এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ডেনিয়েল ৰেডক্লিফ | |
---|---|
ডেনিয়েল জেকব ৰেডক্লিফ | |
জন্ম | ডেনিয়েল জেকব ৰেডক্লিফ ২৩ জুলাই, ১৯৮৯ (৩৪ বছৰ) লণ্ডন, ইংলেণ্ড |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমানলৈকে |
ডেনিয়েল জেকব ৰেডক্লিফ [1][2] '(ইংৰাজী: Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯)[3] এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েছে আইটিভি ফিল্ম মাই বয় জেক আৰু ইকুয়াছ নাটকখন। নাটকখনত ৰেডক্লিফৰ অভিনয় বিশেষভাবে প্ৰশংসিত হয়।
ডেনিয়েল ৰেডক্লিফে ১০ বছৰ বয়সত বিবিচি ৱানৰ ১৯৯৯ চনৰ টেলিভিছন চলচ্চিত্ৰ ডেভিড কপাৰফিল্ডত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। ২০০১ চনত দা টেলৰ অফ পানামা নামৰ চলচ্চিত্ৰখনত অভিলয় কৰে। ১১ বছৰ বয়সত ৰেডক্লিফে হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ৰ প্ৰথমখন চলচ্চিত্ৰ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ মূল চৰিত্ৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে। ৰেডক্লিফে এই শৃংখলাৰ আটাইকেইখন চলচ্চিত্ৰৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে।
১৯৮৯ চনৰ ২৩ জুলাইত ইংলেণ্ডৰ পশ্চিম লণ্ডনত ডেনিয়েল ৰেডক্লিফে জন্মগ্ৰহণ কৰে[4]। ১৯৯৯ চনৰ ডিচেম্বৰ মাহত, পাঁচ বছৰ বয়সতে[5] ৰেডক্লিফে ডেভিড কপাৰফিল্ড নামৰ চলচ্চিত্ৰখনত শিশু ডেভিড কপাৰফিল্ডৰ চৰিত্ৰত[6] অভিনয় কৰে। ৰেডক্লিফে লণ্ডনৰ ছেলছীৰ ছাছেক্স হাউচ স্কুল[7] আৰু তাৰ পিছত চিটি অফ লণ্ডন স্কুল,[8]ত শিক্ষাগ্ৰহণ কৰিছিল। হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’ন মুক্তি পোৱাৰ পিছত স্কুলত যোৱা ৰেডক্লিফৰ বাবে কঠিন হৈ পৰে। ৰেডক্লিফে কৈছে যে, হেৰী পটাৰৰ চৰিত্ৰক লৈ সকলোৱে হিংসাতে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল[9]। যেতিয়া ডেনিয়েল অভিনয় কেৰিয়াৰত ব্যস্ত হ’ল, তেতিয়া ঘৰুৱা শিক্ষকৰ সহায়ত শিক্ষাগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০০৬ চনত ডেনিয়েলে শিক্ষাৰ পৰা বিৰতি ল’বলৈ সিদ্ধান্ত লয়[10]। ইয়াৰ কাৰণ হৈছে যে, সাধাৰণ কলেজীয়া জীৱনতকৈ ডেনিয়েলে অভিনয় আৰু লিখাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল।
২০০০ চনত প্ৰযোজক ডেভিড হেইমেনে জে কে ৰাউলিঙৰ গ্ৰন্থ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ ওপৰত আধাৰিত চলচ্চিত্ৰত ৰেডক্লিফক হেৰী পটাৰৰ চৰিত্ৰটোৰ বাবে পৰীক্ষা দিবলৈ আমন্ত্ৰণ কৰে[11][12]। ৰাউলিঙে এই চৰিত্ৰটোৰ বাবে এজন অচিনাকি ব্ৰিটিছ অভিনেতা বিচাৰি আছিল। কিন্তু ৰেডক্লিফৰ মাক-দেউতাকে এই চৰিত্ৰটোৰ বাবে ডেনিয়েল পৰীক্ষাত অৱতীৰ্ণ হোৱাতো বিচৰা নাছিল। কাৰণ, চুক্তি মতে, হেৰী পটাৰৰ আটাইকেইখন চলচ্চিত্ৰ লছ এঞ্জেলছ, কেলিফৰ্নিয়াত শ্বুটিং হোৱাৰ কথা[13]। আঠ মাহৰ পাছত আৰু কেইবাটাও পৰীক্ষাৰ অন্তত ডেনিয়েলক হেৰী পটাৰ চৰিত্ৰটোৰ বাবে নিৰ্বাচিত হয়.[14]। ৰাউলিঙে পাছত কৈছিল, "I don't think Chris Columbus could have found a better Harry."[15]। ডেনিয়েলৰ পিতৃ-মাতৃয়ে প্ৰথমতে এই চুক্তিটো প্ৰত্যাখান কৰিছিল, কাৰণ হেৰী পটাৰ শৃংখলাৰ ছখন চলচ্চিত্ৰৰ শ্বুটিং লছ এঞ্জেলছত কৰা হ’ব[16]। পাছত ৱাৰ্ণাৰ ব্ৰ’ছয়ে হেৰী পটাৰ শৃংখলাৰ দুখন চলচ্চিত্ৰৰ বাবে ডেনিয়েলক চুক্তি কৰে[13]। তথাপি চুক্তি কৰাৰ সময়ত ৰেডক্লিফে পাছৰ চলচ্চিত্ৰ কেইখনত অভিনয় কৰিব নে নকৰে তাক লৈ অনিশ্চিয়তা আছিল[17]।
২০০১ চনত ৰেডক্লিফৰ প্ৰথম ছবি দা টেলৰ অফ পানামাই মুক্তি পায়[18]। ইয়াৰ পিছত ২০০২ চনত দা প্লে হোৱাট আই ৰ’ট (The Play What I Wrote)ৰ জৰিয়তে ৰেডক্লিফে প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে[6][19]। ইয়াৰ পিছত ৰেডক্লিফে ডিচেম্বৰ বয়জত অভিনয় কৰে। ২০০৭ চনত এই ছবিখনে মুক্তি লাভ কৰে[20]। ইয়াৰ উপৰিও ৰেডক্লিফে টেলিভিছন ড্ৰামা ফিল্ম মাই বয় জেকত অভিনয় কৰে।
ৰেডক্লিফ এজন নাস্তিক আৰু কৈছে যে তেওঁ এজন ইহুদী হিচাপে গৰ্ব অনুভৱ কৰে[21][22][23]। ২০০৮ চনত ৰেডক্লিফে কয় যে তেওঁ dyspraxia (ইংৰাজী: dyspraxia) নামৰ স্নায়ুৰোগত আক্ৰান্ত। ইয়াৰ ফলত ৰেডক্লিফে কেতিয়াবা লিখিবলৈ, নিজৰ জোতাৰ ফিতা আদিৰ নিচিনা সৰু সৰু কাম কৰাত অসুবিধা পায়। ৰেডক্লিফে কৈছে যে, তেওঁ স্কুলত এই ৰোগৰ বাবে বহুতো অসুবিধা হৈছিল[24]।
ৰেডক্লিফ আণ্ডাৰগ্ৰাউণ্ড[25] আৰু পাংক ৰক মিউজিক[26][27] আৰু ভাৰতীয় ক্ৰিকেট খেলুৱৈ শচীন টেণ্ডুলকাৰ[28][29]ৰ বিশেষ অনুৰাগী। ডেনিয়েলে চুটি গল্প আৰু কবিতাও লিখে[30]। ২০০৭ চনৰ নৱেম্বৰত ৰাবিশ্ব (Rubbish) নামৰ ফেশ্বন আলোচনীখনত "জেকব গেৰশ্বন ছদ্মনামত কেইবাটাও কবিতা প্ৰকাশ কৰে[23][30]। হেৰী পটাৰৰ সহ-অভিনেতা টম ফেলটন[25] আৰু ইমা ৱাটছন[31] ৰ লগত গভীৰ বন্ধুত্ব আছে।
কিছুমান উৎসৰ মতে প্ৰথমখন হেৰী পটাৰ চলচ্চিত্ৰৰ[32] পৰা ৰেডক্লিফে প্ৰায় ১মিলিয়ন পাউণ্ড আৰু ষষ্ঠখনৰ[33] পৰা প্ৰায় ১৫ মিলিয়ন উপাৰ্জন কৰে। ২০০৬ চনৰ ছানডে টাইমছ ৰিছ লিষ্টত প্ৰায় ১৫ মিলিয়ন পাউণ্ড সম্পত্তিৰ সৈতে ইংলেণ্ডৰ কম বয়সীয়া ধনী লোকসকলৰ মাজত ৰেডক্লিফৰ নাম প্ৰকাশ পায়[34]। ২০০৯ চনৰ মাৰ্চত ফৰ্বছ আলোচনীৰ "Most Valuable Young Stars" তালিকাত শীৰ্ষস্থান,[35] আৰু এপ্ৰিলত দা ডেইলি টেলিগ্ৰাফত ৩০ মিলিয়ন পাউণ্ড সম্পত্তিৰ সৈতে ইংলেণ্ডৰ কম বয়সীয়া লোকৰ ভিতৰত দ্বাদশ স্থান পায়[36]। সেই বছৰতে ৰেডক্লিফ ইংলেণ্ডৰ আটাইতকৈ ধনী কিশোৰৰ ভিতৰত শীৰ্ষস্থান পায়[33]। ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰেডক্লিফৰ নাম হলিউডৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী ষষ্ঠজন অভিনেতা হিচাপে স্থান পায়[37]। ২০১০ চনৰ অন্তত ৰেডক্লিফৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল প্ৰায় ২৮.৫ মিলিয়ন পাউণ্ড[38]। ৰেডক্লিফে কৈছে যে তেওঁ বিলাসী জীৱনতকৈ সাধাৰণভাৱে থাকিবলৈহে বেছি ভাল পায়। তেওঁ কিতাপ কিনাত বহুতো খৰচ কৰে আৰু কৈছে "I read a lot"[39]। ৰেডক্লিফে কৈছে যে, অৰ্থ আৰু সম্পত্তিৰ ওপৰত কেতিয়াও জীৱনটো কেন্দ্ৰীভূত কৰিব নালাগে[33]।
বৰ্ষ | নাম | ক্ষৰিত্ৰ | তথ্য |
---|---|---|---|
২০০১ | The Tailor of Panama | মাৰ্ক পেণ্ডেল | |
২০০১ | হেৰী পটাৰ এণ্ড দা ফিল'চ'ফাৰ্ছ ষ্ট'ন | হেৰী পটাৰ | Released as Harry Potter and the Sorcerer's Stone in the United States and India |
২০০২ | হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছ | হেৰী পটাৰ | |
২০০৪ | হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অৱ আজকাবান (চলচ্চিত্ৰ) | হেৰী পটাৰ | |
২০০৫ | হেৰী পটাৰ এণ্ড দা গ'বলেট অফ ফায়াৰ (চলচ্চিত্ৰ) | হেৰী পটাৰ | |
২০০৭ | হেৰী পটাৰ এণ্ড দা অৰ্ডাৰ অফ দা ফিনিক্স | হেৰী পটাৰ | |
2007 | ডিচেম্বৰ বয়জ | মেপছ | |
2009 | হেৰী পটাৰ এণ্ড দা হাফ ব্লাড প্ৰিন্স | হেৰী পটাৰ | |
২০১০ | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড | হেৰী পটাৰ | |
২০১১ | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড | হেৰী পটাৰ | |
২০১২ | The Woman in Black | আৰ্থাৰ কিপছ | |
২০১৩ | কিল য়'ৰ ডাৰ্লিঙছ | এলেন গিন্সবাৰ্গ |
বৰ্ষ | নাম | চৰিত্ৰ | তথ্য |
---|---|---|---|
১৯৯৯ | ডেভিড কপাৰফিল্ড | শিশু ডেভিড কপাৰফিল্ড | |
২০০৫ | ফ'লি এণ্ড মেকক'ল:দিছ ৱে আপ | ট্ৰেফিক ৱাৰ্ডেন / নিজে | |
২০০৬ | এক্সট্ৰাছ | লিজে | |
২০০৭ | মাই বয় জেক | জেক কিপলিঙ | |
২০১০ | The Simpsons | এডমাণ্ড | "Treehouse of Horror XXI", কণ্ঠ |
২০১০ | QI | নিজে | |
২০১২ | চেটাৰডে নাইট লাইভ | নিজে | Host on 14 January episode |
২০১৩ | A Young Doctor's Notebook | Filming; Four episode mini-series |
বৰ্ষ | নাম | চৰিত্ৰ | তথ্য |
---|---|---|---|
2002 | The Play What I Wrote | অতিথি | Wyndham's Theatre |
2007 | Equus | Alan Strang | Gielgud Theatre |
2008-09 | Equus | Alan Strang | Broadhurst Theatre |
2011-12 | How to Succeed in Business Without Really Trying | J. Pierrepont Finch | Al Hirschfeld Theatre |
বৰ্ষ | সংস্থান | পুৰস্কাৰ | কাম | ফলাফল |
---|---|---|---|---|
2001 | Broadcast Film Critics Association Awards[40] | Best Young Performer | Harry Potter and the Philosopher's Stone | মনোনীত |
Hollywood Women's Press Club[41] | Male Youth Discovery of the Year | বিজয়ী | ||
MTV Movie Awards[42] | Best Breakthrough Male Performance | মনোনীত | ||
Young Artist Awards[43] | Best Ensemble in a Feature Film (shared with the movie's cast) | মনোনীত | ||
2005 | Broadcast Film Critics Association Awards[44][44] | Best Young Actor | Harry Potter and the Prisoner of Azkaban | মনোনীত |
2006 | Harry Potter and the Goblet of Fire | মনোনীত | ||
MTV Movie Awards[45] | Best On-Screen Team (shared with Rupert Grint and Emma Watson) | মনোনীত | ||
Best Hero | মনোনীত | |||
2007 | National Movie Awards[46] | Best Male Performance | Harry Potter and the Order of the Phoenix | বিজয়ী |
2008 | Empire Award[47] | Best Actor | মনোনীত | |
MTV Movie Awards[48] | Best Kiss (shared with Katie Leung) | মনোনীত | ||
Saturn Awards[49] | Best Performance by a Young Actor | মনোনীত | ||
2009 | Broadway.com Audience Award[50] | Favorite Leading Actor in a Broadway Play | Equus | বিজয়ী |
Favorite Breakthrough Performance | বিজয়ী | |||
Drama Desk Award[51] | Outstanding Actor in a Play | মনোনীত | ||
Drama League Award[52] | Distinguished Performance Award | মনোনীত | ||
2010 | J-14's Teen Icon Awards[53] | Iconic Movie Star | প্ৰযোজ্য নহয় | মনোনীত |
MTV Movie Awards[54] | Best Male Performance | Harry Potter and the Half-Blood Prince | মনোনীত | |
Global Superstar | প্ৰযোজ্য নহয় | মনোনীত | ||
2011 | Broadway.com Audience Award[55] | Favorite Actor in a Broadway Play | How to Succeed in Business Without Really Trying | বিজয়ী |
Favorite Onstage Pair (shared with John Larroquette) | বিজয়ী | |||
Outer Critics Circle Award[56] | Outstanding Actor in a Musical | মনোনীত | ||
Drama League Award[57] | Distinguished Performance Award | মনোনীত | ||
Drama Desk Award[58] | Outstanding Actor in a Musical | মনোনীত | ||
Do Something Awards[59] | Movie Star | প্ৰযোজ্য নহয় | মনোনীত | |
MTV Movie Awards[60] | Best Kiss (shared with Emma Watson) | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড | মনোনীত | |
Best Fight (shared with Rupert Grint and Emma Watson) | মনোনীত | |||
Best Male Performance | মনোনীত | |||
Scream Awards[61][62] | Best Fantasy Actor | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড | বিজয়ী | |
Best Ensemble (shared with rest of cast) | মনোনীত | |||
Teen Choice Awards[63] | Choice Movie Actor: Sci-Fi/Fantasy | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড | মনোনীত | |
Choice Movie: Liplock (shared with Emma Watson) | বিজয়ী | |||
Choice Summer Movie Star: Male | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড | বিজয়ী | ||
2012 | People's Choice Awards[64] | Favorite Movie Ensemble (shared with rest of cast) | বিজয়ী | |
Favorite Movie Actor | মনোনীত | |||
Favorite Movie Star (under 25) | মনোনীত | |||
Nickelodeon Kids' Choice Awards | Favorite Movie Actor | মনোনীত | ||
MTV Movie Awards[65][66] | Best Male Performance | হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড | মনোনীত | |
Best Cast (shared with Rupert Grint, Emma Watson, and Tom Felton) | বিজয়ী | |||
Best Hero | বিজয়ী |
|