ডিমিটাৰ | |
---|---|
কৃষিকাৰ্য, শস্য চপোৱা, উৰ্বৰতাৰ দেৱী | |
![]() | |
অন্য নাম | ছিট', থেচম'ফ'ৰ'চ |
নিবাস | অলিম্পাচ পৰ্বত |
প্ৰতীক | ছাগলীৰ শিংসদৃশ প্ৰাচুৰ্যতাৰ প্ৰতীকবিশেষ, ঘেঁহু, জোঁৰ, পাওৰুটী |
সঙ্গী | লেছিয়ন, জ্যুচ, প'জাইডন |
পিতৃ-মাতৃ | ক্ৰ'নচ আৰু ৰীয়া |
সহোদৰ | হেষ্টিয়া, হীৰা, হেডিচ, প'জাইডন, জ্যুচ, চাইৰণ |
সন্তান | পাৰ্চিফোনি, ডেচপ'ইনা, এৰিয়ন, প্লুটাচ, ফিল'মেলাচ, আয়েকাচ |
ৰোমান সমাৰ্থক | চিৰিছ |
উৎসৱ | থেচম'ফ'ৰিয়া, ইলি |
ডিমিটাৰ (ইংৰাজী: Demeter) হৈছে প্ৰাচীন গ্ৰীচৰ কৃষিকাৰ্য আৰু শস্য চপোৱা কাৰ্যৰ দেৱী। তেওঁ ফচল আৰু পৃথিৱীৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী। তেওঁক ছিট অৰ্থাৎ খাদ্য বা ফচলদাত্ৰী[1] আৰু থেচম'ফ'ৰিয়া অৰ্থাৎ দৈৱিক আইনৰ প্ৰদানকাৰী নামেৰে জনা যায়। কেৱল মহিলাসকলে পালন কৰা থেচম'ফ'ৰিয়া নামৰ উৎসৱ ডিমিটাৰৰ প্ৰতি উৎসৰ্গিত।[2]
ডিমিটাৰক সাধাৰণতে শস্য চপোৱা কাৰ্যৰ দেৱী হিচাপে বৰ্ণনা কৰা হয় যদিও তেওঁ দৈৱিক আইন বা ধৰ্মীয় নীতি-নিয়ম, আৰু জীৱন আৰু মৃত্যুৰ চক্ৰৰ অধিষ্ঠাত্ৰী। সম্ভৱতঃ ১৪০০-১২০০ খ্ৰীষ্টপূৰ্ব অৰ্থাৎ মিচিনিয়ান কালৰ পৰাই চলি অহা প্ৰাচীন গ্ৰীচৰ এক অন্যতম ধৰ্মীয় পৰম্পৰা ইলুচিনিয়ান ৰহস্যত ডিমিটাৰ আৰু তেওঁৰ জীয়ৰী পাৰ্চিফোনি কেন্দ্ৰীয় চৰিত্ৰ।[3] এনাটলিয়াৰ দেৱী চিবিল আৰু ৰোমান দেৱী চিৰিছ ডিমিটাৰৰ সমকক্ষ।
এথেন্সৰ ভাষাতত্ত্ববিদ ইছ'ক্ৰেটিচৰ মতে মানৱ সমাজক দিয়া আটাইতকৈ মহৎ উপহাৰ দুটা হৈছে কৃষি (বিশেষকৈ খাদ্যশস্যৰ) আৰু ৰহস্য (ৰহস্যবাদ) যি মানুহৰ মনত ইহলোক আৰু পৰলোক উভয়ৰে বাবেই উচ্চাকাংক্ষাৰ উন্মেষ ঘটায়।[4] এই দুয়োটা উপহাৰেই ডিমিটাৰৰ কিংবদন্তি আৰু ৰহস্য পন্থাত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। জ্যুচ আৰু ডিমিটাৰৰ প্ৰতি প্ৰাৰ্থনাই শস্যসমূহ বৃদ্ধি আৰু সবল হোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।[5] বাৰ্লিৰ মাজে মাজে গজি উঠা উজ্জ্বল ৰঙা পপিফুল ডিমিটাৰৰ চিহ্ন।[6]
তেওঁক খাদ্যশস্যদাত্ৰী ভূদেৱী অৰ'ৰা হিচাপেও গণ্য কৰা হয়।[7]
আৰ্কেডিয়ৰ প্ৰাচীন ধৰ্মৰ মতে ডিমিটাৰক সৰ্পজঁটাধাৰীনী ৰূপত একোটাকৈ কপৌ আৰু ডলফিন ধাৰণ কৰা অৱস্থাত চিত্ৰায়িত কৰা হয়। সম্ভৱতঃ ই জল, আকাশ আৰু পাতাললৈকে বিস্তাৰিত তেওঁৰ শক্তিৰ কথা সূচায়। কোনো কোনো পন্থাত তেওঁক পাতালপুৰীৰপৰা উঅপহাৰ প্ৰেৰণ কৰা দেৱী এনচিড'ৰা বুলি আখ্যা দিয়া হয়। এটিকাত ফ্লিয়াচৰ নামেৰে ডিমিটাৰৰ এক মন্দিৰ আছে।[8][9][10]
আৰ্কেডিয়াত ডিমিটাৰৰ ক'লা ডিমিটাৰ নামেৰে জনা যায়। আখ্যানমতে কনিষ্ঠ ভ্ৰাতৃ প'জাইডনৰ কুদৃষ্টিৰ পৰা হাত সাৰিবলৈ ডিমিটাৰে এজনী ঘোঁৰাৰ ভেশ লয়। তৎসত্ত্বেও প'জাইডনে নিজেও ঘোঁৰাৰ ৰূপ লৈ ডিমিটাৰক ধৰ্ষণ কৰে। মনৰ দুখত নিজৰ শুদ্ধিকৰণ কৰিবলৈ বুলি তেওঁ ক'লা বস্ত্ৰ পৰিধান কৰি এটা গুহাত সোমায়। এই পন্থাত তেওঁক প্ৰায়ে এক ঘোঁৰাৰ মূৰেৰে সৈতে উপাসনা কৰা হয়।[11]