ডিব্ৰুগড় | |
---|---|
মহানগৰ | |
উপনাম(সমূহ): ভাৰতৰ চাহ নগৰী উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক কেন্দ্ৰ | |
স্থানাংক: 27°29′N 95°00′E / 27.48°N 95°Eস্থানাংক: 27°29′N 95°00′E / 27.48°N 95°E | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সংমণ্ডল | উজনি অসম |
জিলা | ডিব্ৰুগড় জিলা |
ৱাৰ্ডৰ সংখ্যা | ২২[1] |
স্থাপিত | ১৮৭৩ |
নামকৰণ কৰা হৈছে | ডিব্ৰু নদী |
চৰকাৰ | |
• ধৰণ | পৌৰনিগম |
• পৰিচালনা | ডিব্ৰুগড় পৌৰ নিগম |
• বিধায়ক | প্ৰশান্ত ফুকন, বিজেপি |
• জিলা আয়ুক্ত | বিক্ৰম কৈৰী, আইএএছ |
• আৰক্ষী পৰিদৰ্শক | শ্বেতাংগ মিশ্ৰ, আইপিএছ |
• মেয়ৰ | সৈকত পাত্ৰ, বিজেপি |
কালি | |
• মুঠ |
71.83 km2 (27.73 sq mi) |
উচ্চতা | ১০৮ মিটাৰ (৩৫৪ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ |
1,54,296 |
• ঘনত্ব | 2,100/km2 (5,600/sq mi) |
ডিব্ৰুগড় (ইংৰাজী: Dibrugarh, pron: ˌdɪbru:ˈgɑ:) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন মহানগৰ।[1] উজনি অসমত অৱস্থিত চহৰখন ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ৪৩৫ কিলোমিটাৰ পূবে অৱস্থিত। ই ডিব্ৰুগড় জিলাৰ সদৰ। ইয়াত অসম চৰকাৰৰ দ্বিতীয় অসম সচিবালয় আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয় অৱস্থিত। তদুপৰি ইয়াত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ো অৱস্থিত। ডিব্ৰুগড় নগৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। ১৮৭৩ চনত ব্ৰিটিছসকলৰ শাসনকালত স্থাপিত ঐতিহাসিক ডিব্ৰুগড় চহৰখন ২০২৪ চনৰ ৭ মাৰ্চত ডিব্ৰুগড় পৌৰসভা ভংগ কৰি ডিব্ৰুগড় পৌৰ নিগম গঠনৰ লগে লগে অসমৰ দ্বিতীয় মহানগৰ হিচাপে পৰিগণিত হয়।[1] ডিব্ৰুগড় উজনি অসমৰ মুখ্য বাণিজ্যিক আৰু ঔদ্যোগিক কেন্দ্ৰ। কেইবাখনো চাহ বাগিচা থকাৰ কাৰণে ইয়াক ভাৰতৰ চাহ নগৰী বোলা হয়। সেইদৰে কেইবাটাও উল্লেখযোগ্য উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক কেন্দ্ৰ বুলি কোৱা হয়।
ডিব্ৰুগড়ৰ নাম ডিবৰুমুখৰ শব্দৰ পৰা আহিছে। আহোম চুতীয়া যুদ্ধৰ সময়ত ডিবৰুমুখৰ আহোমৰ বিখ্যাত শিবিৰ আছিল। "ডিব্ৰু" নামটো ডিবাৰু বা ডিব্ৰু নদীৰ পৰা বিকশিত হৈছে। "ডিব্ৰু" আৰু "ডিবাৰু" দুয়োটা ডিমাছা শব্দ। ডিমাছা শব্দ "ডি-" অৰ্থ "পানী"। ইংৰাজসকল এই অঞ্চললৈ আহি ডিবাৰু নদীৰ পাৰত এটা গড় নিৰ্মাণ কৰিছিল। তেতিয়াৰে পৰা ইয়াৰ নাম "ডিব্ৰুগড়" হয়।
ডিব্ৰুগড় নামটো 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা দুৰ্গ)ৰ পৰা উদ্ভৱ হৈছে। এই ঠাই প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ খ্ৰীষ্টাব্দলৈকে ডিব্ৰুগড় চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি দুৰ্গ আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়। ১৫২৩ চুতীয়া ৰজা নীতিপালৰ দুৰ্বল শাসনৰ বাবে আহোমসকলে ইয়াক নিজ ৰাজ্যত অন্তৰ্ভুক্ত কৰে। আহোম বুৰঞ্জীত ইয়াক টি-ফাও বুলি জনা গৈছিল। টাই ভাষাত টি-ফাওৰ অৰ্থ হৈছে 'স্বৰ্গৰ স্থান'।
ইয়াণ্ডাবু সন্ধি সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে উত্তৰ-পূব ভাৰতৰ এই অঞ্চলত ডিব্ৰুগড়ক বাণিজ্যিক আৰু প্ৰশাসনিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল। ১৮৪২ চনত ডিব্ৰুগড়ক লখিমপুৰ জিলাৰ মুখ্য কাৰ্যালয় হিচাপে ঘোষণা কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই চহৰখন প্ৰধান সামৰিক ঘাটি আছিল আৰু বাৰ্মাৰ নিৰ্বাসিত লোকসকলৰ বাবে বিৰাম শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে লখিমপুৰ জিলাৰ ডিব্ৰুগড় মহকুমাক এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰা হয়। নৱগঠিত ডিব্ৰুগড় জিলাৰ সদৰ হিচাপে ডিব্ৰুগড় চহৰক বাচনি কৰা হয় আৰু ডিব্ৰুগড় চহৰৰ নামেৰে জিলাখনৰ নামো নামাকৰণ কৰা হয়।[2]
ডিব্ৰুগড়ৰ জলবায়ু সেমেকা উপক্ৰান্তীয়। ডিব্ৰুগড়ত বছৰৰ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে শুষ্ক শীতকাল আৰু এপ্ৰিলৰ পৰা অক্টোবৰ মাজভাগলৈকে উষ্ণ আৰু বৰষুণৰ সময়। মোটামুটিভাৱে জুন মাহৰ পৰা অক্টোবৰৰ আৰম্ভণি বা মাজভাগলৈকে বাৰিষা চলি থাকে। মাৰ্চৰ পৰা মে’ মাহলৈকে বৰষুণৰ আৰম্ভণি হয় আৰু ক্ৰমান্বয়ে বৰষুণ অধিক তীব্ৰ আৰু সঘনাই হয়। বাৰিষা কালত চহৰৰ উত্তৰ প্ৰান্তত বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখন প্ৰায়ে ওফন্দি উঠে। সঘনাই হোৱা বৰষুণৰ বাবে মাৰ্চৰ পৰা মে’ মাহলৈকে উষ্ণতা হ্ৰাস পায়। গড়ে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আটাইতকৈ গৰম সময়। শীতকালত নৱেম্বৰৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিলৈকে শীতৰ আভাস থাকে।
ডিব্ৰুগড় ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পথত অৱস্থিত। বংগোপসাগৰত উদ্ভৱ হোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ সাধাৰণতে এপ্ৰিল মাহৰ মাজভাগৰ পৰা ডিচেম্বৰৰ আৰম্ভণিলৈকে অহাৰ সম্ভাৱনা থাকে। সাধাৰণতে ইহঁতৰ তীব্ৰতা সময়ছোৱাৰ আৰম্ভণি আৰু শেষত অৰ্থাৎ মে’-জুন আৰু অক্টোবৰ-নৱেম্বৰ মাহত হয়। উপকূলৰ পৰা বহু দূৰত অৱস্থিত হোৱাৰ বাবে চহৰখনত পূৰ্ণ শক্তিৰে ঘূৰ্ণীবতাহৰ আঘাত নকৰে। অৱশ্যে ই প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সূত্ৰপাত কৰে।
ডিব্ৰুগড়ৰ জলবায়ু আৰ্দ্ৰ। বাৰিষা কালত তাপমাত্ৰা সৰ্বোচ্চ হয়। গ্ৰীষ্মকালত মধ্যমীয়া গৰম আৰু শীতকালত মধ্যমীয়া ঠাণ্ডা হয়। উপক্ৰান্তীয় জলবায়ুৰ বাবে চহৰখনত গড়ে ২৭৬ চে.মি. বৰষুণ হয়।
বসন্তকাল (মাৰ্চ-মে): ডিব্ৰুগড়ত বসন্তকাল সাধাৰণতে উষ্ণ হয় আৰু ইয়াৰ লগত উষ্ণতা আৰু আৰ্দ্ৰতাৰ সমন্বিত মাত্ৰা থাকে। সাধাৰণতে এইসময়ত ৩১ ডিগ্ৰী চেলছিয়াছৰ পৰা ২৭ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত উষ্ণতা থাকে। এপ্ৰিল আৰু মে’ মাহত আটাইতকৈ উষ্ণ হয়। এইসময়ত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হয়। পিছলৈ বৰষুণৰ প্ৰকোপ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। ইয়াৰ লগতে উষ্ণতাও বৃদ্ধি পায়। এই সময়ত ধুমুহা-বৰষুণৰ সৈতে বৰদৈচিলাৰ আগমণ হয়।
গ্ৰীষ্ম আৰু বৰ্ষাকাল (জুন-আগষ্ট): ডিব্ৰুগড়ৰ গ্ৰীষ্মকালত অস্বাভাৱিকভাৱে বতাহ বলি থাকে আৰু গড় উষ্ণতা ৩৮ ডিগ্ৰী চেলছিয়াছৰ পৰা ২৮ ডিগ্ৰী চেলছিয়াছ পায়। আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বোচ্চ হয়। এই সময়ত বৰষুণৰ মাত্ৰা সৰ্বোচ্চ হয়।
হেমন্তকাল (ছেপ্টেম্বৰ-নৱেম্বৰ):ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে বৰষুণৰ পৰিমাণ কমি আহে৷ এই সময়ত গড় উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছ-২৮ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকে। উষ্ণতাৰ লগতে এই সময়ত আদ্ৰতাও কমি আহে।
শীতকাল (ডিচেম্বৰ-ফেব্ৰুৱাৰী):শীতকালত ডিব্ৰুগড়ত মধ্যমীয়া ঠাণ্ডা পৰে। এই সময়ত উষ্ণতা আৰু আদ্ৰতা নিম্নগামী হয়। বৰষুণৰ পৰিমাণো একেবাৰে কমি আহে।
ডিব্ৰুগড় চহৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত। চহৰখনৰ মাটিকালি প্ৰায় ৭১.৮৩ বৰ্গ কিলোমিটাৰ। চহৰখন সমতল তলত অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ডিব্ৰুগড়ৰ গড় উচ্চতা ১০৮ মিটাৰ বা ৩৫৪ ফুট। ডিব্ৰুগড় চহৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীখন গড়ে ১০-১৫ কিলোমিটাৰ বহল। বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হয়। ইয়াৰ ফলত ডিব্ৰুগড় চহৰৰ দাঁতিত সংকটজনক ভাবে গৰাখহনীয়া হয়। ডিব্ৰুগড় চহৰখনক বানপানী আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ডিব্ৰুগড় চহৰ সুৰক্ষা বান্ধ নিৰ্মাণ কৰা হৈছে। জল নিষ্কাশনৰ বাবে ১৯৫৪ চনত চহৰখনৰ ডিব্ৰুজানৰ পৰা চেঁচা নদীলৈকে ৩২ কিলোমিটাৰ দৈৰ্ঘৰ ডিব্ৰুগড় চহৰ সুৰক্ষা নলা আছে। চহৰখনৰ ভিতৰত কেইবাখনো বিখ্যাত চাহ বাগিচা আছে। ডিব্ৰুগড় চহৰৰ পূবত মাইজান বিল অৱস্থিত।
ডিব্ৰুগড় বিমানবন্দৰ (১৯৯১–২০২০, চৰম পৰ্যায় ১৯৫২–বৰ্তমান)ৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 29.5 (85.1) |
33.2 (91.8) |
34.5 (94.1) |
36.0 (96.8) |
38.8 (101.8) |
38.2 (100.8) |
39.8 (103.6) |
39.8 (103.6) |
39.5 (103.1) |
37.2 (99.0) |
33.8 (92.8) |
30.6 (87.1) |
39.8 (103.6) |
গড় উষ্ণতা - উচ্চ °C (°F) | 23.5 | 25.0 | 26.7 | 28.0 (82.4) |
29.8 (85.6) |
31.2 (88.2) |
31.4 (88.5) |
32.0 (89.6) |
31.4 (88.5) |
30.6 (87.1) |
28.1 (82.6) |
25.1 (77.2) |
28.5 (83.3) |
দৈনিক গড় উষ্ণতা °C (°F) | 16.8 (62.2) |
18.9 (66.0) |
21.6 (70.9) |
23.5 (74.3) |
25.8 (78.4) |
27.7 (81.9) |
28.2 (82.8) |
28.5 (83.3) |
27.6 (81.7) |
25.8 (78.4) |
21.8 (71.2) |
18.1 (64.6) |
23.69 (74.65) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10.1 (50.2) |
13.0 (55.4) |
16.4 (61.5) |
19.2 (66.6) |
22.0 (71.6) |
24.3 (75.7) |
24.9 (76.8) |
25.2 (77.4) |
24.1 (75.4) |
21.0 (69.8) |
15.7 (60.3) |
11.2 (52.2) |
18.8 (65.8) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 1.0 (33.8) |
4.8 (40.6) |
8.1 (46.6) |
10.8 (51.4) |
14.1 (57.4) |
16.5 (61.7) |
19.9 (67.8) |
19.5 (67.1) |
18.4 (65.1) |
13.3 (55.9) |
6.5 (43.7) |
2.7 (36.9) |
1.0 (33.8) |
বৰ্ষাপাত mm (ইঞ্চি) | 26.6 (1.047) |
57.8 (2.276) |
118.2 (4.654) |
219.3 (8.634) |
326.0 (12.835) |
419.4 (16.512) |
485.0 (19.094) |
394.3 (15.524) |
317.2 (12.488) |
125.2 (4.929) |
19.4 (0.764) |
9.9 (0.39) |
2,518.3 (99.146) |
% আৰ্দ্ৰতা | 72 | 67 | 66 | 71 | 74 | 78 | 79 | 79 | 81 | 80 | 78 | 76 | 75 |
Avg. rainy days | 2.9 | 5.3 | 8.9 | 12.7 | 14.7 | 18.8 | 20.6 | 16.1 | 13.5 | 6.8 | 2.0 | 0.9 | 123.2 |
উৎস নং ১: ভাৰতৰ বতৰবিজ্ঞান বিভাগ[3][4][5] | |||||||||||||
উৎস নং ২: টকিঅ' জলবায়ু কেন্দ্ৰ (গড় উষ্ণতা ১৯৯১–২০২০)[6] |
ডিব্ৰুগড় মহানগৰ ডিব্ৰুগড় পৌৰ নিগমে পৰিচালনা কৰে। ডিব্ৰুগড় পৌৰনিগমৰ অন্তৰ্গত ২২টা ৱাৰ্ড আছে। প্ৰতিটো ৱাৰ্ডৰ এগৰাকীকৈ ৱাৰ্ড কাউন্সিলৰ আছে। পৌৰনিগমৰ এগৰাকী মেয়ৰ আছে। মেয়ৰ কাউঞ্চিলে ডিব্ৰুগড় চহৰৰ স্থানীয় শাসনৰ নিকায় হিচাপে বিভিন্ন কাম-কাজ চোৱা-চিতা কৰে। বৰ্তমান ডিব্ৰুগড়ৰ মেয়ৰ ভাৰতীয় জনতা পাৰ্টিৰ ডাঃ সৈকত পাত্ৰ। ইয়াৰ বিভিন্ন বিভাগে নগৰ পৰিকল্পনা কৰ্তৃপক্ষৰ অধীনত সামৰি লোৱা ইয়াৰ চৌপাশকে ধৰি চহৰখনৰ বাবে পৰিকল্পনা কৰে। ডিব্ৰুগড় পৌৰ নিগম চহৰখনত নতুন অট্টালিকা নিৰ্মাণৰ অনুমোদন আৰু বিভিন্ন কামত মাটি ব্যৱহাৰৰ অনুমোদন দিয়া, চহৰখনৰ অৰ্থনৈতিক আৰু সামাজিক মৰ্যাদাৰ উন্নতি কৰা, বাণিজ্যিক, আৱাসিক আৰু উদ্যোগিক উদ্দেশ্যৰ দিশত পানী যোগানৰ ব্যৱস্থা কৰা, অগ্নিনিৰ্বাপক সেৱা বিভাগৰ জৰিয়তে অগ্নিনিৰ্বাপক বাহিনীৰ আকস্মিক পৰিস্থিতিৰ পৰিকল্পনা কৰা, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, জনস্বাস্থ্য ব্যৱস্থা আৰু অনাময় সেৱাৰ সৃষ্টি কৰা, নগৰীয়া বনজ উন্নয়নৰ দৰে পৰিৱেশগত দিশৰ বিকাশৰ বাবে কাম কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰা, মানসিক আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত, বাৰ্ধক্য আৰু মহিলা দৰে সমাজৰ দুৰ্বল শ্ৰেণীৰ বিকাশৰ বাবে কাম কৰা, চহৰখনৰ বস্তি আৰু দৰিদ্ৰতা দূৰীকৰণৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলোৱা আদি কামৰ লগত জড়িত।
২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি[8] ডিব্ৰুগড় চহৰৰ জনসংখ্যা ১৫৪,২৯৬ জন আৰু জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২,১০০ জন। জনসংখ্যাৰ ৫৪% পুৰুষ আৰু ৪৬% মহিলা। ডিব্ৰুগড় চহৰৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৬১ গৰাকী নাৰী। ধৰ্ম হিচাপে ডিব্ৰুগড়ত হিন্দুৰ সংখ্যা ৯৪.৩৭%, মুছলমান ৪.৬৭%, বৌদ্ধ ০.৩৬%, শিখ ০.২৩% আৰু জৈনকে আদি কৰি অন্যান্য ধৰ্ম ০.২৭%। ডিব্ৰুগড়ৰ সংখ্যালঘু সম্প্ৰদায়সকল সাধৰণে চহৰখনত ব্যৱসায়-বাণিজ্য কৰে।
ডিব্ৰুগড়ৰ গড় সাক্ষৰতাৰ হাৰ ৮৯.৫%। এয়া ৰাষ্ট্ৰীয় গড় সাক্ষৰতাৰ হাৰৰ তুলনাত অধিক।
ডিব্ৰুগড়ত ৯% জনসংখ্যা ০ৰ পৰা ৬ বছৰৰ ভিতৰত, আৰু প্ৰতি ১০০০ ল’ৰাৰ বিপৰীতে ছোৱালীৰ সন্তান অনুপাত ৯৪০। ডিব্ৰুগড় মহানগৰীৰ ভিতৰত বৰবাৰী, ডিব্ৰুগড়, আৰু মাহপোৱালিমাৰা গোহাঁই গাঁও আদি অন্তৰ্ভুক্ত।[9]
মুঠ জনসংখ্যাৰ ভিতৰত ডিব্ৰুগড় চহৰত অসমীয়া ৬৪,২২৩ গৰাকী, বাংলা ৩৬,২৮৩, হিন্দী ৩৩,০১১, ভোজপুৰী ৫,৫৩৩, নেপালী ১,৬০৯ আৰু ১১,৯১১ জন লোকে অন্য ভাষা কয়।[10]
ডিব্ৰুগড় চহৰ উজনি অসমৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰবিন্দু। ব্ৰিটিছ সকলে চহৰখন বাণিজ্যৰ কেন্দ্ৰ হিচাপে গঢ় দিছিল। উজনি অসমৰ সম্পদ যেনে মূলতঃ চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই মিটাৰগজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল। ডিব্ৰু-শদিয়া ৰেলপথত ১৮৮২ চনৰ ১ মে'ত ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰেল চলে। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।[11] ১৯৪৫ চনত চনত ডিব্ৰু-শদিয়া ৰেলৱেক 'বেংগল আসাম ৰেলৱে'ত অন্তৰ্ভুক্ত কৰা হয়।[12][13][14] ইয়াৰ লগতে মোহনাঘাটৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে জলপথৰ যোগেদি কলকাতালৈকে জাহাজ চলিছিল। বৰ্তমান সময়ত ডিব্ৰুগড় চহৰ আৰু ইয়াৰ আশে-পাশে বিভিন্ন উদ্যোগ আৰু ব্যৱসায়িক অৱস্থিত।
ডিব্ৰুগড় জিলা খনিজ সম্পদত চহকী। ইয়াত কেইবাটাও খাৰুৱা তেলৰ পুং আৰু কয়লা খনি অৱস্থিত। এই খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি জিলাখনত কেইবাটাও বৃহৎ উদ্যোগ গঢ় লৈ উঠিছে। জিলাৰ মুখ্য প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে ডিব্ৰুগড় চহৰ এই উদ্যোগসমূহৰো ব্যৱসায়িক কাৰ্যকলাপৰ স্থান।
অইল ইণ্ডিয়া লিমিটেড ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন হাইড্ৰ'কাৰ্বন অন্বেষণ আৰু উৎপাদন নিগম। ই ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ মালিকানাধীন আৰু ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত। ই ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত মহাৰত্ন কোম্পানী। উত্তৰ প্ৰদেশৰ নয়ডা, গুৱাহাটী আৰু যোধপুৰত ইয়াৰ কাৰ্যালয় আছে। অইল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ, বিকাশ আৰু উৎপাদন, খাৰুৱা তেল পৰিবহণ আৰু তৰল পেট্ৰ'লিয়াম গেছ উৎপাদনৰ ব্যৱসায়ত নিয়োজিত হৈ আছে।
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উৎপাদনৰ বাবে উদ্বোধন কৰিছিল। ৭০% ইকুইটিৰ সৈতে গেইল (ইণ্ডিয়া) লিমিটেড ইয়াৰ মুখ্য অংশীদাৰ আৰু বাকী ৩০% ইকুইটিখিনি অসম চৰকাৰ, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত সমান অংশত বিভাজিত। ইথাইলিন, প্ৰপাইলিন, ৰৈখিক নিম্ন-ঘনত্বৰ পলিইথাইলিন, উচ্চ-ঘনত্বৰ পলিথাইথিলিন আৰু পলিপ্ৰপাইলিন হৈছে বৰ্তমান প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত বিভিন্ন পেট্ৰো-সামগ্ৰী আৰু পলিমাৰ। ইয়াৰ লগতে হাইড্ৰজেনযুক্ত পাইৰোলাইচিছ গেছ'লিন আৰু ১-বিউটেনৰ বাবে দুটা উৎপাদন একক নিৰ্মাণাধীন।
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৰাসায়নিক সাৰ উৎপাদন কৰা উদ্যোগ। এই সাৰ কাৰখানা ডিব্ৰুগড় জিলাৰ নামৰূপত অৱস্থিত। প্ৰাকৃতিক গেছৰ পৰা ইউৰিয়া উৎপাদন কৰা এই উদ্যোগ ১৯৬৯ চনৰ ১ জানুৱাৰী তাৰিখে উৎপাদন আৰম্ভ কৰিছিল।[15] পূৰ্বতে ই হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেডৰ নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্সৰ অংশ আছিল। ২০০২ চনৰ ৫ এপ্ৰিল তাৰিখে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বনৰ পৰা নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্স বিভক্ত হয় আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড নামৰ নতুন কোম্পানীটো গঠন কৰা হৈছিল। ই হৈছে ভাৰতৰ সমগ্ৰ উত্তৰ-পূব আৰু পূব অঞ্চলৰ একমাত্ৰ ইউৰিয়া উৎপাদন কৰা কোম্পানী।[15]
অসম গেছ কোম্পানী লিমিটেড প্ৰাকৃতিক গেছ পৰিবহণ আৰু বিতৰণৰ লগত জড়িত অসমৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে স্থাপিত কোম্পানী।[16] ১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত। অসম গেছ কোম্পানীৰ পাইপলাইনৰ নেটৱৰ্কে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ ৪০০ ৰো অধিক চাহ কাৰখানা, ১,২০০ বাণিজ্যিক প্ৰতিষ্ঠান, ৫০,০০০ ঘৰুৱা গ্ৰাহক আৰু ৪১০ ঔদ্যোগিক গ্ৰাহকক গেছ যোগান ধৰি আহিছে।[17]
ডিএনপি লিমিটেড অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ।[18] অসম গেছ কোম্পানী লিমিটেড, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত ডিএনপি লিমিটেড ২০০৭ চনৰ ১৫ জুন তাৰিখে স্থাপন কৰা হৈছিল। যুটীয়া উদ্যোগ হিচাপে ডিএনপি লিমিটেড ১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত পঞ্জীভুক্ত।[19] দুলীয়াজান নুমলীগড় পাইপলাইনৰ ইংৰাজী নামৰ প্ৰতিটো শব্দৰ প্ৰথম বৰ্ণৰে কোম্পানীটোৰ নাম ডিএনপি লিমিটেড ৰখা হৈছে।
অসম পেট্ৰ’কেমিকেলছ লিমিটেড অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত প্ৰতিষ্ঠানটো ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হৈছিল। [20] ১৯৭৬ চনত নামৰূপত অৱস্থিত মিথানল প্ৰকল্পত ফৰ্মেলডিহাইড আৰু কেইটামান ইউৰিয়া-ফৰ্মেলডিহাইড ৰেজিন যেনে ইউৰিয়া-ফৰ্মেলডিহাইড গ্লু আৰু ইউৰিয়া-ফৰ্মেলডিহাইড মোল্ডিং পাউডাৰৰ সৈতে উৎপাদন আৰম্ভ কৰা হৈছিল। ১৯৮৯ আৰু ১৯৯৮ চনত সম্প্ৰসাৰণৰ পিছত, কোম্পানীটোৱে মিথানল প্ৰকল্পটো ১০০ টিপিডি (প্ৰতিদিনে টন) আৰু ফৰ্মেলডিহাইড প্ৰকল্পৰ ক্ষমতা ১০০ টিপিডিলৈ সম্প্ৰসাৰিত কৰিছিল।[21] কোম্পানীটোৱে ২০১৭ চনৰ ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে ই ১,৩৩৭ কোটি টকা বিনিয়োগ কৰিব আৰু ৫০০ টিপিডি মিথানল আৰু ২০০ টিপিডি ফৰ্মালিন উৎপাদন কৰিবলৈ সম্প্ৰসাৰিত হ'ব আৰু ভাৰতৰ সৰ্ববৃহৎ মিথানল উৎপাদক হিচাপে পৰিগণিত হ'ব।[22][23] এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কেঁচামাল হৈছে প্ৰাকৃতিক গেছ, ইউৰিয়া আৰু কাৰ্বন ডাই অক্সাইড। অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰা প্ৰাকৃতিক গেছ, মিথানল উৎপাদনৰ বাবে কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। নামৰূপ সাৰ প্ৰকল্পৰ দ্বাৰা ইউৰিয়া আৰু কাৰ্বন ডাই অক্সাইড যোগান ধৰা হয়।[24]
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ বা আধিকাৰিক ভাবে অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰ অসমৰ ডিব্ৰুগড় জিলাৰ বকুলনিত অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। এই সংযুক্ত চক্ৰ গেছ টাৰ্বাইন প্ৰকল্পটো নীপকোৰ অধীনত। এই প্ৰকল্প জাপানৰ বহিঃৰাজ্য অৰ্থনৈতিক সহযোগিতা পুঁজিৰ সৈতে দ্বিপাক্ষিক ঋণ ব্যৱস্থাৰ অধীনত ৩৭.২৭২ বিলিয়ন য়েনৰ ঋণৰ সহায়ত ইয়াৰ আংশিক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। ইয়াত উজনি অসমৰ তৈলক্ষেত্ৰত উপলভ্য প্ৰাকৃতিক গেছ প্ৰধান ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। শক্তি কেন্দ্ৰটোত ৬টা গেছ টাৰ্বাইন আছে আৰু ইয়াৰ লগত জড়িত বৰ্জিত তাপ উদ্ধাৰ বয়লাৰ আৰু ৩টা ভাপ টাৰ্বাইন আছে। এই টাৰ্বাইনবোৰ মডিউলাৰ ধৰণেৰে সজোৱা হৈছে। এটা মডিউলত সংশ্লিষ্ট বৰ্জিত তাপ উদ্ধাৰ বয়লাৰ আৰু ১টা ভাপ টাৰ্বাইনৰ সৈতে ২টা গেছ টাৰ্বাইন থাকে।
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে নতুনকৈ নামৰূপ প্ৰতিষ্ঠাপন শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। মুঠ ১৬২.৯ মেগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক দুয়ো তাপ বিদ্যুৎ কেন্দ্ৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত। নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ দক্ষিণ-পূব এছিয়াৰ প্ৰথমটো গেছ ভিত্তিক শক্তি কেন্দ্ৰ। ইয়াত উজনি অসমৰ তৈলক্ষেত্ৰত উপলভ্য প্ৰাকৃতিক গেছ প্ৰধান ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।[25]
ডিব্ৰুগড়ত ব্ৰিটিছ যুগৰ কেইবাখনো চাহ বাগিচা আছে। ডিব্ৰুগড় চহৰৰ পৰা ৩২ কিলোমিটাৰ নিগলত চাবুৱাত জিলাখনৰ প্ৰথমখন চাহ বাগিচা মণিৰাম দেৱানে প্ৰতিষ্ঠা কৰিছিল।[26] বৰ্তমান গোটেই জিলাখনত প্ৰায় ১৪৪ খন বৃহৎ আৰু অসংখ্য ক্ষুদ্ৰ চাহ বাগিচা আছে। লগতে কেইবাটাও চাহৰ কাৰখানাও আছে। ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াত ১৯৫৯ চনত অৱস্থিত জালান নগৰ চাহ বাগিচা অৱস্থিত। চহৰখন চাহ উদ্যোগৰ মূল কেন্দ্ৰবিন্দু। চহৰৰ নিচেই কাষত অৱস্থিত মনোহৰি চাহ বাগিচাৰ চাহে নিলামত কেইবাবাৰো অভিলেখ ভংগ কৰিছে।
ডিব্ৰুগড়ত ভাৰতৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়ন সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয় অৱস্থিত।[27] ইয়াৰ উপৰিও চাহ উন্নয়ন (ৰোপন)ৰ এজন উপ-সঞ্চালকৰ নেতৃত্বত ভাৰতীয় চাহ ব’ৰ্ডৰ এটা আঞ্চলিক কাৰ্যালয়ও চহৰখনত অৱস্থিত। অসম শাখা ভাৰতীয় চাহ সন্থাৰ প্ৰথম খণ্ড ডিব্ৰুগড়ত অৱস্থিত।[28]
ৰেল, পথ আৰু বিমান সংযোগৰ লগতে ডিব্ৰুগড় চহৰ আৰু ইয়াৰ আশে-পাশে বৃহৎ সংখ্যক পৰ্যটনস্থলীৰ উপস্থিতিয়ে ভাৰতৰ এই অংশত শেহতীয়া অংশত পৰ্যটন উদ্যোগৰ আকৰ্ষণীয় বৃদ্ধি দেখা গৈছে। ভাৰত-বিদেশৰ পৰা অহা পৰ্যটকৰ বাবেও ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ গন্তব্যস্থানৰ লগতে এক প্ৰধান গমন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এনে পৰ্যটন আৱৰ্তনসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে: ডিব্ৰুগড় – ৰয়িং – মায়'দিয়া – অনিনি পৰ্যটন আৱৰ্তন,[29] ডিব্ৰুগড় – গুৱাহাটী নদী ক্ৰুজ।[30] ডিব্ৰুগড়ৰ চাহ বাগিচা সমূহৰ আশে-পাশে চাহ পৰ্যটন গঢ় লৈ উঠিছে।[31] তদুপৰি ডিব্ৰুগড়ত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় আৰু কেইবাখনো প্ৰতিষ্ঠিত বেচৰকাৰী চিকিৎসালয় আৰু নাৰ্ছিং হোম থকাৰ বাবে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ৰোগী সকলৰ বাবে চিকিৎসা পৰ্যটনৰ স্থান। ডিব্ৰুগড় মহানগৰীৰ কিছুমান গুৰুত্বপূৰ্ণ পৰ্যটন স্থান হ’ল:
তদুপৰি ইয়াৰ আশে-পাশে ৰাইদঙীয়া দৌল, মৈৰামৰা দৌল, বেজৰ দৌল, কলি আইৰ থান, শিলিখা থান, দিনজয় সত্ৰ, মদাৰখাট সত্ৰ আদি পৰ্যটনস্থলী অৱস্থিত।
ডিব্ৰুগড় চহৰ স্থলপথ, ৰে'লপথ, বিমানপথ আৰু জলপথেৰে অসম তথা ভাৰতৰ অন্যান্য ঠাইৰ লগত সংযুক্ত হৈ আছে।
ডিব্ৰুগড় নগৰৰ উত্তৰ-পুব দিশত মোহনবাৰী নামৰ ঠাইত ১৫ কিলোমিটাৰ দূৰৈত ডিব্ৰুগড় বিমানবন্দৰ অৱস্থিত। সেয়ে ইয়াক মোহনবাৰী বিমানবন্দৰো বোলা হয়। ই অসমৰ দ্বিতীয় সৰ্বাধিক ব্যস্ত বিমানবন্দৰ। বিমানবন্দৰখনৰ পৰা চলাচল কৰা বিমান সংস্থাসমূহ হ’ল এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ আৰু এলায়েন্স এয়াৰ। বিমান সেৱাৰ জৰিয়তে ডিব্ৰুগড় নতুন দিল্লী, গুৱাহাটী, শিলিগুৰি, ইম্ফল, কলকাতা, ইটানগৰ, তেজু, আগৰতলা, বেংগালুৰু আৰু হায়দৰাবাদৰ লগত সংযোজিত। ২০১৩ চনত ডিব্ৰুগড় বিমানবন্দৰত নিশা অৱতৰণৰ সুবিধাযুক্ত হয়।[32] এই বিমানবন্দৰত এৰোব্ৰিজৰ বাণিজ্যিক পৰিচালনাও আৰম্ভ হৈছে।[33] বৰ্তমান ডিব্ৰুগড় বিমানবন্দৰৰ দ্বিতীয় টাৰ্মিনেল নিৰ্মীয়মান অৱস্থাত আছে।
সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰেল সেৱাৰ জৰিয়তে ভাৰতীয় ৰেলৱেৰ ইতিহাসত ডিব্ৰুগড়ে এক বিশিষ্ট স্থান দখল কৰি আহিছে। ১৮৮২ চনৰ ১ মে’ত ডিব্ৰুগড়ত মোহনাঘাটৰ পৰা প্ৰথমখন ৰে’ল চলিছিল। ১৮৮২ চনৰ ১৫ মে’ত দিনজানলৈকে এই ৰে'লপথ সম্প্ৰসাৰণ কৰা হয়। সেই বছৰৰ ২৩ ডিচেম্বৰত চাবুৱালৈকে মালবাহী ৰে'লৰ প্ৰচলন হয়। ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত পুৱা ৭:২০ বজাত তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ছাৰ চাৰ্লছ ইলিয়টে ৰিহাবাৰী ৰেল ষ্টেচনৰ পৰা (বৰ্তমান ডিব্ৰুগড় টাউন ৰেল ষ্টেচন) ৪০০ ইউৰোপীয় আৰু ভাৰতীয় যাত্ৰীৰে লিডুলৈ যোৱা প্ৰথমখন যাত্ৰীবাহী ৰেল ফ্লেগ অফ কৰে। ১৯৯১ চনত প্ৰকাশিত অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানী লিমিটেডৰ শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ অনুসৰি উক্ত কোম্পানীটোৱে ডিব্ৰু-শদিয়া ৰেলৱে নিৰ্মাণৰ পথ প্ৰদৰ্শক হোৱাৰ বাবে ডিব্ৰুগড়ৰ পৰা ৰেলৱে উন্নয়নৰ সমগ্ৰ ইতিহাস বৰ্ণনা কৰিছিল।[34] চহৰখনত ডিব্ৰুগড় টাউন ৰেল ষ্টেচন আৰু ডিব্ৰুগড় ৰেল ষ্টেচন দুটা ৰে'ল ষ্টেচন অৱস্থিত। ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত এই দুটা গুৰুত্বপূৰ্ণ পূবৰ ৰেল ষ্টেচন। ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ চহৰ যেনে বেংগালুৰু, চেন্নাই, কোচি, ত্ৰিবান্দ্ৰম, কলকাতা, দিল্লী, কন্যাকুমাৰী আদিৰ সৈতে সংযুক্ত ৰেলৱে নেটৱৰ্কৰ জৰিয়তে ডিব্ৰুগড় সংযোজিত হৈ আছে। মহানগৰীৰ উপকণ্ঠত বাণীপুৰত নতুন ডিব্ৰুগড় ৰেল ষ্টেচন নিৰ্মাণ কৰা হৈছে। ই তিনিচুকীয়া ৰেল সংমণ্ডলৰ লামডিং-ডিব্ৰুগড় অংশত অৱস্থিত। ৪০০ বিঘা মাটিত বিস্তৃত সমগ্ৰ উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচন আৰু ইয়াৰ দৈৰ্ঘ্য ২ কিলোমিটাৰ। ইয়াত সামগ্ৰী ভৰোৱা আৰু নমাই অনাৰ বাবে এটা সামগ্ৰীৰ চোতালৰ লগতে এটা ট্ৰাকশ্বেডো গঢ়ি তোলা হৈছে। এই ট্ৰাকশ্বেডত এটা সময়ত ২৫খন ট্ৰাক থাকিব পাৰে।[35]
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে আৰু তাৰ সিপাৰে এক উন্নত জলপথ পৰিবহণ ব্যৱস্থাও আছে। ডিব্ৰুগড় বাংলাদেশ সীমান্তৰ পৰা শদিয়ালৈকে বিস্তৃত ৰাষ্ট্ৰীয় জলপথ ২ৰ এক উল্লেখযোগ্য স্থান। ফেৰী সেৱাই ডিব্ৰুগড়ক চেঙাজান (ধেমাজি জিলা), পানবাৰী (ধেমাজি) & ঐৰাম ঘাট (জোনাই ওচৰত)ৰ সৈতে সংযোগ কৰে। বগীবিল আই ডব্লিউ টি ঘাটৰ পৰা কাৰেং চাপৰি আৰু চিচি মুখলৈ নিয়মীয়া ফেৰী সেৱা আছে। তদুপৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বিলাসী ক্ৰুজ সেৱাও উপলব্ধ। ডিব্ৰুগড়লৈ যোৱা ক্ৰুজখন তেজপুৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যায়।[36]
ডিব্ৰুগড়ৰ মাজেৰে অসম ট্ৰাংক ৰোড পাৰ হৈ গৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙিত অৱস্থিত অসম ৰাজ্যিক বাছ আস্থানৰ পৰা নিয়মীয়াকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ বাছ চলাচল কৰে। চহৰখনত ৰাজহুৱা পৰিবহনৰ বাবে অটো ৰিক্সা, বিক্ৰম, ই-ৰিক্সাৰ সুবিধা আছে। নিৰ্মীয়মান অৱস্থাত থকা কনভয় ৰোডৰ উৰণসেঁতুৰ কাষত নতুনকৈ আৰম্ভ কৰা মুৰলীধৰ জালান বাছ আস্থান সম্পূৰ্ণকৈ কাৰ্যক্ষম হোৱা নাই। দেশৰ দীৰ্ঘতম ৰে'ল-ৰোড দলং বগীবিল দলং ডিব্ৰুগড়ৰ নিচেই কাষত অৱস্থিত।
ডিব্ৰুগড় উজনি অসমৰ শিক্ষাৰ অন্যতম কেন্দ্ৰবিন্দু। ডিব্ৰুগড়ত কেইবাখনো পুৰণি আৰু উল্লেখযোগ্য চৰকাৰী, বেচৰকাৰী বিদ্যালয় আছে। ১৮৪০ চনত স্থাপিত হোৱা ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় অসমৰ অন্যতম পুৰণি বিদ্যালয়। তদুপৰি ডিব্ৰুগড় কেইখনমান বিখ্যাত কণিষ্ঠ মহাবিদ্যালয় আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় পুৰণি বিশ্ববিদ্যালয়। ১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয়। অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান" আছে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হ'ল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়। এই বিশ্ববিদ্যালয়খন ডিব্ৰুগড় নগৰৰ কেন্দ্ৰবিন্দু নতুন বজাৰৰ পৰা প্ৰায় ৫ কি: মি: দক্ষিণে ৰজাভেটা অঞ্চলত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে। অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় নগৰৰ বৰবাৰী অঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন আনুস্থানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা উদ্বোধন কৰা হয়। ইয়াৰ আগেয়ে ই "বেৰী-হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিল, যিখন ১৯০০ চনত স্থাপিত হৈছিল। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ৰ অধীনত স্থাপন কৰিছে। বিশ্ববিদ্যালয়খন ২০২০ চনৰ ১০ জুলাই তাৰিখৰ পৰা ডিব্ৰুগড়চহৰৰ অস্থায়ী কেম্পাছৰ পৰা কাৰ্যক্ষম হয়। এইখন অসমৰ প্ৰথম আৰু ভাৰতৰ চতুৰ্থ কাৰ্যক্ষম চতুৰ্থ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় উজনি অসমৰএকমাত্ৰ দন্ত চিকিৎসা মহাবিদ্যালয়। আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূৰ্বাঞ্চল ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ পূবত তথা বকুল তিনিআলিৰ পৰা ২ কিঃমিঃ নিলগত লাহোৱালত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অৱস্থিত। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উমৈহতীয়া আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই এই অঞ্চলত জীৱ-চিকিৎসা বিষয়ত গৱেষণা কৰা হয়। ১৯৮২ চনত এই কেন্দ্ৰ স্থাপন কৰা হৈছিল। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু বিভিন্ন প্ৰকল্পৰ বাবে বিভিন্ন উৎসৰ পৰা এই কেন্দ্ৰই অনুদান লাভ কৰে। ডিব্ৰুগড় চহৰৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান সমূহ হ'ল:
আকাশবাণী ডিব্ৰুগড় অসমৰ অন্যতম পুৰণি আকাশবাণী কেন্দ্ৰ। আকাশবাণী ডিব্ৰুগড়ে এ এম (৫২৯.১ মিটাৰ মেগাৱাটত ৫৬৭ কিলোহাৰ্টজ) আৰু এফ এম (১০১.৩০ মেগাহাৰ্টজ) বেণ্ড দুয়োটাতে তিনিটা অধিবেশনত দৈনিক প্ৰচাৰ কৰে।[37] লগতে প্ৰতিদিনে সন্ধিয়া ৬:০০ বজাত ৫ মিনিটৰ আঞ্চলিক বাতৰিৰ বুলেটিন সম্প্ৰচাৰ কৰে ।[38] এই কেন্দ্ৰটো ১৯৬৮ চনৰ ১৫ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল।[39] ডিব্ৰুগড়ৰ মলখুবাচাত এই ষ্টেচনৰ ষ্টুডিঅ’ আৰু লেপেটকাত অৱস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড স্থানৰ সমীপত হাই পাৱাৰ ট্ৰেন্সমিছন টাৱাৰ আছে।
ব্ৰহ্মপুত্ৰ কমিউনিটি ৰেডিঅ’ ষ্টেচন বা ৰেডিঅ’ ব্ৰহ্মপুত্ৰ ৯০.৪ মেগাহাৰ্টজ ডিব্ৰুগড়ত অৱস্থিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো তৃণমূল পৰ্যায়ৰ কমিউনিটি ৰেডিঅ’ ষ্টেচন। উজনি অসমৰ ডিব্ৰুগড়, ধেমাজি, আৰু শিৱসাগৰৰ কিছু অংশৰ ৮ লাখৰো অধিক লোকক সামৰি লোৱা ই চহৰ, অৰ্ধনগৰীয়া, আৰু গ্ৰাম্য জনসংখ্যাক একত্ৰিত কৰে। ডিব্ৰুগড়ৰ মাইজান ঘাটৰ সমীপত ইয়াৰ ষ্টেচন অৱস্থিত।
অসমীয়া ভাষাত অনুষ্ঠান আগবঢ়োৱা দ্বিতীয়টো দূৰদৰ্শন কেন্দ্ৰ দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড় ১৯৯৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পূৰ্বে কেন্দ্ৰই ১৯৯১ চনৰ ২০ ডিচেম্বৰৰ পৰা দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ সম্প্ৰচাৰিত অসম ভাষাৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰিছিল।[40] এই কেন্দ্ৰত নিৰ্মিত কাৰ্যসূচীসমূহ উচ্চ শক্তিৰ ট্ৰেন্সমিটাৰৰ জৰিয়তে টেলিকাষ্ট কৰা হয়।[41] ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই 'ডি ডি নৰ্থ ইষ্ট' চেনেলত অনুষ্ঠানৰ অৱদান আগবঢ়াই আছে।[42]
তদপৰি সামাজিক মাধ্যমটো প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত কেইবাটাও ইলেক্ট্ৰনিক বাতৰি পৰ্টেল আৰু চেনেল আছে।
ঊনবিংশ শতিকাৰ শেষৰ ফালে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত প্ৰথমখন কাকত টাইমছ অফ আছামৰ সৈতে ডিব্ৰুগড় সমগ্ৰ পূব ভাৰতৰ বাতৰি কাকত সাংবাদিকতাৰ পথ প্ৰদৰ্শক। প্ৰকাশৰ চাৰি দশক পিছত টাইমছ অফ আছামৰ প্ৰকাশ বন্ধ হৈ ১৯৩৯ চনৰ পৰা ডিব্ৰুগড়ৰ পৰা দ্য আছাম ট্ৰিবিউনে যাত্ৰা আৰম্ভ কৰে আৰু ডিব্ৰুগড়ৰ পৰা ৭ বছৰ প্ৰকাশৰ পিছত গুৱাহাটীলৈ স্থানান্তৰিত হয়। অৱশ্যে উত্তৰ-পূৱ ভাৰতৰ এই প্ৰধান ইংৰাজী দৈনিক কাকতখন গুৱাহাটীৰ লগতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হয়। উত্তৰ-পূৱ ভাৰতৰ আন চাৰিখন চহৰৰ লগতে ডিব্ৰুগড়ৰ পৰা দ্য ছেণ্টিনেল প্ৰকাশিত হয়। ডিব্ৰুগড়ৰ পৰা কেইবাখনো স্থানীয়ভাষাৰ, লগতে ইংৰাজী আৰু বাংলা দৈনিক কাকত প্ৰকাশ পায়। ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত অসমীয়া বাতৰি কাকতসমূহ হ'ল অসমীয়া প্ৰতিদিন, জনসাধাৰণ, নিয়মীয়া বাৰ্তা, দৈনিক অসম, অসম আদিত্য, দৈনিক প্ৰতীক্ষা আৰু প্ৰতিবিম্ব। গুৱাহাটী আৰু শিলচৰৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ পৰা বাংলা দৈনিক যুগশংখ প্ৰকাশিত হয়।
ডিব্ৰুগড় চহৰ ডিব্ৰুগড় (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বৰ্তমানৰ কেন্দ্ৰীয় জলপৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমান ডিব্ৰুগড়ৰ সাংসদ।[43] বিজেপিৰ প্ৰশান্ত ফুকন ডিব্ৰুগড় (বিধানসভা সমষ্টি) পৰা অসম বিধানসভালৈ নিৰ্বাচিত বিধায়ক। ডিব্ৰুগড় পৌৰ নিগম বৰ্তমান বিজেপিৰ দখলত।
ৱিকিমিডিয়া কমন্সত ডিব্ৰুগড় সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|