ত্ৰিশিৰা | |
---|---|
![]() চাহিবদীনৰ দ্বাৰা অংকিত লংকা যুদ্ধত ত্ৰিশিৰা। এই যুদ্ধত হনুমানে ত্ৰিশিৰাৰ শিৰশ্ছেদ কৰে]] | |
সহোদৰ | ইন্দ্ৰজিৎ অতিকায় অক্ষয়কুমাৰ নৰান্তক দেৱান্তক |
ত্ৰিশিৰা (সংস্কৃত: : त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।[1]
ৰামায়ণত বৰ্ণনা কৰা অনুসৰি তেওঁ হনুমানৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু কেইবাপাতো তীৰেৰে হনুমানক আঘাত কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি হনুমানে তেওঁক কৈছিল যে এই কাড়বোৰ আঘাত তেওঁৰ শৰীৰত ফুল ৰখাৰ দৰে হোৱা অনুভৱৰ বাদে আন একো নহয়। ইয়াৰ পিছত, দুয়োৰে মাজত আৰম্ভ হোৱা দ্বৈত্য যুদ্ধত হনুমানে ত্ৰিশিৰাক হত্যা কৰে। [2]
|