ত্ৰিপুৰা সুন্দৰী | |
---|---|
দেৱী সকলৰ মাতৃ; মহাদেৱীৰ এক উচ্চতম স্বৰূপ বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা পৰব্ৰহ্ম, পৰম সত্তা | |
দশ মহাবিদ্যা-ৰ সদস্য | |
অন্য নাম | ৰাজাৰাজেশ্বৰী, ললিতা, ভৱানী, ললিতাম্বিকা, পাৰ্বতী, কামাক্ষী, কামেশ্বৰী, শোদাশী, লীলাৱতী, শ্ৰী মাতা, সৰ্বেশ্বৰী, কালাৱতী |
সম্পৰ্ক |
|
নিবাস | মণিদ্বীপ/শ্ৰী নগৰ |
অস্ত্ৰ | পাশা (ফাঁচ), অংকুষ, কাঁড় আৰু কুঁহিয়াৰৰ ধনু[1] |
প্ৰতীকসমুহ |
|
সঙ্গী | শিৱ |
আসন/বাহন | সিংহ |
হিন্দু পাঠ্য |
|
উৎসৱ |
|
ত্ৰিপুৰা সুন্দৰী (সংস্কৃত: त्रिापुरी) এগৰাকী হিন্দু দেৱী। ৰাজাৰাজেশ্বৰী, শোদাশী, কামাক্ষী, ললিতা আদি নামেৰেও তেওঁ পৰিচিত। পৰম দেৱী মহাদেৱীৰ এটা প্ৰধান স্বৰূপ হিচাপে তেওঁৰ পূজা কৰা হয়। হিন্দু ধৰ্মত দেৱীমুখী সম্প্ৰদায়ৰ মাজত প্ৰধানকৈ শক্তিবাদত এই দেৱীৰ পূজা হয়। দশ মহাবিদ্যাৰ ভিতৰতো তেওঁ অন্যতম।[2] বহু শাক্ত গ্ৰন্থত তেওঁ বিভিন্ন নামেৰে উল্লেখ আছে। এই সমূহৰ ভিতৰত ললিতা, সহস্ৰনামা, সৌন্দৰ্য লহৰী আটাইতকৈ জনপ্ৰিয়।[3] ব্ৰহ্মমাণ্ড পুৰাণৰ ললিতোপাখ্যানত তেওঁক আদি পৰশক্তি বুলি জনা যায়।
শক্তি ধৰ্মৰ শ্ৰীকুল পৰম্পৰা অনুসৰি ত্ৰিপুৰা সুন্দৰী মহাবিদ্যাৰ ভিতৰত অগ্ৰণী, হিন্দু ধৰ্মৰ পৰম দেৱত্ব আৰু লগতে শ্ৰীবিদ্যাৰ প্ৰাথমিক দেৱী। ত্ৰিপুৰা উপনিষদে তেওঁক বিশ্বব্ৰহ্মাণ্ডৰ চূড়ান্ত শক্তি হিচাপে স্থান দিছে।[4] ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰো উৰ্দ্ধত থাকি পালন কৰ্তা স্বৰূপে তেওঁক পৰম চেতনা বুলি বৰ্ণনা কৰা হৈছে।[5]
ত্ৰিপুৰা শব্দৰ অৰ্থ তিনি নগৰ বা তিন জগত, সুন্দৰী মানে ধুনীয়া নাৰী। অৰ্থাৎ ত্ৰিপুৰা সুন্দৰী মানে ত্ৰিজগতৰ আটাইতকৈ ধুনীয়া নাৰী। তেওঁক ত্ৰিপুৰা বুলি কোৱা হয় কাৰণ ই ত্ৰিভুজৰ সৈতে মিল থকা যি নেকি যোনিৰ প্ৰতীক আৰু তেওঁৰ এক বৃত্তাকাৰক্ষেত্ৰ গঠন কৰে। তেওঁৰ মন্ত্ৰত তিনিটা আখৰৰ থুপ থকাৰ বাবেও তেওঁক ত্ৰিপুৰা বুলি জনা যায়। আকৌ ব্ৰহ্মা, বিষ্ণু আৰু শিৱ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, সংৰক্ষক আৰু ধ্বংসকাৰী হিচাপে প্ৰকাশ পোৱাৰ বাবেও তেওঁক ত্ৰিপুৰা বুলি কোৱা হয়।[6][5]
শ্ৰীকুল (শ্ৰীৰ পৰিয়াল) পৰম্পৰা (সম্প্ৰদায়)ত ললিতা-ত্ৰিপুৰা সুন্দৰী দেৱীৰ ৰূপত দেৱীৰ ওপৰত পূজা কেন্দ্ৰীভূত কৰা হৈছে। সপ্তম শতিকাৰ পিছতেই শ্ৰীকুল দক্ষিণ ভাৰতত এক শক্তিত পৰিণত হয় আৰু আজি ই দক্ষিণ ভাৰতৰ অঞ্চল যেনে কেৰালা, তামিলনাডু আৰু শ্ৰীলংকাৰ তামিল অঞ্চলত প্ৰচলিত শক্তিবাদৰ প্ৰচলিত ৰূপ।[7]
শ্ৰীকুলৰ আটাইতকৈ পৰিচিত ভাগটো হৈছে শ্ৰীবিদ্যা, ই "শাক্ত তান্ত্ৰিক ধৰ্মৰ অন্যতম প্ৰভাৱশালী আৰু ধৰ্মতত্ত্বৰ অত্যাধুনিক আন্দোলন।" ইয়াৰ কেন্দ্ৰীয় প্ৰতীক শ্ৰীচক্ৰ সম্ভৱতঃ হিন্দু তান্ত্ৰিক পৰম্পৰাৰ সকলোতকৈ বিখ্যাত দৃশ্যমান প্ৰতিচ্ছবি। ইয়াৰ সাহিত্য আৰু অনুশীলন আন যিকোনো শাক্ত সম্প্ৰদায়তকৈ অধিক পদ্ধতিগত বুলি কোৱা হয়।[8]
শ্ৰীবিদ্যাই দেৱীক বহুলাংশে "সৌম আৰু সুন্দৰ [সৌন্দৰ্য]" ৰূপত প্ৰতিষ্ঠা কৰে (কালিকুলে "উগ্ৰ আৰু ভয়ংকৰ" দেৱী ৰূপ যেনে কালি বা দুৰ্গাৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে)। তদুপৰি শ্ৰীকুলৰ সাধনাত দেৱীৰ প্ৰতিটো দিশ (সেয়া মাৰাত্মক হওক বা সৌম্য হওক) ললিতাৰ সৈতে চিনাক্ত কৰা হয়।[9]
শ্ৰীকুলৰ নিপুণসকলে বেছিভাগ সময়তে ললিতাক বিমূৰ্ত শ্ৰীচক্ৰযন্ত্ৰ ব্যৱহাৰ কৰি পূজা কৰে, যিটোক তেওঁৰ সূক্ষ্ম ৰূপ হিচাপে গণ্য কৰা হয়। শ্ৰীচক্ৰক দৃশ্যগতভাৱে হয় দ্বিমাত্ৰিক চিত্ৰ হিচাপে (সেয়া পূজাৰ আচাৰ-অনুষ্ঠানৰ অংশ হিচাপে সাময়িকভাৱে অংকন কৰা, বা স্থায়ীভাৱে ধাতুত খোদিত কৰা হ'ব পাৰে) বা শ্ৰীমেৰু নামেৰে জনাজাত ত্ৰিমাত্ৰিক, পিৰামিডৰ দৰে ৰূপত দেখুৱাব পাৰি।
শ্ৰীবিদ্যা পৰম্পৰাক আৰু অধিক ব্যাপকভাৱে দুটা ধাৰাত বিভক্ত কৰিব পাৰি, কৌল (এটা বামমাৰ্গ প্ৰথা) আৰু সময় (এটা দক্ষিণমাৰ্গ প্ৰথা)। কৌল বা কৌলাচৰ প্ৰথমবাৰৰ বাবে অষ্টম শতিকাত মধ্য ভাৰতত এক সুসংহত আচাৰ-ব্যৱহাৰ ব্যৱস্থা হিচাপে আবিৰ্ভাৱ হৈছিল,[10] আৰু ইয়াৰ আটাইতকৈ পূজনীয় তত্ত্ববিদ হৈছে ১৮ শতিকাৰ দাৰ্শনিক ভাস্কৰাৰায়, যাক বহুতে "শাক্ত দৰ্শনৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠাক" বুলি গণ্য কৰে। philosophy."[11]