তথাগত অৱতাৰ তুলসী | |
---|---|
![]() | |
জন্ম | ০৯ ছেপ্টেম্বৰ, ১৯৮৭ (৩৭ বছৰ) পাটনা |
জাতীয়তা | ![]() |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থান, ব'ম্বে, মুম্বাই |
শিক্ষানুষ্ঠান | ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান পাটনা বিজ্ঞান মহাবিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | অধ্যাপক অপূৰ্ৱ পেটেল |
তথাগত অৱতাৰ তুলসী (জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭) এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে প্ৰখ্যাত। তুলসীয়ে ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে। [1] ২০১০ চনৰ জুলাই মাহত আই আই টি ব'ম্বেই তেওঁক সহকাৰী অধ্যাপকৰ চুক্তিকালীন পদ (সদ্য পি এইছ ডি প্ৰাপ্তৰ বাবে অস্থায়ী শিক্ষক পদ) আগবঢ়ায়। বৰ্তমান তুলসী আই আই টি ব'ম্বেত কৰ্মৰত।[2][3][4] বহুতো ভাৰতীয় সংবাদপত্ৰৰ মতে তেওঁ অদ্যাপি নিযুক্তিপ্ৰাপ্ত ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থানৰ অধ্যাপক সকলৰ ভিতৰত কনিষ্ঠতম।[5]