ঢাকা
Dhaka | |
---|---|
ৰাজধানী | |
উপনাম(সমূহ): মছজিদৰ চহৰ, বিশ্বৰ ৰিস্কা ৰাজধানী | |
![]() | |
দেশ | ![]() |
জিলা | ঢাকা জিলা |
প্ৰতিষ্ঠাকাল | ১৬০৮ খ্ৰীষ্টাব্দ |
চহৰৰ মৰ্যাদা প্ৰদান | ১৯৪৭ |
চৰকাৰ | |
• ধৰণ | দ্বিখণ্ডিত চিটি কৰ্পোৰেচন |
• পৰিচালনা | ঢাকা উত্তৰ চিটি কৰ্পোৰেচন ঢাকা দক্ষিণ চিটি কৰ্পোৰেচন |
• মহানাগৰিক | আতিকুল ইছলাম (উত্তৰ) শেখ ফজলে নূৰ তাপস (দক্ষিণ) |
কালি | |
• ৰাজধানী |
302.4 km2 (116.8 sq mi) |
উচ্চতা | ৪ মিটাৰ (১৩.১২ ফুট) |
জনসংখ্যা (২০১৩)[2] | |
• ৰাজধানী |
1,43,99,000 |
• ঘনত্ব | 45,000/km2 (1,15,200/sq mi) |
• মেট্ৰ’ | 70,00,940 |
ঢাকা (ইংৰাজী: Dhaka, অতীতত Dacca ব্যৱহৃত হৈছিল[4]) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ। ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।[5] ই বিশ্বৰ নৱম বৃহত্তম[6] আৰু অত্যধিক জনবহুল চহৰ বিলাকৰ ভিতৰত অন্যতম। ঢাকা চহৰ মছজিদৰ চহৰ নামেও পৰিচিত।[7] তদুপৰি ঢাকা বিশ্বৰ ৰিস্কা ৰাজধানী নামেৰেও পৰিচিত। এই চহৰত সদায় প্ৰায় ৪০০,০০০ ৰ পৰা ৪৫০,০০০টা চাইকেল ৰিস্কা চলাচল কৰে।[8] বৰ্তমান দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান সংস্কৃতি, শিক্ষা আৰু বাণিজ্যকেন্দ্ৰ।[9] সপ্তদশ শতাব্দীত পুৰণি ঢাকা মোগল সম্ৰাজ্যৰ বাংলা প্ৰদেশৰ প্ৰাদেশিক ৰাজধানী আছিল। মোগল সম্ৰাট জাহাঙ্গীৰৰ শাসন কালত এই চহৰ জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল। অতীজৰে পৰা ঢাকা বিশ্বব্যাপী মছলিন কাপোৰ বাণিজ্যৰ এটি প্ৰধান কেন্দ্ৰ আছিল। যদিও আধুনিক ঢাকা চহৰৰ বিকাশ ঊনবিংশ শতাব্দীত ব্ৰিটিছৰ শাসন কালত ঘটে। সেই সময়ত নৱাব সকলে ঢাকা শাসন কৰিছিল। সেই সময়ত কলকাতাৰ পিছতেই ঢাকা বাংলা প্ৰেচিডেন্সিৰ দ্বিতীয় বৃহত্তম নগৰী হৈ পৰে। ১৯০৫ চনৰ বংগ-ভংগৰ পিছত ঢাকা নৱগঠিত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হয়। ১৯৪৭ চনত ভাৰতৰ পৰা ঢাকা পূব পাকিস্তানৰ প্ৰশাসনিক ৰাজধানীত পৰিণত হয়। ১৯৫০-৬০ দশকত এই চহৰ বিভিন্ন সামাজিক, জাতীয়তাবাদী আৰু গণতন্ত্ৰপন্থী আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৭১ চনত ঢাকা স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ ৰাজধানী ঘোষিত হয়। ইতিপূৰ্বে সামৰিক বলবৎ, বাংলাদেশৰ স্বাধীনতা ঘোষণা, সামৰিক দমন, যুদ্ধ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱলীলাৰ দৰে একাধিক অস্থিৰ ঘটনাৰ এই চহৰ সাক্ষী হয়।
বাংলাদেশৰ সংবিধানৰ ৫(ক) অনুচ্ছেদ অনুযায়ী[10] ঢাকা বাংলাদেশৰ ৰাজধানী। আধুনিক ঢাকা বাংলাদেশৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰ প্ৰধান কেন্দ্ৰ।[11] ইয়াৰ উল্লেখযোগ্য পৰ্যটনস্থলী সমূহ হল জাতীয় সংসদ ভৱন, ঢাকা বিশ্ববিদ্যালয়, মুক্তিযুদ্ধ যাদুঘৰ, বাংলাদেশ জাতীয় যাদুঘৰ , জাতীয় ছহিদ মিনাৰ, লালবাগৰ কিল্লা[12] ইত্যাদি।
সাম্প্ৰতিক দশকসমূহত ঢাকাৰ পৰিবহণ, যোগাযোগ ব্যৱস্থা আৰু শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব আধুনিকৰণ দেখা গৈছে। বৰ্তমানে এই চহৰ প্ৰচুৰ বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে ব্যৱসায় ব্যবসায়-বাণিজ্যৰ পৰিধি ভাঙি পৰিবহণত সক্ষম হৈছে। গোটেই দেশৰ পৰা অনেক মানুহ জীৱিকাৰ সন্ধানত ঢাকালৈ আহে। এইবোৰ কাৰণৰ বাবেই ঢাকা বিশ্বৰ দ্ৰুততম ক্ৰমবৰ্ধমান নগৰী হৈ পৰিছে। এই লক্ষ্য বাস্তৱয়ানত মালয়েছিয়া, জাপান, চীনসহ বিভিন্ন দেশ আৰ্থিক সহযোগিতা আৰু বিনিয়োগ কৰিছে।[13][14]
ঢাকাৰ নামকৰণৰ সঠিক ইতিহাস লৈ ব্যাপক মতভেদ আছে। কথিত আছে যে, সেন বংশৰ ৰজা বল্লাল সেন বুঢ়ী গংগা নদীৰ তীৰৱৰ্তী অঞ্চলত ভ্ৰমণ কৰি থাকোঁতে সন্নিহিত হাবিত দেৱী দুৰ্গাৰ এটি বিগ্ৰহ পায়। দেৱী দুৰ্গাৰ প্ৰতি শ্ৰদ্ধা স্বৰূপ ৰজা বল্লাল সেনে সেই অঞ্চলত এটা মন্দিৰ প্ৰতিষ্ঠা কৰে। যিহেতু দেৱীৰ বিগ্ৰহ ঢাকা বা গুপ্ত অৱস্থাত বিচাৰি পোৱা গৈছিল সেয়ে ৰজায়ে এই মন্দিৰৰ নাম ঢাকেশ্বৰী মন্দিৰ ৰাখে। এই মন্দিৰৰ নামৰ পৰায়ে কালক্ৰমত ঠাইখনৰ নাম ঢাকা হৈ পৰে। আকৌ অনেক ঐতিহাসিকৰ মতে, মোগল সম্ৰাট জাহাঙ্গীৰ যেতিয়া ঢাকাক চুবা বাংলাৰ ৰাজধানী হিচাপে ঘোষণা কৰে; তেতিয়া চুবেদাৰ ইছলাম খান আনন্দৰ বহিঃ প্ৰকাশ ৰূপে গোটেই চহৰত 'ঢাক' বজোৱাৰ নিৰ্দেশ দিয়ে। এই ঢাক বজোৱাৰ কাহিনী মুখে মুখে চলি কিংবদন্তিৰ ৰূপ লয় আৰু তাৰ পৰায়ে চহৰ খনৰ নাম ঢাকা হয়। উল্লেখযোগ্য যে, মোগল সম্ৰাজ্যৰ কিছু সময় ঢাকা সম্ৰাট জাহাঙ্গীৰৰ প্ৰতি সন্মান জনাই জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল। ঢাকা নগৰীক বৰ্তমান দুইভাগত বিভক্ত কৰা হৈছে- ঢাকা দক্ষিণ আৰু ঢাকা উত্তৰ। ঢাকা দক্ষিণ মূলতঃ মূল নগৰী। ঢাকা উত্তৰ ঢাকাৰ নবীন বৰ্ধিত উপচহৰ সমূহৰে গঠিত।
ঢাকা মধ্য বাংলাদেশত বুঢ়ী গংগা নদীৰ পাৰত ২৩°৪২' ৰ পৰা ২৩°৫৪' উত্তৰ অক্ষাংশ আৰু ৯০°২০' ৰ পৰা ৯০°২৮' পূব দ্ৰাঘিমাংশ পৰ্যন্ত বিস্তৃত। নিম্ন গংগা-ব্ৰহ্মপুত্ৰ সমভূমিত অৱস্থিত এই চহৰৰ মুঠ আয়তন সাঁচ:Convert/LoutAoffDbSoff।[15] ঢাকাত মুঠতে ৫০টা থানা, ১৩০টা ৱাৰ্ড আৰু ৭২৫টা মোহল্লাত বিভক্ত। ঢাকা জিলাৰ আয়তন ১৪৬৩.৬০ বৰ্গ কিলোমিটাৰ (৫৬৫ বৰ্গমাইল)। এই জিলা গাজীপুৰ জিলা, টাংগাইল জিলা, ,মুন্সিগঞ্জ জিলা, ৰাজবাড়ী জিলা, নাৰাায়ণগঞ্জ জিলা আৰু মাণিকগঞ্জ জিলাৰ দ্বাৰা বেষ্টিত।[16] ক্ৰান্তীয় বৃক্ষ, আৰ্দ্ৰ মৃত্তিকা আৰু সমুদ্ৰপৃষ্ঠৰ লগত সমান সমতলভূমি এই জিলাৰ বৈশিষ্ট্য। এই কাৰণে বৰ্ষা কালত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ঢাকাত প্ৰায়ে বানপানী হোৱা দেখা যায়।[17]
ঢাকাৰ জলবায়ু প্ৰধানত উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মমণ্ডলীয়। কোপেন জলবায়ু শ্ৰেণীবিভাগৰ মতে, ঢাকাৰ জলবায়ু ক্ৰান্তীয় সমভাবাপন্ন। ইয়াত বাৰ্ষিক গড় তাপমাত্ৰা ২৭.৫ ডিগ্ৰী চেলচিয়াছ (৮১.৫ ডিগ্ৰী ফাৰেনহাইট) আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ মাজত তাপমাত্ৰা ১৯.৫ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ (৬৭ৰ পৰা ৯০ ডিগ্ৰী ফাৰেনহাইট) মাজত থাকে।[18] মে'ৰ পৰা অক্টোবৰ মাহৰ মাজত গড়ে প্ৰায় ২১২১ মিলিমিটাৰ(৮৩.৫ ইঞ্চি) বৃষ্টিপাত হয় থাকে।[18][19]
ঢাকাৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 32.0 (89.6) |
34.4 (93.9) |
40.9 (105.6) |
42.2 (108.0) |
41.8 (107.2) |
40.4 (104.7) |
39.3 (102.7) |
38.5 (101.3) |
37.8 (100.0) |
36.2 (97.2) |
34.7 (94.5) |
31.2 (88.2) |
42.2 (108.0) |
গড় উষ্ণতা - উচ্চ °C (°F) | 25.4 | 28.1 | 32.5 | 33.7 (92.7) |
32.9 (91.2) |
32.1 (89.8) |
31.4 (88.5) |
31.6 (88.9) |
31.6 (88.9) |
31.6 (88.9) |
29.6 (85.3) |
26.4 (79.5) |
30.6 (87.1) |
দৈনিক গড় উষ্ণতা °C (°F) | 19.1 (66.4) |
21.8 (71.2) |
26.5 (79.7) |
28.7 (83.7) |
28.7 (83.7) |
29.1 (84.4) |
28.8 (83.8) |
29.0 (84.2) |
28.8 (83.8) |
27.7 (81.9) |
24.4 (75.9) |
20.3 (68.5) |
26.1 (79.0) |
গড় উষ্ণতা - নিম্ন °C (°F) | 12.7 (54.9) |
15.5 (59.9) |
20.4 (68.7) |
23.6 (74.5) |
24.5 (76.1) |
26.1 (79.0) |
26.2 (79.2) |
26.3 (79.3) |
25.9 (78.6) |
23.8 (74.8) |
19.2 (66.6) |
14.1 (57.4) |
21.5 (70.7) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 1.1 (34.0) |
0.0 (32.0) |
7.4 (45.3) |
12.6 (54.7) |
12.1 (53.8) |
19.2 (66.6) |
17.0 (62.6) |
17.5 (63.5) |
15.5 (59.9) |
10.1 (50.2) |
8.3 (46.9) |
4.0 (39.2) |
0.0 (32.0) |
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 7.7 (0.303) |
28.9 (1.138) |
65.8 (2.591) |
156.3 (6.154) |
339.4 (13.362) |
340.4 (13.402) |
373.1 (14.689) |
316.5 (12.461) |
300.4 (11.827) |
172.3 (6.783) |
34.4 (1.354) |
12.8 (0.504) |
2,148.0 (84.567) |
% আৰ্দ্ৰতা | 46 | 37 | 38 | 42 | 59 | 72 | 72 | 74 | 71 | 65 | 53 | 50 | 57 |
Avg. precipitation days (≥ 0.1 মিমি) | 1 | 1 | 3 | 6 | 11 | 16 | 12 | 16 | 12 | 7 | 1 | 0 | 86 |
সূৰ্যোদয়ৰ সময় | 279 | 226 | 217 | 180 | 155 | 90 | 62 | 62 | 90 | 186 | 240 | 279 | 2,066 |
উৎস নং ১: ৱেদাৰবেজ (৩০ বছৰ সময়)[20] | |||||||||||||
উৎস নং ২: চিষ্টেমা দে ক্লাছিফিকেছন বিয়ক্লামাতিকা মন্দিয়াল (চৰম),[21] বিবিচি ৱেদাৰ (আৰ্দ্ৰতা আৰু সূৰ্য )[22] |