থাইলেণ্ডৰ এগৰাকী মহিলা নাৰ্ছ | |
সাধাৰণ পৰিসংখ্যা | |
---|---|
জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) | ৪৮ (২০১০) |
সদনত নাৰী | ১৫.৭% (২০১২) |
দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ সৈতে ২৫ বছৰৰ উৰ্দ্ধৰ নাৰী | ২৯.০% (২০১০) |
কৰ্মক্ষেত্ৰত নাৰী | ৬৩.৮% (২০১১) |
লিংগ অসমতাৰ সূচক[1] | |
মান | ০.৩৫৯ (২০১৯) |
স্থান | ৮০ নম্বৰত ১৬২ খনৰ ভিতৰত |
গোলকীয় লিংগ বৈষম্যৰ সূচক[2] | |
মান | ০.৭১০ (২০২১) |
স্থান | ১৫৬ খনৰ ভিতৰত ৭৯ |
থাইলেণ্ডৰ মহিলাসকল এচিয়াৰ ভিতৰতে ভোটাধিকাৰ পোৱা প্ৰথম মহিলা যিসকলে ১৯৩২ চনত প্ৰথম বাৰৰ বাবে ভোট দিয়াৰ অধিকাৰ পাইছিল । থাই ৰাজনীতিত মহিলাৰ প্ৰতিনিধিত্ব কম ।[3]২০১১ চনৰ পৰা২০১৪চনলৈ থাইলেণ্ডৰ প্ৰধান মন্ত্ৰী আছিল ইংলাক চিনাওয়াত্ৰা । [4]'নীতি আৰু পৰিকল্পনা' প্ৰক্ৰিয়াত অপৰ্যাপ্ত লিঙ্গ সচেতনতা, অন্যায় আৰু অসত্য কাহিনীৰ বিশ্বাসৰ বাবে থাই নাৰীসকলে অৰ্থ-সামাজিক ক্ষেত্ৰত ভাগ লোৱাত বাধা জন্মাইছে ।
থাইলেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখনত নাৰীৰ অংশগ্ৰহনৰ বাবে আইনী সীমাবদ্ধতা নাথাকিলেও নাৰীৰ উত্থানৰ বিভিন্ন বাধাবোৰ হৈছে সংগঠনমূলক বাধা, সাংস্কৃতিক প্ৰতিবন্ধতা, নিম্ন শিক্ষা অৰ্জন, নিম্ন আৰ্থিক আৰু সামাজিক অবস্থা আৰু বিপৰিত লিংগৰ লগত ক্ষমতাৰ ভাগ বতৰা নোহোৱা ।[5] ১৯৪৯ চনৰ ৫জুন পৰাহে মাত্ৰ ওৰাপিন চাইয়াকান যিয়ে থাইলেণ্ডৰ জাতীয় পৰিষদৰ পদত প্ৰথম গৰাকী মহিলা নিৰ্বাচিত হয়। থাইলেণ্ডৰ ৰাজনৈতিক অফিচত নিৰ্বাচিত প্ৰথম মহিলা সেনা কৰ্মকৰ্তা আছিল লেফটেন্যান্ট কৰ্নেল থিতা ৰাঙ্গচিটপল মানিতকুল (জন্ম ৮ নভেম্বৰ ১৯৬৬) ।এওঁ এগৰাকী থাই ৰাজনীতিবিদ আৰু 'হাউচ অফ ৰিপ্ৰেজেন্টেতিভৰ' প্ৰাক্তন সদস্য যিয়ে ২০০১ ৰপৰা ২০০৫ লৈকে হাউচৰ দায়িত্ব পালন কৰিছিল ।[6]
এই দেশৰ কৰ্মশক্তিৰ ৪৭% কৰ্মশক্তি মহিলাৰ পৰা অহা । এইটো এচিয়া-প্ৰশান্ত মহাসাগৰীয় দেশবোৰৰ ভিতৰত সৰ্বোচ্চ শতাংশ ।[7]।যাইকি নহওক, ইয়াৰ নাৰীসকলে কম বেতনৰ চাকৰিত মনোনিবেশ কৰাৰ বাবে লিঙ্গ আৰু মজুৰিৰ ক্ষেত্ৰত বৈষম্য দেখা যায় ।
থাইলেণ্ডৰ জাতীয় পৰিসংখ্যা সেৱা অনুসাৰে থাই মহিলা সকলৰ বিয়া পুৰুষৰ তুলনাত কম বয়সত হয় আৰু ২৪% থাই পৰিয়ালত মহিলাসকলক ঘৰখনৰ মূৰব্বি হিচাবে গণ্য কৰে ।[8] ২০০৭ চনত থাইলেণ্ডত বৈবাহিক ধৰ্ষণ নিষিদ্ধ কৰা হয় । পত্নিক ধৰ্ষণ কৰাৰ বাবে অপৰাধীয়ে ২০ বছৰ জেল আৰু ৪০,০০০ বাত($১,১৫৬; £৬২০) জৰিমনা ভৰিব লাগিব । এই আইন পত্নিৰ বাহিৰেও যিকোনো নাৰীৰ ধৰ্ষণৰ ক্ষেত্ৰতো একেই শাস্তি প্ৰযোজ্য কৰা হয় ।[9]
থাইলেণ্ডত শ্ৰম আইন অনুসাৰে 'মহিলাৰ অধিকাৰত' মহিলা আৰু পুৰুষক শ্ৰমৰ ওপৰত ভিত্তি কৰি দৰমহা দিয়াৰ প্ৰয়োজন । ১৯৭৪ চনত কানিঠা উচিয়েনছাৰওয়িনে মহিলাৰ সামাজিক উন্নয়নৰ সংগঠন(APSW) প্ৰতিস্থা কৰে । এই সমিতিখন নাৰী আৰু পুৰুষ উভয়ৰ সমন্বয়েৰে গঠিত, যাতে ইয়াৰ জৰিয়তে আইন সংশোধন আৰু উন্নয়ন কৰি নাৰী আৰু শিশুক অধিক সুৰক্ষা প্ৰদান কাৰে ।[10]১৯৭৭ চনৰ সংবিধানত থাইলেণ্ডৰ মহিলাৰ সমান অধিকাৰ আৰু সুৰক্ষাৰ প্ৰয়োজন আছিল । আইনত এইদৰে কিছুমান বৈষম্য ৰৈ গৈছে । লিঙ্গ বৈষম্যৰ ডাঙৰ সমস্যা হৈছে ঘৰুৱা কণ্ডল আৰু মানৱ সৰবৰাহকাৰী চক্ৰ ।[11]