তথ্য প্ৰযুক্তি আইন ২০০০ | |
---|---|
দীঘল শিৰোনাম
| |
ভাষ্য | Information Technology Act, 2000 |
প্ৰণয়নকাৰী | ভাৰতীয় সংসদ |
প্ৰণয়ন হয় | ৯ জুন ২০০০ |
সম্মতিৰ তাৰিখ | ৯ জুন ২০০০ |
স্বাক্ষৰ হয় | ৯ মে' ২০০০ |
কাৰ্যকৰী হয় | ১৭ অক্টোবৰ ২০০০ |
উত্থাপন কৰোঁতা | প্ৰমোদ মহাজন Minister of Communications and Information Technology |
সংশোধনী | |
IT (Amendment) Act 2008 | |
স্থিতি: সংশোধিত |
তথ্য প্ৰযুক্তি আইন, ২০০০ (ইংৰাজী: Information Technology Act, 2000; চমু নাম ITA-2000, বা the IT Act) হ’ল ভাৰতীয় সংসদৰ এখন আইন (২০২০ চনৰ ২১ নং নথি) যিখনে ২০০০ চনৰ ১৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়। ই চাইবাৰ ক্ৰাইম আৰু ইলেকট্ৰনিক বাণিজ্যৰ লেনদেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতৰ প্ৰাথমিক আইন।
আন্তৰ্জাতিক বাণিজ্য আইন সম্পৰ্কীয় যুক্তৰাষ্ট্ৰৰ আয়োগটোৱে ১৯৯৬ চনত ইলেক্ট্ৰনিক বাণিজ্যৰ ওপৰত এখন আদৰ্শ আইন (Model Law) যুগুত কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৭ চনৰ ৩০ জানুৱাৰী তাৰিখে প্ৰস্তাৱ (Resolution) নং ৫১/১৬২ ৰ জৰিয়তে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে তথাকথিত আদৰ্শ আইনখনক সংশোধিত আকাৰত বলবৎকৰণত অনুকূল বিবেচনা কৰে। আদৰ্শ আইনখনে ইলেক্ট্ৰনিক যোগাযোগ ব্যৱস্থা লগতে কাগজ সৰ্বস্ব যোগাযোগ পদ্ধতি প্ৰয়োগকাৰীসকলক সুষম আইনী প্ৰতিৰক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰে। ভাৰত চৰকাৰেও ইয়াৰ আন্তৰ্জাতিক দায়বদ্ধতা ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে ২০০০ চনত প্ৰযুক্তি সম্পৰ্কীয় এখন আইন বলবৎ কৰে, যাক তথ্য প্ৰযুক্তি আইন ২০০০ বুলি জনা যায়।[1]
এই তথ্য প্ৰযুক্তি বিলখন ২০০০ চনৰ বাজেট অধিবেশনত সন্মতি পাইছিল আৰু ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণনৰ দ্বাৰা ২০০০ চনৰ ৯ মেত স্বাক্ষৰিত হৈছিল। বিলখন তৎকালীন তথ্য প্ৰযুক্তি মন্ত্ৰী প্ৰমোদ মহাজনৰ নেতৃত্বত এটি দলৰ কৰ্মকৰ্তাৰ দ্বাৰা চূড়ান্ত কৰা হৈছিল।[2]
তথ্য প্ৰযুক্তি আইনত ৪টা অনুচ্ছেদ, ১৩টা অধ্যায় আৰু ৯৪টা ধাৰা সন্নিৱিষ্ট হৈ আছে। এই আইনখন সমগ্ৰ ভাৰততে প্ৰযোজ্য। কোনো অপৰাধ যদি ভাৰতৰ অৱস্থিতত কোনো কম্পিউটাৰ বা নেটৱৰ্কৰ সৈতে জড়িত হৈ থাকে, তেন্তে অন্যান্য জাতীয়তাৰ ব্যক্তিকো এই আইনৰ জৰিয়তে আটক কৰিব পাৰিব।[3]
এই আইনত বিভিন্ন সংশোধনেৰে ৪টা অনুচ্ছেদ সংযোজিত কৰা হৈছে-[3]