তেজপাত | |
---|---|
dried Indian bay leaves | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Magnoliids |
বৰ্গ: | Laurales |
পৰিয়াল: | Lauraceae |
গণ: | Cinnamomum |
প্ৰজাতি: | C. tamala |
বৈজ্ঞানিক নাম | |
Cinnamomum tamala (Buch.-Ham.) T.Nees & C.H.Eberm. | |
সমাৰ্থক[2] | |
তেজপাত (বৈজ্ঞানিক নাম:Cinnamomum tamala)[3] এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱাই বা কেঁচাকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ডালচেনি গোত্ৰৰ অন্তৰ্গত এই উদ্ভিদ মূলতঃ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীন দেশত পোৱা যায়।[3][4] ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আৰু জ্বলা জ্বলা সোৱাদ আছে। তেজপাত ঘাইকৈ খাদ্য সুগন্ধিকৰণত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ ঔষধি গুণো আছে। অতীজৰে পৰা বিভিন্ন পাৰম্পৰিক ঔষধত তেজপাত ব্যৱহাৰ কৰা উল্লেখ পোৱা যায়।[5] ই ভাৰতীয় খাদ্যৰ অন্যতম অপৰিহাৰ্য মছলা।
তেজপাতক ভিন ভিন ভাষাত ভিন ভিন নামেৰে জনা যায়। ইয়াক ইংৰাজীত 'ইণ্ডিয়ান বে লিফ' (Indian Bay Leaf) বোলে। সেইদৰে হিন্দীত 'তেজপাত্তা'(तेजपत्ता), মৈথিলী আৰু নেপালীত 'তেজপাত' (तेजपात), বাংলাত 'তেজপাতা', মালয়ালমত (വഴനയില), সংস্কৃত আৰু মাৰাঠীত 'তমালপত্ৰ' (तमालपत्र), তেলেগুত 'বিৰিয়ানী আক্কু', ছিক্কিমত লেপচা সকলে 'চাৱৰ কুঙ' বোলে।[6]
অসমীয়াত তেজপাত নামৰ উৎপত্তি সংস্কৃত ভাষাৰ 'তমালপত্ৰম' (तमालपत्त्रम्)ৰ পৰা হৈছে।
তেজপাত এবিধ গুল্ম জাতীয় উদ্ভিদ। তেজপাত গছ ওখই প্ৰায় ৭-৮ ফুট মান হয়। ইয়াৰ পাত বোৰ দেখিবলৈ জামুক গছৰ লগত মিল থকা। তেজপাতৰ সিৰাবিন্যাস আন পাততকৈ বেলেগ। কুমলীয়া পাতৰ ৰং ৰঙা। পুৰঠ হলে পাতৰ ৰং পাতল সেউজীয়াৰ পৰা ডাঠ সেউজীয়া হয়। তেজপাত গছৰ দাল কেঁচাই কাটি আনি সেই পাতবোৰ ৰদত শুকুৱাৰ পিছত মছলা হিচাপে ব্যৱহাৰ কৰা হয়। শুকুৱাৰ পিছত পাতৰ বৰণ পাতল মুগা-সেউজীয়া হয়।
তেজপাতত থকা সুগন্ধিকাৰক জৈৱযৌগ সমূহ হ'ল:
তেজপাতৰ সুগন্ধি গুণৰ বাবে ৰন্ধন প্ৰক্ৰিয়াত তেজপাতক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাংসৰ আঞ্জা, পোলাও, তৰকাৰী ইত্যাদি আমিষ-নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্যত তেজপাত ব্যৱহাৰ কৰা হয়। তেজপাত কেঁচা আৰু শুকানকৈ দুয়োধৰণেৰে ব্যৱহাৰ কৰিব পাৰি। সেইদৰে বিভিন্ন মিষ্টান্ন যেনে পায়স, চুজি, আইচক্ৰীম, হাৰ্বেল টি, কাষ্টাৰ্ড আদিতো তেজপাত ব্যৱহাৰ কৰা হয়। তেজপাত মছলা চাহৰ অন্যতম উপাদান। তেজপাত কাচৰ পাত্ৰত থৈ দিলে বহুদিনলৈ ভালে থাকে।
তেজপাতৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰৰ ৰুম ফ্ৰেছনাৰ, মাউথ ফ্ৰেছনাৰ ইত্যাদিত ব্যৱহাৰ কৰা হয়।
অতীজৰে পৰা পাৰম্পৰিক ঔষধ আৰু আয়ুৰ্বেদিক চিকিৎসাত তেজপাত ব্যৱহাৰ কৰা হৈ আহিছে। জয় বাংলা ৰোগত তেজপাত তিয়াই থোৱা পানীৰে চকু ধুলে ভাল হয়। ঘামত শৰীৰ গোন্ধালে আৰু ঘামচি, বিহ ফোঁহা আদি হলে তেজপাত পিহি লগালে ভাল হয়। কেঁচা তেজপাত চোবালে বা তেজপাতৰ পানীৰে কুল-কুলি কৰিলে মুখলৈ ৰুচি আহে। আধুনিক বিজ্ঞানৰ গৱেষণাত তেজপাতত মধুমেহ ৰোগৰ ঔষধ পোৱা গৈছে।[10] তদুপৰি তেজপাত এণ্টিচেপটিক, এণ্টিঅক্সিডেণ্ট আৰু পাচক গুণসম্পন্ন। ইয়াত কেন্সাৰ প্ৰতিৰোধী উপাদান থাকে।
ৱিকিমিডিয়া কমন্সত তেজপাত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত তেজপাত সম্পৰ্কে অধিক তথ্য আছে |