তুৰ্কমেনিস্তানৰ নাৰীসকলে (ইংৰাজী: Women in Turkmenistan) দেশৰ জনসংখ্যাৰ ৫০.৮% অধিকাৰ কৰি আছে।[1] সাধাৰণতে তেওঁলোকৰ ভূমিকা সমাজত নিৰ্ধাৰিত আৰু পুৰুষৰ তুলনাত অধিকাৰ কম। চৰকাৰী চেন্সৰশ্বিপ আৰু নিৰ্ভৰযোগ্য চৰকাৰী তথ্যৰ অভাৱৰ বাবে দেশত মহিলাৰ অধিকাৰৰ অধ্যয়ন কঠিন হৈ পৰিছে।
তুৰ্কমেনিস্তানৰ সংবিধানৰ ১৮ নং অনুচ্ছেদৰ অধীনত মহিলাসকলক পুৰুষৰ সমানেই অধিকাৰ নিশ্চিত কৰা হৈছে।[2] কাৰ্যক্ষেত্ৰত অৱশ্যে তেওঁলোকে নিয়মিত ৰাজনৈতিক আৰু সমাজৰ বৈষম্যৰ সন্মুখীন হয়। মহিলাসকলক স্বতন্ত্ৰ মহিলা সংগঠন গঠন কৰিবলৈ দিয়া নহয় আৰু গঠন কৰিলেও এনে সকলো সংগঠন তুৰ্কমেনিস্তানৰ মহিলা সংঘৰ অধীনত পঞ্জীভুক্ত হ'ব লাগিব।[3] সংঘই দেশৰ সংসদৰ ১৬.৮% অংশ অধিকাৰ কৰি আছে। বেছিভাগ মহিলাই ঘৰত মাতৃ বা গৃহিণী হিচাপে, নাইবা বজাৰত বিক্ৰেতা হিচাপে কাম কৰে।[4] দেশখনৰ ইছলামিক শিপা কেইবা শতিকা পুৰণি যদিও তুৰ্কমেন মহিলাসকলে কেতিয়াও মুখ ঢাকি ৰখা নাছিল আৰু তাৰ কোনো প্ৰয়োজনো নহয়। চুবুৰীয়া দেশৰ মহিলাসকলতকৈ তুৰ্কমেন মহিলাসকল সদায় অধিক স্পষ্টবাদী আৰু সামাজিকভাৱে অধিক সক্ৰিয়।
তুৰ্কমেনিস্তান মধ্য এছিয়াৰ এখন দেশ। বিগত শতিকাসমূহত তুৰ্কমেনিস্তানৰ ভূখণ্ডত পাৰ্চী সাম্ৰাজ্য, মহান আলেকজেণ্ডাৰ, মুছলমান, মংগোল, তুৰ্কী জনগোষ্ঠী, ৰাছিয়ান আদিৰ দৰে অসংখ্য সভ্যতাৰ পৰিৱৰ্তন হৈছে। ২০ শতিকাৰ বেছিভাগ সময় তুৰ্কমেনিস্তান ছোভিয়েট ইউনিয়নৰ অংশ আছিল, যি ১৯৯১ চনত ইয়াৰ পতনলৈকে অটুট আছিল। পূৰ্বৰ ছোভিয়েট ৰাষ্ট্ৰৰ দৰেই ১৯৯০ চনত দেশখনৰ অৰ্থনীতিৰ পতন ঘটে আৰু দেশখন সামাজিক সমস্যাৰ সন্মুখীন হয়। আজি তুৰ্কমেনিস্তান প্ৰায় আধা চহৰীয়া আৰু আধা গ্ৰাম্য৷ ইয়াৰ জনসংখ্যা বহুলাংশে মুছলমান (৮৯%), কিন্তু ইয়াত পূব ৰক্ষণশীল সংখ্যালঘুও আছে।[5] মুঠ প্ৰজননৰ হাৰ ২.০৯ টা জন্ম হোৱা শিশু/মহিলা (২০১৫ চনৰ অনুমান মতে)।[5]
ছোভিয়েট যুগত মহিলাসকলে স্বামীৰ কৰ্মজীৱন ৰক্ষাৰ বাবে কিছুমান মুছলমান অনুষ্ঠান পালনৰ দায়িত্ব গ্ৰহণ কৰিছিল।[6] বহু মহিলাই অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ বাবে কৰ্মশক্তিত প্ৰৱেশ কৰিছিল, যিটো কাৰকে কিছুমান পৰম্পৰাগত পাৰিবাৰিক পদ্ধতিত ব্যাঘাত জন্মাইছিল আৰু বিবাহ বিচ্ছেদৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিছিল।[6] একে সময়তে শিক্ষিত নগৰীয়া মহিলাসকলে পেছাদাৰী সেৱা আৰু কৰ্মজীৱনত প্ৰৱেশ কৰে।[6] ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত পৰম্পৰাগত মূল্যবোধে পুনৰ দৃঢ়ভাৱে খোপনি পুতিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত ঘৰতে আবদ্ধ হৈ থকা আৰু সমকক্ষ পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ থকা মহিলাৰ সংখ্যা বৃদ্ধি পালে।[7]
ৰন্ধনকাৰ্খ মহিলাৰ কামৰ মূল ক্ষেত্ৰ। চুবুৰীয়া বা আত্মীয়ই কেতিয়াবা ঘৰৰ কামত সহায় কৰিবলৈ নোকোৱাকৈ আহি উপস্থিত হয়। কেতিয়াবা হয়তো তেওঁলোকে নিজৰ ঘৰৰ কামবোৰো একেলগে কৰিবলৈ সামাজিকভাৱে মিলিত হ’ব পাৰে। খাদ্য প্ৰস্তুতৰ কাম মুকলি আকাশৰ লগতে ঘৰৰ ভিতৰৰ পাকঘৰতো কৰা হয়। ধূমপান কৰা মাংস আৰু পপিং কৰ্ণৰ দৰে কামবোৰ পুৰুষে কৰে আৰু প্ৰায়ে সামাজিক ক্ষেত্ৰত একত্ৰিত হোৱাৰ সুযোগলৈ পৰিণত হয়।[8]
পুৰুষ-মহিলা হয়তো একে ঠাইতে বহি খাব পাৰে, কিন্তু সামাজিক অনুষ্ঠানৰ সময়ত তেওঁলোকক পৃথক কৰা হয়। কিছুমান মহিলাই বিয়াৰ পিছত প্ৰাৰম্ভিক বছৰত যশমাক (মূৰত পিন্ধা বস্ত্ৰবিশেষ)ৰ প্ৰথা আগবঢ়াই লৈ যায়। পুৰুষ অতিথিৰ প্ৰতি বাধা দেখুৱাবলৈ আৰু শাহুৱেকক সন্মান প্ৰদৰ্শন কৰিবলৈ পত্নীয়ে স্কাৰ্ফৰ চুকটো দাঁতত চেপি ধৰে। স্কাৰ্ফখনে তেওঁৰ লগত যোগাযোগ কৰাত বাধা দিয়ে। বিয়াৰ এবছৰৰ পিছত, প্ৰথম সন্তান জন্ম হোৱাৰ পিছত বা পৰিয়ালৰ ভিতৰত কোনো সিদ্ধান্তৰ দ্বাৰা পত্নীয়ে যশমাকেৰে মূৰ ঢাকি ৰখা বন্ধ কৰিব পাৰে।[9]
মহিলাসকলে গোৰোহালৈকে ৰেচম বা মুগাৰ কাপোৰ পিন্ধে, যিবোৰ সাধাৰণতে উজ্জ্বল কমলা, বেঙুনীয়া, হালধীয়া, নীলা আৰু সেউজীয়াৰ মিশ্ৰণ। তুৰ্কমেন মহিলাৰ ডিঙিৰ ৰেখাবোৰ তললৈ নামি যোৱা বিশৃংখল সোণৰ সূতাৰ বেজীৰ কামেৰে সজাই তোলা হৈছে, ডিঙিৰ ৰেখাডাল নাভিলৈকে সজাই তোলা হৈছে।[10] মুখখন ঢাকি ৰখাটো আইন অনুসৰি প্ৰয়োজনীয় নহয়।[4][11]
ঘৰতে প্ৰস্তুত কৰা ৰেচম কেটিন নিৰ্মাণ কৰাটো বহুলাংশে কুটিৰৰ দক্ষতা হিচাপে পৰিগণিত। কেটিনৰ পৰা প্ৰস্তুত কৰা কাপোৰ পুৰুষ-মহিলা উভয়ে পিন্ধে। কেটিনৰ পৰা তৈয়াৰী সাজ-পোছাকক কইনাৰ প্ৰথা হিচাপে ব্যৱহাৰ কৰা হয়।[11] কাপোৰৰ ওপৰত এম্ব্ৰয়ডাৰীয়ে বিভিন্ন আৰ্হি উন্মোচন কৰে যিবোৰক একান্তভাৱে পৰিয়ালৰ চিহ্ন হিচাপে জনা যায়, যিয়ে ইয়াৰ নিৰ্মাতাৰ পৰিয়ালক পৃথক কৰে।[11] তুৰ্কমেন মহিলাসকলে প্ৰাচীন বয়ন তাঁতশাল ব্যৱহাৰ কৰে যাক প্ৰাচীন কালত গ্ৰহণ কৰা হৈছিল।[12]
তুৰ্কমেন শিক্ষক আৰু স্বাস্থ্যসেৱা কৰ্মীসকল মূলতঃ মহিলা।[13] এই দুয়োটা খণ্ডতে চাকৰি কৰ্তনৰ ফলত অৱশ্যে পুৰুষ-মহিলা উভয়ৰে নিবনুৱা সমস্যা নাটকীয়ভাৱে বৃদ্ধি পাইছে।
তুৰ্কমেনিস্তানৰ সংবিধানৰ ২৫ নং অনুচ্ছেদত বিবাহৰ বাবে পাৰস্পৰিক সন্মতিৰ প্ৰয়োজন।[2] দুয়োজন ব্যক্তিৰ বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব। তুৰ্কমেন বিবাহ অসংখ্য ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানৰ বৈশিষ্ট্যৰে সমৃদ্ধ। তুৰ্কমেনৰ বিয়াৰ সাজ প্ৰায়ে চৌখিনভাৱে সজাই তোলা হয় আৰু ৰূপালী ৰঙৰ লকেটেৰে ঢাকি থোৱা হয়; যিয়ে দুষ্ট আত্মাক খেদি পঠিয়ায় বুলি বিশ্বাস কৰা হয়।[14]
তুৰ্কমেন সংসদৰ ১৬.৮% মহিলা৷ ঘৰুৱা আইনে মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণৰ অধিকাৰ সুনিশ্চিত কৰে। কিন্তু বেচৰকাৰী সংস্থা (এন জি অ’)ৰ হ্ৰাসৰ ফলত চৰকাৰত মহিলাৰ প্ৰকৃত অংশগ্ৰহণ স্তব্ধ হৈ পৰে।