা।
৭) ঠাণ্ডা আৰু বাহ্যিক প্ৰদূষণৰ বাবে।
১) ডিঙিৰ ভিতৰ ভাগ ফুলি উঠা।
২) মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি।
৩) মুখৰপৰা দুৰ্গন্ধ নিৰ্গত হোৱা।
৪) ডিঙিৰ বিষ আৰু খাদ্য-বস্তু গিলিব নোৱাৰা অৱস্থা।
৫) শ্বাস-প্ৰ্শ্বাসত অসুবিধা।
৬) এলেহুৱা আৰু দুৰ্বলতা ভাৱ।
৭) ডিঙিৰ গ্ৰন্থি ফুলি উঠা।
সঘনাই হোৱা একিউট টনছিলাইটিছৰ চূড়ান্ত পৰিণতি হ’ল ক্ৰণিক টনছিলাইটিছ। ক্ৰণিক টনছিলাইটিছৰ লক্ষণবোৰ হ’ল-
১) ডিঙিৰ বিষ।
২) খাদ্য বস্তু গিলি থোৱাত কষ্ট অনুভৱ।
৩) কাহ হ’ব পাৰে।
৪) ডিঙিত কিবা লাগি ধৰাৰ অনুভৱ।
৫) ডিঙি শুকাই যোৱা সমস্যা।
৬) শ্বাস-নিশ্বাসত দুৰ্গন্ধ নিৰ্গত হোৱা।
৭) ভোক কমি অহা।
টনছিলাইটিছৰ পৰা হ’ব পৰা জটিলতাৰ ভিতৰত অন্যতম হ’ল ৰিউমেটিক জ্বৰ। কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত ই অধিক। গাঁঠি ফুলি উঠা, বিষ, জ্বৰ, হাত-ভৰিৰ কঁপনি, হৃদযন্ত্ৰৰ সমস্যা ইয়াৰ প্ৰধান লক্ষণ। একিউড টনছিলাইটিছৰ বাবে টনছিলৰ আশে-পাশে এক বিশেষ ধৰণৰ ফোঁহা হোৱা দেখা যায়। উপযুক্ত চিকিৎসা নকৰিলে পিছলৈ মূৰৰ বিষ, ভাগৰ অনুভৱ, হৃদযন্ত্ৰ আৰু কিডনীৰ সমস্যাই দেখা দিব দিব পাৰে। সঘনাই টনছিলাইটিছত আক্ৰান্ত শিশু তুলনামূলকভাৱে ক স্মাৰ্ট হয়। শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয়। শৰীৰ সুস্থ নহয় বাবে শৰীৰৰ বৃদ্ধিত বাধাগ্ৰস্থ হয়। আৰু জীৱন ধ্বংসমুখী হ’ব পাৰে।
১) চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এণ্টিবায়টিক আৰু এণ্টি ইনফ্লেমেটৰী ঔষধ খাব।
২) কুহুমীয়া নিমখ পানী বা মাউথ ৱাশ্বেৰে কুল-কুলি কৰিব।
৩) বছৰত অতি কমেও তিনিবাৰ এনে সমস্যাত আক্ৰান্ত হ’লে, টনছিল অস্ত্ৰোপ্ৰচাৰ কৰি উলিয়াই দিব লাগে। ইয়াৰ দ্বাৰা শিশুৰ শৰীৰৰ বিকাশত কোনো বাধাৰ সৃষ্টি নহয়।
১) চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
২) আক্ৰান্ত ব্যক্তি পৰিয়ালৰ আন সুস্থ ব্যক্তিবোৰৰ পৰা নিলগত থাকিব লাগে।
৩) পৰ্যাপ্ত জিৰণি ল’ব লাগে।
৪) প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী খাব লাগে।
৫) পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে।
৬) যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা বোৱাত সতৰ্ক হ’ব লাগে।
৭) খোৱা-বোৱাৰ আগতে হাত ধুই ল’ব লাগে।
৮) গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে।
৯) মুকলি ঠাইত ব্যায়াম, খেল-ধেমালি আদি কৰিব লাগে।
১০) বিছনা-পত্ৰ ৰ’দত শুকুৱাই ল’ব লাগে।
১) পৰিয়ালৰ অন্য ব্যক্তিৰ স’তে মিলামিচা নকৰিব। একেলগে থকা মেলা, একেটা পাত্ৰতে খোৱা-বোৱা নকৰিব।
২) আক্ৰান্ত শিশু স্কুললৈ পঠাব নালাগে।
৩) ঠাণ্ডা পানী আৰু ফ্ৰীজৰ বস্তু নাখাব।
৪) শীত-তাপ নিয়ন্ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালগে।
৫) এলাৰ্জী হোৱা খাদ্যবস্তু খাব নালাগে।
৬) একেডাল টুথব্ৰাছকে ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে পুনৰায় আক্ৰান্ত হোৱাৰ আশ্ংকা থাকে।
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |