তাপ মৃত্যু (ইংৰাজী: Heat death of the universe)এটি অনুকল্প [মূল শব্দৰ প্ৰয়োজন] যিয়ে বিশ্ব-ব্ৰহ্মাণ্ডৰ শেষ পৰিণতি অৰ্থাৎ অন্তৰ কথা সূচায়। ব্ৰহ্মাণ্ডই মুক্ত তাপগতীয় শক্তিবিহীন এক অৱস্থা প্ৰাপ্ত হয়। যেতিয়া শক্তি সকলোতে সমান হ'ব, বা গোটেই ব্ৰহ্মাণ্ডত 'তাপগতীয় সমতা' দেখা যাব, সেই অৱস্থাকে তাপ মৃত্যু বোলা হ'ব। ব্ৰহ্মাণ্ডত শক্তিৰ প্ৰয়োজন হোৱা আৰু কোনো কাম কৰিব পৰা নাযাব বা কোনো ধৰণৰ জীৱন ব্ৰহ্মাণ্ডত বৰ্তি থকাতো সম্ভৱ নহʼব । এই অনুকল্পৰ মতে, ব্ৰহ্মাণ্ডত 'কাম কৰাৰ ক্ষমতা' অতি সহজে হেৰাই গৈ থাকে, বিশৃংখলতাৰ পৰা সুশৃংখলতাৰ দিশে। ই তাপগতিবিজ্ঞানৰ (ইংৰাজী: Thermodynamics) দ্বিতীয় নিয়মৰ ওপৰত আধাৰিত।
তাপ মৃত্যুৰ কথা সৰ্বপ্ৰথম ৱিলিয়াম থমচন(লৰ্ড কেলভিন)এ ১৮৫০খ্ৰীষ্টাব্দত কৈছিল।
এই অনুকল্পৰ অধিসূচনা হৈছিল ১৯ শতিকাৰ বিজ্ঞানীসকলে আগ বঢ়োৱা তাপগতিবিদ্যাৰ প্ৰথম আৰু দ্বিতীয় নিয়মৰ পৰা। এই ক্ষেত্ৰত ৱিলিয়াম থমচনৰ নাম উল্লেখনীয়। বিভিন্ন পৰীক্ষাৰ পিছত কোৱা হৈছিল: "তাপ কোনো বস্তু নহয়, কিন্তু ই যান্ত্ৰিক প্ৰভাৱৰ এক গতিশীল ৰূপ, আমি স্বীকাৰ কৰো যে যান্ত্ৰিক কাৰ্য আৰু তাপৰ মাজত কাৰণ আৰু প্ৰভাৱৰ দৰে এক সমতা আছে।" পিছলৈ হাৰ্মান ভন হেল্মহল্টজ আৰু ৱিলিয়াম ৰেংকাইনে তাপ মৃত্যুৰ শাস্ত্ৰ বিকশিত কৰিলে।[1][2]
যিহেতু তাপ মৃত্যুৱেই একমাত্ৰ সম্ভৱ ফলাফল, আৰু এই শাস্ত্ৰৰ কোনো প্ৰমাণ নাই, সেয়েহে তলত উল্লেখ কৰা সময় উক্ত মতবাদত প্ৰচলিত পৰিকল্পনঝে মাথোন।