তৰা বা তৰাগছ বা তৰাপাত (বৈজ্ঞানিক নাম: Alpinia nigra, অন্য নাম: Alpinia allughas Retz., Zingiber nigrum Gaertn., 'পুন্দি') এবিধ আদাজাতীয় উদ্ভিদ। এছিয়া মহাদেশৰ বিভিন্ন ঠাইৰ লোকে তৰাক ঔষধি হিচাপে আৰু ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰে। এছিয়াৰ জনগোষ্ঠীয় বহু লোকে ইয়াক ভাতৰ সৈতে গ্ৰহণ কৰে।
থলুৱাভাৱে তৰা ভাৰত, ভূটান, চীন, থাইলেণ্ড, বাংলাদেশ, ম্যানমাৰ আৰু শ্ৰীলংকাকে ধৰি দক্ষিণ-পূব এছিয়াত পোৱা যায়। ভাৰতত এই উদ্ভিদজোপা ঘাইকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অসম, মিজোৰাম আৰু ত্ৰিপুৰা আদি ৰাজ্যৰ পাহাৰীয়া ঠাই আৰু নদীসমূহৰ পাৰত পোৱা যায়।
তৰা গছৰ জীৱনচক্ৰ দুবছৰীয়া আৰু ই এক কাণ্ডবিহীন ঔষধি উদ্ভিদ। ইয়াৰ এটা আদাসদৃশ মূল থাকে আৰু ইয়াৰপৰাই গা গছডালৰ উৎপত্তি হয়। গা গছডালৰ পৰা পাতসমূহৰ লগতে ফুল তথা বীজ ওলায়।[1] গা-গছডাল ১.৫-৩ মিটাৰ পৰ্যন্ত ওখ হয়। তৰাৰ পাতসমূহ দীঘলীয়া অৰ্ধ-ডিম্বাকৃতিৰ হোৱাৰ লগতে আগ অংশ জোঙা হয়। গা-গছত বিপৰীতমুখী এখিলাকৈ পাত থাকে। পাতসমূহ ৭-৯ ছেণ্টিমিটাৰ বহল আৰু ২০-৪০ ছেণ্টিমিটাৰ দীঘল হয়। তৰাৰ ফল বেৰীজাতীয় আৰু ইয়াৰ ভিতৰত বহুসংখ্যক বীজ থাকে।
থাইলেণ্ডকে ধৰি এছিয়া মহাদেশৰ বিভিন্ন জনগোষ্ঠীৰ লোকে তৰাৰ কুমলীয়া গা-গছ খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ শিপাও ব্যঞ্জনৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়।[2]
বহু জনজাতীয় লোকে তৰাৰ শিপা খুন্দি চাউলৰ পৰা তৈয়াৰী নিচাযুক্ত পানীয়ৰ সৈতে মিহলাই ছালৰ ভেঁকুৰজাতীয় সংক্ৰমণৰ উপশমৰ বাবে ব্যৱহাৰ কৰে। চাকমাসকলে জণ্ডিছ, গেষ্ট্ৰিক আলচাৰ আদিৰ নিৰাময়ৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা দেখা যায়।[3][4]
অসমৰ জনজাতীয় লোকসকলে তৰাপাতত বান্ধি মাছ, শাক ইত্যাদি পাতত দি ৰান্ধি খায়। মিচিংসকলে তেওঁলোকৰ পৰম্পৰাগত আঠাজাতীয় চাউলৰ ভাত পুৰাং আপিন তৰাপাতত বান্ধি সিজায়।[5] অসমত গৰু বিহুৰ দিনা ইয়াৰ বৌখাবিলাক ছিৰি, শুকুৱাই তাৰে পঘা বাটি গৰুক দিয়া হয়।[6]ঠেঙ্গাল কছাৰী সকলে চ'তৰ মাজভাগত তৰাছিৰা বিহু পালন কৰে। এই বিহুত পৰম্পৰাগতভাৱে গাঁৱৰ ডেকা-বুঢ়া সকলো পুৰুষ লগ হৈ তৰাণীলৈ গৈ নিৰ্দিষ্ট নিয়মেৰে পূজা আগবঢ়াই তৰা কাটি তৰা বংবোৰ থলিতে এৰোৱাই আনি সমূহীয়াকৈ তৰা পঘা বাটে। পাছত সেইবোৰ গাঁৱৰ প্ৰতিঘৰতে বিলাই দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন]