তামিল ৰন্ধনশৈলী (ইংৰাজী: Tamil cuisine) দক্ষিণ ভাৰতৰ তামিলনাডু আৰু শ্ৰীলংকাৰ দৰে দক্ষিণ এছিয়াৰ অন্যান্য দেশত উৎপত্তি হোৱা এক পাকশৈলী। তামিল চাউল, মাহজাতীয় শস্য, মচুৰ দাইলৰ লগতে মাংসও জনপ্ৰিয়। দুগ্ধজাত উৎপাদন আৰু টেঙা সোৱাদৰ বাবে তেতেলিৰ ব্যৱহাৰ কৰা হয়। বিশেষ উপলক্ষ্যত পৰম্পৰাগত তামিল ব্যঞ্জন বাচন-বৰ্তনৰ ঠাইত পৰম্পৰাগত পদ্ধতিৰে কলপাতত পৰিবেশন কৰা হয়। খোৱাৰ পিছত কলৰ পাত গৰু-মহৰ খাদ্য হিচাপে ব্যৱহৃত হয়। জলপানত সাধাৰণতে চাটনিৰ সৈতে ইদলি বা ডোচা খায়। দুপৰীয়াৰ আহাৰত সাধাৰণতে ভাত, সম্বৰ, দৈ, কুঝাম্বু আৰু ৰসম থাকে।[1]
‘ছাপ্পাডু’ (এবিধ সাধাৰণ খাদ্য), অন্যান্য তামিল খাদ্যৰ সৈতে কলৰ পাতত (ভাঝাই ইল্লাই) পৰিবেশন কৰা হয়। ‘পায়াসম’ৰ দৰে পুডিং প্ৰথমে খোৱা হয়। কফি আৰু চাহ প্ৰধান পানীয়।[2]
‘বিৰুন্ধু’ উৎসৱ আৰু বিবাহ অনুষ্ঠানৰ দৰে বিশেষ অনুষ্ঠানত অতিথিসকলক আগবঢ়োৱা তামিল খাদ্যৰ মূল উপাদানসমূহক বুজায়- ভাত, বিলাহীৰে ৰন্ধা ভাত, পাৰুপ্পু, সম্বৰ, ৰসম, কুঝাম্বু, পোৰিয়াল আৰু কুট্টুৰ লগত মাখনযুক্ত গাখীৰ বা দৈ মিহলাই পাচাড়ি প্ৰস্তুত কৰা হয়। পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰিবলৈও শুকান আৰু সতেজ ফল-মূল বা শাক-পাচলি ব্যৱহাৰ কৰা হয়। নিমখ, আচাৰ, বড়া, পায়াসম, আপ্পলম আৰু অৱিয়াল পৰিবেশন কৰা হয়। খোৱা হোৱাৰ পাচন ক্ৰিয়া বৃদ্ধিৰ বাবে চুপাৰী, পান, চূণ আৰু এটা কল আগবঢ়ায়। আৰু চূণশিলৰ পেষ্টৰ সৈতে এটা কল আৰু এটা সুমথিৰা পাত (পান) পৰিবেশন কৰা হয়। পৰম্পৰাগত খাদ্য গ্ৰহণ কৰাৰ আগতে মানুহে কলৰ পাত পানীৰে পৰিষ্কাৰ
চোলা নাডু অঞ্চলৰ ৰান্ধনীশালত চেৱাই আৰু বিভিন্ন চাটনিৰ বিশেষতা দেখা যায়। চিদাম্বৰমৰ আৰু কুম্বকোনম ফিল্টাৰ কফিৰ বাবে বিখ্যাত। থাঞ্জাভুৰ অঞ্চল পুলিয়োধাৰাই, সম্বৰ সাধম, শাক-পাচলিৰে তৈয়াৰী ভাত আৰু পোডি সাধম আদি চাউল ভিত্তিক খাদ্যৰ অন্যতম বিশিষ্ট উৎপাদক। কুথাৰাই ৱালি দোছাইৰ দৰে বাজৰাৰে তৈয়াৰী খাদ্যও প্ৰস্তুত কৰা হয়। তিৰুচিৰাপল্লীৰ চৌপাশৰ পৰা অহা মিঠা পানীৰ মাছবোৰ অনন্য সোৱাদৰ বাবে বিখ্যাত।[3]
চেটিনাড আৰু ইয়াৰ কাষৰীয়া অঞ্চল যেনে- কৰাইকুডি ইয়াৰ সাধাৰণ টেঙা খাদ্যৰ বাবে বিখ্যাত, যাক চেটিনাড খাদ্য বুলিও কোৱা হয়। ইদিয়াপ্পাম, উথাপ্পাম, পানীয়াৰামৰ দৰে খাদ্যৰ লগতে মাংসৰ ব্যঞ্জন এই অঞ্চলত প্ৰচলিত। মাদুৰাই অঞ্চলৰ নিজা অনন্য ব্যঞ্জন আছে। যেনে মুত্তাইপৰোটা, পাৰুতিপাল, কাৰিদোছাই, জেচমিন ইডলি, ইৰামিন কুঝাম্বু। ইয়াতেই গাখীৰৰ মিঠাই জিগৰথাণ্ডাৰ উৎপত্তিস্থল। চেটিনাড আৰু মাদুৰাইৰ আমিষ খাদ্য দক্ষিণ ভাৰতীয়সকলৰ ভিতৰত অন্যতম জনপ্ৰিয় খাদ্য। বিৰুধনগৰ অঞ্চলটো কয়ন পৰঠাৰ (Coin Parotta) বাবে বিখ্যাত। পৰম্পৰাগত প্ৰস্তুতিৰ বিপৰীতে কয়ন পৰঠা সাধাৰণতে তেলত ডুবাই ভজা হয় আৰু ইয়াক ছাগলী মাংসৰ ব্যঞ্জনেৰে সৈতে পৰিবেশন কৰা হয়।[3]
কংগু নাডুৰ ৰন্ধনশৈলীৰ উৎপত্তি আছিল মূলতঃ গ্ৰাম্য অঞ্চল। মূল খাদ্যৰ ভিতৰত ওপুট্টু, চান্দহাই আৰু কোলা উৰুণ্ডাই অন্যতম। কংগু নাডুৰ বহুতো খাদ্য নাৰিকল আৰু পিঁয়াজৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। কাৰণ এই অঞ্চল নাৰিকল, পিঁয়াজ আৰু মাটিমাহৰ প্ৰচুৰ পৰিমাণে পোৱা যায়।[4] থেংগাই পাল গুড়, উলুণ্ডু কালি, কাচায়াম, আৰিচিম্পাৰুপু সাদাম, কেলভাৰাগু পুট্টুমাভু, আৰিছি পুট্টুমাভু, পানীয়াৰাম, কেলভাৰাগু পাকোড়া, থেংগাই বাৰ্বি, কদলাই উৰুণ্ডাই, এল্লু উৰুণ্ডাই আৰু পৰী উৰুণ্ডাই আদি তামিল লোকে প্ৰস্তুত কৰা খাদ্যৰ ভিতৰত অন্যতম। অঞ্চলটো ভূমি আবদ্ধ হোৱাৰ বাবে তেওঁলোকে ছাগলী মাংস, কুকুৰাৰ মাংস, মিঠা পানীৰ মাছ আৰু বতা চৰাই ভক্ষণ কৰে। অৰিসম্পাৰুপু সাদাম এক অনন্য ব্যঞ্জন। তিল আৰু বাদাম তেল বহুল প্ৰচলন আছে। মূল ৰন্ধন আৰু লগতে কিছুমান কংগু নাডু খাদ্যত জুতিৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰা হয়।[4][5]
ভৌগোলিক সান্নিধ্যৰ বাবে এই অঞ্চলসমূহৰ খাদ্যৰ তেলেগু খাদ্যৰ সৈতে সাদৃশ্য আছে। গৰম আৰু টেঙা নিৰামিষ আৰু আমিষ খাদ্য প্ৰস্তুত কৰা হয়। ইদলি, দোছাই, ভজ্জি, কুট্টু, মুৰুক্কু, বড়া, তৰকাৰী আৰু কুকুৰাৰ মাংস এই অঞ্চলৰ সাধাৰণ খাদ্য।