ডাকিনী (সংস্কৃত: डाकिनी) বুলিলে হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মতে এক প্ৰকাৰৰ নাৰী আত্মা বা ৰাক্ষসীক বুজা যায়। ডাকিনীৰ ধাৰণাটো প্ৰসংগ আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি কিছু ভিন্ন হোৱা দেখা যায়। উদাহৰণ স্বৰূপে, প্ৰাচীন হিন্দু গ্ৰন্থ আৰু পূব এছিয়াৰ গুহ্য বৌদ্ধ ধৰ্মত ডাকিনী শব্দটোৱে নৰমাংস আৰু/বা অন্যান্য গুৰুত্বপূৰ্ণ অংশ ভক্ষণ কৰা এক ৰাক্ষসী জাতিকে বুজায়। হিন্দু তান্ত্ৰিক সাহিত্যসমূহত সততে ডাকিনীৰ অৰ্থ হৈছে ষষ্ঠ চক্ৰৰ এটা বা মানৱ শৰীৰৰ সাতটা মৌলিক উপাদানৰ (ধাতু) সৈতে জড়িত এগৰাকী দেৱী। ইয়াৰ বিপৰীতে নেপালী আৰু তিব্বতীয় বৌদ্ধ ধৰ্মত 'ডাকিনী' বা 'জ্ঞান ডাকিনী' শব্দই উগ্ৰ দেহাৱয়ব ধাৰণ কৰা এক আলোকিত শক্তিৰ নাৰী মূৰ্তি আৰু কিছু পৰিমাণে আধ্যাত্মিক বিকাশযুক্ত মানৱী, এই উভয়কে বুজাব পাৰে।
পূব এছিয়াৰ বৌদ্ধ পৰম্পৰাত ডাকিনীক বুদ্ধ বৈৰোচনৰ দ্বাৰা ডাইককোটেন বা মহাকালৰ ৰূপত বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল আৰু অৱশেষত জাপানত ডাকিনীক ডাকিনিটেন নামৰ এক উপাস্য দেৱীৰ সৈতে একত্ৰিত কৰা হৈছিল। কৃষিকাৰ্যৰ স্থানীয় দেৱতা ইনাৰীৰ সৈতে একত্ৰিত হোৱাৰ পিছত ডাকিনিটেন ইনাৰীৰ সৈতে সম্পৰ্ক থকা কিটচ্নে অৰ্থাৎ শিয়ালৰ প্ৰতীকৰ সৈতে জড়িত হৈ পৰে।
হিন্দু পুৰাণসমূহৰ কোনো কোনো ভাগত ডাকিনীসমূহক দেৱী কালীৰ সহচৰী তথা মাংসাহাৰী পিশাচী বুলি কোৱা হৈছে।[1][2] উদাহৰণস্বৰূপে, শিৱ পুৰাণত (২.২.৩৩) উল্লেখ কৰা হৈছে যে দক্ষ প্ৰজাপতিৰ শাস্তি দিবলৈ ৰাওনা হওঁতে বীৰভদ্ৰ আৰু মহাকালীৰ সহচৰী হিচাপে নৱদুৰ্গাৰ লগতে ডাকিনী আৰু শাকিনী (শাখিনী), ভূত, প্ৰমথ, গুহ্যক, কুষ্মাণ্ড, চাতক, ৰাক্ষস, ভৈৰৱ আৰু ক্ষেত্ৰপালসকললো গৈছিল।[3] ব্ৰহ্মাণ্ড পুৰাণৰ (৩.৪১.৩০), বৰ্ণনা অনুসৰি কৈলাস পৰ্বতত পৰশুৰামে শিৱৰ গণসকলৰ সৈতে ডাকিনীসকলকো দেখা পাইছিল।[4]
ভাগৱত পুৰাণৰ (১০.০৬.২৭-২৯) মতে, শিশু কৃষ্ণই পুতনা ৰাক্ষসীক বধ কৰাৰ পিছত তেওঁৰ ভৱিষ্যত সুৰক্ষাৰ বাবে বৃন্দাবনৰ গোপিনীসকলে কিছু লোকাচাৰৰ আয়োজন কৰে। তেওঁলোকে ডাকিনী, ভূত, কুষ্মাণ্ড, মাতৃকা, অপস্মৰ আদিক বিষ্ণুৰ নামত দূৰতে বিদূৰ হ'বলৈ কয়।[5]
অন্য শাস্ত্ৰসমূহত ডাকিনীক এগৰাকী দেৱীৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে। ললিতা বা ত্ৰিপুৰাসুন্দৰীৰ বিষয়ে বৰ্ণনা থকা ব্ৰহ্মাণ্ড পুৰাণৰ ললিতোপাখ্যান খণ্ডৰ মতে ডাকিনী হৈছে ললিতাৰ এগৰাকী সেনানায়িকা বৰাহী বা দণ্ডনাথাৰ ৰথৰ এগৰাকী ৰখীয়া দেৱী।[6]
ধাতুনাথা বুলি পৰিচিতা সাতগৰাকী দেৱী হৈছে যক্ষিণী, শঙ্খিনী, লকিনী, হাকিনী, শাকিনী, ডাকিনী আৰু এই আটাইকেইগৰাকীৰ একীভূত ৰূপ হাকিনী। সকলো জীৱ আৰু জগতক ভক্ষণ কৰিবৰ বাবে তেওঁলোক সৰ্বদা সাজু হৈ থাকে। তেওঁলোকে শত্ৰুৰ শৰীৰত নিহিত সাতবিধ ধাতু ক্ৰমে ৰক্ত, চৰ্ম, মজ্জা, মেদ, অস্থি, মেৰু আৰু বীৰ্য্য ভক্ষণ তথা পান কৰে। তেওঁলোকে অনিমা অৰ্থাৎ ক্ষুদ্ৰকায় হ'ব পৰা গুণকে ধৰি অষ্টসিদ্ধি প্ৰদান কৰে। তেওঁলোক ছলনা, হত্যা, পক্ষাঘাত, আঘাত, ভক্ষণ আৰু দুষ্ট দৈত্যৰ নিধনত সিদ্ধহস্ত। সন্ত লোকৰ সকলো বিঘিনি এওঁলোকে দূৰ কৰিব পাৰে। শৰীৰৰ সকলো ধাতুতে বিদ্যমান হোৱাৰ হেতুকে তেওঁলোকক ধাতুনাথা নামেৰে জনা যায়।[6]
দেৱী কুব্জিকাৰ উপাসনা পদ্ধতিৰ বিষয়ে বৰ্ণনা থকা অগ্নি পুৰাণৰ এটা অধ্যায়ত ডাকিনী, ৰাকিনী, কাকিনী, শাকিনী আৰু যক্ষিনীক উত্তৰ-পূব দিশৰ পৰা আৰম্ভ কৰি ছয় দিশে পূজা কৰাৰ নিৰ্দেশনা দিয়া হৈছে।[7]
তান্ত্ৰিক সাহিত্যত ডাকিনীক সততে মানৱ শৰীৰৰ সপ্তধাতু বা ছয় চক্ৰৰ সৈতে যুক্ত কৰা হৈছে। কুব্জিকামাতা তন্ত্ৰত সাতগৰাকী যোগিনী দেৱী যথাক্ৰমে কুসুমমালিনী, যক্ষিনী, শঙ্খিনী, কাকিনী, লাকিনী, ৰাকিনী আৰু ডাকিনীক সাধকক প্ৰতীকীভাৱে নিজৰ বীৰ্য্য, অস্থি, মেৰু, মেদ, ৰক্ত আৰু চৰ্ম অৰ্পণ কৰিবলৈ কোৱা হৈছে। প্ৰায় একেধৰণৰ তালিকা শ্ৰীমতোত্তৰ তন্ত্ৰতো পোৱা যায়। ইয়াত উল্লিখিত দেৱীসকল হৈছে ডাকিনী, ৰাকিনী, লাকিনী, কাকিনী, শাকিনী, হাকিনী, য়াকিনী আৰু কুসুমা।[8] কুব্জিকামাতা তন্ত্ৰৰ আন এক অধ্যায়ত ছয় চক্ৰৰ সৈতে জড়িত ছগৰাকী দেৱীৰ দুখন তালিকা দিয়া হৈছে। তাৰে এখনত অজ্ঞাৰ পৰা আৰম্ভ কৰি মূলাধাৰলৈকে ছয় চক্ৰৰ সৃজনীশীল উত্তৰ দিশটো সূচোৱা হৈছে। দ্বিতীয় তালিকাত ধ্বংসাত্মক দক্ষিণ দিশটোৰ কথা কোৱা হৈছে।[8]
পৰৱৰ্তী কালৰ তান্ত্ৰিক সাহিত্য যেনে ৰূদ্ৰায়মালা তন্ত্ৰত ডাকিনী, ৰাকিনী, লাকিনী, কাকিনী, শাকিনী আৰু হাকিনীক ছয় চক্ৰ, ধাতু, পঞ্চমহাভূত আৰু মনৰ সৈতে চিহ্নিত কৰা হৈছে।[9][8]
লঙ্কাৱতাৰ সূত্ৰৰ এটা অধ্যায়ত মাংসাহাৰৰ সমালোচনা কৰি গৌতম বুদ্ধই ডাক আৰু ডাকিনীলৈ আঙুলিয়াই তেওঁলোকক এক সিংহিনী আৰু এক মনুষ্যৰ মিলনৰ ফলত জন্ম লোৱা মাংসভোজী ৰজা কল্মশ্বাপদৰ "নৰমাংসৰ ভয়ানক খাদক" বুলি অভিহিত কৰিছে।[10][11]
পূব এছিয়াৰ বৌদ্ধধৰ্ম অনুযায়ী উগ্ৰৰূপী দেৱতা মহাকালৰ সৈতে ডাকিনীসকলৰ সম্পৰ্ক দেখুওৱা হৈছে। তাঙ ৰাজবংশৰ সময়ৰ য়ি জিঙে ৰচনা কৰা মহাভৈৰৱ তন্ত্ৰ বা বৈৰোচনভীষমবুদ্ধি সূত্ৰত এই বিষয়ে বৰ্ণনা পোৱা যায়। এই আখ্যান অনুসৰি, বৈৰোচন বুদ্ধই মহাকালৰ ৰূপ লৈ ডাকিনীসকলক আহ্বান কৰে আৰু নৰমাংস পৰিত্যাগ কৰিলেহে মুক্তি দিয়াৰ চৰ্ত ৰাখি তেওঁলোকক উদৰস্থ কৰে। ডাকিনীসকলে অভিযোগ কৰে যে এনে কৰিলে তেওঁলোক ক্ষুধাৰ্ত হৈ পৰিব। তেতিয়া মহাকালে তেওঁলোকক মৃত ব্যক্তিৰ গুৰুত্বপূৰ্ণ গুণসমূহ (essance) ভক্ষণ কৰিবলৈ কৰিবলৈ অনুমতি দিয়াৰ লগতে এজন ব্যক্তিৰ মৃত্যুৰ বিষয়ে ছমাহৰ আগতেই জ্ঞান হোৱাৰ শিক্ষা দিয়ে।[12]
নৱম শতিকাৰ আৰম্ভণিতে (হেইয়ান যুগ) জাপানত পূব এছিয়াৰ গুহ্য বৌদ্ধধৰ্মৰ সূচনা হোৱাৰ লগে লগে দেশখনলৈ ডাকিনীৰ চিত্ৰখনৰো প্ৰৱেশ ঘটে।[13] সিংগন বৌদ্ধধৰ্মৰ দুটা মণ্ডলৰ অন্যতম গৰ্ভকোষধাতু মণ্ডলত যমৰ ৰাজসভাত দক্ষিণ দিশে সপ্তমাতৃকা আৰু অন্যান্য দেৱ-দেৱীৰ লগতে তিনিগৰাকী ডাকিনীক উপস্থাপন কৰা হয়। তেওঁলোকৰ দেহ অৰ্ধনগ্ন আৰু তেওঁলোক এটা মৃতদেহৰ কাষত গোলাকাৰ পাটীত আসন গ্ৰহণ কৰে। ইয়াৰে এগৰাকীয়ে নৰদেহৰ হাত আৰু ভৰি ভক্ষণ কৰি থকাৰ লগতে দুগৰাকীয়ে হাতত কপালা (লাওখোলা) ধাৰণ কৰে। ইয়াৰে এগৰাকীয়ে বাওঁহাতত দা ধাৰণ কৰি থাকে।[14] এই মণ্ডলত চিত্ৰিত কৰা ডাকিনীসকল তিব্বতীয় বৌদ্ধধৰ্মৰ জ্ঞানস্বৰূপা ডাকিনীতকৈ হিন্দু আৰু পৌৰাণিক বৌদ্ধ শাস্ত্ৰসমূহৰ বৰ্ণনাৰ সৈতে ৰজিতা খায়।[15]