২০১০ চনৰ ডিচেম্বৰ মাহত টিউনিছিয়াৰ বিপ্লৱ আৰু সমগ্ৰ মধ্যপ্ৰাচ্য তথা উত্তৰ আফ্ৰিকাত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰে পৰা টিউনিছিয়াৰ মহিলাসকলে প্ৰতিবাদী কাৰ্যত অভূতপূৰ্ব ভূমিকা পালন কৰিছে। ১৯৫৬ চনত হাবিব বৌৰগুইবাই মহিলাসকলৰ বাবে উচ্চ শিক্ষাৰ সুবিধা, বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰাৰ অধিকাৰ আৰু কিছুমান চাকৰিৰ সুযোগ আদি ধৰ্মনিৰপেক্ষ স্বাধীনতা প্ৰৱৰ্তন কৰিবলৈ আৰম্ভ কৰে। টিউনিছিয়াৰ মহিলাসকলে কিছুমান স্বাধীনতা আৰু অধিকাৰ লাভ কৰে; যিবোৰ চুবুৰীয়া দেশৰ মহিলাসকলৰ ক্ষেত্ৰত বঞ্চিত কৰা হয় যদিও ২০১১ চনৰ পৰা সামাজিক নীতি-নিয়মসমূহ স্থানান্তৰিত হৈছে।
যদিও এই তথ্যসমূহে টিউনিছিয়াৰ মহিলাসকলক পশ্চিমীয়া মহিলাসকলৰ সমতুল্য কৰি তোলা যেন লাগে, তথাপিও টিউনিছিয়াৰ মাত্ৰ ৩০% মহিলাহে কৰ্মৰত। কৰ্মশক্তিত মহিলাৰ নূন্যতম অংশগ্ৰহণ শিক্ষাৰ অভাৱৰ পৰাই উদ্ভৱ নহয়। দৰাচলতে ১৫ৰ পৰা ২৪ বছৰৰ বয়সক্ৰমৰ অন্তৰ্গত টিউনিছিয়াৰ ৯১% মহিলা সাক্ষৰ।[1] টিউনিছিয়াত উচ্চ শিক্ষাত নামভৰ্তি কৰা ৫৯.৫% ছাত্ৰ-ছাত্ৰীক যুৱতীসকলে প্ৰতিনিধিত্ব কৰে।[2]ইয়াৰ উপৰি দহ বছৰ আৰু তাতকৈ অধিক বয়সৰ ছোৱালী আৰু মহিলাৰ নিৰক্ষৰতাৰ মাত্ৰা ১৯৫৬ চনত ৯৬%ৰ পৰা ১৯৮৪ চনত ৫৮.১%, ১৯৯৪ চনত ৪২.৩% তাৰ পিছত ২০০৪ চনত ৩১%লৈ হ্ৰাস পাইছে (২০০৪ চনত পুৰুষৰ মাজত এই মাত্ৰা আছিল ১৪.৮%)।[3] এই পৰিৱৰ্তনৰ আঁৰৰ মূল কাৰণ হৈছে প্ৰাথমিক শিক্ষাত নামভৰ্তি কৰা ছোৱালীৰ সংখ্যা: ১৯৬৫ চনত প্ৰতি ১০০ জন ছাত্ৰৰ বিপৰীতে ৫২ গৰাকী ছাত্ৰী৷ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰীৰ ক্ষেত্ৰত ছবিখন এনেধৰণৰ: ১৯৮৯ চনত প্ৰতি ১০০ জন ছাত্ৰৰ বিপৰীতে ৮৩ গৰাকী ছাত্ৰী, যিটো ১৯৬৫ চনত ৩৭ গৰাকীৰ তুলনাত বৃদ্ধি পাইছে।[4] আঞ্চলিক পৰিসংখ্যাৰ তুলনাত MENA (Middle East and North Africa, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা) মহিলাৰ মাত্ৰ ৬৫%হে সাক্ষৰ। মাধ্যমিক বিদ্যালয়ত ৮১% পুৰুষৰ পৰিৱৰ্তে ৭৫%তকৈ অধিক মহিলাই নামভৰ্তি কৰে।[5]টিউনিছিয়াৰ ছোৱালীৰ নামভৰ্তিৰ হাৰ অধিক যদিও বহু ছোৱালীয়ে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ সময়ত বা তাৰ পিছত বিদ্যালয় এৰি দিয়ে। টিউনিছিয়াৰ ছোৱালীৰ নামভৰ্তিৰ হাৰ ইয়াৰ চাৰিওফালৰ চুবুৰীয়া দেশসমূহতকৈও অধিক; য'ত আলজেৰিয়া, ইজিপ্ত, মৰক্কো, ছিৰিয়া, য়েমেন, আনকি লেবানন আৰু জৰ্ডান আদিও অন্তৰ্ভুক্ত।[6] টিউনিছিয়াৰ মহিলাসকলেও পুৰুষৰ তুলনাত ব্যৱসায়, অৰ্থনীতি বা অভিযান্ত্ৰিকৰ দৰে কেৰিয়াৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা কম।[7]এই পৰিঘটনাৰ কাৰণ হ’ব পাৰে স্কুলত শিকি অহা বিষয়বস্তু আৰু শ্ৰম শক্তিত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় দক্ষতাৰ মাজত সংযোগ বিচ্ছিন্ন হোৱা।
২০১৫ চনত টিউনিছিয়াৰ কৰ্মশক্তিৰ ২৮% মহিলা৷[8] ১৯৮৯ চনত এই সংখ্যা আছিল ২০.৯% আৰু ১৯৬৬ চনত মাত্ৰ ৫.৫%।[9]
টিউনিছিয়াৰ মহিলাসকলক ঘৰৰ পৰা বহু দূৰলৈ (গ্ৰাম্য আৰু চহৰ দুয়োটা পৰিৱেশতে) ভ্ৰমণ কৰিবলৈ পৰিয়ালৰ সদস্যসকলে নিৰুৎসাহিত বা নিষেধাজ্ঞা আৰোপ কৰে। সঁচাকৈয়ে অকলে ভ্ৰমণ কৰাটো কোনো মহিলা বা ছোৱালীৰ বাবে বিকল্প নহয়। যিহেতু এটা চাকৰিৰ লগত কামৰ স্থানলৈ প্ৰায়ে অকলে অহা-যোৱা কৰাটো জড়িত হৈ থাকে, মহিলাসকলৰ বাবে এইটো সামাজিকভাৱে অগ্ৰাহ্য আৰু/বা নিষিদ্ধ। টিউনিছিয়াৰ কিছুমান আইনত মহিলাসকল জড়িত হোৱা কামৰ ধৰণ, তেওঁলোকৰ কৰ্মঘণ্টাৰ লগতে মহিলাৰ স্বামী বা পিতৃয়ে তেওঁৰ চাকৰি আৰু কাম কৰা ঘণ্টাৰ অনুমোদন দিব লাগে।[5] বিশ্ব বেংকে লক্ষ্য কৰিছে যে টিউনিছিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ (MENA) মহিলাসকলে একে অঞ্চলৰ পুৰুষৰ দৰে একে চাকৰি বিচৰা পদ্ধতি ব্যৱহাৰ নকৰে। মহিলাসকলে বন্ধুৰ সৈতে নেটৱৰ্কিং ব্যৱহাৰ কৰাৰ সম্ভাৱনা বা নিয়োগ লাভৰ বাবে পোনপটীয়াকৈ নিয়োগকৰ্তাৰ সৈতে যোগাযোগ কৰাৰ সম্ভাৱনা যথেষ্ট কম।[7] বিশ্ব বেংকৰ গৱেষণাত দেখা গৈছে যে মহিলাসকলে যৌন নিৰ্যাতন আৰু দীঘলীয়া সময় কাম কৰাৰ আশংকা কৰাৰ বাবে উপযুক্ত কৰ্ম পৰিৱেশ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সংগ্ৰাম কৰে।[7] মেনা অঞ্চলৰ ভিতৰত টিউনিছিয়া চৰকাৰে মহিলাসকলৰ বাবে মাতৃত্বৰ ছুটীৰ বাবে আটাইতকৈ কম সময় (৩০ দিন) প্ৰদান কৰে।[7] ৰাজহুৱা বা ব্যক্তিগত উদ্যোগত কাম কৰা মহিলাৰ ক্ষেত্ৰত পৃথক প্ৰসূতি ছুটীৰ আইন প্ৰযোজ্য। চৰকাৰী কৰ্মচাৰী বা ৰাজহুৱা কৰ্মচাৰী হিচাপে কাম কৰা মহিলাসকলে ৬০ দিনৰ প্ৰসূতিকালীন ছুটী লাভ কৰে আনহাতে ব্যক্তিগত উদ্যোগত কাম কৰা মহিলাসকলে মাত্ৰ ৩০ দিনৰ ছুটী লাভ কৰে।[7] ইয়াৰ তুলনাত আমেৰিকাত দ্য ফেমিলি এণ্ড মেডিকেল লিভ এক্টে মাতৃ (আৰু পিতৃ)ক ৬ সপ্তাহলৈকে সময় ল'বলৈ অনুমতি দিয়ে।[10]