তাৰাবাই শিন্দে | |
---|---|
জন্ম | ১৮৫০ বুলধানা, বেড়াৰ প্ৰভিন্স, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ১৯১০ (বয়স ৫৯–৬০) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নাৰীবাদী, মহিলা অধিকাৰ কৰ্মী, লেখিকা |
উল্লেখযোগ্য কৰ্ম | 'স্ত্ৰী পুৰুষ তুলনা' (১৮৮২) |
তাৰাবাই শিন্দে (ইংৰাজী: Tarabai Shinde, ১৮৫০-১৯১০) [1] এগৰাকী ভাৰতীয় নাৰীবাদী, নাৰী অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ঊনবিংশ শতিকাৰ ভাৰতত পিতৃতান্ত্ৰিকতা আৰু জাতিবাদৰ প্ৰতিবাদ কৰিছিল। ১৮৮২ চনত মাৰাঠী ভাষাত প্ৰকাশিত তেওঁৰ ৰচনা 'স্ত্ৰী পুৰুষ তুলনা'ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। এই পত্ৰিকাখনত উচ্চ-বৰ্ণৰ পিতৃতান্ত্ৰিকতাৰ সমালোচনা কৰা হৈছে আৰু ইয়াক প্ৰায়ে প্ৰথম আধুনিক ভাৰতীয় নাৰীবাদী লিখনিৰ নিদৰ্শন বুলি গণ্য কৰা হয়।[2] হিন্দু ধৰ্মীয় শাস্ত্ৰসমূহক মহিলাৰ উৎপীড়নৰ উৎস হিচাপে প্ৰত্যাহ্বান জনোৱাটো সেই সময়ৰ বাবে অতি বিতৰ্কিত আছিল। তেওঁ সত্যশোধক সমাজৰ সদস্য আছিল।[3]
১৮৫০ চনত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ বেড়াৰ প্ৰদেশৰ বুলধানাৰ এক মাৰাঠী পৰিয়ালত বাপুজী হৰি শিন্দেৰ ঘৰত তাৰাবাইৰ জন্ম গ্ৰহণ কৰিছিল। তেওঁ পুনেৰ সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁৰ দেউতাক ৰাজহ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্য কেৰাণী আছিল। তেওঁৰ দেউতাক এগৰাকী গোড়া হিন্দু আছিল আৰু ১৮৭১ চনত তেওঁ "শিক্ষিত স্থানীয়লোকসকললৈ ইঙ্গিত" শীৰ্ষক এখন কিতাপও প্ৰকাশ কৰিছিল। তেওঁলোকৰ অঞ্চলটোত কোনো ছোৱালীৰ বাবে বিদ্যালয় নাছিল। তাৰাবাই পৰিয়ালৰ একমাত্ৰ কন্যা আছিল আৰু তেওঁৰ দেউতাকে ঘৰতে মাৰাঠী, সংস্কৃত আৰু ইংৰাজী শিকাইছিল। তেওঁৰ চাৰিজন ভায়েকও আছিল।[4][5] তাৰাবাইয়ে সেই সময়ত প্ৰচলিত সামাজিক ৰীতি অনুসৰি অতি কম বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু তেওঁৰ স্বামীয়ে সেই সময়ৰ বেছিভাগ মাৰাঠী পত্নীতকৈ ঘৰখনত অধিক স্বাধীনতা প্ৰদান কৰিছিল।[6]
তাৰাবাই শিন্দে সামাজিক কৰ্মী জ্যোতিৰাও আৰু সাৱিত্ৰীবাই ফুলেৰ সহযোগী আছিল আৰু সত্যশোধক সমাজ সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁলোকে সত্য সন্ধান সম্প্ৰদায় হিচাপে সত্যশোধক সমাজ পুনেত প্ৰতিষ্ঠা কৰিছিল। ফুলে দম্পতীদ্বয় শিন্দেৰ সৈতে লিংগ বৈষম্য আৰু জাতিবাদ প্ৰথা আৰু ইয়াৰ উৎপীড়নৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছিল। ইয়াৰ লগতে দুয়োটাৰ আন্তঃসংযোগী প্ৰকৃতিৰ বিষয়েও সমাজক জনাইছিল।
তাৰাবাই শিন্দেৰ জনপ্ৰিয় সাহিত্য কৰ্ম হৈছে মাৰাঠী ভাষাত লিখা "স্ত্ৰী পুৰুষ তুলনা।" তেওঁৰ ৰচনাত শিন্দে জাতিগত সামাজিক বৈষম্য, লগতে হিন্দু সমাজত জাতিবাদ বিদ্বেষৰ মুখ্য ৰূপ হিচাপে উল্লেখ কৰি পুৰুষতান্ত্ৰিক দৃষ্টিভংগীক সমালোচনা কৰিছিল। চুচি থাৰু আৰু কে. ললিতাৰ মতে, "... ভক্তি যুগৰ কবিতাৰ পিছত স্ত্ৰী পুৰুষ তুলনা সম্ভৱতঃ প্ৰথম পূৰ্ণাংগ আৰু প্ৰশংসনীয় নাৰীবাদী বিতৰ্ক। কিন্তু তাৰাবাইৰ কামো গুৰুত্বপূৰ্ণ কিয়নো যি সময়ত বুদ্ধিজীৱী আৰু কৰ্মীসকলে প্ৰাথমিকভাৱে এগৰাকী হিন্দু বিধৱা মহিলাৰ জীৱনৰ কষ্ট আৰু মহিলাৰ ওপৰত সংঘটিত অন্যান্য সহজে চিনাক্ত কৰিব পৰা অত্যাচাৰৰ সৈতে সম্পৰ্কিত আছিল, তাৰাবাই শিন্দে, স্পষ্টতঃ এককভাৱে কাম কৰি, পুৰুষতান্ত্ৰিক সমাজৰ আদৰ্শগত গাঁথনি অন্তৰ্ভুক্ত কৰিবলৈ বিশ্লেষণৰ পৰিসৰ বহল কৰিবলৈ সক্ষম হৈছিল। তেওঁ বুজায় যে সকলো ঠাইতে মহিলাসকলেও একেদৰে নিপীড়িত হয়।"
১৮৮১ চনত পুনেৰ পৰা প্ৰকাশিত এক গোঁড়া বাতৰি কাকত পুনে বৈভৱত ৰাজহুৱা লাঞ্ছনা আৰু বৰ্জনৰ ভয়ত তেওঁৰ অবৈধ পুত্ৰক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হোৱা চুৰাটৰ বিজয়লক্ষ্মী নামৰ এগৰাকী ব্ৰাহ্মণ যুৱতী (উচ্চ বৰ্ণৰ) বিধৱাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ বিষয়ে প্ৰকাশিত এক প্ৰবন্ধৰ উত্তৰত 'স্ত্ৰী পুৰুষ তুলনা' লিখা হৈছিল। এই গোচৰত বিজয়লক্ষ্মী দোষী সাব্যস্ত হৈছিল আৰু তেওঁক ফাঁচীৰ শাস্তি বিহা হৈছিল। পিছলৈ এই শাস্তি আজীৱন কাৰদণ্ডলৈ পৰিৱৰ্তন কৰা হৈছিল।[4][7][6] পুনৰ বিবাহ কৰিবলৈ নিষেধ কৰা উচ্চ বৰ্ণৰ বিধৱাসকলৰ সৈতে কাম কৰাৰ পিছত শিন্দেয়ে বিধৱাসকলক আত্মীয়ৰ দ্বাৰা গৰ্ভধাৰণ কৰাৰ ঘটনাৰ বিষয়ে ভালদৰে অৱগত আছিল। কিতাপখনে "ভাল মহিলা" আৰু "পতিতা"ৰ মাজত মহিলাসকলে আগবাঢ়িব লাগিব বুলি বিশ্লেষণ কৰিছিল। কিতাপখন ১৮৮২ চনত পুনেৰ শ্ৰী শিৱাজী প্ৰেছত ৫০০টা প্ৰতিলিপি মুদ্ৰণ কৰা হৈছিল যাৰ প্ৰতি কপিৰ মূল্য আছিল ন আনা।[8] কিন্তু সমসাময়িক সমাজ আৰু ছপা মাধ্যমৰ পৰা প্ৰতিকূল ব্যৱহাৰ আৰু বিৰোধৰ বাবে ইয়াৰ পুনৰ প্ৰকাশ কৰা হোৱা নাছিল।[9] অৱশ্যে [[জ্যোতিৰাও ফুলে] নামৰ এজন বিশিষ্ট মাৰাঠী সমাজ সংস্কাৰক তেওঁৰ এই কামৰ প্ৰশংসা কৰে যিয়ে তাৰাবাইক চিৰঞ্জীৱনী (মৰমৰ কন্যা) বুলি উল্লেখ কৰে আৰু সহকৰ্মীসকলক তেওঁৰ পত্ৰিকা পঢ়িবলৈ পৰামৰ্শ দিয়ে। ১৮৮৫ চনত জ্যোতিবা ফুলেয়ে আৰম্ভ কৰা সত্যশোধক সমাজৰ আলোচনী 'সৎচাৰ'ৰ দ্বিতীয় সংখ্যাত তেওঁৰ এই কামৰ উল্লেখ পোৱা যায়। অৱশ্যে তাৰ পিছত ১৯৭৫ চনলৈকে এই গ্ৰন্থখন বহুপৰিমাণে অজ্ঞাত আছিল। ১৯৭৫ চনত ইয়াক পুনৰ আৱিষ্কাৰ আৰু পুনৰ প্ৰকাশ কৰা হয়।[2]