টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী 21 Lessons for the 21st Century | |
---|---|
লেখক | য়ুভাল নোৱা হাৰাৰি |
দেশ | ইজৰাইল |
ভাষা | ইংৰাজী |
বিষয় | সমাজ দৰ্শন |
প্ৰকাশক | স্পাইজেল এণ্ড গ্ৰাউ |
প্ৰকাশ | ২০১৮ |
ইংৰাজীত প্ৰকাশ |
৩০ আগষ্ট ২০১৮ |
পৃষ্ঠা সংখ্যা | ৩৭২ |
আই.এচ.বি.এন. | ৯৭৮-১৯৮-৪৮০-১৪৯-৪ |
পূৰ্বৱৰ্তী | হ'ম' ডিউছ |
টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী (ইংৰাজী: 21 Lessons for the 21st Century) হৈছে ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা আৰু ২০১৮ চনৰ আগষ্ট মাহত আমেৰিকাৰ স্পিগেল এণ্ড গ্ৰাউ[1]আৰু ব্ৰিটেইনৰ জনাথন কেপ[2]দ্বাৰা প্ৰকাশ কৰা এখনি অ-কাহিনীমূলক গ্ৰন্থ।
গ্ৰন্থখন পাঁচটা খণ্ডৰে গঠিত৷ প্ৰতিটো খণ্ডতে চাৰি-পাঁচটাকৈ অধ্যায় আছে। গ্ৰন্থখনত বৰ্তমান প্ৰেক্ষাপট আৰু পৰিৱৰ্তিত সমাজ-ব্যৱস্থাৰ লগত জড়িত কিছুমান প্ৰশ্ন আৰু তাৰ অনুসন্ধানৰ ওপৰত গুৰুত্ব দিয়া হৈছে।[3]
য়ুভাল নোৱাহ হাৰাৰী (হিব্ৰু: יובל נח הררי}}; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২০১৪), হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ' (২০১৬), আৰু ২১ লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী(২০১৮)। তেওঁৰ ৰচনাসমূহে মুক্ত মন, সচেতনতা, বুদ্ধিমত্তা আৰু সুখক সামৰি লয়।
ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট বুক মাৰ্কছে গ্ৰন্থখনৰ সন্দৰ্ভত আগবঢ়োৱা প্ৰতিবেদন মতে ৪৪% সমালোচকে কিতাপখনক rave আখ্যা দিছিল, আনহাতে ১১% সমালোচকে কিতাপখন "panned" আখ্যা দিছিল৷ বাকী সমালোচকসকলে নটা পৰ্যালোচনাৰ নমুনাৰ ভিত্তিত "ধনাত্মক" (২২%) বা "মিশ্ৰিত" (২২%) ধাৰণা প্ৰকাশ কৰিছিল।[4] গ্ৰন্থখনত দ্য নিউয়ৰ্ক টাইমছ, দ্য ইকনমিষ্ট,[5] ফাইনেন্সিয়েল টাইমছ, দ্য গাৰ্ডিয়ান, নিউ ষ্টেটছমেন আৰু দ্য টাইমছৰ দ্বাৰা প্ৰকাশিত প্ৰবন্ধ আৰু সমালোচনা সন্নিৱিষ্ট হৈছিল।
দ্য নিউয়ৰ্ক টাইমছত বিল গেটছে কিতাপখনক “আকৰ্ষণীয়” আখ্যা দি কৈছিল যে-কিতাপখন “ইমানেই উদ্দীপক যে মোৰ মতানৈক্যৰ সময়তো মই কিতাপখন পঢ়ি থাকিব বিচাৰিছিলোঁ আৰু চিন্তা কৰি থাকিব বিচাৰিছিলোঁ”।[6]
ফাইনেন্সিয়েল টাইমছত জন থৰ্নহিলে কৈছিল যে-"২১টা অধ্যায় বৌদ্ধিক দুঃসাহসিক আৰু সাহিত্যিক উত্তেজনাৰ পোহৰেৰে আলোকিত কৰা হৈছে যদিও হাৰাৰীয়ে লিখা তিনিখন কিতাপৰ ভিতৰত ই সম্ভৱতঃ আটাইতকৈ কম আলোকোজ্জ্বল৷" ইয়াত থকা বহুতো পৰ্যবেক্ষণ পুনঃব্যৱহাৰ কৰা যেন অনুভৱ হয়৷[7]
গ্ৰন্থখনে নেতিবাচক সমালোচনাও লাভ কৰিছে। নিউ ষ্টেটছমেনৰ গেভিন জেকবছনে ইয়াক "a study thick with promise and thin in import" বুলি ভাবে আৰু কয় যে "কিতাপখন হয় অতি অস্পষ্ট বা অতি ছিদ্ৰযুক্ত যাৰ ফলত কিতাপখনে কোনো অৰ্থপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিব নোৱাৰে।"[8]