টাই-আহোম লিপি লিক টাই-আহোম | |
---|---|
![]() ওপৰত পৰম্পৰাগত আৰু তলত সৰলীকৃত টাই-আহোম লিপিত লিখা খ্বম টাই-আহোম | |
প্ৰকাৰ | ধ্বনিগত বৰ্ণমালা লিপি |
ভাষা | টাই-আহোম ভাষা, অসমীয়া ভাষা [1] |
সময় | ১৩ শতিকা – বৰ্তমান |
মাতৃ লিপি | |
ভগ্নী লিপি | টাই লে লিপি |
ইউনিক'ড ৰে'ঞ্জ | U+11700– U+1173F |
টাই-আহোম লিপি (ইংৰাজী: Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই-আহোম ভাষাত ব্যৱহাৰ কৰা হয়।[2][3] এই লিপি টাই-আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।[4]
টাই-আহোম লিপি চীনদেশৰ টাই নোৱা সকলৰ লিপিৰ পৰা উৎপত্তি হোৱা বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে। নোৱা লিপিৰ সৈতে টাই-আহোম লিপিৰ যথেষ্ট সাদৃশ্যত আছে। পাছত চীনৰ চৰকাৰে ইয়াক উন্নত কৰাত ই দেখাত টাই-আহোম লিপিতকৈ অলপ বেলেগ হৈ পৰে যদিও প্ৰাচীন পুথি বোৰত ব্যৱহাৰ হোৱা লিপি সমূহ প্ৰায় একে হয়।[3][5] এই ভাষাৰ পৌৰাণিক পুথি সমূহ টাই-আহোম ভাষাত লিখা সাঁচিপাতৰ পুথি। টাই-আহোম ভাষা উৎপত্তি মূল কাৰণ আছিল টাই-আহোমসকলে চীনৰ দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত অঞ্চল (পূৰ্বৰ পূব মু'ঙ মাও) এৰি ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা।[6] [7] এই ভাষাৰ ব্যৱহাৰৰ বাবে প্ৰিণ্ট ফণ্ট নিৰ্মাণ কৰা হল। এই ফণ্টক টাই-আহোম-অসমীয়া-ইংৰাজী শব্দকোষত ব্যৱহাৰ কৰা হয়।[8]
টাই-আহোম পুথি সমূহৰ অনুবাদৰ প্ৰাৰম্ভিক প্ৰচেষ্টা ১৯শ শতিকাৰ সময়ত ব্ৰিটিছ বিষয়া এছ. এণ্ডল আৰু ই. এ. গেইট দ্ৱাৰা গোলাপ চন্দ্ৰ বৰুৱাৰ দ্বাৰা হৈছিল।[9]
আধুনিক অনুবাদৰ প্ৰচেষ্টা ২০ আৰু ২১ শতিকাত পুনৰ আৰম্ভ হয়। এই অনুবাদত টাই-আহোম-অসমীয়া অভিধান, বুৰঞ্জী, আৰু অন্যান্য ঐতিহাসিক গ্ৰন্থসমূহত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰা হয়। ই-অভিলেখ সংৰক্ষণৰ প্ৰচেষ্টাত ব্ৰিটিছ লাইব্ৰেৰীৰ Endangered Archives Programme (EAP373) উদ্যোগে ২০০৮-২০১০ সময়সীমাত টাই-আহোম পান্ডুলিপি ডিজিটেলাইজ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।[10] এই উদ্যোগত প্ৰায় ৭৩৫টা পান্ডুলিপি ডিজিটেল ৰূপত সংৰক্ষণ কৰা হয়, যাৰ ভিতৰত টাই-আহোম ভাষাত লিখা ৰাজনৈতিক, ধৰ্মীয়, আৰু সামাজিক ঘটনাৰ বিৱৰণ পোৱা যায়।
অধিকাংশ অবুগীদাচীয় (abugidasic) লিপিৰ দৰে টাই-আহোম লিপিৰ প্ৰতিটো আখৰত /a/ নিহিত স্বৰ থাকে।[11] অন্য স্বৰ সমূহক বিশেষণৰ প্ৰয়োগ কৰি সূচায় বিশেষণৰ সো বাওঁ ওপৰ তলত দেখা যায় যদিও ৰাগৰ তথ্য লিপিত দেখা নাযায়।
অন্য টাই সকলৰ লিপিৰ দৰে টাই-আহোম লিপিৰ দুটামান টাই বিশেষত্ব হ'ল :
যেতিয়া টাই-আহোম ভাষা কোৱা বা লিখা যায় তেতিয়া কিছুমান কথা ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিয়াৰ কাল নাথাকে আৰু সংজ্ঞাত বহুবচন নাথাকে। সময়ৰ বিষয়ে ক্ৰিয়া,ক্ৰিয়াৰ আগত থকা সহায়ক বা ক্ৰিয়াৰ শৃঙ্খলাৰ দ্বাৰা জানিব পৰা যায়। টাই-আহোম লিপি যথেষ্ট জটিল হয় কাৰণ লিপিত স্বৰ ৰাগৰ বিষয়ে উল্লেখ নাথাকে আৰু এটা ব্যঞ্জন বৰ্ণ এটা শব্দত কেবল এবাৰেই লিখিব পৰা যায়।[13] সামান্য শব্দ সমূহ ছুটি কৰিব পৰা যায় আৰু এটা প্ৰাৰম্ভিক ব্যঞ্জনৰ সৈতে কেবাটাও শব্দ একেলেথাৰিয়ে সংকুচিত কৰিব পৰা যায়।[8]
২০১৫ চনৰ জুন মাহত টাই-আহোম লিপিক ইউনিক’ডৰ ৮.০ সংস্কৰণৰ যোগেদি অন্তৰ্ভুক্ত কৰা হয়।
টাই-আহোম লিপিৰ ইউনিক’ড ব্লক হৈছে U+11700– U+1173F:
আহোম[1][2] আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+1170x | 𑜀 | 𑜁 | 𑜂 | 𑜃 | 𑜄 | 𑜅 | 𑜆 | 𑜇 | 𑜈 | 𑜉 | 𑜊 | 𑜋 | 𑜌 | 𑜍 | 𑜎 | 𑜏 |
U+1171x | 𑜐 | 𑜑 | 𑜒 | 𑜓 | 𑜔 | 𑜕 | 𑜖 | 𑜗 | 𑜘 | 𑜙 | 𑜝 | 𑜞 | 𑜟 | |||
U+1172x | 𑜠 | 𑜡 | 𑜢 | 𑜣 | 𑜤 | 𑜥 | 𑜦 | 𑜧 | 𑜨 | 𑜩 | 𑜪 | 𑜫 | ||||
U+1173x | 𑜰 | 𑜱 | 𑜲 | 𑜳 | 𑜴 | 𑜵 | 𑜶 | 𑜷 | 𑜸 | 𑜹 | 𑜺 | 𑜻 | 𑜼 | 𑜽 | 𑜾 | 𑜿 |
বি. দ্ৰ. |