তিতা চঁপা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Magnoliids |
বৰ্গ: | Magnoliales |
পৰিয়াল: | Magnoliaceae |
গণ: | Magnolia |
প্ৰজাতি: | M. champaca |
বৈজ্ঞানিক নাম | |
Magnolia champaca (L.) Baill. ex Pierre[1] | |
সমাৰ্থক[2] | |
|
তিতা চঁপা (বৈজ্ঞানিক নাম: Magnolia champaca) হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি।[3] পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল।[3] ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।
তিতা চঁপাৰ বৈজ্ঞানিক নামৰ champaca পদাংশ সংস্কৃত শব্দ চম্পকৰ (উচ্চাৰণ tʃaɱpaka)[4] পৰা আহৰণ কৰা হৈছে। ইয়াক ইংৰাজীত চম্পক(champak) বুলি কোৱা হয়।[5]
এই গছ, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া−ইণ্ডোচাইনা আৰু দক্ষিণ চীনেৰে গঠিত ভাৰতমালয় অঞ্চলৰ স্থানীয় গছ।[6]
ইয়াক গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰিৱেশত বহল পাতৰ অৰণ্যৰ অঞ্চলত, ২০০–১,৬০০ মিটাৰ (৬৬০–৫,২৫০ ফুট) উচ্চতালৈ পোৱা যায়।[3] ইয়াৰ মূল বাসস্থান মালদ্বীপ, বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, থাইলেণ্ড আৰু ভিয়েটনাম।[3] চীনত ই দক্ষিণ তিব্বত আৰু দক্ষিণ/দক্ষিণ-পশ্চিম ইউনান প্ৰদেশৰ স্থানীয় গছ।[3][7] ২০২১ চনত য়েমেনত এম.চাম্পাকাৰ নামে এটা পৃথক, অনুমাণিক স্থানীয় এক প্ৰজাতি চিনাক্ত কৰা হয়, ফলত এম. চেম্পাকা প্ৰজাতি মেগনোলিয়াচিয়াৰ একমাত্ৰ প্ৰজাতি যিটো আৰব উপদ্বীপত পোৱা যায় বুলি জনা গৈছে।[8]
এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |