ত্ৰিভংগ (ইংৰাজী: Tribhanga) পৰম্পৰাগত ভাৰতীয় কলা আৰু ওড়িছী নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যপ্ৰকাৰত ব্যৱহৃত এক ভংগীমা বা শৰীৰৰ স্থিতি। এই ভংগীমাত শৰীৰ আঁঠুৰ ফালে এটা দিশত কঁকালত আৰু তাৰ পিছত পুনৰ কান্ধ আৰু ডিঙিত আনটো দিশত বেঁকা হৈ শৰীৰৰ তিনিটা ভাঁজৰ সৃষ্টি কৰে।[1][2] ভাৰতীয় কলাত ব্যৱহৃত এই ভংগীমা কমেও ২০০০ বছৰ পুৰণি। ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰকলাৰ অগণন উদাহৰণত বাৰে বাৰে ইয়াৰ পুনৰাবৃত্তি হোৱা দেখা যায়।[3] ভাৰতীয় ধৰ্মই ইয়াক পূব আৰু দক্ষিণ-পূব এছিয়ালৈ লৈ গৈছিল। পাশ্চাত্য কলাৰ কণ্ট্ৰেপোষ্টো আৰু "এছ কাৰ্ভ" অৰ্থাৎ ইংৰাজী 'S' আকৃতিৰ দৰে ভাঁজৰ সমতুল্য ত্ৰিভংগয়ে চিত্ৰসমূহত গতিক সূচায় আৰু "ছন্দময় তৰলতা আৰু যৌৱন শক্তি"ক প্ৰতিনিধিত্ব কৰে।[4]
ত্ৰিভংগ শব্দটো সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে। সংস্কৃত শব্দ ভংগৰ অৰ্থ হৈছে মনোভাৱ বা স্থিতি আৰু ত্ৰি অৰ্থ হৈছে তিনি। অৰ্থাৎ ত্ৰিভংগ শব্দৰ আক্ষৰিক অৰ্থ হৈছে "তিনিস্থানত-বেঁকা স্থিতি।" নৃত্য বিষয়ক প্ৰাচীন গ্ৰন্থত বৰ্ণনা পোৱা আন ভংগীমাবোৰ হ'ল সমভংগ অৰ্থাৎ সমভাৱে থিয় হোৱা, বহি থকা বা হেলনীয়াকৈ থকা। আকৌ এখন ভৰিৰ সামান্য বেঁকা কৰা স্থিতিক অভংগ বুলি জনা যায়।[5] নৃত্যৰ অন্যান্য জটিল স্থিতিবোৰ হৈছে অতিভংগ। বিখ্যাত নটৰাজ শিৱৰ তাণ্ডৱৰ ভংগীমা ইয়াৰ উদাহৰণ।[6]
সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি নৃত্যৰতা যুৱতীত ত্ৰিভংগ ভংগীমাৰ নিদৰ্শন পোৱা যায়।[7] ই পৰৱৰ্তী সময়ত প্ৰচলিত ৰূপক প্ৰদৰ্শন নকৰে যদিও ত্ৰিভংগ আৰু ভাৰতীয় নৃত্যৰ লগত প্ৰাচীন সম্পৰ্ক স্থাপন কৰে। কিছুমান পণ্ডিতৰ মতে ভাৰতীয় কলাত ত্ৰিভংগ ব্যৱহাৰ নৃত্যৰ পৰা আহৰণ কৰা হৈছে।[8] ইয়াৰ প্ৰাৰম্ভিক সংস্কৰণবোৰৰ প্ৰায় সকলোবোৰতে মহিলাৰ দ্বাৰা ত্ৰিভংগ ভংগীমা প্ৰদৰ্শন কৰা পোৱা গৈছে। কিন্তু ই লাহে লাহে পুৰুষৰ মাজতো বিয়পি পৰে। প্ৰাৰম্ভিক সংস্কৰণৰ নিদৰ্শন খ্ৰীষ্টপূৰ্ব ১০০ৰ ভৰহুত উপলব্ধ বৌদ্ধ যক্ষী, ১০ খ্ৰীষ্টাব্দৰ সাঁচীত উপলব্ধ ধ্ৰুপদী ৰূপ,[9] আৰু খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ ভুতেশ্বৰ যক্ষীত দেখা যায়।
গুপ্ত সাম্ৰাজ্যৰ বহুতো মুদ্ৰাত (৩১৯ৰ পৰা ৫৪৩ খ্ৰীষ্টাব্দ) আগফালে দেৱতাৰ চিত্ৰ আৰু পিছফালে ৰজাৰ চিত্ৰ দুয়োকে ত্ৰিভংগ ভংগীমাত দেখুৱা হৈছিল। গুপ্ত সকলৰ ভাস্কৰ্যসমূহতো ইয়াৰ ব্যৱহাৰ কৰা হৈছিল।[10] সেই সময়ছোৱাত ই বৌদ্ধ, হিন্দু আৰু জৈন কলাৰ ক্ষেত্ৰতে অতি সচৰাচৰ হৈ পৰিছিল।[11] আটাইতকৈ বিখ্যাত প্ৰাচীন ভাৰতীয় চিত্ৰ অজন্তা গুহাসমূহৰ গুহা ১ত পদ্মপাণিৰ বৃহৎ চিত্ৰ (৪৭৮ খ্ৰীষ্টাব্দ) ত্ৰিভংগ ভংগীমাত আছে। বোধিসত্ত্ব সকলৰ চিত্ৰ, ভাস্কৰ্য আদি ৰূপত প্ৰায়ে এই ভংগীমাৰ ব্যৱহাৰ দেখা যায়।
সময়ৰ লগে লগে ভাৰতৰ অভ্যন্তৰীণ আৰু বাহ্যিক বিভিন্ন অঞ্চলৰ মাজত এই ভংগীমাৰ শৈলী কিছু পৰিৱৰ্তন ঘটিছিল। দুয়োটা প্ৰধান ধৰ্মৰ কলায়ে ইয়াক ভাৰতৰ বাহিৰৰ পূব আৰু দক্ষিণ-পূবলৈ কঢ়িয়াই লৈ গৈছিল। গুপ্ত কলা আৰু গুপ্ত কালৰ পৰৱৰ্তী কলাৰ আগৰ চিত্ৰবোৰত সামান্য বেঁকা স্থিতিত মুখ্য ব্যক্তিসকলক দেখুৱায়। সৰু-সুৰা চিত্ৰত আৰু বিশেষকৈ মহিলা যেনে অপ্সৰা আৰু যক্ষিনীত অধিক স্পষ্ট ভংগীমাৰ সৈতে দেখুৱায়।
সম্ভৱতঃ নৱম শতিকাৰ ভিতৰত এই ভংগীমাৰ বৈশিষ্ট্যপূৰ্ণ সংস্কৰণ বহুলভাৱে ব্যৱহাৰ হবলৈ ধৰে। এই প্ৰৱণতা প্ৰায় ত্ৰয়োদশ শতিকাৰ পৰা হ্ৰাস হ'বলৈ আৰম্ভ কৰে। বুদ্ধৰ খুব কম ত্ৰিভংগ ভংগীমাত দেখুৱা হয় আৰু জৈন তীৰ্থংকৰসকলক কেতিয়াও এই ভংগীমাত দেখুওৱা নহয়। বিষ্ণু আৰু ব্ৰহ্মাৰো সাধাৰণতে এনে ভংগীমাৰ সংস্কৰণ কম। খাজুৰাহোৰ বিখ্যাত মন্দিৰবোৰত বহুতো ত্ৰিভংগ ভংগীমাত ভাস্কৰ্য আছে। কৃষ্ণই তেওঁৰ বাঁহী বজাই থকা ভংগীমাৰ এটা সংস্কৰণত এটা তলৰ ভৰি আনখন বা পিছফালে পাৰ কৰাই আনটো আৰু মূৰৰ ভৰিৰ আঙুলিত অতিক্ৰম দেখুওৱা হয়। কৃষ্ণ আৰু শিৱক প্ৰায়ে ত্ৰিভংগ ভংগীমাত দেখুৱা হয়।[12]
পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৌদ্ধ আৰু হিন্দু কলাত এই ভংগীমাৰ প্ৰাৰম্ভিক সময়ছোৱাত শেহতীয়া ভাৰতীয় প্ৰভাৱৰ এক চিহ্ন হিচাপে পৰিলক্ষিত হয়। পিছলৈ বিশেষকৈ মুখ্য চৰিত্ৰবোৰ সময় পাৰ হোৱাৰ লগে লগে লাহে পোন ভংগীমাত দেখুৱায়। সকলো ক্ষেত্ৰতে এই প্ৰৱণতা প্ৰকৃততে নৃত্য হিচাপে দেখুওৱা চিত্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'বও পাৰে।
ভাৰতীয় ভাস্কৰ্যসমূহত প্ৰায়ে ত্ৰিভংগ ভংগীমা দেখা যায়। পৰম্পৰাগতভাৱে যক্ষী এগৰাকীয়ে হাতেৰে গছৰ ডাল স্পৰ্শ কৰি এক নিষ্ক্ৰিয় ভংগীমা হিচাপে ত্ৰিভংগ ভংগীমাত দেখুৱা হয়। উদাহৰণস্বৰূপে হিন্দু, বৌদ্ধ আৰু জৈন কলাত ব্যৱহৃত শালভঞ্জিকা ত্ৰিভংগ ভংগীমাত দেখুৱা হয়। দ্বাদশ শতিকাৰ দক্ষিণ-মধ্য কৰ্ণাটকৰ বেলুৰৰ হৈসল মন্দিৰত আৰু নৱম শতিকাৰ আশে-পাশে নিৰ্মিত খাজুৰাহো মন্দিৰত ইয়াৰ নিদৰ্শন পোৱা যায়। এই স্থানত বিষ্ণুক বিভিন্ন স্থানত ত্ৰিভংগ ভংগীমাত দেখুওৱা হৈছে। সাধাৰণতে বাঁহী বজোৱা কৃষ্ণক ত্ৰিভংগ ভংগীমাত দেখুৱা হয়।[13][14] আগমিক গ্ৰন্থসমূহৰ অনুসৰি শিৱৰ ভাস্কৰ্যসমূহ পূবৰ ফালে মুখ কৰি ত্ৰিভংগ ভংগীত নিৰ্মাণ কৰাৰ নিৰ্দেশ পোৱা যায়। অষ্টম-দ্বাদশ শতিকাৰ মন্দিৰসমূহত এই নিৰ্দেশ মানি চলা দেখা গৈছে।[15]
বিশাখাপট্টনমৰ ওচৰৰ সিংহাচলম মন্দিৰৰ মুখ্য দেৱতা ভগৱান মহাবিষ্ণুৰ নৰসিংহ অৱতাৰ ত্ৰিভংগ ভংগীত আছে। মূৰ্তিৰ পিছফালে ইয়াত ১০৯৮ চনৰ এটা শিলালিপি আছে। এই মূৰ্তি চোল ৰজা কুলোথুঙ্গাৰ সময়ৰ। অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত তিৰুমালা ভেঙ্কটেশ্বৰ মন্দিৰত তিৰুমালা ৰামা মূৰ্তিয়েও একে ইংগিত বহন কৰে।[16] এই শৈলী চীন দেশত ভাৰতীয় প্ৰভাৱৰ সৈতে পৰৱৰ্তী কিন যুগত (৩৮৪-৪১৭ খ্ৰীষ্টাব্দ) নিৰ্মাণ কৰা মাইজিশান গ্ৰোট'ছত কিছুমান ভাস্কৰ্যত পোৱা যায়। থাইলেণ্ডৰ কিছুমান বুদ্ধ ছবিও ত্ৰিভংগ অৱস্থাত আছে। সেইদৰে ৬৮০ খ্ৰীষ্টাব্দত হাকোহ' যুগত জাপানৰ নাৰাত প্ৰাচীন য়াকুছি-জী বৌদ্ধ মন্দিৰৰ কিছুমান বোধিসত্ত্ব ত্ৰিভংগ ৰূপত দেখা যায়। টাক্কোলাম পল্লৱ কাল শিৱ মন্দিৰ দুৰ্গাও ত্ৰিভংগ শৈলীৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ তামিলনাডুত অৱস্থিত।
একে ধৰণৰ ইউৰোপীয় কনট্ৰেপোষ্টো আৰু "এছ কাৰ্ভ" ভংগীৰ লগত ত্ৰিভংগৰ তুলনা কৰিব পাৰি। আক্ষৰিক অৰ্থ অনুসৰি ত্ৰিভংগৰ তিনিটা ভাঁজ ক্ৰমে ডিঙি, কঁকাল আৰু আঁঠুত থকা শৰীৰ কঁকাল আৰু ডিঙিত বিপৰীতভাৱে বেঁকা হয় আৰু ইয়াৰ ফলত ইংৰাজীৰ "S" আকৃতি প্ৰদান কৰে।[17] ই হিন্দু দেৱতা কৃষ্ণৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত আৰু কৃষ্ণক প্ৰায়ে এই ভংগীত চিত্ৰিত কৰা হয়।[18]
পাৰম্পৰিক ভাৰতীয় নৃত্য যেনে ওড়িছী, ভাৰতনাট্যম আৰু কথকৰ দৰে শাস্ত্ৰীয় নৃত্যত ত্ৰিভংগ ভংগীমা দেখা যায়। ইয়াক ওড়িছীৰ আটাইতকৈ সুন্দৰ আৰু বৈশিষ্ট্যপূৰ্ণ ভংগীমা বুলি গণ্য কৰা হয়।[19] আন বহুতো ধ্ৰুপদী ভাৰতীয় নৃত্যত ইয়াৰ ব্যৱহাৰ কৰা হয়। ওড়িছী শাস্ত্ৰীয় নৃত্যৰ বিশেষত্ব হৈছে বিভিন্ন ভংগ বা স্থিতি। ইয়াত ভৰিৰে মজিয়াত বিভিন্ন ভংগীমাত স্পৰ্শ কৰিব লাগে। চাৰি ভংগীমা ক্ৰমে ভংগ, অভংগ, অতিভংগ আৰু ত্ৰিভংগ ওড়িছীত ব্যৱহাৰ কৰা হয়।[13]
কে. এম. বৰ্মাৰ মতে ত্ৰিভংগ শব্দটো মূল শিল্পশাস্ত্ৰ সাহিত্যত কোনো নিৰ্দিষ্ট স্থায়ী স্থিতিৰ নাম নাছিল। কিন্তু কলা ইতিহাসৰ আধুনিক ব্যৱহাৰৰ বিপৰীতে "তিনি ভংগ"ৰ গোট অৰ্থাৎ অভংগ, সমভংগ আৰু অতিভংগক দৰ্শাবলৈ ত্ৰিভংগ ব্যৱহাৰ কৰা হৈছিল।[20]