ভাৰতীয় ধ্ৰুপদী সংগীত |
---|
ধাৰণাসমূহ |
তাল (সংস্কৃত: ताळ) শব্দৰ আক্ষৰিক অৰ্থ হৈছে 'চাপৰি বজোৱা, কাৰোবাৰ বাহুত হাতেৰে আঘাত কৰা, সংগীতৰ পৰিমাপ'।[1] ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মতে তাল হৈছে সংগীতৰ সময় চক্ৰ জুখিব পৰা যিকোনো ছন্দময় স্পন্দন বা আঘাত।[2] সাধাৰণতে হাত চাপৰি বজাই, হাতৰ লহৰৰ যোগেদি, উৰু বা আনখন হাতত আঙুলিৰে টোকৰ মাৰি, মৌখিকভাৱে, সৰু সৰু আঘাত কৰি বা ভাৰতীয় উপমহাদেশীয় পৰম্পৰাত কোনো ধৰণৰ ঘন বাদ্যযন্ত্ৰৰ দ্বাৰা তাল বজায় ৰখা হয়।[3][4] ৰাগৰ সৈতে তালে সুৰীয়া আচ্ছাদন সৃষ্টি কৰি সংগীতৰ জীৱনচক্ৰ গঠন।[5]
তাল হিন্দু ধৰ্মৰ বৈদিক যুগৰ গ্ৰন্থ যেনে সমবেদ আৰু বৈদিক শ্ৰুতিসমূহ গোৱাৰ পদ্ধতিৰ পৰা অনুসন্ধান কৰিব পৰা সংগীতৰ এক প্ৰাচীন ধাৰণা।[6][7][8] উত্তৰ আৰু দক্ষিণ ভাৰতৰ সংগীত পৰম্পৰা বিশেষকৈ ৰাগ আৰু তাল ব্যৱস্থাক প্ৰায় ১৬ শতিকালৈকে সুকীয়া বুলি গণ্য কৰা হোৱা নাছিল। ভাৰত উপমহাদেশৰ ইছলামিক শাসনৰ সময়ছোৱাতহে এই পৰম্পৰাবোৰ পৃথক হৈ সুকীয়া ৰূপত বিকশিত হৈছিল। উত্তৰৰ তাল ব্যৱস্থাক হিন্দুস্তানী বুলি কোৱা হয়, আনহাতে দক্ষিণৰ ব্যৱস্থাক কৰ্ণাটকী বোলা হয়।[6] এই দুয়োটা পৃথক পৰম্পৰা যদিও দুয়োটা পৰম্পৰাৰ মাজৰ তাল ব্যৱস্থাত পাৰ্থক্যতকৈ অধিক সাধাৰণ বৈশিষ্ট্যহে দেখা পোৱা যায়।[9]
ভাৰতীয় পৰম্পৰাত তালে সংগীতৰ সময়ৰ মাত্ৰাক প্ৰতিনিধিত্ব কৰে, যিটো মাধ্যমৰ দ্বাৰা সংগীতৰ ছন্দ আৰু ৰূপক পৰিচালিত আৰু প্ৰকাশ কৰা হয়।[10] তালে সংগীতৰ পৰিমাপ কঢ়িয়াই লৈ ফুৰে যদিও ইয়াৰ অৰ্থ এইটো নহয় যে তালৰ আৰ্হি নিয়মিতভাৱে পুনৰাবৃত্তিমূলক হয়। প্ৰধান ধ্ৰুপদী ভাৰতীয় সংগীত পৰম্পৰাত সংগীত কেনেকৈ পৰিবেশন কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰি তালৰ মাত্ৰাবোৰ স্তৰভিত্তিকভাৱে সজোৱা হয়।[3] দক্ষিণ ভাৰতীয় ব্যৱস্থাত আটাইতকৈ বেছি ব্যৱহৃত তাল হৈছে আদি তাল।[3] উত্তৰ ভাৰতীয় ব্যৱস্থাৰ এটা সাধাৰণতে ব্যৱহৃত তাল হৈছে তিনতাল।
হিন্দু ধৰ্মৰ প্ৰাচীন সংস্কৃত গ্ৰন্থসমূহত তালৰ অন্যান্য প্ৰসংগভিত্তিক অৰ্থ পোৱা যায়। উদাহৰণস্বৰূপে, সংস্কৃতত তাল শব্দই এজোপা গছ আৰু তাৰ ফলকো বুজায়।[1]