থালি বা ভোজনম (অৰ্থাৎ সম্পূৰ্ণ আহাৰ) হৈছে দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ান অঞ্চলত খাদ্য পৰিৱেশন কৰিবলৈ ব্যৱহৃত এক ঘূৰণীয়া কাঁহী। কাঁহীত পৰিৱেশন কৰা বিভিন্ন ব্যঞ্জনেৰে গঠিত ভাৰতীয় শৈলীৰ আহাৰ বুজাবলৈও থালি শব্দৰ ব্যৱহাৰ কৰা হয়।
থালি দক্ষিণ এছিয়াত বিভিন্ন আনুষ্ঠানিকতাৰ বাবেও ব্যৱহাৰ কৰা হয়।
ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজে উল্লেখ কৰা মতে, কালিবাঙ্গনৰ সিন্ধু উপত্যকা সভ্যতাৰ (খ্ৰীষ্টপূৰ্ব ৩৫০০ –খ্ৰীষ্টপূৰ্ব ২৫০০) স্থানত খননত পোৱা তন্দুৰ (ৰন্ধন চৌকা), থালি, লোটা আৰু ৰুটি বনোৱাৰ বেলনা আদিৰ অস্তিত্বৰ দ্বাৰা ভাৰতৰ ৰন্ধন আৰু খাদ্যাভ্যাসত ধাৰাবাহিকতাৰ ব্যৱহাৰৰ প্ৰাথমিক প্ৰমাণ প্ৰতিষ্ঠা কৰিব পাৰি।[1]
থালিৰ আক্ষৰিক অৰ্থ হৈছে ধাতুৰে নিৰ্মিত কাঁহী আৰু ইয়াত আহাৰ পৰিৱেশন কৰা হ'ব পাৰে। আনহাতে ভোজনম শব্দই সম্পূৰ্ণ আহাৰ বুজায়। থালি হৈছে দক্ষিণ এছিয়াত আহাৰ পৰিৱেশন কৰাৰ জনপ্ৰিয় পদ্ধতি। [2] থালি এখনৰ আঁৰৰ ধাৰণাটো হ'ল যে একেখন কাঁহীতে ছটা সোৱাদ অৰ্থাৎ মিঠা, নিমখীয়া, তিতা, টেঙা, কেঁহা আৰু জলা সকলোৰে সোৱাদ আগবঢ়োৱা। [3] ভাৰতীয় খাদ্যৰ পৰম্পৰা অনুসৰি এই ছটা সোৱাদৰ এক সঠিক ভাৰসাম্য হ'ব লাগে। ৰেষ্টুৰেণ্টবোৰে সাধাৰণতে নিৰামিষ বা আমিষ থালিৰ বিকল্প প্ৰদান কৰে। তামিলনাডুৰ কেণ্টিনত নিৰামিষ ভোজনম সচৰাচৰ দেখিবলৈ পোৱা যায়।
ভাৰতীয় উপমহাদেশৰ অঞ্চলভেদে থালিত পৰিৱেশন কৰা ব্যঞ্জনসমূহ পৃথক হয়। এই ব্যঞ্জনসমূহ সাধাৰণতে সৰু সৰু বাটিত পৰিৱেশন কৰা হয়। হিন্দুস্তানী ভাষাত ইয়াক কোৱা হয় কাটোৰী। এই কাটোৰীসমূহ ঘূৰণীয়া কাঁহীৰ দাঁতিত ৰখা হয়। কেতিয়াবা কেইবাখলপযুক্ত তীখাৰ কাঁহীও ব্যৱহাৰ কৰা হয়। সাধাৰণ ব্যঞ্জনৰ ভিতৰত ভাত, দাইল, পাচলি, ৰুটি, পাপড়, দৈ, কম পৰিমাণৰ চাটনি বা আচাৰ, আৰু এবিধ মিঠা ব্যঞ্জন একোখন থালিত থাকে। [4][5] ভাত বা ৰুটি হৈছে সাধাৰণতে থালিৰ কেন্দ্ৰীয় অংশ দখল কৰা মুখ্য ব্যঞ্জন। আনহাতে পাচলিৰ তৰকাৰী আৰু অন্যান্য আনুষংগিক ব্যঞ্জনবোৰ বৃত্তাকাৰভাৱে ৰখা হয়। ৰেষ্টুৰেণ্ট বা অঞ্চলটোৰ ওপৰত নিৰ্ভৰ কৰি একোখন থালিত সেই অঞ্চলৰ থলুৱা সুস্বাদু খাদ্য থাকিব পাৰে। সাধাৰণতে থালি একোখন বিভিন্ন প্ৰকাৰৰ ৰুটি আৰু বিভিন্ন নিৰামিষ তৰকাৰীৰে আৰম্ভ হয়। অৱশ্যে, দক্ষিণ ভাৰত আৰু দক্ষিণ-পূব এছিয়াত ভোজনমৰ সৈতে পৰিৱেশন কৰা একমাত্ৰ মুখ্য উপাদান হৈছে ভাত। থালি বা ভোজনম কেতিয়াবা ইয়াত অন্তৰ্ভুক্ত ব্যঞ্জনসমূহৰ আঞ্চলিক বৈশিষ্ট্যৰ দ্বাৰা নামাংকিত কৰা হয়। উদাহৰণস্বৰূপে, অন্ধ্ৰ ভোজনম, নেপালী থালি, ৰাজস্থানী থালি, গুজৰাটী থালি, মহাৰাষ্ট্ৰীয় থালি, তামিল উনাভু আৰু থাই উনাভুৰ আদি স্থানীয় নামেৰে একোখন থালি জনাজাত হ'ব পাৰে। দক্ষিণ এছিয়া আৰু কেৰিবিয়ান অঞ্চলৰ বহুতো ঠাইত থালিত পাওৰুটী আৰু ভাত একেলগে পৰিৱেশন কৰা নহয়। সাধাৰণতে, পাওৰুটী প্ৰথমেই অৰ্থাৎ ভাতৰ আগতে পৃথকে আগবঢ়োৱা হয়।
অসমীয়া পৰম্পৰাগত থালি একোখনৰ মুখ্য উপাদান হৈছে ভাত। আনুষংগিক উপাদানসমূহৰ ভিতৰত খাৰ, মাছৰ টেঙা, আলু পিটিকা, মাটিমাহৰ দাইল, মচুৰমাহৰ দাইল, সানমিহলি পাচলিৰ ব্যঞ্জন, সেউজীয়া শাকৰ ব্যঞ্জন, নেমুটেঙা, জলকীয়া, পানীটেঙা আদি থাকে। আমিষৰ ভিতৰত তিল, পাচলি আদিৰে ৰন্ধা কুকুৰা, হাঁহ বা পাৰৰ মাংসৰ লগতে জনজাতীয় থালি এখনত গাহৰিৰ মাংসও অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ লগতে চুঙাত দিয়া, পাতত দিয়া আদি ব্যঞ্জনো দেখা যায়।
সীমাহীন থালিৰ অৰ্থ হৈছে এনে থালি যাৰ উপাদানসমূহে গ্ৰাহকৰ প্ৰয়োজন অসীমিতভাৱে পুনৰাই যোগান ধৰা হয়। [6][7] খাদ্য সম্পৰ্কীয় লেখক কুনাল বিজয়কাৰে এক সীমাহীন থালিক কেৱল বিভিন্নতা বা সীমাহীনতাৰ বাবে নহয়, ভাৰতীয় পৰম্পৰাৰ প্ৰতি ন্যায্য হোৱাৰ বাবে সৰ্বাধিক ভাৰতীয় বুলি গণ্য কৰে। [8]
ৱিকিমিডিয়া কমন্সত থালি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |