![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ডিচমেনৰিয়া | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
আই.চি.ডি.-10 | N94.4-N94.6 |
আই.চি.ডি.-9 | 625.3 |
ডিজিজেছ ডে'টাবে'ছ | 10634 |
মেডলাইন প্লাছ | 003150 |
MeSH | D004412 |
ডিচমেনৰিয়া (ইংৰাজী: Dysmenorrhea) হৈছে নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ যিয়ে তেওঁৰ দৈনিক কাম-কাজত বাধা জন্মায়।[1][2] কিন্তু সাধাৰণতে ঋতুস্ৰাৱৰ বিষকে ডিচমেনৰিয়া বুলি কোৱা হয়।[3][4] এই প্ৰবন্ধত প্ৰথম সংজ্ঞাটো ব্যৱহাৰ কৰা হৈছে।
বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ এনে বিষ অনুভৱ হয়। ডাক্তৰী ভাষাত এই অৱস্থাক বোলে। গ্ৰীক শব্দ "ডিচ" মানে হ'ল কষ্টকৰ, "মেন'" মানে হ'ল মাহিলি আৰু ৰিয় মানে হ'ল প্ৰবাহ। স্ত্ৰী-ৰোগ বিশেষজ্ঞসকলে মহিলাৰ সততে পোৱা অসুবিধাসমূহৰ ভিতৰত ই হ'ল এবিধ প্ৰমুখ ৰোগ। ডিচমেনৰিয়া ঋতুস্ৰাৱৰ কেইবাদিনো আগৰেপৰা হ'ব পাৰে বা লগতে হ'ব পাৰে আৰু সাধাৰণতে ঋতুস্ৰাৱ শেষ হোৱাৰ লগে লগে বিষো কমি যায়। কেতিয়াবা ডিচমেনৰিয়াৰ লগত অতিমাত্ৰা ৰক্তস্ৰাৱ হয়- এনে অৱস্থাক Menorrhagia বোলে।
কোনো আন ৰোগ বা জৰায়ুৰ গঠনৰ ত্ৰুটিৰ বাবে হোৱা ডিচমেনৰিয়াক "চেকেণ্ডেৰী ডিচমেনৰিয়া" বোলা হয়। আন কোনো কাৰক নাথাকিলে তাক "প্ৰাইমেৰী ডিচমেনৰিয়া" বোলা হয়।
মাহেকীয়া ঋতুস্ৰাৱ হওঁতে ভূক্তভোগী এইসকল মহিলাই কম-বেচি পৰিমাণে তল পেটৰ বিষ অনুভৱ কৰে। বিষটো একেলেথাৰিয়েও থাকিব পাৰে নাইবা এৰাধৰাকৈয়ো হব পাৰে। বিষটো কৰঙন আৰু পিঠিলৈয়ো বিয়পিব পাৰে। মাহেকীয়া আৰম্ভ হোৱাৰ দুই এদিন আগৰ পৰাই বিষ হব পাৰে আৰু মাহেকীয়া চলি থকা দিনকেইটাত বিষ অব্যাহত থাকে। শতকৰা দহ ভাগ মহিলাই পেটৰ বিষৰ ফলত স্কুল,কলেজ বা কামৰ ক্ষতি কৰিবলগীয়া হয়। আকৌ এক তথ্যমতে প্ৰতি সাতগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ পেটৰ বিষ তীব্ৰ হয়। আনুষংগিক কিছুমান লক্ষণ দেখা পোৱা যাব পাৰে। সেইবিলাক হ'ল-ওকালি,বমি,মূৰৰ বিষ,মূৰ-ঘূৰণি,পেটৰ অসুখ হোৱা বা শৌচ কচা হোৱা, ভাগৰ লগা, মানসিক অস্থিৰতা হোৱা, তাপ-ধ্বনি-পোহৰৰ প্ৰতি অসহিষ্ণুতা বা অতি সংবেদনশীল হোৱা, স্তনযুগলত বিষ অনুভৱ হোৱা আদি।
ডিচমেনৰিয়া দুই প্ৰকাৰৰ হ'ব পাৰে। মহিলাৰ স্বাভাবিক জনন তন্ত্ৰত কোনো নিৰ্দিষ্ট কাৰণ ধৰা নপৰিলে সি হব প্ৰাইমেৰী ডিচমেনৰিয়া। জনন তন্ত্ৰৰ বিজুতিৰ ফলত বিষ হলে চেকেণ্ডেৰী ডিচমেনৰিয়া- যাৰ বিভিন্ন কাৰণ হব পাৰে যেনে এণ্ড'মেট্ৰিয়’চিচ, লিয়োমায়মা[5], এডিনোমাইক'চিচ[6], ইউটেৰাইন ফাইব্ৰয়ড,অভেৰিয়ান চিষ্ট[7], গৰ্ভাশয়ৰ ভিতৰত লগোৱা গৰ্ভ নিৰোধক সামগ্ৰী[8][9] আদি।
এণ্ডমেট্ৰিয়'চিচ ৰোগ চেকেণ্ডৰী ডিচমেনৰিয়াৰ এবিধ প্ৰমুখ কাৰণ। এই ৰোগত জৰায়ুৰ কোষ (এণ্ডমেট্ৰিয়েল টিচু) শৰীৰৰ অন্যান্য ঠাইত পোৱা যায়। যাৰ ফলত ৰোগীৰ মাহেকীয়াৰ বিষ, অনিয়মীয়া বা বৰ্দ্ধিত ঋতুস্ৰাব, সন্তানহীনতা আদি হোৱা পৰিলক্ষিত হয়। ২৫ৰ পৰা ৩৫বছৰত এই ৰোগ হোৱা দেখা যায়। পেলভিক পৰীক্ষা, ভেজাইনেল আলট্ৰাচনগ্ৰাফি আৰু পেলভিক লেপাৰস্কপিৰ যোগেদি ৰোগ চিনাক্ত কৰা যায়। হৰম'নৰ দ্বাৰা চিকিৎসাৰ উপৰিও কিছুমান ৰোগীক নিৰাময়ৰ বাবে অপাৰেচন কৰিবলগীয়া হয়।
প্ৰাইমেৰী ডিচমেনৰিয়া কম বয়সীয়া মহিলাৰ ক্ষেত্ৰতহে হয়। ছোৱালীৰ প্ৰথম ঋতু্স্ৰাৱ আৰম্ভ হোৱাক ডাক্তৰী ভাষাত Menarche বোলে। ঋতু্মতী হোৱাৰ পৰা কুৰিবছৰ বয়সলৈ নাইবা তাৰ সামান্য ওপৰ বয়সলৈ প্ৰাইমেৰী ডিচমেনৰিয়া হব পাৰে। বয়স বঢ়াৰ লগে লগে নাইবা সন্তান প্ৰসৱ কৰাৰ পিছত মাহেকীয়াৰ বিষটো ক্ৰমে কমি আহি নাইকিয়া হৈ পৰে।
আনহাতে চেকেণ্ডৰী ডিচমেনৰিয়া সাধাৰণতে ৩০ৰ পৰা ৪৫ বছৰীয়া মহিলাৰহে হোৱা দেখা যায়। এটা সময়ত বহু বছৰলৈ নিয়মীয়া আৰু বিষ নোহোৱা মাহেকীয়া হোৱা মহিলাৰ লাহে লাহে মাহেকীয়াত বিষ হবলৈ আৰম্ভ কৰে আৰু ক্ৰমে বিষ বেচি হবলৈ ধৰে। লগত আনুষংগিক কিছুমান লক্ষণ দেখা দিব পাৰে। সেইবিলাক হ'ল- মাহেকীয়া অনিয়মীয়া হোৱা, ৰক্তস্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, মাহেকীয়াৰ মাজতো কেতিয়াবা ৰক্তস্ৰাৱ হোৱা, যোনিদ্বাৰে দি স্ৰাব নিৰ্গত হোৱা, যৌন ক্ৰিয়াত কষ্ট অনুভৱ কৰা আদি।
জৰায়ুৰ U ভিতৰত প্ৰষ্টাগ্লেণ্ডিন এফ-২ আলফা rostald নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ ক্ৰিয়াৰ ফলত জয়াৰুৰ ভিতৰৰ লাইনিং সাজু হয় গৰ্ভধাৰণৰ বাবে। কিন্তু যেতিয়া সেইটো হৈ নুঠে, ডিম্বকোষ গৰ্ভস্থ নোহোৱাৰ ফলত-তেতিয়া জয়ায়ুৰ মাংসপেশীৰ সংকোচন হয়, জয়াৰুলৈ ৰক্ত সঞ্চালন কমি যায় আৰু মাহেকীয়াৰ ৰক্তস্ৰাৱৰ লগত বিষ হবলৈ ধৰে।[10] যদিও প্ৰষ্টাগ্লেণ্ডিনৰ নিয়মীয়া প্ৰক্ৰিয়াৰ যোগদিয়েই মহিলাৰ ঋতুস্ৰাৱ হয় - বিষ সেইসকল মহিলাৰহে হয় যাৰ ক্ষেত্ৰত এই বিধ ৰাসায়নিক পদাৰ্থ হয় বেচিকৈ নিৰ্গত হয় নতুবা মহিলাগৰাকী প্ৰষ্টাগ্লেণ্ডিনৰ প্ৰতি বেচি সংবেদনশীল(sensitive )হয়। মস্তিষ্কৰ পিটিউটৰি গ্ৰন্থিৰ পৰা ওলোৱা ভেচপ্ৰেচিন নামৰ হৰম'নে প্ৰষ্টাগ্লেণ্ডিনৰ উৎপাদনত ক্ৰিয়া কৰে। আন এটা থিয়ৰি মতে জৰায়ুৰ ৰক্তপ্ৰবাহ হ্ৰাস পালে কিছুমান এনে পদাৰ্থৰ উৎপত্তি হয় যাৰ ফলত টাইপ-চি বিষৰ কোষসমূহ সক্ৰিয় হৈ উঠে। ইয়াৰ উপৰিও লিউক'ট্ৰিন Leuti নামৰ আন এবিধ ৰাসায়নিক তত্ত্বৰ উৎপত্তিৰ বাবেও ডিচমেনৰিয়া হয় বুলি ভবাৰ থল আছে। বিশেষকৈ সেইসকল মহিলাৰ ক্ষেত্ৰত যাক প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে Prostagln-inhiodru উপকাৰ নাসাধে।
ডিচমেনৰিয়াক প্ৰভাৱিত কৰিব পৰা কিছুমান কাৰক হ'ল, সোনকালে অৰ্থাৎত কম বয়সতে ঋতুস্ৰাৱ Menarh আৰম্ভ হোৱা; মাহেকীয়াৰ পৰিমাণ আৰু দিন বেচি হোৱা; ধপাত বা মদৰ সেৱন; মেদবহুলতা; পৰিয়ালত এনে ৰোগ থকা, জয়াৰু যদি বেকা হৈ থাকে Retroverted Uteru; যোনিমুখ যদি বেচি সংকীৰ্ণ Narrow Cervical হয়; মানসিক অস্থিৰতা; এলেহুৱা -শাৰীৰিক শ্ৰম বিমুখতা আদি।
ৰোগৰ চিনাক্তকৰণ বিশেষ জটিল নহয়। প্ৰাইমেৰী ডিচমেনৰিয়াৰ ৰোগীক লক্ষণসমূহ সুধি প্ৰাথমিক পৰীক্ষা কৰিয়েই চিনাক্ত কৰিব পাৰি। জনন-তন্ত্ৰৰ পৰীক্ষা তেতিয়াহে কৰাৰ প্ৰয়োজন হয়,যদি চেকেণ্ডৰী ডিচমেনৰিয়া বুলি সন্দেহ কৰাৰ থল থাকে। চেকেণ্ডৰী ডিচমেনৰিয়া ৰ বাবে বহুখিনি পৰীক্ষাৰ আৱশ্যকতা হব পাৰে। সেইবিলাক হ'ল তেজৰ টি চি,ডি এল চি, ই এচ আৰ,হিমগ্লবিন, ভি ডি আৰ এল; ভেজাইনেল স্বাব পৰীক্ষা; প্ৰসাৱ পৰীক্ষা; হিষ্ট-চালফিংগ'গ্ৰাম এক্সৰে; পেটৰ আলট্ৰাচাউণ্ড; এণ্ডমেট্ৰিয়েল বায়স্পি; লেপাৰস্কপিক পৰীক্ষা আদি। চিকিৎসা- চেকেণ্ডৰী ডিচমেনৰিয়াক তাৰ কাৰণ চিনাক্ত হোৱাৰ পিছত সেইমতে যথোপযুক্ত বিধান দিব লাগিব।
কিছুমান ৰোগীক পেৰাচিটামল আৰু এচপিৰিন টেবলেটেও উপকৃত কৰা দেখা গৈছে। অৰেল কণ্ট্ৰাচেপ্টিভ পিলত অইষ্ট্ৰজেন আৰু প্ৰজেচষ্টৰন হৰম'ন মিহলি থকাৰ ফলত ইয়াক খালে ডিম্বকোষৰ পৰা ডিম্ব প্ৰস্ফুটিত নহয়। যাৰ ফলত ৰোগীয়ে বিষ অনুভৱ নকৰে। কিছুমান ডিচমেনৰিয়াৰ ৰোগীক চিকিৎসকে এনেদৰে হৰম'নৰ দ্বাৰা চিকিৎসা কৰে। অৰ্থাৎত অভোলেচন Ovulatio ৰোধ কৰিলে মাহেকীয়াৰ বিষ নহয়। এণ্টিলিউকট্ৰিন ড্ৰাগছ যেনে মণ্টলুকাচ আদিৰ বহল প্ৰয়োগ ডিচমেনৰিয়াত এতিয়ালৈকে হোৱা নাই।
![]() |
ৱিকিমিডিয়া কমন্সত ডিচমেনৰিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |