ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় | |
---|---|
স্থাপিত | ২৫ নৱেম্বৰ ২০১৯ |
ধৰণ | চৰকাৰী চিকিৎসা মহাবিদ্যালয় |
অধ্যক্ষ | ডাঃ সুমিত্ৰা হাগজেৰ[1] |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | ডিফু, পূব কাৰ্বি আংলং জিলা, অসম, ভাৰত |
চৌহদ | উপ-চহৰীয়া |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ভাৰতীয় চিকিৎসা আয়োগ |
ৱেবছাইট | dmcassam |
ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় অসমৰ পূব কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2][3][4] ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়। অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। ডিফু চিকিৎসা মহাবিদ্যালয় ভাৰতীয় চিকিৎসা পৰিষদৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ সুমিত্ৰা হাগজেৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম গৰাকী অধ্যক্ষ আৰু মুখ্য পৰিদৰ্শক।
২০১১ চনৰ ১৯ জানুৱাৰী তাৰিখে অসমৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল।[2][5] আৰম্ভণিতে ইয়াৰ নাম অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান ৰখা হৈছিল যদিও পিছলৈ চৰকাৰী ভাবে ডিফু চিকিৎসা মহাবিদ্যালয় কৰা হল। ২০১৭ চনত অসম চৰকাৰে ইয়াৰ আন্তঃগাঁথনিৰ বাবে পূৰ্বে অনুমোদিত ১৫৬.৫৫ কোটি টকাৰ পৰা ২০৯ কোটিলৈ বৃদ্ধি কৰে।[3][4][6][7] মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ২০১২ চনতেই আৰম্ভ হৈছিল যদিও তিনিবাৰ সলনি কৰাৰ পিছত ২০১৮ চনৰ ২৮ এপ্ৰিলত মূল স্থাপত্য প্ৰকল্প গ্ৰহণ কৰা হয়।[8]
ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাক্সাৰ নামৰ কোম্পানী ইয়াৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছিল।[9] ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।
ডিফু চিকিৎসা মহাবিদ্যালয় অসমৰ পূব কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত অৱস্থিত। ই ডিফু বাছ আস্থান আৰু ডিফু ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ২ কিঃমিঃ নিলগত অৱস্থিত।