ডিডিয়াৰ কুয়েলজ | |
---|---|
![]() | |
জন্ম | ২৩ ফেব্ৰুৱাৰী, ১৯৬৬ (৫৯ বছৰ) ছুইজাৰলেণ্ড |
শিক্ষা | জেনেভা বিশ্ববিদ্যালয় (বিজ্ঞানৰ স্নাতকোত্তৰ, ডি.ই.এ., পি এইচ্ছ ডি) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদাৰ্থবিজ্ঞানত উল্ফ বঁটা (২০১৭) পদাৰ্থবিজ্ঞানত ন'বেল বঁটা (২০১৯) |
ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক।[1] আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য।[2] ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।[3][4]
১৯৬৬ চনৰ ২৩ ফেব্ৰুৱাৰিত, ছুইজাৰলেণ্ডত কুয়েলজৰ জন্ম হয়।[5][6]
১৯৯৫ চনত জেনেভা বিশ্ববিদ্যালয়ত কুয়েলজ এজন ডক্তৰেট ডিগ্ৰীৰ প্ৰাৰ্থী আছিল। সেইসময়তে কুয়েলজে তেওঁৰ ডক্তৰেট উপদেষ্টা মাইকেল মেয়ৰৰ লগ লাগি এটা প্ৰধান অনুক্ৰমিক নক্ষত্ৰৰ চাৰিওকাষে প্ৰদক্ষিণ কৰি থকা প্ৰথমটো বৰ্হিগ্ৰহ আৱিষ্কাৰ কৰে।[7] এই সাফল্যৰ বাবে, ২০১৯ চনত তেওঁলোকক ন'বেল বঁটাৰ অৰ্ধাংশৰে পুৰস্কৃত কৰা হয়-"সৌৰ-সদৃশ নক্ষত্ৰৰ চাৰিওকাষে প্ৰদক্ষিণৰত এটা বৰ্হিগ্ৰহ আৱিষ্কাৰৰ বাবে"।
হাউতে-প্ৰভিন্স পৰ্যবেক্ষণাগাৰত এল'ডাই বৰ্ণালীলেখ যন্ত্ৰৰে (ELODIE spectrograph) দুৰ্গমনবেগ জোখমাখৰ (ডপলাৰ বৰ্ণালীলেখন)সহায়ত তেওঁ ৫১ পেগাচিত একধৰণৰ বিশ্লেষণ কৰি আছিল। সেই পৰ্যবেক্ষণতে তেওঁ এটা গ্ৰহ আৱিষ্কাৰ কৰে আৰু আলোড়িত হৈ পৰে। তেওঁৰ দ্বাৰা আৱিষ্কৃত গ্ৰহটোৰ প্ৰদক্ষিণকাল আছিল ৪.২ দিন। কুয়েলজে আচলতে নিজৰ দক্ষতাসমূহলৈ পৰিপক্বতা আনিবলৈহে সেই পৰ্যবেক্ষণটো কৰি আছিল।[8]
নতুনধৰণৰ জ্যোতিৰ্বৈজ্ঞানিক আহিলা আৰু পৰীক্ষামূলক পদ্ধতি আৱিষ্কাৰ কৰাৰ বাবে কুয়েলজ আৰু মেয়ৰক ২০১১ চনত বি.বি.ভি.এ. ফাউণ্ডেচন ফ্ৰণ্টিয়াৰছ অৱ নৌলেজ এৱাৰ্ডছ অৱ বেছিক ছায়েন্সেছ বঁটাটি প্ৰদান কৰা হয়; যিবোৰ আহিলাৰ সহায়ত তেওঁলোকে সৌৰজগতৰ বাহিৰত থকা গ্ৰহবোৰ পৰ্যবেক্ষণ কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে সমৰ্থৱান হৈছিল।
২০১৭ চনত তেওঁ পদাৰ্থ বিজ্ঞানত উল্ফ বঁটা লাভ কৰে।[9] ২০১৯ চনত, তেওঁ মেয়ৰ আৰু জিম পিবলছ্ৰ সৈতে একেলগে পদাৰ্থবিজ্ঞানৰ ন'বেল লাভ কৰে।[4]