২০১২ চনত আল ৱাছল ক্লাবত মাৰাড'না | ||||||||||||
ব্যক্তিগত তথ্য | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
সম্পূৰ্ণ নাম | ডিয়েগ' আৰ্মাণ্ড মাৰাড'না ফ্ৰাঙ্ক' Diego Armando Maradona Franco | |||||||||||
জন্ম | ৩০ অক্টোবৰ, ১৯৬০ | |||||||||||
জন্মস্থান | লে'নুছ, বুৱেন'ছ আয়াইছ, আৰ্জেণ্টিনা | |||||||||||
মৃত্যু | ২৫ নৱেম্বৰ, ২০২০ (৬০ বছৰ) | |||||||||||
মৃত্যুস্থান | Tigre, Buenos Aires, আৰ্জেণ্টিনা | |||||||||||
উচ্চতা | ১.৬৫ মিটাৰ (U=ft}}) | |||||||||||
খেলা স্থান | আক্ৰমণাত্মক মিড্ফিল্ডাৰ দ্বিতীয় ষ্ট্ৰাইকাৰ[1][2][3][4] | |||||||||||
যুৱ কেৰিয়াৰ | ||||||||||||
১৯৬৮-১৯৬৯ | ইষ্ট্ৰেলা ৰ'জা | |||||||||||
১৯৭০-১৯৭৪ | 'লছ চেব'লিটাছ | |||||||||||
১৯৭৫-১৯৭৬ | আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ | |||||||||||
চিনিয়'ৰ কেৰিয়াৰ* | ||||||||||||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† | |||||||||
১৯৭৬-১৯৮০ | আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ | ১১৪ | (৭৪) | |||||||||
১৯৮১-১৯৮২ | ব'কা জুনিয়'ৰ্ছ | ২৮ | (১৭) | |||||||||
১৯৮২-১৯৮৪ | বাৰ্চিল'না | ৩৬ | (২২) | |||||||||
১৯৮৪-১৯৯১ | নাপ'লি | ১৮৮ | (৮১) | |||||||||
১৯৯২-১৯৯৩ | ছেভিলা | ২৬ | (৫) | |||||||||
১৯৯৩-১৯৯৪ | নিৱেল্ছ অ'ল্ড বয়জ | ১ | (০) | |||||||||
১৯৯৫-১৯৯৮ | ব'কা জুনিয়'ৰ্ছ | ৫ | (২) | |||||||||
মুঠ | ৩৯২ | (১৯৯) | ||||||||||
ৰাষ্ট্ৰীয় দল | ||||||||||||
১৯৭৯ | আৰ্জেণ্টিনা ২০ বছৰ অনূৰ্ধ্ব ফুটবল দল | ৬ | (৬) | |||||||||
১৯৭৭-১৯৯৪ | আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দল | ৯১ | (৩৪) | |||||||||
পৰিচালনা কৰা দল | ||||||||||||
১৯৯৪ | মেণ্ডিয়ু ডি ক'ৰিয়েণ্টিছ | |||||||||||
১৯৯৫ | ৰে'চিং ক্লাব | |||||||||||
২০০৮-২০১০ | আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দল | |||||||||||
২০১১-২০১২ | আল ৱাছল | |||||||||||
সন্মান
| ||||||||||||
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক' (স্পেনিছ উচ্চাৰণ: [ˈdjeɣo maɾaˈðona]) (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।[5][6][7][8] পেলেৰ সৈতে তেওঁক বিংশ শতিকাৰ ফিফা খেলুৱৈৰূপে নিৰ্বাচন কৰা হৈছিল।[9][10]
দুবাৰকৈ বিশ্ব-অভিলেখকাৰী চুক্তি ধন লাভ কৰা তেওঁ একমাত্ৰ ফুটবলাৰ; প্ৰথমবাৰ বাৰ্চিল'না ফুটবল ক্লাবলৈ যাওঁতে তেওঁ তেতিয়াৰ বিশ্ব অভিলেখ ৫ নিযুত পাউণ্ড, আৰু দ্বিতীয়বাৰ নাপ'লিলৈ যাওঁতে ৬.৯ নিযুত পাউণ্ড লাভ কৰিছিল। পেছাদাৰী কেৰিয়াৰত মাৰাড'নাই আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ, ব'কা জুনিয়'ৰ্ছ, বাৰ্চিল'না, নাপ'লি, ছেভিলা আৰু নিৱেল্ছ অ'ল্ড বয়জৰ হৈ খেলিছিল। ক্লাব স্তৰত তেওঁ নাপ'লিৰ হৈ খেলা সময়ছোৱাৰ বাবে প্ৰখ্যাত য'ত তেওঁ বহু খিতাপ আৰু সন্মান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁ আৰ্জেণ্টিনাৰ হৈ খেলি ৯১খন মেছত ৩৪টা গ'ল দিছিল।
তেওঁ চাৰিখন ফিফা বিশ্বকাপ প্ৰতিযোগিতাত অংশ লৈছিল। ১৯৮৬ চনৰ প্ৰতিযোগিতাত তেওঁ আৰ্জেণ্টিনা দলক নেতৃত্ব দি ফাইনেলত পশ্চিম জাৰ্মানীক হৰুৱাই বিশ্বকাপ লাভ কৰিছিল। তাত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গ'ল্ডেন বল বঁটাও লাভ কৰিছিল। সেই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ ব্যৱধানত জিকা খেলখনত দুয়োটা গ'লেই তেওঁ দিছিল আৰু দুটা ভিন্ন কাৰণত সেই গ'ল দুটা ফুটবলৰ ইতিহাসত জিলিকি আছে। ৰেফাৰীয়ে তৰ্কিব নোৱৰা তেওঁৰ প্ৰথম গ'লটো আছিল হাতেৰে দিয়া যাক তেওঁ "ভগৱানৰ হাত বুলি অভিহিত কৰিছিল। ৬০ মিটাৰ (৬৬ য়াৰ্ড) ড্ৰিবল কৰি আৰু পাঁচজন বিপক্ষৰ খেলুৱৈ পাৰ কৰি তেওঁ দিয়া দ্বিতীয় গ'লটো FIFA.com-ৰ ভোটাৰে "শতিকাৰ গ'ল" আখ্যা দিছিল।[11]
মাৰাড'নাক খেলজগতৰ এজন অন্যতম বিতৰ্কিত আৰু বাতৰিৰ শিৰোনাম দখল কৰা ব্যক্তিৰূপে গণ্য কৰা হয়। ইটালীত ১৯৯১ চনত ক'কেইন সেৱন কৰি এটা ড্ৰাগ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বাবে তেওঁক ১৫ মাহৰ বাবে ফুটবলৰ পৰা নিৰ্বাসন দিয়া হৈছিল। পুনৰ ১৯৯৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বকাপত প্ৰস্বাৱৰ নমুনাত এফ্ৰেড্ৰিন পোৱা বাবে তেওঁক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হয়। ২০০৫ চনত তেওঁ ভালেখিনি ওজন হ্ৰাস কৰে আৰু ক'কেইন আসক্তিৰ পৰা মুক্তি লাভ কৰে। তেওঁৰ বহুবল্কী স্বভাৱৰ বাবে মাজে সময়ে সাংবাদিক আৰু ক্ৰীড়া বিষয়াসকলৰ লগত সম্পৰ্ক বেয়া হৈছিল। পূৰ্ব অভিজ্ঞতা নথকা সত্ত্বেও তেওঁক ২০০৮ চনৰ নৱেম্বৰত আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰৰূপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনৰ বিশ্বকাপৰ পিছত চুক্তিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁ সেই পদত থাকে।
মাৰাড'নাই ২০১১-১২ চিজনত UAE প্ৰ' লীগত ডুবাই ভিত্তিক ক্লাব আল ৱাচল্ক প্ৰশিক্ষণ দিয়ে। ২০১৩ চনৰ আগষ্টত মাৰাড'নাই আৰ্জেণ্টিনাৰ পঞ্চম শ্ৰেণীৰ ক্লাব ডিপ'ৰ্টিভ' ৰিষ্ট্ৰাত "spiritual coach" হিচাপে যোগদান কৰে[12] আৰু ১৯ আগষ্টত ছেন মিগুৱেলৰ বিপক্ষে খেলখনত তেওঁ এই নতুন পদৰ আৰম্ভণি কৰে।[13][14] ২০১৭ চনত মাৰাড'নাই আল-ফুজাইৰা ক্লাবৰ প্ৰশিক্ষক হিচাপে যোগ দিয়ে আৰু চিজনত শেষত সেই পদ ত্যাগ কৰে।[15] ২০১৮ চনৰ মে' মাহত মাৰড'নাক ৱেলাৰুছৰ ক্লাব ডায়নাম' ব্ৰেস্তৰ অধ্যক্ষ হিচাপে মৰকল কৰা হয়।[16] ২০১৮ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১৯ চনৰ জুনলৈকে মাৰাড'নাই মেক্সিকান ক্লাব ড'লাৰেছক প্ৰশিক্ষণ দিয়ে।[17]
ৱিকিমিডিয়া কমন্সত ডিয়েগ' মাৰাড'না সম্পৰ্কীয় মিডিয়া ফাইল আছে। |