ডাইনী হত্যা

ডাইনী হত্যা হৈছে "ডাইনী" নামৰ সমাজৰ কোনো মায়াৱী অথবা যাদুকৰী বিদ্যাৰ অধিকাৰী বুলি বিশ্বাস কৰা লোকৰ সন্ধান কৰা আৰু হত্যা কৰা এক প্ৰথা। ই সমাজত প্ৰচলিত এটি অতি ভয়ংকৰ অন্ধবিশ্বাস। ইয়াৰ লগত নৈতিক আতংক, মুৰ্চ্ছা যোৱা আৰু জনতাৰ শাস্তি আদি জড়িত হৈ আছে। অতীতত ডাইনী হত্যা বৈধ আছিল আৰু দপ্তৰত ডাইনীবিদ্যাৰ বিচাৰ কৰা হৈছিল।

প্ৰাচীন যুগ

[সম্পাদনা কৰক]

১৮৯২ চনত জোছেফ বাকেৰে অঁকা দা উইচ নং ৩ ডাইনী হত্যাৰ প্ৰাথমিক যুগ আছিল ১৪৮০ৰ পৰা ১৭০০ চনৰ ভিতৰত। সমগ্ৰ বিশ্বৰ অনেক সংস্কৃতিত প্ৰাচীন আৰু আধুনিকঁকাল জুৰি ডাইনী হত্যা হৈ আহিছে। মানুহ কুসংস্কাৰত আক্ৰান্ত হৈ ডাইনী ভীতিত ডাইনী বা যি ডাইনী বিদ্যা চৰ্চা কৰে তাক হত্যা কৰি আহিছে অথবা বৰ্জন কৰি আহিছে। ডাইনী হত্যা বৰ্তমানেও আধুনিক সমাজত চলি আছে। ডাইনী হত্যাৰ ফলত আতঙ্কজনিত কাৰণত আচল ডাইনী বিদ্যা চৰ্চা কৰা লোকৰ সলনি অন্য সন্দেহজনক ভুল মানুহকো হত্যা কৰা হয়।

প্ৰাচীন মিচৰ আৰু বেবিলনত যাদুকৰ আৰু ডাইনীৰ বাবে সুকীয়া আইন আছিল। হামুৰাবি কোড (১৮শতক, খ্ৰীষ্টপূৰ্ব) মতে: "যদি এজন মানুহে অন্যজনৰ ওপৰত যাদু কৰে আৰু যদি সেয়া প্ৰমাণিত নহয়; তেতিয়া যাৰ ওপৰত যাদু প্ৰয়োগ কৰা হৈছে তেওঁ পবিত্ৰ নদীৰ কাষলৈ যাব আৰু নদীত নামিব। নদীয়ে যদি তেওঁক ডুবাই পেলাই তেতিয়া তেওঁৰ ঘৰৰ মালিকীস্বত্ব সেই যাদু প্ৰয়োগকাৰী ব্যক্তিজনে লাভ কৰিব। যদি সেই পবিত্ৰ নদীত নুডুবে তেতিয়া সেই যাদুকৰক মৃত্যুদণ্ড দিয়া হব আৰু তেওঁৰ ঘৰৰ মালিক হব সেই যাদুত আক্ৰান্ত ব্যক্তিজন। "

অসমত সংঘটিত ডাইনী হত্যাৰ কেইটামান মুখ্য কাৰণ হৈছে,[1]

  • অন্ধবিশ্বাস জড়িত প্ৰথা/পৰম্পৰা
  • উপযুক্ত শিক্ষাৰ অভাৱ
  • আধুনিক স্বাস্থ্য সেৱাৰ অভাৱ
  • দৰিদ্ৰতা আৰু
  • চক্ৰান্ত

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]