তীজ | |
---|---|
নেপালত মহিলাৰ তীজ উদযাপন কৰা | |
প্ৰকাৰ | মৌচুমী উৎসৱ |
তীজ (ইংৰাজী: Teej) হৈছে ভাৰতৰ বহুতো প্ৰান্তত (মুখ্যতঃ উত্তৰ আৰু মধ্য ভাৰতত) আৰু নেপালত বিবাহিতা মহিলাসকলে উদযাপন কৰা হিন্দু উৎসৱ। তীজ শ্ৰাৱণ মাহৰ (জুলাই-আগষ্ট) তৃতীয় আৰু চতুৰ্থ দিন উদযাপন কৰা হয়।[1] তীজ মহিলাসকলৰ বাবে দেৱী পাৰ্বতীৰ উপাসনা কৰাৰ দিন। মহিলাসকলে প্ৰায়ে তীজ উদযাপনত উপবাস কৰে। এই দিনটোতে দেৱী পাৰ্বতীৰ দীৰ্ঘদিনীয়া বিচ্ছেদৰ পিছত তেওঁৰ স্বামী ভগৱান শিৱৰ সৈতে পুনৰমিলন হৈছিল।[1] এই দিনটোত বিবাহিত মহিলাসকলে সুখী বিবাহিত জীৱন আৰু তেওঁলোকৰ সন্তানৰ শান্তি আৰু সমৃদ্ধিৰ বাবে দেৱীৰ উপাসনা কৰে। সেউজীয়া, ৰঙা, বা হালধীয়া পোছাক পিন্ধি হাত আৰু ভৰিত ৰঙা জেতুকাৰ (হেনা) সূক্ষ্ম ডিজাইনত ৰং লগাই তেওঁলোকে মা দেৱীৰ উপাসনা কৰে আৰু দেৱীৰ প্ৰশংসাত গান গায়। তাৰ পিছত তেওঁলোকে নিজকে দোলনাত জুলায়। নৱবিবাহিত মহিলাৰ বাবে এই উদযাপন বিশেষ গুৰুত্বপূৰ্ণ।[1]
হাৰিয়ালী তীজ (বা সেউজীয়া তীজ) আৰু হৰতালিকা তীজত বাৰিষা ঋতুক আদৰণি জনাই মুখ্যতঃ মহিলাসকলে গান, নৃত্য আৰু প্ৰাৰ্থনাৰ ৰীতি-নীতিৰে উদযাপন কৰে।[2] এই সময়ত সেউজীয়া গছ আৰু পাতৰ প্ৰাচুৰ্যৰ বাবে ইয়াক সেউজীয়া তীজ বুলি কোৱা হয়।[1] শ্ৰাৱণ আৰু ভদ্ৰপদ মাহত বাৰিষা উদযাপন কৰিবলৈ মহিলাসকলে পৰম্পৰাগতভাৱে তিজ উৎসৱ পালন কৰে। তীজৰ সময়ত মহিলাসকলে প্ৰায়ে পাৰ্বতী আৰু শিৱক প্ৰাৰ্থনা কৰে।[3]
হৰিতালিকা তীজ হৰিয়েলী তীজৰ এমাহ পিছত আহে আৰু বেছিভাগ গণেশ চতুৰ্থীৰ এদিন আগতে উদযাপন কৰা হয়। এই ওউৎসৱটোও কেৱল বিশেষভাৱে মহিলাসকলে উদযাপন কৰে। হৰতালিকা হৈছে হিন্দী শব্দ "হৰিত" আৰু "আলিকাৰ" এক সংমিশ্ৰণ যাৰ অৰ্থ হৈছে ক্ৰমান্বয়ে "অপহৰণ" আৰু "মহিলা বন্ধু"। হৰিতালিকা তীজৰ কিংবদন্তি অনুসৰি পাৰ্বতীয়ে শৈলপুত্ৰী হিচাপে আবিৰ্ভাব হৈছিল।[4]
আখা তীজ (বা অক্ষয় তৃতীয়া) যি তীজ ব'হাগ মাহত উদযাপন কৰা হয়।[4]
কাজৰী তীজ ভাদ মাহৰ শুক্লপক্ৰ তৃতীয় দিনা উদযাপন কৰা এক তীজ উৎসৱ। কজাৰী শব্দটোৱে লোকগীত সূচিত কৰে, যিবোৰ সাধাৰণতে বেছিভাগ ভাৰতৰ গ্ৰাম্য অঞ্চলত শ্ৰাৱণ আৰু ভদ্ৰ মাহত গোৱা হয়। মহিলাসকলে শিৱ, পাৰ্বতী, গণেশ আৰু কৃষ্ণক কাজৰী গান গাই প্ৰাৰ্থনা কৰি উৎসৱটো উদযাপন কৰে। অন্যান্য তীজ উৎসৱৰ দিনৰ দৰে, মহিলাসকলে এই দিনটোত তেওঁলোকৰ স্বামীসকলৰ দীৰ্ঘ জীৱন আৰু সুখকামনা কৰি উপবাস কৰে।[4]
তেলঙ্গানাৰ কাজল তীজ হৈছে এক বিস্তৃত উদযাপন আৰু ইয়াক কাজল তিজ বুলি কোৱা হয়। কাজল টিজ বঞ্জৰা জনজাতিৰ আটাইতকৈ ডাঙৰ উৎসৱবোৰৰ ভিতৰত এটা।[5]
তীজক পঞ্জাবত তীয়া বুলি কোৱা হয় আৰু ইয়াক মৌচুমীৰ আৰম্ভণিতে উদযাপন কৰা এক ঋতুগত উৎসৱ হিচাপে দেখা যায়।[6] বিদ্যালয় আৰু মহাবিদ্যালয়ত মেলাৰ আয়োজন কৰা হয় য'ত নৃত্য আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।[7]
পাপ্ত তথ্য মতে তীজ শব্দটোৱে সাধাৰণতে প্ৰতি মাহৰ অমাবস্যাৰ পিছত তৃতীয় দিন আৰু পূৰ্ণিমাৰ পিছত তৃতীয় দিনক বোজায়। মৌচুমী ঋতুত, এই উৎসৱ হিন্দু শ্ৰাৱণ মাহত চন্দ্ৰ হ্ৰাস হোৱাৰ তৃতীয় দিনা, আৰু হিন্দু ভাদ্ৰপদ মাহত চন্দ্ৰ হ্ৰাস হোৱাৰ তৃতীয় দিনা উদযাপন কৰা হয়।[8] আন এক তথ্য মতে তীজৰ অৰ্থ হৈছে নৃত্য, গান, কাহিনী কোৱা, নতুন কাপোৰ পিন্ধা, আৰু উৎসৱৰ খাদ্য ৰন্ধা।[9]
হিন্দু শাস্ত্ৰ অনুসৰি, দেৱী পাৰ্বতী হৈছে ভগৱান শিৱৰ প্ৰথম পত্নী সতিৰ অৱতাৰ। দেৱী পাৰ্বতীৰ দেউতাকে শিৱক অস্বীকাৰ কৰাৰ প্ৰতিবাদত দেৱীয়ে নিজৰ দেহ বলিদান কৰিছিল। সেয়েহে ভগৱান শিৱ শোকত মৰ্মাহত হৈ ধ্যানমগ্ন হৈছিল। শিৱক তেওঁৰ ধ্যানাৱস্থাৰ পৰা বাহিৰলৈ আনিবলৈ আৰু দেৱীক পুনৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ দেৱী পাৰ্বতীয়ে ১০৮টা জন্ম লৈছিল। দেৱীৰ ১০৮তম জন্মত শিৱই তেওঁক পুনৰ পত্নী হিচাপে গ্ৰহণ কৰে।[10] পৌৰাণীক কাহিনী অনুসৰি, দেৱী পাৰ্বতীয়ে এই দিনটো পবিত্ৰ বুলি ঘোষণা কৰিছিল আৰু লগতে ঘোষণা কৰিছিল যে যিসকলে এই দিনত তেওঁক আৱাহন কৰিব তেওঁৰ সকলো মনৰ আশা পুৰন হʼব।[9]
|