![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ডিমেন্চিয়া (ইংৰাজী: Dementia) এক প্ৰকাৰৰ মানসিক ৰোগ। এনে মানসিক অৱস্থাত ভুগি থকা ব্যক্তিৰ বুদ্ধি, স্মৃতিশক্তি আৰু ব্যক্তিত্ব ক্ৰমান্বয়ে লোপ পায়।[1][2] সাধাৰণতে, বহুতো প্ৰাপ্তবয়স্ক লোক বয়সৰ লগেলগে এই ৰোগত আক্ৰান্ত হয় যদিও, এই ৰোগ মস্তিষ্ক ক্ষতিগ্ৰস্ত বা আঘাত হ'লেও হʼব পাৰে।[3]
লক্ষণবোৰ কেইবাটাও পৰ্যায়ত ধাৰাবাহিকভাৱে হোৱা দেখা যায়।[4] যেতিয়া এজন ব্যক্তিৰ বয়সবৃদ্ধিৰ ফলত সচৰাচৰ হোৱা মানসিক কাৰ্যকলাপ আৰু স্মৃতিশক্তিৰ পৰিৱৰ্তন প্ৰয়োজনকৈ অধিক হ্ৰাস পায়, তেতিয়া ডিমেন্চিয়া ৰোগ নিৰ্ণয় হয়।[5] স্মৃতিশক্তি, চিন্তা আৰু আচৰণৰ বিকাৰ ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ ফলত এজন ব্যক্তিৰ দৈনন্দিন কাৰ্যকলাপ সম্পাদন আৰু সম্পাদন কৰাৰ সামৰ্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। স্মৃতিশক্তিৰ দুৰ্বলতা আৰু চিন্তাৰ প্ৰকাৰত ব্যাঘাতৰ উপৰিও, আন লক্ষণবোৰৰ ভিতৰত আছে আৱেগিক সমস্যা, ভাষাৰ ব্যৱহাৰত অসুবিধা, আৰু অনুপ্ৰেৰণা হ্ৰাস।[6]
৬৫ বছৰ বয়সৰ আগতে ডিমেন্চিয়া আৰম্ভ হোৱা কম দেখা যায় যদিও কিছুমান লোকৰ আগতীয়াকৈ ডিমেন্চিয়াৰ লক্ষণে দেখা দিব পাৰে। কিয় এনে হয় সেই বিষয়ে সামান্য গৱেষণাহে হৈছে। আগতীয়াকৈ আৰম্ভ হোৱা ডিমেনচিয়াক আৰলী অনছেট ডিমেন্চিয়া (ই.ও.ডি.) বা "প্ৰেচেনাইল ডিমেনচিয়া" বুলি কোৱা হয়। [7] জিনৰ পৰিৱৰ্তন ফলতো এই ৰোগ বহু তৰুণ বয়সত, প্ৰায় 45 বছৰ বয়সত বিকাশ হʼব পাৰে। ইয়াক আগতীয়াকৈ আৰম্ভ হোৱা আলঝেইমাৰ বুলি কোৱা হয়। [8] বিশ্বব্যাপী ২০১৫ চনত ডিমেনচিয়াৰ ব্যয় ৮১৮ বিলিয়ন আমেৰিকান ডলাৰ ৰখা হৈছিল। স্মৃতিশক্তি হ্ৰাস হোৱাৰ বাবে, এই লোকসকলক প্ৰায়ে কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰি ৰখা হয়। তেওঁলোকক প্ৰায়ে শাৰীৰিক বা ৰাসায়নিক উপায়েৰে প্ৰয়োজনতকৈ অধিক পৰিমাণে সংযত কৰি ৰখা হয়। যাৰ ফলত মানৱ অধিকাৰৰ সমস্যা উত্থাপন হোৱা দেখা যায়। প্ৰভাৱিত লোকসকলৰ বিৰুদ্ধে সামাজিক কলঙ্ক সচৰাচৰ দেখা যায়।
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |