তাপতী | |
---|---|
তাপ্তি নদীৰ দেৱী | |
সম্পৰ্ক | দেৱী, নদী মাতৃ |
নিবাস | সূৰ্যলোক |
মন্ত্ৰ | ওঁ সূৰ্যপুত্ৰী মা তাপী নমঃ |
প্ৰতীক | পানী |
পিতৃ-মাতৃ | সূৰ্য আৰু ছায়া |
সহোদৰ | শনি, সবৰ্ণী মনু, শ্ৰদ্ধাদেৱ মনু, যমী, যম, আশ্বীন, ৰেবন্ত |
বাহন | মাছ |
তাপ্তি বা তাপতী (সংস্কৃত: तपती) হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁক তাপ্তি নদীৰ দেৱী আৰু দক্ষিণৰ মাতৃ-দেৱী বুলিও জনা যায় য'ত তেওঁ পৃথিৱীলৈ তাপ কঢ়িয়াই আনে। হিন্দু গ্ৰন্থানুসৰি, তাপ্তি সূৰ্যৰ এগৰাকী পত্নী ছায়া আৰু সূৰ্যৰ (সূৰ্য দেৱতা) কন্যা আছিল।[1]
তাপ্তি নামৰ আক্ষৰিক অৰ্থ হৈছে "উষ্ণতা বৃদ্ধি", "গৰম", "জ্বালা।" [2][3] কোৱা হয় যে ত্ৰিভুৱনৰ কোনেও দেৱীৰ সৌন্দৰ্য, নিখুঁত বৈশিষ্ট্য আৰু তীব্ৰ ধৰ্ম্মীয় আত্ম-অনুশাসনৰ সৈতে ফেৰ মাৰিব নোৱাৰে। [4] এই নামটো সম্ভৱতঃ চিথিয়ান দেৱতাসকলৰ ৰাণী তাবিতিৰ সৈতে সম্পৰ্কিত বুলি ভবা হয়,[5][6] তেওঁ প্ৰাচীন প্ৰটো-ইণ্ডো-ইৰানী ধৰ্মত মূলতঃ এক প্ৰভাৱশালী অগ্নি দেৱী আছিল বুলিও অনুমান কৰা হয়। [7]
হিন্দু গ্ৰন্থ অনুসৰি তাপ্তি তেওঁৰ ভক্তিৰ বাবে বিখ্যাত আছিল আৰু আন দেৱী, ৰাক্ষস, অপ্সৰা বা গন্ধৰ্বৰ তেওঁৰ সৌন্দৰ্য, স্বভাৱ বা বেদৰ জ্ঞানৰ সৈতে তুলনা নহৈছিল।[8]
তাপ্তি নদীৰ নাম সম্ভৱতঃ তাপতিৰ নামেৰে ৰখা হৈছিল বুলি বিশ্বাস প্ৰচলিত। মানুহে তেওঁক দেৱীৰ ৰূপত আৰু হিন্দু গ্ৰন্থত উল্লেখ কৰা বহুতো প্ৰশংসনীয় গুণ থকা এক গুৰুত্বপূৰ্ণ নদীৰ ৰূপত উপাসনা কৰে। [9]
তেওঁৰ বিষয়ে উল্লেখ কৰা হিন্দু গ্ৰন্থৰ বিভিন্ন আখ্যান অনুসৰি, তাপ্তিৰ আত্মীয়সকলৰ ভিতৰত সূৰ্য তেওঁৰ দেউতাক হিচাপে আৰু ছায়া তেওঁৰৰ মাতৃ হিচাপে বৰ্ণিত হৈছে, ইয়াৰোপৰি তেওঁ যামিৰ সৰু ভগ্নী আছিল আৰু তেওঁৰ দুই ভাতৃ আছিল ক্ৰমে যম আৰু শনি।[10][11] আনহাতে মৎস পুৰাণৰ আখ্যান অনুসৰি ছায়াৰ তিনিটি সন্তানৰ ভিতৰত এটি পুত্ৰ সবৰ্ণী মনু আৰু আন দুগৰাকী কন্যা ক্ৰমে তাপ্তি আৰু বিস্তী। এই পুৰাণ অনুসৰি শনি আৰু যম দেৱী তাপ্তিৰ প্ৰকৃত ভাতৃ নহয়।
তাপ্তি নদী মধ্য ভাৰতৰ এখন উল্লেখযোগ্য নদী। ৭২৪ কিলোমিটাৰ দৈৰ্ঘৰ এই নদীখন উপদ্বীপীয় ভাৰতৰ অন্যতম প্ৰধান নদী। এই অঞ্চলৰ তিনিখন পশ্চিমবাহিনী নদীৰ ভিতৰত তাপ্তি উল্লেখযোগ্য। তাপ্তি নদীৰ উৎস দক্ষিণ মধ্যপ্ৰদেশৰ সাতপুৰা পৰ্বতশ্ৰেণীৰ পূৰ্বভাগ। প্ৰথমে এই নদী পশ্চিমমুখে প্ৰবাহিত হৈ মধ্যপ্ৰদেশৰ নিমাৰ অঞ্চল, মহাৰাষ্ট্ৰ ৰাজ্যৰ খান্দেশ আৰু পূৰ্ব বিদৰ্ভ অঞ্চলৰ ওপৰেদি প্ৰবাহিত হৈ দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম কোণৰে দক্ষিণ গুজৰাটৰ চুৰাট জিলাৰ চুৰাট বন্দৰনগৰীৰ নিকট আৰৱ সাগৰত মিলিত হৈছে। সমান্তৰালভাবে প্ৰবাহিত নৰ্মদা নদীৰ সৈতে এই নদীয়ে উত্তৰ আৰু দক্ষিণ ভাৰতৰ সীমা নিৰ্দেশ কৰে। গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সীমনাৰ ওচৰত তাপ্তি নদীৰ দক্ষিণে সহ্যাদ্ৰি বা পশ্চিমঘাট পৰ্বতমালাৰ উৎস।