ডাইনীবিদ্যা বা ডাকিনীবিদ্যা বা ৱিচ্চক্ৰাফ্ট (ইংৰাজী: Witchcraft) হৈছে এনে এক বিদ্যা বা অনুশীলন যাৰ অনুশীলনকাৰীয়ে (ডাইনী বা ডাকিনী) নিজৰ অতিপ্ৰাকৃতিক দক্ষতা আৰু সামৰ্থ্য থকা বুলি বিশ্বাস কৰে। ইয়াৰ ভিতৰত আছে মন্ত্ৰ প্ৰয়োগ আৰু যাদুকৰী ৰীতি-নীতিৰ প্ৰদৰ্শন। ডাইনীবিদ্যাই এক বহল অৰ্থ প্ৰকাশ কৰে আৰু ই সাংস্কৃতিক আৰু সামাজিকভাৱে পৃথক হয়। ইয়াৰ সঠিকভাৱে সংজ্ঞা দিয়াটো কঠিন হ'ব পাৰে। [1] ঐতিহাসিকভাৱে, এই বিদ্যাৰ অনুশীলন নকৰা লোকসকলৰ মাজত ডাইনীবিদ্যাৰ প্ৰচলিত সচৰাচৰ অৰ্থ হৈছে নিৰীহলোকৰ ক্ষতি কৰিবলৈ অতিপ্ৰাকৃতিক উপায়ৰ ব্যৱহাৰ। বিশ্বব্যাপী বেছিভাগ পৰম্পৰাগত সংস্কৃতি, বিশেষকৈ আফ্ৰিকাৰ থলুৱা সংস্কৃতি আৰু আফ্ৰিকান প্ৰবাসী, এছিয়া, লেটিন আমেৰিকা আৰু আমেৰিকাৰ খিলঞ্জীয়া ৰাষ্ট্ৰসমূহত এয়াই হৈছে ডাইনীবিদ্যাৰ অৰ্থ।[2][3]
এনে বহু সমাজ-সংস্কৃতিৰ দৰে, ফিলিপাইনছতো ডাইনীসকলক পবিত্ৰতাৰ বিৰোধী হিচাপে গণ্য কৰা হয়। ইয়াৰ বিপৰীতে, ফিলিপাইনছৰ খিলঞ্জীয়া লোক-ধৰ্মসমূহত কবিৰাজ বা নিৰাময়কাৰী লোকসকলৰ বিষয়ে লিখোঁতে নৃতত্ত্ববিদসকলে এই সমাজ-সংস্কৃতিসমূহৰ থলুৱা পৰিভাষা নতুবা শ্বমানৰ দৰে বহলাৰ্থক নৃতাত্ত্বিক শব্দ ব্যৱহাৰ কৰে। [4]
সচৰাচৰ যিবোৰ সমাজ আৰু গোটৰ সাংস্কৃতিক পৰিকাঠামোত এক যাদুকৰী বিশ্বৰ দৃষ্টিভংগী নিহিত হৈ থাকে তেনে সমাজসমূহতে ডাইনীবিদ্যাৰ ওপৰত বিশ্বাসৰ উপস্থিতি পৰিলক্ষিত হয়।[1][2]
আধুনিক যুগত কিছুসংখ্যক লোকে আধুনিক বিধৰ্মী (pagan) আৰু নৱযুগৰ আন্দোলনত (New Age Movement) সততে ব্যৱহৃত ভৱিষ্যতকথন, ধ্যান বা অন্যান্য আত্ম-সহায়ক কৌশলৰ দৰে সৌহাৰ্দ্যপূৰ্ণ, ইতিবাচক বা নিৰপেক্ষ আধ্যাত্মিক অনুশীলনক বুজাবলৈ ডাইনীবিদ্যা শব্দৰ ব্যৱহাৰ কৰিব পাৰে। [5][6] কিন্তু নামকৰণৰ এই বৈপৰীত্য মূলতঃ এক আধুনিক, পাশ্চাত্য আৰু পপ সংস্কৃতিৰ পৰিঘটনা [7][8] আৰু ই পশ্চিমীয়া যুৱচামৰ লগতে ৱিক্কাৰ দৰে আধুনিক বিধৰ্মী পৰম্পৰাৰ অনুসৰণকাৰীসকলৰ মাজত আটাইতকৈ বেছি প্ৰচলিত।[5][6]
ভাৰতৰ প্ৰায় সকলো ঠাইতে অতিপ্ৰাকৃতিক বিশ্বাসৰ ভেঁটি অতিশয় শক্তিশালী, আৰু সময়ে সময়ে সংবাদ মাধ্যমত ডাইনীবিদ্যাৰ বাবে ডাইনী হত্যাৰ খবৰ পোৱা যায়।[9] ২০০৩ চনৰ পৰা ২০০৮ চনৰ ভিতৰত কেৱল অসম আৰু পশ্চিমবংগতেই প্ৰায় ৭৫০জন লোকক ডাইনী সন্দেহত হত্যা কৰা হৈছিল।[10] ২০০৮ চনত ছত্তীশগড় ৰাজ্যৰ বিষয়াসকলে জানিবলৈ দিয়া মতে বছৰি কমেও ১০০ গৰাকী মহিলাক সন্দেহযুক্ত ডাইনী হিচাপে দুৰ্ব্যৱহাৰ কৰা হয়। [11] এজন স্থানীয় কৰ্মীৰ ভাষ্য অনুসৰি, এনেধৰণৰ উৎপীড়নৰ কেৱল এটা অংশৰহে প্ৰতিবেদন পোৱা যায়। [12] ভাৰতীয় কিংবদন্তিসমূহৰ ওপৰত ভিত্তি কৰি ডাইনীৰ বিষয়ে থকা সচৰাচৰ ধাৰণা হৈছে যে এগৰাকী ডাইনীৰ ভৰি পিছমুৱাকৈ থাকে।
নেপালত মহিলাৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰৰ হিংসাৰ ভিতৰত ডাইনীবিদ্যাৰ নামত মহিলাসকলক কৰা উৎপীড়ন অন্যতম। ২০১৩ চনৰ পৰিসংখ্যা অনুসৰি, ডাইনীবিদ্যা কৰাৰ অভিযোগত মহিলাসকলক উৎপীড়ন কৰাৰ মুঠ ৬৯টা ঘটনা সংঘটিত হৈছিল। এই অপৰাধীসকল সাধাৰণতে ওচৰ-চুবুৰীয়া, তথাকথিত ডাইনী চিকিৎসক আৰু পৰিয়ালৰ সদস্য। [13] এই কাৰ্যৰ মূল কাৰণসমূহ হৈছে শিক্ষাৰ আৰু সজাগতাৰ অভাৱ তথা অন্ধবিশ্বাস। অনানুষ্ঠানিক খণ্ড সেৱা কেন্দ্ৰৰ (INSEC) পৰিসংখ্যা অনুসৰি,[14] নেপালত ডাইনীবিদ্যাৰে সম্পৰ্কিত হিংসাৰ বলি হোৱা মহিলাৰ বয়স হৈছে ২০ৰ পৰা ৪০ বছৰ। [15]
জাপানী লোককথাসমূহত ডাইনীক দুটা শ্ৰেণীত ভগোৱা হয়: সাপ পোহা আৰু শিয়াল পোহা ডাইনী। [16] শিয়াল পোহা বা ব্যৱহাৰ কৰা ডাইনীয়েই হৈছে জাপানত সততে দেখা পোৱা ডাইনী। ভিন্ন আঞ্চলিক বিশ্বাসত শিয়াল ব্যৱহাৰ কৰা ডাইনীসকলক দুটা ভাগত ভগোৱা হয়: কিটচুনে-মোচি, আৰু চুকিমোনো-চুজি। কিটচুনে-মোচিয়ে শিয়ালক ইয়াৰ প্ৰিয় খাদ্য খাবলৈ দি ঘৰ লগাই। তাৰ পিছত কিটচুনে-মোচিয়ে শিয়ালটোৰ সৈতে এক চুক্তি কৰে আৰু সাধাৰণতে শিয়ালটোৰ যাদুকৰী সেৱাৰ বিনিময়ত খাদ্য আৰু দৈনন্দিন আদৰ-যত্নৰ প্ৰতিশ্ৰুতি দিয়ে। জাপানী লোককথাত শিয়াল হৈছে আকৃতি পৰিৱৰ্তন, ভ্ৰমাত্মক মায়া আদিৰে পৰিপূৰ্ণ এক শক্তিশালী প্ৰৱঞ্চক। এই প্ৰাণীসমূহ পুৰুষক ফান্দত পেলাবলৈ নিজে নাৰীৰ ছদ্মবেশ লোৱাৰ দৰে জঘন্য বা তেওঁলোক "কৃতজ্ঞ শিয়াল"ৰ কাহিনীটোৰ দৰে সৌহাৰ্দ্যপূৰ্ণ হ'ব পাৰে। [17]
ছৌদি আৰৱত ডাইনীবিদ্যা আৰু যাদুবিদ্যাৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰা হয়। [18] ২০০৬ চনত ফৌজা ফালিহ মুহাম্মদ আলীক ডাইনীবিদ্যাৰ অনুশীলন কৰাৰ বাবে মৃত্যুদণ্ড দিয়া হয়।[19] আৰৱত ডাইনীবিদ্যাৰ কোনো আইনী সংজ্ঞা নাই যদিও ২০০৭ চনত তাত কৰ্মৰত এজন ইজিপ্তীয় ফাৰ্মাচিষ্টক অভিযুক্ত কৰাৰ লগতে দোষী সাব্যস্ত কৰা হৈছিল আৰু মৃত্যুদণ্ড দিয়া হৈছিল। ছৌদি কৰ্তৃপক্ষই লেবাননৰ এজন দূৰদৰ্শন উপস্থাপক (televition presenter) আলী হুছেইন চিবাতক দেশখনত হজ (ইছলামিক তীৰ্থযাত্ৰা) কৰি থকা অৱস্থাতেই মৃত্যুদণ্ড ঘোষণা কৰিছিল।[20]
২০০৯ চনত, ছৌদি কৰ্তৃপক্ষই এক ডাইনীবিদ্যা বিৰোধী গোট স্থাপন কৰে। [21] ২০০৯ চনৰ এপ্ৰিল মাহত এগৰাকী ছৌদি মহিলা আমিনা বিন্ত আব্দুলহালিম নাছাৰক গ্ৰেপ্তাৰ কৰা হয় আৰু পিছত যাদুবিদ্যা আৰু ডাইনীবিদ্যা কৰাৰ বাবে মৃত্যুদণ্ড দিয়া হয়। ২০১১ চনৰ ডিচেম্বৰত তেওঁৰ শিৰশ্ছেদ কৰা হয়।[22] ২০১২ চনৰ জুন মাহত যাদুবিদ্যা আৰু ডাইনীবিদ্যাৰ অভিযোগত এজন ছৌদি ব্যক্তিৰ শিৰশ্ছেদ কৰা হয়। [23]
ডাইনী-চিকাৰ বা ডাইনী হত্যা হৈছে ডাইনী বুলি চিহ্নিত লোকসকলৰ সন্ধান বা ডাইনীবিদ্যাৰ প্ৰমাণ বিচাৰি উলিওৱা আৰু তেওঁলোকক হত্যা কৰা কাৰ্য। আধুনিক ইউৰোপ আৰু ঔপনিৱেশিক আমেৰিকাত ডাইনী-চিকাৰ প্ৰায় ১৪৫০ ৰ পৰা ১৭৫০ চনত হৈছিল আৰু ইয়াৰ ফলত আনুমানিক ৩৫,০০০ ৰ পৰা ১০০,০০০ মৃত্যুদণ্ড দিয়া হৈছিল।[24]