তেজপুৰ বিশ্ববিদ্যালয় | |
---|---|
![]() | |
মূলমন্ত্ৰ | विज्ञानं यज्ञं तनुते (সংস্কৃত) |
স্থাপিত | ১৯৯৪ |
ধৰণ | কেন্দ্ৰীয় বিশ্ববিদ্যালয় |
ধৰ্মীয় ভুক্তি | ভাৰত চৰকাৰ |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | শম্ভূনাথ সিং |
স্থান | তেজপুৰ, অসম, ভাৰত 26°42′3″N 92°49′49″E / 26.70083°N 92.83028°Eস্থানাংক: 26°42′3″N 92°49′49″E / 26.70083°N 92.83028°E |
চৌহদ | নপাম ২৪২ একৰ (০.৯৮ বৰ্গ কি.মি.) |
ৱেবছাইট | http://www.tezu.ernet.in |
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে। গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এক বিশেষ সুনাম আছে। বিশ্ববিদ্যালয় সংগীতৰ কথা আৰু সুৰ ড০ ভূপেন হাজৰিকাৰ।[1]
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ইয়াক অসম চুক্তিৰ এটি পৰিণাম বুলিও কোৱা হয়[2]।
তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চহৰৰ পৰা ১৫ কি.মি পূবে নপামত অৱস্থিত। তেজপুৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটতম অসামৰিক বিমানকোঠ শালনি প্ৰায় (8) কি.মি. দূৰত্বত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে তেজপুৰ চহৰত অট'ৰিস্কা আৰু ৰিস্কাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি। নপামলৈ তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানৰ পৰা চলা বিশ্ববিদ্যালয়ৰ বাছৰ সহায়তো যাতায়ত কৰিব পাৰি। আৰু লগতে তেজপুৰ চহৰৰ পৰা ক্ৰমে দোলাবাৰী-পাঁচমাইল হৈ চলাচল কৰা অট'ৰিস্কাৰ সহায়তো নপামলৈ যাতায়ত কৰিব পাৰি।
তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ এটি সৰ্বভাৰতীয় পৰ্য্যায়ত এটা বাছনি পৰীক্ষাত উৰ্ত্তিন হোৱাতো বাঞ্ছনীয়।
স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:
স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:
উল্লেখযোগ্য যে "কম্পিউটেছনেল চিচম’ল’জী" বিষয়ত এম.টেক ডিগ্ৰী প্ৰদান কৰা ই ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয়। স্নাতকোত্তৰ পৰ্যায়ৰ পাছত বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত গৱেষণাৰ বাবে আবেদন কৰিব পাৰি।
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ সমূহ কেইখন মান বিদ্যালয়ত বিভক্ত কৰা হৈছে। সেই বিদ্যালয় কেইখন হৈছে-
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, পুথিভৰাল, কম্পিউটাৰ চেণ্টাৰ, wi-fi আৰু LANৰ সুবিধা, বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আৰু চহৰৰ পৰা বিশ্ববিদ্যালয়লৈ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বাছৰ সুবিধা, আভ্যন্তৰীন খেলা-ধুলাৰ বাবে অত্যাধুনিক আভ্যন্তৰীন ক্ৰীড়াগৃহ, অত্যাধুনিক ব্যামাগাৰ, দিবা-নৈশ খেলৰ বাবে "ফ্লাদ লাইট"ৰ ব্যৱস্থা থকা খেল পথাৰ, খোৱা-বোৱাৰ সুব্যৱস্থা থকা অত্যাধুনিক ভোজনগৃহ, মনোৰঞ্জন তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ অৰ্থে অত্যাধুনিক প্ৰেক্ষাগৃহ (কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ), প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰীৰ বাবে বজাৰগৃহ, সকলোৱে ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক অতিথিগৃহ, স্বাস্থ্য কেন্দ্ৰ ইত্যাদি।
তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰটি ১৯৯৪ চনত বিশ্ববিদ্যালয়খন স্থাপন হোৱাৰ সময়তে স্থাপন হয়। বৰ্তামান প্ৰায় 1,13,106খন (5 নবেম্বৰ 2018ৰ তথ্য) বিভিন্ন বিষয়ৰ প্ৰকাশিত কিতাপ/আন লিখা গ্ৰন্থাগাৰটিত আছে, ৯৩৯খন জাৰ্নেল (১৬২খন অফলাইন আৰু ৭৭৮খন অনলাইন) পুথিভঁৰালত ঊপলব্ধ। UGC-Infonetৰ যোগেদিও প্ৰায় ৭১৬৭খন ই-জাৰ্নেল ইয়াত পোৱা যায়। তদুপৰি INDEST-AICTEৰ এটা ডেটাবেচ আৰু বিভিন্ন দৃশ্য শ্ৰাব্য মাধ্যমৰ ই-কিতাপ পুথিভঁৰালটোত পোৱা যায়। [3]
তেজপুৰ বিশ্ববিদ্যালয় "বিশ্ববিদ্যালয় সংগীতটো" ৰচনা তথা সুৰ কৰিছিল ড॰ ভূপেন হাজৰিকা দেৱে ১৯৯৪ চনত। এই গীতটিত তেখেতে সুন্দৰ ভাৱে তেজপুৰ চহৰ আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি থকা আশাৰ বিষয়ে বৰ্ণনা আছে।
অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেতু নিৰ্মাণ
জ্ঞান জ্যোতিৰ্ময় সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয় |
বিজ্ঞান-জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপায়ণ আয়ত্ত কৰি কলা-কৌশল কৰি যাঁও দিক্-নিৰ্ণয় মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়
সেই শক্তিৰে উজলাম দুটি পাৰ সোপান বগাম তীব্ৰ গতিৰে প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয় জীৱন যুঁজত বিজ্ঞান সাৰথি তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়॥[4] |
![]() |
ৱিকিমিডিয়া কমন্সত তেজপুৰ বিশ্ববিদ্যালয় সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|