টুপীমূৰীয়া বান্দৰ (Capped langur)[1] | |
---|---|
![]() | |
মানস ৰাষ্ট্ৰীয় উদ্যানত এটা টুপীমূৰীয়া বান্দৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Trachypithecus |
প্ৰজাতি: | T. pileatus |
বৈজ্ঞানিক নাম | |
Trachypithecus pileatus (Blyth, 1843) | |
![]() | |
টুপীমূৰীয়া বান্দৰৰ বিতৰণ |
টুপীমূৰীয়া বান্দৰ (ইংৰাজী: Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি[3]। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।
টুপীমূৰীয়া বান্দৰৰ চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে
টুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে[4]। ই সাধাৰণতে এটা বা তাতোধিক মতা প্ৰাণী আৰু বহুতো মাইকী প্ৰাণীৰে গঠিত সৰু দলত বাস কৰে।
টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচী (Schedule I) ৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে। এই প্ৰাণীবিধ মূলত: ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে[5]।