ঢেকীয়া ঢেকীয়া শাক | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
শ্ৰেণী: | Polypodiopsida |
বৰ্গ: | Polypodiales |
উপবৰ্গ: | Aspleniineae |
পৰিয়াল: | Athyriaceae |
গণ: | Diplazium |
প্ৰজাতি: | D. esculentum |
বৈজ্ঞানিক নাম | |
Diplazium esculentum (Retz.) Sw. | |
সমাৰ্থক | |
Athyrium esculentum |
ঢেকীয়া বা ঢেকীয়া শাক (বৈজ্ঞানিক নাম: Diplazium esculentum) খাদ্য হিচাপে ব্যৱহৃত এবিধ উদ্ভিদ। এচিয়া আৰু ওচেনিয়াত এই উদ্ভিদ পোৱা যায়। সম্ভৱতঃ ই সৰ্বাধিক গ্ৰহণীয় ঢেকীয়াজাতীয় উদ্ভিদ।[1]
ই Athyriaceae পৰিয়ালৰ অন্তৰ্গত Diplazium বৰ্গৰ এবিধ উদ্ভিদ।[2][3] শ্ৰেণীৰ হিচাপত ই Polypodiopsida-ৰ অন্তৰ্গত।[4] ঢেকীয়াৰ কুমলীয়া আগসমূহ ভাজি বা চালাড প্ৰস্তুত কৰি খোৱা হয়।[5][6]
ঢেকীয়া প্ৰায় ৫০ চে.মি. ওখ ওপৰলৈ উঠি অহা কাণ্ডযুক্ত আৰু প্ৰায় ১ মিলিমিটাৰ দীঘল বাকলিৰে আবৃত এবিধ বহুবৰ্ষজীৱী উদ্ভিদ। ইয়াৰ দীঘল বাদামী ৰঙৰ ডাল থাকে আৰু ডালৰ গুৰি ক’লা তথা চুটি খোলাৰে আবৃত। ডালটোৰ দৈৰ্ঘ্য ১.৫ মিটাৰ পৰ্যন্ত হ'ব পাৰে আৰু ইয়াত সংযুক্ত পাতবোৰ প্ৰায় ৮ চে.মি. দীঘল আৰু ২ চে.মি. বহল।[7]